লেট্ৰিনপটৰ শৰণ
এতিয়াৰ কথা নাজানো, আমি পঢ়াৰ সময়ত কটন কলেজৰ চাৰিটা হোষ্টেলৰ ( ১ম, ২য়, ৩য়
আৰু মুছলিম ছাত্ৰাৱাস৷ এতিয়া নামবোৰ সলনি হ’ল) বাবে একেলগে এঠাইত শাৰী শাৰীকৈ শৌচাগাৰৰ
ব্যৱস্থা আছিল৷ গা-ধুবলৈ হোষ্টেলে হোষ্টেলে ডাঙৰ চৌবাচ্চা আছিল আৰু খোলা ঠাইতে গা ধুইছিলো৷
গা ধোৱা কামটো ভালে ভালে চলি যায়৷ শৌচাগাৰলৈ যোৱাটোহে এটা মূৰৰ কামোৰণি যেন আছিল৷ প্ৰথম
কথা, শৌচাগাৰলৈ যাবলৈ হ’লে হাতত এটা পাত্ৰ লৈ যাব লাগে, যাক কোৱা হৈছিল “লেট্ৰিনপট”
বুলি৷ সেইসময়ত সেই বিশেষ কামৰ বাবে খালী আমূল পাউদাৰৰ টিং একোটা হোষ্টেলৰ প্ৰতিটো
কোঠাতে ৰখাৰ ব্যৱস্থা আছিল৷ কিন্তু দৰকাৰৰ সময়ত টিং বিচাৰি পোৱাটো এটা সমস্যা আছিল৷
কেতিয়াবা বিভিন্ন কাৰণত বেলেগ কোঠাৰ ছাত্ৰ আহি “লেট্ৰিনপট’টো লৈ যায় ঠিকেই কিন্তু
কাম শেষ হোৱাৰ পাছত ঘূৰাই দিবলৈ পাহৰি যায়৷ গতিকে কোনো কোনো কোঠাত কেতিয়াবা তিনি-চাৰিটা
লেট্ৰিনপট জমা হয়গৈ কিন্তু কোনোবা কোঠাত এটাও নৰয়গৈ৷ গতিকে প্ৰথম ডাঙৰটো কাম হ’ল লেট্ৰিনপট বিচৰা৷ তাৰপাছত পানীৰেপূৰ্ণ লেট্ৰিনপট হাতত লৈ খালী শৌচাগাৰ বিচাৰি ফুৰিব লাগে৷
ৰাতিপুৱাৰ ভিৰৰ সময়ত খালী শৌচাগাৰ বিচাৰি পোৱাটোও এটা পৰম সৌভাগ্যৰ কথা যেনেই আছিল৷
সেই সময়তে আন আন ছাত্ৰাবাসৰ ছাত্ৰসকলৰ লগতো দেখা-সাক্ষাত্ হৈ যায়৷ হাতত লেট্ৰিনপট
লৈ শৌচাগাৰ খালী হ’বলৈ অপেক্ষা কৰি থকা অৱস্থাতে দুই-এষাৰ কথা-বতৰাও হৈ যায়৷
কিন্তু অতি বিপদ হয় কলেজ চলি থকা সময়ত যদি কাৰোবাৰ সেই কাম ফেৰা কৰিবলগীয়া
অৱস্থা হয় আৰু নিজৰ কোঠাৰ লেট্ৰিনপটটো যদি গায়ব হৈ থকা বুলি গম পোৱা যায়৷ তেতিয়া বেলেগ
কোঠাবোৰো বন্ধ হৈ থাকে৷ গতিকে বলিয়াৰ দৰে বিচাৰি ফুৰিবলগা হয় কাৰোবাৰ কোঠা খোলা আছে
নেকি আৰু তাত লেট্ৰিন পট আছে নেকি চাবলৈ৷সেইকাৰণেই হয়তো লেট্ৰিনপটক ইমান গুৰুত্ব দিয়া
হৈছিল আমি হোষ্টেলত থকা দিনবোৰত ৷
