At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Monday, 26 May 2014

হাতত ৰিভলভাৰ নাইতো?

হাতত ৰিভলভাৰ নাইতো?

চনটো মনত নাই৷
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি আছো তেতিয়া৷
সচৰাচৰ মই পৰীক্ষাৰ ইনভিজিলেটৰ নহৈছিলো কাৰণ ইনভিজিলেটৰ হ'লে কোনো ধৰণৰ নকল বা নীতিবিৰুদ্ধ কাম দেখিলে সহ্য কৰিব নোৱাৰি উচিত পদক্ষেপ লবলৈ বাধ্য হৈছিলো৷ আনহাতে ছাত্ৰ এজনৰ কেৰিয়াৰ বেয়া কৰিবলৈও মন নগৈছিল৷ তাতে আকৌ ভূতৰ ওপৰত দানহৰ দৰে আহি পৰিছিল অতি আমনিদায়ক বাতৰি এটা:

"অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ প্ৰিন্সিপালক  অজান আততায়ীয়ে গুলি কৰি মাৰিলে কোনো নকল কৰা ছাত্ৰক পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰা বাবে৷"
অৱশ্যে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত তেনেধৰণৰ কোনো ঘটনা আজিলৈকে ঘটা নাই৷

দায়িত্ব এৰাব নোৱাৰি মাজে-মাজে ইনভিজিলেটৰ হৈছিলো আৰু মোৰ বাবে দায়িত্ব উচিত ভাবে পালন কৰাৰ  সহজ উপায় আছিল গোটেই তিনি ঘন্টা সময় কোঁঠাটোত আগৰ পৰা পিছলৈ পায়চাৰি কৰি ফুৰা, প্ৰতিজন পৰীক্ষাৰ্থীৰ ওচৰে-পাজৰে নিজৰ উপস্থিতি জাহিৰ কৰি নীৰৱে সাবধানবাণী শুনোৱা যাতে কোনেও সেইফেৰা কাম নকৰে আৰু মইও বাধ্য হৈ কোনো ব্যৱস্থা ল'ব লগা নহয়৷

এদিন পৰীক্ষা চলি আছে৷ মই ইনভিজিলেটৰৰ কাম কৰি আছো প্ৰকাণ্ড দ্ৰইং হ'লটোত৷ তাত প্ৰায় ৮০জন মান পৰীক্ষাৰ্থী বহে৷ ইনভিজিলেটৰ তিনিজন থাকে৷

আনদিনাৰ দৰে সেইদিনাও মই হলৰ ভিতৰত পায়চাৰি কৰি আছোঁ৷ একেবাৰে পিছৰ পৰা লাহে-লাহে আগলৈ খোজ দিছো বাবে আগৰবোৰে মই পিছপিনৰ পৰা আহি থকাটো দেখা নাই৷  তদুপৰি দ্ৰয়িংবোৰ্ডবোৰ এঢলীয়া হোৱা বাবে পৰীক্ষাৰ্থীসকলৰ সকলো কাৰ্যকলাপ অতি সহজে পৰ্যবেক্ষণ কৰিব পাৰি পিছ পিনৰ পৰা৷

তেনেদৰে হাতত সাৰে ভৰিত সাৰে আগবাঢ়ি গৈ থাকোঁতে চকুত পৰিল এজন ছাত্ৰৰ ধূৰ্ত্তালি৷ ওপৰত প্ৰশ্নখন ভালদৰে মেলি লৈছে৷ তাৰ অলপ তলত উত্তৰ লিখা বহীটো প্ৰায় সমান্তৰালভাবে ৷ প্ৰশ্ন আৰু বহীটোৰ মাজত অলপ খালী ঠাই৷ সেই খালী ঠাই পূৰণ কৰিছে বগা কাগজ এখনে৷ ছাত্ৰজনে অতি কৌশলেৰে প্ৰশ্নখন আৰু উত্তৰৰ বহীখন একেলগে ওপৰৰ পৰা তললৈ পিচলাই লৈ যায় যাতে মাজৰ ব্যৱধান একেই থাকে আৰু সেই ব্যৱধানেৰে তলত পাতি লোৱা কাগজখনৰ পৰৱৰ্তী অংশ দৃষ্টিগোচৰ হয়৷

