এখেত
ক’ৰ পৰা আহিল?
ভাবিলে
লাজ লাগে এতিয়াও৷ আজিকালিৰ মানুহে লিফ্ট কেতিয়াবা নহয় কেতিয়াবা ব্যৱহাৰ কৰেই আৰু ব্যৱহাৰ
কৰিবলৈও শিকি যায় সোনকালেই৷ যিসময়ৰ কথা ইয়াত ক’ব খুজিছো সেই সময়ত গুৱাহাটীৰ এল আই চি
বিল্ডিংটোৱেই বোধকৰো সকলোতকৈ ওখ বিল্ডিং আছিল অসমৰ ভিতৰতে৷
কিবা
এটা কামত দিল্লীলৈ গৈছিলো৷ মানুহ এজনক লগ পাবলৈ ডাঙৰ অফিচ এটালৈ গৈছিলো, অকলে৷ প্ৰকাণ্ড
ডাঙৰ বিল্ডিং৷ পোন্ধৰ-বিশ মহলামান হ’ব কিজানি৷
ৰিচেপচনত
সোধোঁতে মানুহজন ক’ত বহে মোক জনাই দিলে৷ কোন মহলাৰ, কোন কোঠাত , কেই নম্বৰ আসনত বহে
মোক কৈ দিলে৷ সিমান ওপৰলৈ যাবলৈ লিফ্টেৰে যাবই লাগিব৷ প্ৰকাণ্ড স্বয়ংক্ৰিয় লিফ্ট৷ দুজনমান
মানুহ সোমাল৷ পাছে-পাছে মইও সোমালো৷ মানুহকেইজনে কিবা-কিবি বুটাম টিপিলে৷ মই ভয়তে একো
নিটিপিলো৷ মই যাব লগা ফ্লোৰৰ বুটামটো কোনেও নিটিপিলে৷ মানুহবোৰ এজন এজনকৈ ওলাই গ’ল
লিফ্টৰ পৰা৷ মই লিফ্টৰ ভিতৰত অকলে৷ মই যাবলগা ফ্লোৰৰ বাবে বুটাম টিপিবলৈ অলপ সাহস গোটাবলৈ
লওঁতেই লিফ্টটো নিজে নিজে ওপৰলৈ গৈ থাকিল৷ মই নামিবলগীয়া ফ্লোৰ পাৰ হৈ গ’ল৷ গৈয়েই থাকিল
ওপৰলৈ৷ কেনেদৰে ৰখাব লাগে নাজানি মই যি হয় হ’ব বুলি ভিতৰতে ৰৈ থাকিলো৷
তেনেদৰে
লিফ্টটো গৈ গৈ একেবাৰে ওপৰ পালেগৈ৷ কিমান ওপৰ পালে নাজানো৷ মই ভাগ্যক ধিয়াই ভিতৰতে
ৰৈ থাকিলো৷ অলপ পাচত লিফ্টটো ওপৰত গৈ ৰৈ গ’ল৷ কোনো মানুহ নোসোমাল৷ সেইটো ফ্লোৰত আচলতে
কোনো অফিচেই নাই বোধকৰো৷ গতিকে কোনো মানুহ উঠা-নমা তাত নকৰে বুলি বুজিলো৷ তাৰপাছত লিফ্টটো
আকৌ তলমুখে গতি কৰিলে৷ ওপৰৰ পৰা আহি প্ৰথমে যি মহলাত ৰ’ল, তাতে মানুহ এজন সোমাই আহিল৷
মানুহজন ভিতৰ সোমাই আহিয়েই মোক দেখি অতি আচৰিত ভাবে মোৰ ফালে চালে৷
হয়তো
ভাবিলে, “এওঁ আকৌ ক’ৰ পৰা আহিল? ওপৰততো কোনো অফিচ নাই৷”
মই
অতি গহীন হৈ বেলেগ ফালে চাই থাকিলো৷
অলপ
পাছত লিফ্টটো ৰ’ল৷ মই নামিবলগীয়া ফ্লোৰতে৷ দুৱাৰ খোল খালে৷ মই বেগাই বাহিৰ ওলাই দীঘলকৈ
উশাহ এটা লৈ ভাবিলো, ৰক্ষা৷ আজিলৈ বাচিলো৷
উভতি
আহোঁতে কেনেদৰে আহিলো মনত নাই৷
No comments:
Post a Comment