কিমান লাগে?
এজন বৃদ্ধলোকে কৈছিল,
“ সৰুতে আমি গাৱঁত আছিলো৷ পথাৰত খেলি-ধূলি ডাঙৰ হ’লো৷
সৰুতে
ভাবিছিলো চহৰলৈ গৈ ভাল চাকৰি এটা কৰিব পাৰিলে, ডাঙৰ ঘৰ এটা বনাব পাৰিলে, গাড়ী এখন কিনিব
পাৰিলে, ধুনীয়া ছোৱালী এগৰাকী বিয়া কৰিব পাৰিলে, সুন্দৰ পৰিয়াল এটা হ’লে, মই অতি সুখী
হ’ম৷
সেইবোৰ পাবলৈ প্ৰাণপণে কষ্ট কৰিছিলো৷
লাহে লাহে জীৱনত সেই সকলো পালো৷
কিন্তু হাবিয়াস বাঢ়ি গ’ল৷
সৰু ঘৰৰ পাছত ডাঙৰ ঘৰলৈ
মন মেলিলো৷ সৰু গাড়ীৰ পাছত বেছি দামী বিলাসী গাড়ী এখন কিনিবলৈ মন যোৱা হ’ল৷
ঘৰত এটাৰ
পাছত এটাকৈ নতুন নতুন লাহ-বিলাহৰ সামগ্ৰী কিনি থাকিলো৷ কিন্তু তথাপি শেষ নাই৷ বজাৰত
নতুন কিবা এটা, আৰু ভাল এটা ওলায়৷ আৰু কিনিবলৈ মন যায়…..
এতিয়া এই বৃদ্ধ বয়সত ভাব হৈছে, লাহ-বিলাহৰ
পিছে-পিছে ঘূৰি জীৱনটো শেষ কৰি দিলো কিন্তু প্ৰকৃত অৰ্থত জীৱনটো উপভোগ কৰাই নহ’ল৷”’
আমাৰ প্ৰয়োজনৰ কেতিয়াও শেষ নাই৷
আমি সন্তুষ্ট হ’বলৈ নিশিকিলে
আমাৰ জীৱনটো মৰীচিকাৰ পিছে পিছে দৌৰা জীৱনৰ দৰে হ’ব আৰু জীৱনৰ প্ৰকৃত প্ৰয়োজনীয় বিষয়
হেৰাই যাব৷
No comments:
Post a Comment