ভুল কাৰ?
২০০৬ চনৰ জুলাই মাহমানৰ কথা ৷
জালুকবাৰীত থাকোঁ তেতিয়া, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত ৷ এদিন আবেলি জৰুৰী
ফোন এটা পালোঁ, দৌলাশালত থকা অসম আৰক্ষী বেটেলিয়নৰ পৰা ৷ মোৰ ভাইবোৱাৰী এগৰাকীয়ে তেতিয়া
তাতে কাম কৰিছিল ৷ মাত্ৰ এদিন আগতে শ্ৰীমতীক লৈ গৈছিল, তাতে দুদিনমান ৰাখিবলৈ বুলি
৷ হঠাতে শ্ৰীমতীৰ গা বেয়া হোৱাত মোলৈ ফোন আহিল ৷ তেতিয়া মই কলেজতে আছোঁ ৷ বেগা-বেগিকৈ
ঘৰলৈ আহি গাড়ীখন লৈ ওলালোঁ দৌলাশাললৈ বুলি ৷ তেতিয়া আবেলি চাৰিমান বাজিছে ৷
আবেলি সেইখিনি সময়ত বৰ ভিৰ হয়
৷ এনেও বেয়া খবৰটো পাই মনটো উগুল-থুগুল লাগি আছিল ৷ যিমান পাৰো নিজক নিয়ন্ত্ৰণ কৰি,
অতি ধৈৰ্যেৰে গাড়ী চলাই প্ৰায় দহমিনিটমান পাছত শৰাইঘাটৰ দলংখন পাওঁ পাওঁ হ’লো ৷ দলঙলৈ
প্ৰায় এশমিটাৰমান আছিল বোধকৰো ৷ তেনেতে সম্মুখীন হ’লো আৰক্ষীৰ দল এটাৰ ৷ কোনোবা এজন
বিষয়াৰ তত্বাৱধানত তেওঁলোকে এখন এখনকৈ গাড়ীবোৰ ৰখাই পৰীক্ষা কৰি আছে ৷ মোকো ৰখাবলৈ
ইঙ্গিত দিলে ৷ অলপ বিৰক্তিৰ ভাবেৰে গাড়ীখন ৰখাই বাওঁফালৰ খিৰিকিৰ আইনাখন নমাই দিলো
৷ বিষয়াগৰাকীয়ে ভিতৰলৈ জুমি চাই মোক দেখিয়েই কৈ উঠিল,
“অ’ চাৰ, নমস্কাৰ ৷ আপোনাক চিনি
পাইছো ৷ আজিকালি ক’ত আছে ?”
মই হ’লে তেখেতক চিনি নাপালোঁ ৷
কিন্তু মিচিকিয়া হাঁহি এটা মাৰি উত্তৰ দিলো,
“জালুকবাৰীত আছোঁ ৷”
“ক’লৈ যায়?”
“দৌলাশালৰ বেটেলিয়নলৈ গৈ আছো ৷”
মইও উত্তৰ দিলো ৷
“ভাল চাৰ, যাওক ৷” বুলি কৈ মোক
বিদায় দিলে বিষয়াজনে ৷ মইও নিজ বাট ল’লো ৷
গোটেই ঘটনাটোত মই বৰ ৰস পালো ৷
বিষয়াজনেনো মোক কোন বুলি ভাবিলে ধৰিব নোৱাৰিলোঁ ৷ আৰু মইও আচলতে একো মিছা কথা কোৱাও
নহল ৷
পিছে “অশ্বত্থামা হত কিন্তু ইতি গজ”ৰ নিচিনা হ’ল নেকি কথাটো সেইটোহে বুজি নাপালো
৷
No comments:
Post a Comment