স্বামী আৰু আমি....
খুব সম্ভৱ ১৯৭৭ চনৰ কথা ৷ তেতিয়া
কটন কলেজৰ প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীত পঢোঁ
৷ ফাৰ্স্ট মেচত থাকোঁ (এতিয়া ছাত্ৰাবাসৰ নাম সলনি হৈ কিবা এটা হ’ল) ৷ অতি সৰু ছাত্ৰাবাস,
মুঠতে ১৫ নে ১৬ টা কোঠা, ৬০জনমান আবাসী ৷ এটা সৰু পৰিয়ালৰ নিচিনা ৷ সন্ধিয়া ৭ বজাতে
বোধহয় ছাত্ৰাবাসৰ গেট বন্ধ হৈছিল আৰু তাৰপাছত আবাসী সকলৰ উপস্থিতিৰ হিচাব লোৱা হৈছিল
৷ নিয়মমতে তাৰ পাছত বিনা অনুমতিত কোনো বাহিৰ ওলাই যাব নোৱাৰে ৷ কিন্তু গেটৰ কাষৰ লোহাৰ
বেৰখনৰ দুডাল ৰড আমাৰ আগতে ছাত্ৰাবাসত থাকি যোৱা কোনো সদাশয় বীৰপুৰুষে শৰীৰৰ সৰ্বশক্তি
প্ৰয়োগ কৰি বেঁকা কৰি এজন ছাত্ৰ সৰকি যাব পৰাকৈ বাট এটা তৈয়াৰ কৰি থৈছিল ৷ আমাৰ সেই অগ্ৰজসকলৰ প্ৰতি সন্মান দেখুৱাই আমি সেই
বাটটো সঘনাই ব্যৱহাৰ কৰিছিলো ৰাতি স্টেচনলৈ চাহ-পানী খাবলৈ নাইবা চিনেমা চাবলৈ ওলাই
যাবলৈ ৷ ওচৰতে ফাঁচী বজাৰৰ তিনিটা চিনেমা হল, অপ্সৰা অলপ দূৰ, ৰূপশ্ৰী, কেলভিনো বৰ
বেছি দূৰ নহয় ৷ লগে-ভাগে খোজ কাঢ়ি যাওঁ, অতি সোনকালে গৈ পোৱা যেন লাগে ৷ দুজনমান বন্ধুৰ
চিনেমা চোৱাৰ বৰ চখ ৷ এখনো চিনেমা বাদ নপৰে ৷ জীনত আমনৰ চিনেমা আহিলেতো এজনৰ কথাই নাই
৷ আচলতে কোনো কম নাছিলো চিনেমা চোৱাত ৷ টেলিভিচন বোলা বস্তুটো তেতিয়ালৈকে আমি দেখাই
নাছিলো ৷ মোবাইল ফোন, ইন্টাৰনেট আদিৰ কথাতো বাদেই ৷ মনোৰঞ্জনৰ বাবে আন ব্যৱস্থাও বিশেষ
একো নাছিল চিনেমা চোৱা আৰু সেই কথাকে পাগুলিয়াই থকাৰ বাহিৰে ৷ ঘৰত থাকোঁতে বন্ধনৰ মাজত আছিলো, হোস্টেল পাই সকলো এৰাল ছিগা গৰু যেন হৈছিলো ৷
এদিন প্ৰস্তাৱ এটা আহিল আবাসী
এজনৰ যোগেৰে, ভাত খোৱাৰ পাছত কেলভিন নে ৰূপশ্ৰীত নতুনকৈ অহা চিনেমা এখন চাবলৈ যাবলৈ
৷ খুব ভাল চিনেমা হেনো ৷ স্বামী ৷ শ্বাবানা আজমী আৰু গিৰিশ কাৰ্নাৰ্ড আছে ৷ কথা মতে কাম ৷ নিশাৰ আহাৰৰ পাছত প্ৰায় গেটেই হোস্টেলৰ
ল’ৰাখিনি একেলগে আগবাঢ়িলো টকৌবাৰীৰ পিনে ৷ দ্বিতীয় দৰ্শনী হোৱা বাবে সকলোৰে বাবে সহজে
টিকেট যোগাৰ হৈ গ’ল ৷ ৰং-ধেমালিৰ মাজেৰে চিনেমা চালো ৷
চিনেমা শেষ হ’ল ৷ সকলোটি ছাত্ৰাবাস
অভিমুখে খোজ ল’লো ৷ চিনেমা চাই দলে-বলে খোজকাঢ়ি সেই ৰাতিখন উভটি অহাৰ মজাই বেলেগ
৷ হোস্টেল পাই গেটৰ কাষৰ সুৰুঙাটোৰে নিঃশব্দে এজন এজনকৈ ভিতৰ সোমালো ৷ কিন্তু কথা বিষম
৷ কোনোবা চকুচৰহা এজনে অধীক্ষক মহোদয়ক খবৰ দি দিছিলগৈ আমি চিনেমা চাবলৈ যোৱা বুলি ৷
তেখেতে আহি প্ৰায় গোটেই হোস্টেলটোকে খালী দেখা পাই খঙত একো নাই হৈ তৰ্জন-গৰ্জন কৰি
ৰৈ আছিল আমাক আদৰিবলৈ ৷ আমি তেখেতক দেখি হতবাক ৷ তেখেতে আমাক সকলোকে গালি বৰ্ষণ কৰি
থকা সৰকা কৰিলে ৷ আমি মাথোন তলমূৰকৈ সকলো শুনি থাকিলো ৷ তাৰপাছত চাৰে সুধিলে,
“ কি চিনেমা
চাব গৈছিলা, কি নাম চিনেমাখনৰ?”
“চাৰ, স্বামী,” কোনোবা এজনে লাহেকৈ
উত্তৰ দিলে ৷
“স্বামী? স্বামী চাব গৈছিলা তোমালোকে
? কি কোৱাহে ? তোমালোক সকলোকে বিয়া কৰাই দিব লগা হৈছে, “ স্বভাৱসুলভ ৰসিকতাৰে অধীক্ষক
বাপুকৃষ্ণ চৌধুৰী চাৰে মন্তব্য কৰিলে ৷ আমিও কথাষাৰত বৰ ৰস পালো ৷ জানিছিলো, মৰমিয়াল চাৰে একো শাস্তি আৰু নিদিয়ে বুলি ৷
তাৰপাছত নিজৰ নিজৰ কোঠাত সোমাই
পৰিলো ৷ চিনেমাখনৰ গীতৰ কলি এটাকে মনতে গুণগুণালো,
“পল ভৰ মে য়ে ক্যা হো গয়া, জো
মেয় নেহী ৱো বন গয়া…”
ছাত্ৰ জীৱনৰ এক মনোৰম স্মৃতি ৷ এই স্মৃতিবোৰেই মানুহৰ পৰবৰ্তী জীৱনক জীপাল কৰি ৰাখে ৷ এনে সৰু সৰু অভিজ্ঞতাৰ কাহিনীবোৰে পঢ়োতাকো আমোদ দিয়ে ৷ আপোনাৰ পৰা এনে কাহিনী আকৌ পঢ়িবলৈ ৰৈ থাকিলোঁ ৷
ReplyDelete