তেখেতৰ জন্মদিন….
তেতিয়া আমি অসম অভিযান্ত্ৰিক
মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ৷ সেইসময়ত প্ৰথম বাৰ্ষিক নাছিল৷ দুবছৰীয়া প্ৰাকবিশ্ববিদ্যালয়
পৰীক্ষা পাছ কৰি আমি ভৰ্তি হৈছিলো দ্বিতীয় বাৰ্ষিকত৷ অৰ্থাৎ আমি আছিলো নবাগত৷ আমাৰ
ছাত্ৰাবাসত আমি ষোল্লজন নবাগত আছিলো৷ এজন খাচীয়া, এজন জয়ন্তীয়া আৰু তিনিজন মিজো৷ বাকী
থাকিলো আমি অসমীয়া এঘাৰজনহে৷ গতিকে আমাৰ মাজত প্ৰচণ্ড মিল৷ বাৰ
আৰু তেৰ নম্বৰ ৰুমত তিনিজনকৈ আমি ছজন আৰু আৰু বাকী পাঁচজন চিনিয়ৰৰ লগত অকলে অকলে বেলেগ
বেলেগ ৰুমত৷ গতিকে বাকী কেইজনে প্ৰায় সকলো সময়তে আমাৰ বাৰ বা তেৰ নম্বৰ ৰুমতে আড্ডা
মাৰেহি৷ সন্ধিয়া ফুৰিবলৈ, চাহ খাবলৈ, চিনেমা চাবলৈ, খেলিবলৈ প্ৰায় সকলো কামতে আটাইকেইজন
একেলগে ওলাই যাওঁ৷
সময় পাৰ হৈ গ’ল৷
আমাৰ পৰীক্ষা ওচৰ চাপি আহিল৷ আমিও পঢ়া-শুনাত মন দিবলৈ ধৰিলো৷ তেনেহেন চিৰিয়াচ
সময়তে এটা চিৰিয়াচ সমস্যাই দেখা দিলে৷ ছাত্ৰাবাসৰ সকলোতকৈ চিনিয়ৰ আবাসীজনক আমি যথেষ্ট
সমীহ কৰি চলিছিলো৷ বহুবছৰধৰি হোষ্টেলতে আছে৷ যথেষ্ট চিনিয়ৰ হোৱা বাবে তেখেতক আমি “তেখেত”
নাম দিছিলো৷ তেখেতৰ কাষৰ কোঠাটোতে আমাৰ লগৰ এজন থাকে৷ এদিন লগৰজনক মাতি তেখেতে ক’লে,
“কালি মোৰ জন্মদিন৷ মোৰ ৰুমটো অলপ ডেকোৰেট কৰি দিবা৷ লগৰবোৰকো ক’বা ৰুমটো সজোৱাত লাগি-ভাগি
দিবলৈ৷”
লগৰীয়াজনে আমাক কথাটো ক’লে৷ আমাৰ হাঁহিও উঠিল, খঙো উঠিল৷ হোষ্টেলত জন্মদিন
পাতে? তাতে আমাৰ জুনিয়ৰবোৰক কামত খটুৱাবলৈ আহিছে ৰুম সজোৱাত৷ আমি নাযাওঁ বুলি সিদ্ধান্ত
ল’লো৷ সন্ধিয়া ভাত খাই ডাইনিং হলৰ পৰা উভতি আহোঁতে বাৰান্দাতে তেখেতে পালে৷ ৰুমমেট
এজনক প্ৰায় আদেশ দিয়াৰ দৰে ক’লে, “মোৰ ৰুমলৈ আহিবাচোন৷ কাম আছে৷” ইফালে আমাৰ বহুত পঢ়িবলগীয়া
আৰু হোমৱৰ্ক আদি কৰিবলগীয়া আছিল৷ ৰুমমেট অলপ নিমাখিত বিধৰ প্ৰাণী আছিল৷ চিনিয়ৰৰ কথা
পেলাব নোৱাৰি মুখেৰে ভোৰভোৰাই ওলাই গ’ল৷ আমি বাকীদুজন ৰুমতে থাকিলো৷ প্ৰায় দুঘন্টামান
পাছত ৰুমমেটজন উভতি আহিল৷ আমাৰ আগত আহি আকৌ ভোৰভোৰালে৷ আমাৰো খং ভালকৈয়ে উঠিছিল৷ কাষৰ
ৰুমলৈ গ’লো৷ তাতে বাকী গোটেইকেইজন বহি আছিল৷ তেখেতৰ বিৰুদ্ধে মুখ খুলি কোৱাৰ সাহস আমাৰ
নাছিল৷ গতিকে আমাৰ উৰ্বৰ মস্তিষ্ক কামত লগালো৷ সকলোৱে মিলি এখন জাননী লিখিবলৈ ধৰিলো৷
হাতৰ আখৰ যাতে কোনেও চিনি পাব নোৱাৰে সেইবাবে এজনে এটা আখৰ লিখোঁ, তাৰপাছত আন এজনে
আন এটা আখৰ৷ তেনেদৰে সকলোৰে হাতৰ আখৰ মিহলি কৰি জাননী এখন লিখিলো৷ জাননী মানে সমজুৱা
নিমন্ত্ৰণী পত্ৰ৷ তেখেতৰ তেত্ৰিছবছৰীয়া জন্মদিনলৈ বুলি৷ পত্ৰখন যিমান পাৰি ৰসাল কৰি
তুলিলো সকলোৱে মিলি৷ তাৰপাছত মাজৰাতি আন কোনেও নেদেখাৰ সুযোগ লৈ আমি পত্ৰখন নোটিচ বোৰ্ডত
লগাই দিলো৷
পিছদিনা ৰাতিপুৱাৰ
পৰা হোষ্টেলত বিৰাট আমোদৰ সৃষ্টি হ’ল৷ সকলোৱে নোটিচখন পঢ়ে আৰু ঢেকঢেকাই হাঁহে৷ অৱশেষত
তেখেতৰ কাণতো পৰিল নোটিচখনৰ কথা৷ “কোনে লিখিছে, কোনে লিখিছে” বুলি খঙতে ভোৰভোৰালে তেখেতে৷
আমি দূৰৰ পৰা আলেখলেখ চাই থাকিলো৷ কোনেও এবাৰো সন্দেহ নকৰিলে আমাৰ নিচিনা নিমাখিত নবাগত
কেইজনে সকলোতকৈ চিনিয়ৰ আবাসীজনক লৈ তেনেকুৱা ধেমালি কৰিবলৈ সাহস কৰিব পাৰিম বুলি৷
(তেখেতলৈ ক্ষমা
প্ৰাৰ্থনাৰে)
No comments:
Post a Comment