পিঠা খাবি, পিঠা খাবি.. আজিও ভাল লাগে ভাবি..
তেতিয়া মোৰ বয়স তিনি/চাৰি
বছৰমান আছিল হয়তো৷ আমি আছিলো নগাঁৱৰ ওচৰৰ শেনচোৱা নামৰ ঠাইৰ চৰকাৰী ৰেচমপাম এখনত৷
মাঘবিহুৰ সময়ত মোৰ মামা
এজন গুৱাহাটীৰ পৰা শেনচোৱালৈ আহিছিল৷ মামা তেতিয়া কটন কলেজৰ ছাত্ৰ৷ বিহুৰ বন্ধত ঘৰলৈ
নগৈ আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল৷
মোৰ ডাঙৰ দাদা দুজন মোতকে
আঢ়ৈ আৰু পাঁচবছৰ ডাঙৰ৷ উৰুকাৰ দিনা পামত থকা ল’ৰাবিলাকে আবেলিৰে পৰা মেজি আৰু ভেলাঘৰ
সজাত ব্যস্ত হ’ল ধানখেৰৰ নৰা , বাঁহ আদিৰে৷ ডাঙৰেও সহায় কৰি দিলে৷ মইও সন্ধিয়ালৈকে
তাতে থাকিলো৷ ৰাতি বোধকৰো ভোজ-ভাতৰো আয়োজন হ’ল তাতেই৷ কথা-বতৰাৰ পৰা বুজি পালো যে ৰাতি
ডাঙৰ ল’ৰা আৰু মানুহবোৰ তাতে থাকিব ভোজ-ভাত খাই স্ফূৰ্ত্তি কৰি, গোটেই ৰাতি৷ মোৰো তাতে
একেলগে থকাৰ মন আছিল৷ ৰাতি ঘৰত মা-দেউতাই ভাত খাই শুবলৈ ক’লে৷ সেই ৰাতি ঠাণ্ডাত বাহিৰলৈ
যাব নালাগে বুলি বিচনাত শুৱাই থ’লে৷ সাৰ পালে মোক এবাৰ মেজিৰ ফাললৈ যাবলৈ দিব বুলি
কোৱা হ’ল৷ মইও অনিচ্ছা স্বত্বেও বিচনাত পৰিলো৷ ইফালে মাই শোৱা কোঠাতে বহি পিঠা বনোৱাত
লাগিল৷ গৰম গৰম তিল পিঠাৰ গোন্ধৰ আমেজ লৈ লৈ মোৰো টোপনি আহিল৷
মাই উৰুকাৰ দিনা গোটেই
ৰাতি পিঠা বনায়৷ গৰমে গৰমে পিঠা খাই বৰ ভাল লাগে যদিও বেছিকৈ খাবলৈ নাপাওঁ৷ মাজৰাতি
হঠাতে মোৰ টোপনি ভাঙিল৷ সাৰ পাই দেখো বিচনাত কেৱল মইহে৷ দূৰৰ পৰা চিঞৰ-বাখৰ, কিৰিলি
আদিৰ শব্দও ভাহি আহিল৷ বুজি পালো, মোক শুৱাই থৈ দাদাহঁত মেজিঘৰৰ ফালে গুছি গ’ল৷ মোৰ
খং-ঠেঁহ-অভিমান অলপ বেছি৷ খঙতে বিচনাতে হাত-ভৰি আচাৰি কান্দিবলৈ ধৰিলো৷ মোৰ কান্দোন
শুনি পিঠা বনাই থকা মাৰ কাষত বহি থকা মামাজন ওচৰ চাপি আহি মোলৈ চাই সুধিলে,
: কিয়ে? কিয়’ কান্দচা?
মোৰ খংটো বেছিহে হ’ল আৰু
জোৰকৈ কান্দিবলৈ ধৰিলো৷
মামাই এইবাৰ সুধিলে,
: পিঠা খাবি?
মই একো উত্তৰ নিদি মুখ
মেলি কান্দি থাকিলো৷
মামাই গৰম পিঠা এখন আনি
মোৰ মুখত দিলে ভৰাই৷ মোৰ কান্দোন বন্ধ হ’ল৷ গৰম মচমচীয়া তিল পিঠাখন হেঁপাহ পলুৱাই খালো৷
খাই শেষ হোৱাৰ পাছত আকৌ কান্দোন আৰম্ভ৷ আকৌ মামাই সুধিলে,
: পিঠা খাবি?
আকৌ এখন গৰম পিঠা মুখত
দিলে গুজি৷ সেইখন খাই শেষ কৰি আকৌ কান্দোন৷ আকৌ মামাই ভৰাই দিলে মুখত আন এখন পিঠা৷
তেনেদৰে কিমানখন পিঠা
খালো সেই ৰাতি তাৰ হিচাব নাই৷ পিছলৈ সেইটো মামা আৰু মোৰ মাজত এটা খেলৰ নিচিনা হৈ পৰিল৷ তেনেদৰে কেতিয়া ৰাতি পুৱাল গমেই
নাপালো৷
বাকী সকলো কথা তল পৰিল৷
মই যেন পিঠাৰ লোভতহে কন্দাৰ ভাও জুৰিছিলো কথাটো তেনেকুৱা হ’ল৷
বহুদিনলৈ মোক দাদাহঁতে
জোকাই থাকিল,
“পিঠা খাবি? পিঠা খাবি?”
আজিও মনত পৰে উৰুকাৰ সময়ত
সেই গৰম গৰম মচমচীয়া তিল পিঠাৰ কথা৷
No comments:
Post a Comment