সৌজন্যতাৰ কিছুমান
অলিখিত নীতি..
দৈনন্দিন জীৱনত
আমি অনেক মানুহৰ সৈতে মিলা-মিচা কৰোঁ, বহুতৰ পৰা সহায় লওঁ, বহুতৰ লগত কথা-বতৰা চলে৷
ঘৰত-বাহিৰত আমি আনৰ লগত কেনেদৰে ব্যৱহাৰ কৰি চলিলে আমাৰ সম্বন্ধ মধুৰ হৈ থাকিব পাৰে
তালৈ আমি মন কৰা নিশ্চয় উচিত৷ এই বিষয়ে ইন্টাৰনেটত পোৱা কথাকেইটামান ইয়াতে সন্নিৱিষ্ট
কৰা হৈছে৷
১)শেষৰ ডোখৰ কাৰ
বাবে?
ধৰক আপোনাক কোনোবাই
পিজা খুৱাবলৈ লৈ গ’ল৷ ডাঙৰ পিজা এটা কেবাডোখৰো কৰি আপোনালোকৰ আগত ৰখা হ’ল৷ সকলোৱে খোৱাৰ
পাছত ৰৈ যোৱা শেষৰ ডোখৰ যিজনে খুৱাবলৈ খৰচ কৰিছে তেওঁলৈ ৰখাটো ভদ্ৰতাৰ চিন৷ যদিহে তেওঁ
নাখাওঁ বুলি কয় তেতিয়াহে আনে খোৱা উচিত৷
২) স্পীকাৰ ফোন
কেতিয়া ?
আনৰ লগত ফোনত
কথা পাতোঁতে স্পীকাৰফোন ব্যৱহাৰ নকৰাই ভাল যদিহে ফোনটো হাতেৰে ধৰিবলৈ আপোনাৰ অসুবিধা
হোৱা নাই৷ কাৰণ সিফালৰ মানুহজনে কিবা গোপন কথাও আপোনাক ক’ব পাৰে যিটো আনে শুনাটো তেওঁ
নিবিচাৰিবও পাৰে৷
৩) প্ৰতিদান কেনেদৰে?
ধৰক কিবা এটা
কামত সহায় কৰি দিবলৈ আপোনাৰ ঘৰলৈ বন্ধু এজন মাতিছে৷ তেওঁ নিশ্চয় বিনিময়ত কোনো টকা বা
ফীজ নলয়৷ তেনেক্ষেত্ৰত ভালদৰে চাহ-জলপান খুৱাই পঠিয়াবলৈ নাপাহৰিব৷
৪) ধাৰ পৰিশোধ
কৰক:
কাৰোবাৰ পৰা টকা
ধাৰে ল’লে আমি যিমান পাৰো সোনকালে পৰিশোধ কৰিবলৈ চেষ্টা কৰা উচিত লাগিলে এটকাই হওঁক
আৰু ধাৰ দিয়া মানুহজনৰ প্ৰয়োজন হও্ক বা নহওঁকেই৷
৫) চাহ একাপ তেওঁকো
খুৱাওক:
যদি আপোনাক বন্ধু
এজনে চাহ একাপ খুৱালে, যিমান পাৰে সোনকালে তেওঁকো সুবিধা বুজি চাহ একাপ খুৱাই দিয়ক৷
৬) আনক শুনাবৰ
প্ৰয়োজন নাই:
ৰাজহুৱা ঠাইত
মোবাইলত গান, ভিডিও আদি বজালে ভলিউমটো যিমান পাৰে কমাই লোৱা উচিত ৷ পৰাপক্ষত হেডফোন
ব্যৱহাৰ কৰা উচিত৷
৭) ভুমুকি নামাৰিব:
কাৰোবাৰ মোবাইল
বা কম্পিউটাৰ ব্যৱহাৰ কৰিলে তেখেতৰ কোনো বস্তুতেই ভুমুকি নামাৰিব৷ বহুতো কথাই ব্যক্তিগত৷
আনে চোৱাটো কোনেও ভাল নাপায়৷
৮) সঁহাৰি দিয়ক:
কোনো বন্ধুৰ পৰা
ফোন আহিল৷ আপুনি হয়তো মিটিঙত আছে বা বাথৰুমত আছিল৷ যদিহে আপুনি ফোন কৰিব পৰা অৱস্থাত
নাথাকে, অন্ততঃ মেচেজ এটা কৰি দিয়া ভাল৷
৯) কৃতজ্ঞতা জনাওঁক:
কাৰোবাৰ পৰা বাইক
বা গাড়ীখন কিবা কামৰ বাবে খুজি ল’লে ওভোটাই দিয়াৰ সময়ত বেছিকৈ তেল ভৰাই দিয়ক কৃতজ্ঞতাৰ
চিন স্বৰূপে৷
১০)বেলেগ ঠাই
বিচাৰি লওঁক:
কাৰোবাৰ লগত কিবা
তৰ্ক লাগিলে ৰাজহুৱা ঠাইত চিঞৰ-বাখৰ কৰি উপলুঙাৰ পাত্ৰ নহ’ব৷ কোনো সুবিধাজনক ঠাইত তৰ্ক
কৰক, যদি কৰিবই লাগে৷
১১) ৰাতিপুৱাৰ
বিচনাখন:
কাৰোবাৰ ঘৰত আলহীকৈ
ৰাতি থাকিব লগা হ’লে ৰাতিপুৱা বিচনাখন ভালদৰে পাৰি থোৱাটো ভদ্ৰতাৰ চিন৷
১২) কিতাপখন নাপাহৰিব:
আনৰ পৰা কিতাপ
পঢ়িবলৈ আনি উভোতাই দিবলৈ বহুতেই পাহৰি যায়৷ তেনে ভুল নকৰিব৷ যিমান পাৰে সোনকালে কিতাপবোৰ
ঘূৰাই দিবলৈ যত্ন কৰিব৷
১৩) অলপ সহায়:
যদি আনে আপোনাৰ
বাবে ভাত ৰান্ধি দিছে, খোৱাৰ পাছত বাচন-বৰ্তন খিনিকে ধুই দিবলৈ আগবাঢ়ি যাব৷ তাৰ যোগেৰে
আপোনাৰ কৃতজ্ঞতাৰ মনোভাৱ প্ৰকাশ পাব৷
১৪)আনৰ অসুবিধালৈ
মন কৰক:
আমাৰ যিকোনো কামে
আনক অসুবিধা দিয়া বুলি বুজিলে সেইকাম কৰাৰ পৰা বিৰত থকাই ভাল৷ উদাহৰণ স্বৰূপে চিগাৰেটৰ
ধোঁৱাই আনক অসুবিধা দিয়া বুলি সকলোৱে জানে বাবেই ৰাজহুৱা স্থানত ধূম্ৰপান নিষেধ কৰা
হৈছে৷ কোনেনো কি কৰিব বুলি সেই নিয়ম ভঙ্গ নকৰিব৷
No comments:
Post a Comment