কপালৰ তামোল..
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকত পঢ়ি থকা সময়ৰ
কথা৷ সেই সময়ত গুৱাহাটী মেডিকেল কলেজৰ লগত আমাৰ তুমুল সংঘৰ্ষ চলি আছে৷ জন নামৰ খাচীয়া
ছাত্ৰ এজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ঘটা মৃত্যুৰ পৰাই সেই কাজিয়াৰ
সূত্ৰপাত৷
ইফালে কলেজত খেলা-ধূলাও চলি আছে৷ হকী মই নতুনকৈ খেলিবলৈ শিকিছো৷
এদিন আবেলি প্ৰথম ছাত্ৰাবাসৰ সম্মুখৰ খেলপথাৰত খেলৰ আগে-আগে অনুশীলন চলি আছিল৷ বল স্কুপ
কেনেকৈ কৰিব লাগে তাকে দুই এজনে চেষ্টা কৰি আছিল৷ মইও নিজৰ কৌশল প্ৰদৰ্শন কৰাৰ মানসেৰে
দূৰৰ পৰা হাতত স্টিক লৈ দৌৰি আহি বলটো স্কুপ কৰি দেখুৱাবলৈ চেষ্টা কৰিলো৷ স্টিকডাল
বলটোৰ তলত সুমুৱাই দি বলটো ডাঙি দূৰলৈ মাৰি পঠিয়াবলৈ চেষ্টা কৰিলো৷ কিন্তু বৰষুণত তিতি
কোমল হৈ থকা মাটিত স্টিকডাল খোঁচ খাই লাগি ধৰিল৷ মই নিজৰ বেগতে আগুৱাই গৈ থাকিলো আৰু
স্টিকডালৰ আনটো মূৰত মোৰ কপালখন প্ৰচণ্ড জোৰত খুন্দা খালে৷ ঠিক দুই চকুৰ মাজতে৷ ক্ষন্তেকৰ
বাবে চকুৰে আন্ধাৰ দেখিলো যদিও নিজক কোনোমতে চম্ভালি একাষত গৈ থিয় হৈ থাকিলো৷ লাহে
লাহে কপালখন বিষাবলৈ ধৰিছিল যদিও খেলৰ নিচাত সকলো পাহৰি থাকিলো৷
খেলৰ অন্তত হোষ্টেললৈ গৈ ঠাণ্ডা পানীৰে ভালদৰে গা ধুলো৷ ইতিমধ্যে
কপালত আঘাত পোৱা ঠাইখিনি ফুলি উঠি এটা তামোলৰ সমান ডাঙৰ হৈছে৷ গা ধুই উঠি আয়নাত চাই
দেখো কপালৰ তামোলটোৱে নীলা ৰং ধৰিছে৷ বিষো বাঢ়ি আহিব ধৰিলে৷ বিষ কমাবলৈ চেষ্টা কৰি
কিবা এটা মলম ঘঁহি যিমান পাৰো সহ্য কৰি থাকিলো৷ বিষকমোৱা দৰব এটা খাই ৰাতিটো কোনোমতে
পাৰ কৰিলো৷
পিছদিনা কেম্পাচত থকা ডাক্তৰৰ ওচৰ পালোগৈ৷ ডাক্তৰে ভালদৰে চাই
গহীনাই ক’লে, “ আঘাত পোৱাৰ পাছতে একো নকৰি ঠাণ্ডা পানীৰে গা ধু্ই দিয়া কাৰণে গোটেইটো
টান হৈ শিল যেন হৈ গৈছে৷ অপাৰেচন কৰিব লাগিব৷ মেডিকেলৰ লগত কাজিয়া চলি আছে৷ মেডিকেললৈতো
যাব নোৱাৰিবা৷ ময়েই কাটি দিম৷ আজি নহয়, দুদিনমান পাছত এদিন৷”
মোৰ মুখৰ মাত হৰিল৷ বেজী এটা ল’বলৈও মোৰ ভয় লাগে৷ অপাৰেচনৰ
কথা ভাবিবই নোৱাৰো৷ চিন্তাক্লিষ্ট ভাবে হোষ্টেললৈ উভতিলো৷ তেনেদৰেই এদিন নে দুদিন পাৰ
হ’ল৷ ইফালে কপালৰ তামোলটোৱে কপালত ভালদৰেই নিজৰ স্থান দখল কৰি লৈছে৷ বিষটো অলপ কমিছিল
যদিও তামোলটোৰহে আকাৰ একেই আছিল৷
এদিন আবেলি মোৰ ডাঙৰ দাদা আহি ওলালহি৷ আহিয়েই মোক দেখি কি হ’ল সুধিলে৷ মই বিবৰি ক’লো৷ ডাক্তৰে
কাটি দিম বুলি কোৱা বুলিও ক’লো৷ দাদাই ক’লে, “ এতিয়া নাকাটিবিচোন৷ মই এটা মলম লিখি
দিছো৷ সেইটো এসপ্তাহমান ঘঁহি চা৷ কমি যাব লাগে৷”
দাদাই লিখি দিয়া মলমটো সেইদিনাৰ পৰাই কপালৰ তামোলটোত ঘঁহিবলৈ
আৰম্ভ কৰিলো৷ ঘঁহি উঠিয়েই তামোলটো চাওঁ, কিজানিবা অলপ সৰু হ’লেই৷ তেনেদৰে এসপ্তাহমান
ঘঁহাৰ পাছত তামোলটোৰ আকাৰ সৰু হৈ আহিবলৈ ধৰিলে৷ মোৰ উৎসাহ বাঢ়ি গ’ল৷ অতি নিষ্ঠাৰে মলম
ঘঁহি থাকিলো আৰু প্ৰায় পোন্ধৰ দিনমানৰ পাছত তামোলটো প্ৰায় নোহোৱা হৈ পৰিল৷ দাদাই দিয়া
মলমে মোক অপাৰেচনৰ পৰা বচালে৷
কপালত মগুমাহ এটাৰ
সমান টেমুনা এটা অৱশ্যে এতিয়াও আছে৷
কলেজীয়া দিনৰ স্মৃতি হিচাবে ৰাখি থৈছো তাক৷
No comments:
Post a Comment