ডাঙৰ মূৰ.. বিপদ দুৰ্ঘোৰ
মূৰ ডাঙৰ হ’লে হেনো পঢ়াত চোকা হয়৷ কথাটো কিমান দূৰ সত্য ক’ব
নোৱাৰো কিন্তু মোৰ প্ৰকাণ্ড আকৃতিৰ মূৰটোৱে সৰুকালৰ বেলেগ এটা কথালৈহে মনত পেলাই দিয়ে৷
১৯৬৬ চন মানৰ কথা৷ তেতিয়া আমি তিতাবৰৰ চৰকাৰী ৰেচম পামত থাকো৷ মই প্ৰথম শ্ৰেণীত পঢ়োঁ৷
পামৰ সম্মুখতে সন্দিকৈ চাহাবৰ ঘৰ৷ সেই ঠাইৰ এজন বিখ্যাত মানুহ৷ তেখেতৰ ঘৰলৈ জাপানৰ পৰা
অহা ঊল গুঠা মেচিন এটা আহিল৷ মেচিনটো কেনেদৰে ফিটিং কৰি কেনেদৰে চলাব লাগে সেইবিষয়ে
পৰামৰ্শ বিচাৰি মেচিনটো আমাৰ দেউতাৰ ওচৰলৈ লৈ অহা হ’ল৷ মেচিনটোৰ লগত অহা কাগজ-পত্ৰবোৰ
জাপানী ভাষাতে লিখা আছিল আৰু আমাৰ দেউতা এবছৰ জাপানত আছিল বাবে জাপানী ভাষা অলপ-অচৰপ
হয়তো জানিছিল বাবেই সেই পদক্ষেপ লোৱা হৈছিল৷ দেউতাই কেইদিনমান কষ্ট কৰি মেচিনটো চলালে৷
তাৰপাছত সন্দিকৈ চাহাবৰ ছোৱালী, চিনু বাইদেউকো অলপ শিকাই দিলে৷ ইমানদিনে হাতেৰেহে ঊল
গুঠা দেখি আছিলো৷ সেই মেচিনেৰে ঘপা-ঘপ চুৱেটাৰ গুঠি দিব পৰা দেখি আমি সকলো আচৰিত হৈছিলো৷
মেচিনটো চলাব পৰা হোৱাত চিনু বাইদেউহঁতে ঘৰলৈ লৈ গ’ল৷
দুদিনমান পিছত দেউতাই মোৰ চুৱেটাৰ এটা গুঠিবৰ কাৰণে ঊল কিনি
আনিলে৷ ক’লা ৰঙৰ হাইনেক চুৱেটাৰ এটা বনাবলৈ চিনু বাইদেউহঁতক কোৱা হ’ল৷ মেচিনত গুঠা
চুৱেটাৰ পিন্ধিবলৈ মইও আগ্ৰহেৰে বাটচাই থাকিলো৷
দুদিনমান পিছত এদিন আবেলি বাটেৰে আহি থাকোঁতে চিনু বাইদেৱে
মোক চিঞৰি মাতিলে,
“অ’ সোণকন৷ এইফালে আহাচোন৷”
মই তেওঁলোকৰ ঘৰৰ বাৰান্দা পালোগৈ৷ চিনুবাইদেউৰ হাতত ক’লা ৰঙৰ
চুৱেটাৰ এটা৷ বুজিলো, সেইটো মোৰ বাবে গুঠা চুৱেটাৰটো৷ মোলৈ চাই বাইদেৱে ক’লে,
“আহাচোন, তোমাৰ চুৱেটাৰটো পিন্ধাই চাওঁ৷ জোখ ঠিক আছেনে নাই৷”
মই আগ্ৰহেৰে আগবাঢ়ি গ’লো৷ বাইদেৱে ক’লা ৰঙৰ হাইনেক চুৱেটাৰটো
পিন্ধাই দিলে৷ পিন্ধোঁতে মূৰটো নোসোমায় নোসোমায় যেন লাগিল৷ তথাপি জোৰকৈ টানি সুমুৱাই
দিয়া হ’ল৷ গা আৰু হাত আদিৰ জোখ ঠিকেই থকা যেন লাগিল৷
“ডিঙিটো অলপ সৰু হৈছে৷ মূৰটো ভালদৰে নুসুমায়৷” মই ক’লো৷
“ৰ’বা, চুৱেটাৰৰ ডিঙিটো অলপ ডাঙৰ কৰি দিম৷ খোলাচোন চুৱেটাৰটো
এতিয়া৷” বাইদেৱে ক’লে৷
মই চুৱেটাৰটো খুলিবলৈ চেষ্টা কৰিলো৷ হাত দুখন ঠিকেই ওলাল কিন্তু
মূৰটো চুৱেটাৰটোৰ ডিঙিত এইবাৰ ভালদৰেই লাগি ধৰিল৷ প্ৰাণপণে টানিলো, কিন্তু কোনোমতে
চুৱেটাৰটো ওলাই নাহে৷ তাকে দেখি মোক চিনু বাইদেউ আৰু লগত থকা মানুহ এগৰাকীয়ে বাহিৰৰ
বাৰান্দালৈ উলিয়াই নিলে আৰু দুয়ো প্ৰচণ্ড জোৰেৰে চুৱেটাৰটো ওপৰলৈ টানিবলৈ ধৰিলে৷ মোৰ
কাণদুখন চিঙি যাব যেন লাগিল৷ কিমান সময় তেনেদৰে যুঁজ-বাগৰ চলিল মনত নাই৷ মই দুচকুৰে
এন্ধাৰহে দেখি থাকিলো৷ ইতিমধ্যে আলিবাটত থিয় হৈ কিছুমান মানুহে সেই কাণ্ড চাবলৈ ধৰিলে৷
অৱশেষত চুৱেটাৰটো মোৰ মূৰৰ পৰা ওলাল৷ কাণদুখন আৰু কপালখন জুইয়ে
পোৰা যেন লাগিছিল৷ আলিবাটত গোটখাই মোৰ সেই দুৰৱস্থা চাই আমোদ লৈ থকা মানুহ কেইজনলৈ
চাই লাজতে মোৰ সকলো দুখ-কষ্ট পাহৰি গ’লো৷
তাৰপাছত কেতিয়া আহি ঘৰ পালো গমেই নাপালো৷
No comments:
Post a Comment