অলপ সময় ভালদৰে লক্ষ্য কৰিলো ল'ৰাজনক৷ বপুৰাই গমেই নাপালে৷
তাৰপাছত হঠাতে চোঁ মাৰি গৈ থাপ মাৰি ধৰিলো হাতত৷ বহী, প্ৰশ্ন আৰু নকলৰ কাগজ গোটাইখিনি কাঢ়ি লৈ ল'ৰাজনক হাতত ধৰি টানি লৈ গ'লো পৰীক্ষা চলোৱা অফিচটোলৈ৷ ল'ৰাজনে মুখেৰে এটা মাতো নামাতিলে৷ তাৰপাছত বিশ্ববিদ্যালয়ৰ নিয়মমতে পালন কৰিবলগীয়া আনুষ্ঠানিকতাখিনি পালন কৰি ল'ৰাজন বিদায় দিলো৷ মইও নিজৰ কামত লাগিলো৷

পৰীক্ষা শেষ হ'ল৷ আবেলি ঘৰ পালোঁগৈ৷ মনটো অলপ বেয়াও লাগি থাকিল ল'ৰা এজনক তেনেদৰে উলিয়াই দিবলগা হোৱা বাবে৷ মাজে-মাজে আততায়ীৰ গুলিত প্ৰাণ দিয়া সেই অধ্যাপকজনৰ কথাও মনত পৰিবলৈ ধৰিলে৷

সন্ধিয়া ঘৰতে থাকিলো৷ ৰাতি প্ৰায় আঠমান বজাত দুৱাৰত টোকৰ পৰিল৷ বাৰান্দাৰ লাইটো জ্বলাই দি দুৱাৰ নোখোলাকৈ পৰ্দাখন একাষৰীয়া কৰি বাহিৰলৈ চালো৷ দেখিলো সেই নকল কৰা ল'ৰাজন ৷ লগত আৰু এজন প্ৰকাণ্ড চেহেৰাৰ ডেকা৷ খন্তেকৰ বাবে বুকুখন কঁপিল৷ ল'ৰাদুজনৰ হাতলৈ চালো৷ ৰিভলভাৰ নাইতো?
ভালদৰে পৰ্যবেক্ষণ কৰি আশ্বস্ত হোৱাৰ পাছতহে দুৱাৰ খুলি দিলো৷ দুয়োকো বহিবলৈ দিলো৷
: কোৱাচোন..
মই আৰম্ভ কৰিলো৷
: চাৰ একো উপায় নাইনে এতিয়া?
ল'ৰাজনে সুধিলে৷
: এতিয়া আৰু উপায় নাই৷ কাগজ ইউনিভাৰ্চিটি পালেগৈ৷ অতি কমেও এবছৰ লোকচান হ'বই তোমাৰ৷ মোক পৰীক্ষাৰ সময়তে অনুৰোধ নকৰিলা কিয়? তুমিতো মুখেৰে একোৱেই নামাতিলা?
মই ক'লো৷
: চাৰ, সকলোৱে কৰা দেখি মইও আজি কৰিবলৈ চেষ্টা কৰিছিলো৷ পিছে ধৰা পৰি গ'লো৷ সেই মুহূৰ্ত্তত ইমান নাৰ্ভাচ হ'লো যে মুখেৰে মাতেই নোলাল৷ পাৰিলে কিবা এটা কৰক ৷
ল'ৰাজনৰ সৰল উক্তি৷
: নাই, এতিয়া মোৰ হাতত একো নাই৷ যি হ'ল হ'ল আৰু৷ এতিয়া ভবিষ্যতৰ বাবে ভালদৰে চিন্তা কৰা৷
মোৰ উপদেশ৷
আৰু দুই এটা কথাৰ আদান-প্ৰদান হ'ল৷
গধুৰ মনেৰে ল'ৰাদুজন গ'লগৈ৷
মোকো সান-মিহলি চিন্তা কিছুমানে আমনি কৰিবলৈ ধৰিলে৷

Friday, 23 May 2014

ভাৰতীয় স্বামীসকলৰ যিবোৰ অভ্যাসে ভাৰ্যাসকলক আমনি কৰে..

ভাৰতীয় স্বামীসকলৰ যিবোৰ অভ্যাসে ভাৰ্যাসকলক আমনি কৰে..

