গতানুগতিকতা….
আমি একেটা কামকে বাৰে বাৰে কৰি থাকিলে যন্ত্ৰৰ নিচিনা হৈ পৰো৷
মনেৰে একো নভবাকৈয়ে কামটো কৰিব পৰা হওঁ৷ আনকি আন্ধাৰতো আমি লাইটৰ চুইচটো বিচাৰি পোৱা
হৈ যাওঁ৷ বা গাড়ীৰ চালকৰ হাতখন বা ভৰিখন প্ৰয়োজন সাপেক্ষে নিৰ্দিষ্ট ঠাইলৈ যায়৷
একেটা কামকে আমি ভাল নাপালেও কৰি থাকিবলগীয়া হ’ব পাৰে৷ কেতিয়াবা
বাধ্য হৈ, কেতিয়াবা আনক দেখুৱাবলৈ৷
কল-কাৰখানাত কাম কৰা মানুহৰ বাবে আচলতে এইটো এটা প্ৰয়োজনীয়
গুণো হ’ব পাৰে কাৰণ বাৰে বাৰে একে কাম কৰি থাকিলে কামটো অধিক নিখুত হয় আৰু কম সময়তে
কৰিব পৰা হয়৷ খেলুৱৈ সকলে বাৰে বাৰে অভ্যাস কৰে, অনুশীলন কৰে৷
কিন্তু এনে গতানুগতিকতা বা যান্ত্ৰিকতাৰ পৰা বিপদো আছে৷ আমি
গতানুগতিক হৈ চলি থাকিলে যন্ত্ৰৰ নিচিনা হৈ পৰিব পাৰো৷ আমাৰ মন, আমাৰ আবেগ-অনুভূতি
আদি নিষ্ক্ৰিয় যেন হৈ পৰিব পাৰে৷ বিশেষকৈ আত্মিক জীৱনত এইটো বেছিকৈ খাটে৷ আমি কৰিব
লাগে কাৰণেই প্ৰাৰ্থনা কৰো, বিভিন্ন ৰীতি-নীতি পালন কৰো কিন্তু হয়তো ঈশ্বৰৰ উপস্থিতি
বা সান্নিধ্য লাভৰ পৰা বঞ্চিত হৈ থাকিব পাৰো৷
গতানুগতিকতাৰ পৰা সাৰ পাবলৈ শিকিব লাগে৷
No comments:
Post a Comment