লেমৰ চিমনি, টাপলি
আদি…
(বন্ধু ৰাজৰ্ষি
দত্তচৌধুৰীৰ লেমবিষয়ক লেখা এটা পঢ়ি মনলৈ উভতি অহা কিছু কথা)
সৰুতে বিজুলিবাতিৰ
পোহৰতে পঢ়িছিলো যদিও দেউতা ঢুকুৱাৰ পাছত বৰপেটালৈ আহি বিজুলি সংযোগ নথকা ভাড়াঘৰ এটাত
থাকিবলৈ লোৱাৰ পাছত লেমৰ খুটিনাটিৰ সৈতে ভালদৰে পৰিচিত হওঁ৷ সকলোতকৈ ডাঙৰ কাম আছিল
সদায় আবেলি লেমৰ চিমনি পৰিষ্কাৰ কৰি তাত তেল ভৰোৱাটো৷ ঘৰত আন কাম কৰা মানুহ নাছিল বাবে
সেই কাম আমিয়েই কৰিবলগীয়া হৈছিল৷ সচৰাচৰ দাদা এজনে সেই কাম বেছিকৈ কৰিছিল৷
লেমৰ চিমনি ফাটি
গ’লে নতুনকৈ এটা কিনি লোৱাটো আমাৰ বাবে সহজ কাম নাছিল৷ চিমনিৰ ফাঁটটোৰ ওপৰেৰে কাগজেৰে
টাপলি মাৰি যিমান দিনলৈকে পাৰি কাম চলাবলৈ চেষ্টা কৰিছিলো৷ লেমটো জ্বলোৱাৰ পাছত গৰম
হৈ কাগজডোখৰ পুৰি গ’লে আকৌ নতুনকৈ এডোখৰ আঠা লগাই দিছিলো৷ কাগজ লগোৱা ফালেৰে পোহৰ কমকৈ
ওলোৱা বাবে পঢ়াৰ সময়ত পোহৰ ভালদৰে ওলোৱা ফালটো গাৰ ফালে কৰি লৈছিলো৷ একেখন মেজতে দুজনে
পঢ়িবলগা হ’লেহে কেতিয়াবা টনা-আজোৰা লাগিছিল৷ কেতিয়াবা কাজিয়াৰ সূত্ৰপাতো হৈছিল তাৰে
পৰাই৷
লেম আছিল দুবিধ:
এবিধ হাত লেম আৰু আনবিধ বৈঠক লেম৷ বৈঠক লেম অ’লৈ-ত’লৈ লৈ ফুৰিব নোৱাৰি৷ তেলৰ সৰু পাত্ৰটোৰ
ওপৰতে চিমনিটো মাত্ৰ থাকে, ধৰি লৈ ইফালে-সিফালে নিবলৈ কোনো হেণ্ডেল নাথাকে৷ বৈঠক লেমৰ
চিমনিটো দীঘল৷ জাতি লাও এটাৰ নিচিনা৷ পেটটো ডাঙৰ, ডিঙিটো সৰু৷ তাৰ পোহৰো অলপ বেছি৷
এদিন দাদাই কাগজৰ
চুঙা এটা কৰি বৈঠক লেমৰ চিমনিটোৰ ওপৰত বহুৱাই দিলে৷ গতিকে চিমনিটো আৰু দীঘল হৈ পৰিল৷
লগে-লগে জুইশিখাৰ ৰং সলনি হৈ অধিক নীলা হৈ পৰিল আৰু পোহৰো বাঢ়ি গ’ল৷ আমাৰ উৎসাহো বাঢ়ি
গ’ল৷ বাতৰি কাকতেৰে যিমান পাৰি সিমান দীঘলকৈ চুঙা বনাই চিমনিটোৰ ওপৰত বহুৱাই দি চালো৷
পোহৰ আৰু বাঢ়ি যোৱা যেন দেখিলো৷ কিন্তু কাগজৰ চুঙাটো বাগৰি পৰি যাব খোজা বাবে হাতেৰে
ধৰি থাকিব লগা হ’ল৷ মুঠতে চিমনিটোকে লৈ আমি পৰীক্ষা-নিৰীক্ষা কৰিবলৈ ধৰিলো৷
মন কৰিবলগীয়া
কথা এয়ে যে প্ৰথমে সেই পৰীক্ষা কৰা দাদাজন আৰু দাদাক সহায় কৰা মইও পাছলৈ ইঞ্জিনিয়াৰ
হলোঁগৈ৷ তেনেদৰে কাগজৰ চুঙা লগাই দি চিমনিটোৰ উচ্চতা বঢ়াই দিলে কি হয় আৰু পোহৰ কিয়
সলনি হয় সেই বিষয়ে অৱশ্যে ভালদৰে পঢ়িবলৈ পালো ইঞ্জিনিয়াৰিং কলেজতহে৷..
No comments:
Post a Comment