১) বাথৰুমৰ পৰা ওলাই আহি গা মোচা ভিজা টাৱেলখন বিচনাতে পেলাই থৈ যায় সময়ৰ নাটনি বুলি৷
২)” আহিছো” বুলি কয় কিন্তু খোৱা মেজলৈ আহিবলৈ পলম কৰি থাকে আৰু লেপটপ বা কম্পিউটাৰতে ব্যস্ত হৈ থাকে৷
৩) বন্ধৰ দিনটোত ২৪ ঘন্টা মাৰাথান টোপনি মাৰে, বিচনাতে খায়, আই পি এল বা আন প্ৰগ্ৰেম চায়৷
৪) নেপকিন, গাড়ীৰ চাবি, ৱালেট আদি ক’ত থ’লে পাহৰি যায়৷
৫) ৰাতিপুৱা পায়খানাত বহি বাতৰি কাকত পঢ়ে আৰু তাতেই এঘন্টামান কটায়৷
৬) বিচনাৰ কাপোৰ সলাব লগা হৈছেনে নাই বা কোঁঠাটো পৰিষ্কাৰ কৰিব লগা হৈছেনে নাই সুধিলে সঠিককৈ ক’ব নোৱাৰে৷
৭)ভাত খাই উঠি ডাঙৰকৈ উগাৰ মাৰে৷
৮) এলাৰ্ম নিজেই দিয়ে কিন্তু এলাৰ্ম বাজিলে টোপনিৰ পৰা উঠাৰ কোনো লক্ষণেই নেদেখুৱায়৷
৯) নতুন ঠাইলৈ গাড়ী চলাই গ’লে নিজৰ ওপৰতে ভৰষা কৰি বাট হেৰুৱায় কিন্তু বাটৰ মানুহক সুধিবলৈ টান পায়৷
১০)বিচনাতে সকলো খায় আৰু লেতেৰা বিচনাখনতে শুবলৈ বেয়া নাপায়৷
১১)ঘৰৰ য’তে-ত’তে জোতা খুলি পেলাই থয় যাতে আনে তাৰে ফুটবল খেলিব পাৰে৷
১২) ৱাচিং মেচিনৰ এলাৰ্মটো বাজিলে নুশুনা ভাও ধৰে বা আনক চিঞৰে৷ আন কোনোবাই কাপোৰবোৰ শুকাবলৈ মেলি দিয়ালৈ বাট চাই থাকে৷
১৩)কেৱল চাইজটো চায়েই দোকানত চোলা কিনে কিন্তু ঘৈণীয়েকে বাছি দিয়া চোলা কেইটা এবাৰো গাত সুমুৱাই নাচায়৷
১৪) দেওবাৰে ৰাতিপুৱা ১১ বজাত উঠে আৰু ব্ৰাছ নকৰি, মুখ নুধুই বিচনাতে ব্ৰেকফাষ্ট কৰিবলৈ বিচাৰে৷
১৫) এটা নতুন পেন্ট ২৫০০/- টকা দি কিনিবলৈ টান পায়, খুব দামী বুলি; কিন্তু ৩০ হাজাৰ টকাৰে টেবলেট/চেল ফোন এটা কিনিবলৈ বেয়া নাপায়৷
১৬) নতুনকৈ ধুই শুকুৱাই বিচনাত ৰখা কাপোৰবোৰ ভালদৰে জাপি ক’ৰবাত থোৱাতো বাদেই কাপোৰবোৰ হাতেৰে একাষৰীয়া কৰি থৈ কাষতে বাগৰি দিয়ে৷
১৭) পকেট বা বেগৰ পৰা ক্ৰেডিট কাৰ্ড , ডেবিট কাৰ্ড , বিল আদি সকলো উলিয়াই টেবুলত থয় আৰু পাছত ভালদৰে ঠিক ঠাইত থ’ম বুলি কয়.. (পিছে কেতিয়াও নথয়)
১৮) সকলো প্ৰশ্নৰ উত্তৰত সেই এটা কথাই কয়… “তুমি যি ভাল দেখা….” (আচলতে একো নভবাকৈয়ে কয়)
১৯)কথা ক’লে শুনি থকাৰ ভাও ধৰে কিন্তু কিবা সুধিলে বুৰ্বকৰ দৰে চাই থাকে৷
২০) আৰু যদিহে কেতিয়াবা শুনে তেতিয়া “ময়েই সকলো জানো” ভাব দেখুৱাই উপদেশৰ উপৰি উপদেশ দিবলৈ ধৰে৷
(এটা ইমেইলৰ পৰা লোৱা হৈছে)

