উল্লোপো উল্লোপো..
১৯৮৭ চনৰ জুলাই মাহৰ কথা৷ চেন্নাইত প্ৰথমবাৰৰ বাবে ভৰি দি মনটো ভালেই লাগিল৷ আই. আই. টি., মাদ্ৰাজ ত এম. টেক কৰিবলৈ আহিছো সুদূৰ অসমৰ পৰা ৷ বেমাৰত পৰি হস্পিটেলত থাকিবলগীয়া হোৱা বাবে এসপ্তাহ পলমকৈ আহিছো বিশেষ অনুমতি লৈ৷ শৰীৰ দুৰ্বল বাবে মোক আগবঢ়াই থবলৈ আহিছে মোৰ খুৰশালি প্ৰশান্ত৷ সৰুৰে পৰা বাহিৰত পঢ়া সি৷ গতিকে তাৰেই সাহসত ওলাই আহিছো৷
স্টেচনৰ পৰা আদায়াৰত থকা আই. আই. টি. লৈ কেনেদৰে যাব লাগে সকলো বুজাই দিছিল গুৱাহাটীতে, প্ৰদ্যুৎ কুমাৰ গোস্বামীচাৰে৷গতিকে বিশেষ অসুবিধা নহ'ল৷ পলমকৈ অহা বাবে পঞ্জীয়ণৰ কামটো সহজেহে হ'ল৷ কেইবাঠাইতো চহী ল'ব লাগে৷ মানুহক সুধি সুধি ঠাইবোৰ বিচাৰি লোৱাত অসুবিধা নহ'ল৷
মোৰ বিভাগৰ প্ৰায় সকলো এম. টেক. ছাত্ৰক একেটা হোস্টেলত ৰখা হৈছিল৷ মই পলমকৈ অহা বাবে মোক অলকানন্দা বুলি হোস্টেল এটা দিলে৷ চৌহদৰ একেবাৰে সিমূৰত অৱস্থিত৷ চেন্নাইৰ আই. আই. টি. খনৰ চৌহদটো বিয়াগোম৷ দৰাচলতে বন-জংঘলেৰে ভৰা এখন অভয়াৰণ্য, বিশেষভাবে হৰিণাৰ৷ চৌহদৰ ভিতৰত মুক্তমনে অবাধে বিচৰণ কৰি ফুৰে জাক-জাক হৰিণা৷ কোনেও একো অনিষ্ট নকৰে৷ মূল প্ৰৱেশদ্বাৰৰ পৰা প্ৰশাসনিক ভৱনলৈ যাবলৈকে বাছত উঠি যাব লাগে৷ কেইবাকিলোমিটাৰো হ'ব৷ তাৰ পৰা মোৰ হোস্টেললৈ আৰু ডেৰ কিলোমিটাৰমান হ'ব৷
হোস্টেলত ভৰ্তি হোৱাৰ সকলো আনুষ্ঠানিকতা পূৰণ কৰি, দুয়ো কিবা-কিবি অলপ খাই জিৰণি ল'লো কিছুসময়ৰ বাবে৷ তাৰপাছত আবেলি চাৰিটামান বজাত ফুৰিবলৈ বুলি ওলালোঁ৷ চৌহদৰ বাহিৰ ওলাই কোনফালে যাওঁ অলপ চিন্তা কৰি থিয় দি ৰ'লো দুয়ো৷ তাৰপাছত মানুহক সুধি বাছ এখনত বহি পৰিলো চেন্ট থমাচ মাউন্টৰ দিশলৈ বুলি৷ তেতিয়া সেইপিনে বেছি ভিৰ নাছিল৷ দুয়ো কোনো এঠাইত নামি পৰিলো৷ অলৌ-তলৌকৈ অলপ সময় খোজ-কাঢ়ি ফুৰিলো৷ সন্ধিয়া হৈ আহিল৷ নিশাৰ আহাৰ বাহিৰতে কৰোঁ বুলি ভাবি গিন্দি ইঞ্জিনিয়াৰিং কলেজৰ ওচৰৰে হোটেল এখনত সোমাই পৰিলো৷
ইতিমধ্যে আঠমান বাজিল৷ হোস্টেললৈ উভটিবৰ হ'ল৷ বাছৰ বাবে নৰৈ দুয়ো অট'ৰিক্সা এখনকে ল'বলৈ সিদ্ধান্ত ল'লোঁ৷ ৰৈ থকা অট' এখনৰ ওচৰলৈ গৈ ইংৰাজীতে সুধিলো আই. আই, টি. লৈ যাবনে বুলি৷
"আদায়াৰ আ?" অট' চালকজনে বিশেষ মাদ্ৰাজী সুৰেৰে সুধিলে৷
" ইয়েচ, আই. আই. টি.," আমি উত্তৰ দিলো৷
"উল্লোপো?" তেওঁ সুধিলে৷
আমি বুজিলো তেওঁ ইংৰাজী নকয়, হিন্দীও নকয়৷ তথাপি বুজাবলৈ চেষ্টা কৰি ক'লো,
"ইয়েচ, আদায়াৰ, আই. আই, টি."