হোষ্টেললৈ নতুনকৈ অহা ছাত্ৰসকলৰ লগত চা-চিনাকি হোৱাৰ পৰম্পৰাটো আমি পঢ়া সময়তো
আছিল৷ অৱশ্যে কোনো শাৰীৰিক নিৰ্যাতন চলোৱা ৰেগিং আদি নাছিল৷ সেই চা-চিনাকি হোৱাৰ প্ৰক্ৰিয়াটোৰ
এটা অপৰিহাৰ্য অংগ আছিল “লেট্ৰিনপটৰ শৰণ” নামৰ এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান৷ ৰাতি
এঘাৰ-বাৰমান বজাতহে সেই মহান অনুষ্ঠানটি সম্পাদিত হৈছিল৷ এটা লেট্ৰিনপটত পানী ভৰোৱা
থাকে৷ নবাগত সকলে উদং গাৰে , গামোচা পিন্ধি শাৰী পাতি থিয় হ’ব লাগে৷ তাৰপাছত এজন এজনকৈ
শৰণ ল’ব লাগে৷ শৰণ লোৱাৰ সময়ত লেট্ৰিনপটটোৰ আগত সাষ্টাঙ্গে প্ৰণিপাত জনাব লাগে আৰু
জ্যেষ্ঠসকলে আঁওৰাবলৈ দিয়া কিছুমান অদ্ভুত মন্ত্ৰ আঁওৰাই থাকিব লাগে৷ সেই সময়চোৱাত
লেট্ৰিনপটৰ পৰা এচলু এচলু পানী শৰণ লোৱা জনৰ মূৰত বাকি দি থকা হয়৷ মন্ত্ৰ আঁওৰাই শেষ
হ’লে শৰণ লোৱাও শেষ হয়৷
হোষ্টেললৈ পলমকৈ অহা, আমাৰ লগৰ এজনক এবাৰ ৰাতি তেনেদৰে অকলে শৰণ দি থকা সময়তে
হোষ্টেল পৰিদৰ্শন কৰিবলৈ আহে আমাৰ হোষ্টেল অধীক্ষক মহোদয়৷ তেখেত অহা বুলি কেনেবাকৈ
গম পাই সকলো পলাই পত্ৰং দিলে৷ কোঠাত বাকী ৰ’ল দুজনমান সাহসী চিনিয়ৰ আৰু বেচেৰা বন্ধুজন৷
খালী গা, পিন্ধনত কেৱল গামোচাখন৷ সম্মুখত পানীৰে ভৰা লেট্ৰিনপট৷ অধীক্ষক
মহোদয়ে কোঠাত সোমাই সন্দেহপূৰ্ণ ভাবে চাৰেওফালে চালে৷ চিনিয়ৰ কেইজন অতি শান্ত-শিষ্ট
ভাবে বহি আছিল৷ তেখেতে হাতযোৰ কৰি থিয় হৈ থকা আমাৰ লগৰীয়াজনৰ পিনে চাই আচৰিত হৈ সুধিলে,
: ইমান ৰাতি কি কৰিছা তুমি ইয়াত? আৰু খালী গা কিয়?
বেচেৰা বন্ধুজনে, নাই চাৰ মানে চাৰ বুলি কিবা আবোল-তাবোল বকিলে৷ অধীক্ষক মহোদয়ে
হয়তো কিবা বুজি পালে৷ তাৰপাছত মুখত কৌতুকভৰা মিচিকিয়া হাঁহি এটা লৈ ওলাই গুছি গ’ল৷
লেট্ৰিনপটৰ শৰণ নামৰ সেই অনুষ্ঠানটোও আমাৰ মনত যুগমীয়া হৈ ৰ’ল, লগতে সেই সহজ-সৰল
বন্ধুজন৷
No comments:
Post a Comment