সান্নিধ্যৰ শক্তি..
কে্তিয়াবা কোনো কাৰণ নোহোৱাকৈয়ে মনটো বেয়া লাগে৷ উৰুঙা উৰুঙা
লাগে৷ একো কৰিবৰ যেন মন নাই, এনেকুৱা লাগে৷
কিন্তু যদি আমি ভালপোৱা, আমাৰ বাবে চিন্তা কৰা , আমাৰ কোনো
বিশ্বাসযোগ্য পৰিয়ালৰ লোক বা আত্মীয় বা বন্ধুৰ লগত অলপ সময় কটাওঁ, আমাৰ মনটো হয়তো ভাল
লাগিব ধৰে৷ বহুতৰেই এনেকুৱা অভিজ্ঞতা আছে৷
আচলতে মানুহে অকলে থাকি ভাল নাপায়৷ মানুহৰ মনটোৱে সঙ্গ বিচাৰে৷
সুখ-দুখৰ কথা পাতিবলৈ, আনৰ আগত মনৰ কথা ক’বলৈ, দুখ পাতলাবলৈ, উৎসাহ পাবলৈ৷
কেতিয়াবা মনে বিচাৰিলেও তেনেকুৱা সুবিধা আমাৰ হাতত নাথাকিবও
পাৰে৷ হয়তো আমি কোনো ঠাইত অকলে থাকিবলগীয়াও হ’ব পাৰে৷ তেতিয়া বহুতেই নিসঙ্গতা, হতাশা
আদিত ভুগে৷
আমি প্ৰায়েই এই কথাটো পাহৰি থাকোঁ যে আমাৰ সকলোতকৈ আপোন আৰু
বিশ্বাসী বন্ধু হ’ব পাৰে ঈশ্বৰেই৷ ঈশ্বৰত বিশ্বাস কৰি, ঈশ্বৰত ভৰসা কৰা লোকে ঈশ্বৰক
অতি আপোনভাবে, অতি ওচৰৰ পৰা পাব পাৰে৷ ঈশ্বৰৰ সান্নিধ্যত সময় কটোৱা, ঈশ্বৰৰ ভৰসাতে
আগবঢ়া লোকৰ জীৱনত নিৰাশা, হতাশা, নিসঙ্গতাৰ স্থান নাই৷ বৰং তেনেলোকৰ জীৱনে আন বহুতৰ
জীৱনত ইতিবাচক, ধনাত্মক প্ৰভাৱহে পেলায়৷
No comments:
Post a Comment