ঐ তই, তই….
তই তুচ্চাৰ্থক
সম্বোধন যদিও অতি মৰমৰ সকলোকো তই বুলি সম্বোধন কৰা হয়৷ সকলোতকৈ নিকট বন্ধু-বান্ধৱীয়ে
পৰস্পৰক তই বুলি সম্বোধন কৰে৷ বৰপেটালৈ থাকিবলৈ অহাৰ পাছত এটা কথা বিশেষভাৱে মন কৰিছিলো
যে বৰপেটাত মানুহে তুমি বুলি কমহে সম্বোধন কৰে; চিনাকী-অচিনাকী প্ৰায় সকলোৱে “কিয়ে
বাপু, তোৰ ঘৰ ক’ত, ক’ত থাকা? তোৰ দেউতেৰ নাম কি? …. “ বুলিহে কথা পাতে৷ বৰপেটা বিদ্যাপীঠত
একেলগে পঢ়া সহপাঠীবোৰৰ কাকো তুমি বুলি সম্বোধন কৰা মনত নপৰে; সকলো তই ৷ শিক্ষকসকলেও
আমাক সকলোকে তই বুলিয়েই সম্বোধন কৰি আছিহিল আৰু লগ পালে এতিয়াও তই বুলিয়েই সম্বোধন
কৰে৷
আনহাতে কটন কলেজ
আৰু অসম ইঞ্জিনিয়াৰিং কলেজত একেলগে পঢ়া বন্ধু-বান্ধৱীসকলৰ খুব কম সংখ্যকেহে মোক তই
বুলি সম্বোধন কৰা মনত পৰে৷ তেনে বন্ধু-বান্ধৱীৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি৷ অৱশ্যে
ভাল বন্ধু-বান্ধৱীৰ সংখ্যা কম নহয়৷
মোৰ দুয়োটা সন্তানৰ
জন্ম অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত থাকোঁতেই হৈছিল৷ তাতেই উমলি-জামলি ডাঙৰ হৈছিল
দুয়োটা৷ ডাঙৰ ল’ৰাটো সৰুৰে পৰা বৰ ভদ্ৰ৷ মুখত কেতিয়াও টান মাত নুফুটিছিল আৰু আজিও নুফুটে৷
আনক গালি পাৰিবও নাজানিছিল, হয়তো আজিও নাজানে৷ কেতিয়াবা কিবা কথাত মাকৰ ওপৰত ভীষণ খং
উঠিলে সি মাকক কেৱল,
“ ঐ তই, তই…. “ বুলিহে
গালি পাৰিছিল৷তই শব্দটোকে বেচেৰাই গালি বুলি ভাবিছিল৷
No comments:
Post a Comment