" টুৱেন্টি ৰুপিচ," তেওঁ ক'লে৷
আমিও বহি পৰিলো৷
কিছুসময় পাছত মূল প্ৰৱেশদ্বাৰ পাই আমি ভিতৰলৈ যাবলৈ ইঙ্গিত দিলো৷ তেওঁ আকৌ সুধিলে,
"উল্লোপো?"
আমি আকৌ ক'লো, " আই. আই. টি., অলকানন্দা হোস্টেল৷"
চালকজনে তামিলতে কিবা-কিবি বলকি চলাই গৈ থাকিল ভিতৰলৈ৷
প্ৰায় পোন্ধৰ মিনিটমান পাছত হোস্টেল পাই দুয়ো নামিলোঁ৷ মই বিশটকা আগবঢ়াই দিলো অট'চালকজনলৈ৷ টকাখিনি হাতত লৈ গণি চাই তেওঁ ক'লে,
" টাৰ্টি ৰুপিচ, টাৰ্টি ৰুপিচ....উল্লোপো...."
"ন' টুৱেন্টি ৰুপিচ, " প্ৰতিবাদ কৰি মই ক'লো৷
" টাৰ্টি ৰুপিচ, টাৰ্টি ৰুপিচ....উল্লোপো...." চালকজনে জোৰদি ক'লে৷
আমি তৰ্ক কৰিবলৈ চেষ্টা কৰিও ভাষাৰ অসুবিধাৰ বাবে একো বুজাব নোৱাৰিলো৷ চলাকজনে তামিলেৰে কিবা-কিবি গালি-শপনি পৰা যেন লাগিল, কেৱল মাজে মাজে উল্লোপো উল্লোপো বুলি কোৱা শুনিলো৷ পৰিবেশটো অস্বস্তিকৰ হৈ পৰিল৷ আমি কি কৰোঁ কি নকৰোঁ ভাবি ইফালে-সিফালে চাই থাকোঁতে হোস্টেলৰ চিকিউৰিটি গাৰ্ডজন আগবাঢ়ি অহা দেখিলোঁ৷ তেওঁ আহি চালকজনক তামিলতে কিবা সুধিলে৷ চালকজনেও কিবা বুজাই দিলে৷ মাজে মাজে কেৱল উল্লোপো শব্দটো উল্লেখ কৰি থাকিল৷
চিকিউৰিটি গাৰ্ডজনে আমাক আৰু পাঁচটকা দিবলৈ ক'লে ৷ আমিও টকা পাঁচটা আগবঢ়াই দিলো৷ মুখেৰে কিবা-কিবি ভোৰভোৰাই টকা পাঁচটা লৈ চালকজন গ'লগৈ৷
গাৰ্ডজনে আমাক বুজাই দিলে, উল্লোপো মানে ভিতৰলৈকে অহা কথাটো বুজাই আছিল অট'চালকজনে৷ মূল প্ৰৱেশদ্বাৰতে আমাক নমাই দিয়া হ'লে বিশটকাতে হ'লহেতেন৷ চৌহদৰ ভিতৰলৈকে সোমাই অহা বাবে ত্ৰিশটকা বিচাৰিছিল৷
আমিও কথাটোত বেচ আমোদ পালো৷ দুয়ো হাঁহি হাঁহি কোঠালৈ বুলি খোজ ল'লো আৰু চেন্নাইৰ প্ৰথমদিনটোৰ মধুৰ সোঁৱৰণি ৰূপে ৰৈ গ'ল উল্লোপো উল্লোপো৷

No comments:
Post a Comment