-------------------------------ডঃ মাখন লাল দাস

Thursday, 22 May 2014

কেইটামান টকা... এজন ডেকা

কেইটামান টকা.. এজন ডেকা

১৯৮৯ চন ৷ এম টেক কৰি মাদ্ৰাজৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উভতি আহিছো মাত্ৰ৷ থাকিবলৈ  বাসভৱন এটাৰ খুবেই প্ৰয়োজন থকা বাবে প্ৰিন্সিপাল চাৰৰ কাষ পালোঁগৈ৷ তেখেতে ঘৰ এটাত অস্থায়ী ভাবে থাকিবলৈ দিলে এটা চৰ্তত: দুই নং ছাত্ৰাবাসৰ অধীক্ষক ৰহমান চাৰৰ কাৰ্যকাল শেষ হওঁ হওঁ৷ গতিকে তেখেতৰ পৰা মই কাৰ্যভাৰ গ্ৰহণ কৰিব লাগিব৷ তেতিয়া মই স্থায়ী ভাবে অন্ততঃ তিনিবছৰ থাকিবলৈ পাম অধীক্ষকৰ বাস ভৱনত৷ মইও বিনা দ্বিধাই মান্তি হ'লো৷ তাৰ আগতেও ১৯৮৫ চনতে মই ৫ নং ছাত্ৰাবাসৰ দায়িত্ব লৈছিলো ৷ গতিকে আকৌ তেনে দায়িত্ব লবলৈ অসুবিধা নহ'ব বুলি ভাবিলো৷

কিছুদিন পাছত ৰহমান চাৰৰ পৰা মই ছাত্ৰাবাসৰ কাৰ্যভাৰ গ্ৰহণ কৰিলো৷ ইতিমধ্যে অষ্টম ষান্মাসিকৰ ছাত্ৰসকলৰ পৰীক্ষা হৈ গৈছিল৷ হোষ্টেলৰ সকলো খৰচ-পাতি অধীক্ষকেই চাব লাগিছিল৷ কিছুমান ছাত্ৰ টকা-পইচা দিয়াৰ ক্ষেত্ৰত বৰ অনিয়মীয়া আছিল৷ কিন্তু পৰীক্ষাৰ আগে-আগে সকলোৰে পৰা বাকী থকা টকাবোৰ আদায় কৰা চেষ্টা চলোৱা হয়৷ পৰীক্ষাৰ ফৰ্ম অধীক্ষকৰ হাতত থাকে আৰু দিবলগীয়া সকলোখিনি দিয়াৰ পাছতহে পৰীক্ষাৰ ফৰ্ম দিয়া হয়৷ তথাপি কিছুমানে হাতে-ভৰিয়ে ধৰি অনুনয়-বিনুনয় কৰেহি নানা অজুহাত দেখুৱাই আৰু দিবলৈ অলপ বাকী থাকিলেও ফৰ্ম দি দিয়া হয় কেতিয়াবা৷ কিন্তু  অষ্টম ষান্মাসিকৰ ছাত্ৰসকলৰ ক্ষেত্ৰত বেছি সাবধান হ'বলগা হয় কাৰণ সেইটোৱেই তেওঁলোকৰ শেষ পৰীক্ষা৷ পাছ কৰি ওলাই গ'লে আৰু টকা পোৱাৰ আশা নাই৷

ৰহমান চাৰৰ পৰা হিচাব বুজি লোৱা হ'ল৷ যিমান ধন হস্তান্তৰ হ'বলগীয়া আছিল তাৰ পৰা এটা অংশ চাৰে কাটি ৰাখিলে কাৰণ সেইখিনি বিভিন্ন ছাত্ৰৰ পৰা পাবলগীয়া আছিল৷ গতিকে সেইখিনি ধনৰ পৰিৱৰ্তে মোক দিয়া হ'ল এখন দীঘল তালিকা৷  মইও সুযোগৰ সন্ধানত থাকিলো  সেই ধন ছাত্ৰসকলৰ পৰা আদায় কৰাৰ৷

দুমাহমান পাছত সুযোগ এটা আহিল৷
অষ্টম ষান্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল৷ মাৰ্কচীট আদি পাবলৈ ছাত্ৰসকলে হোষ্টেলৰ অধীক্ষকৰ পৰা ক্লিয়াৰেন্স ল'ব লাগে৷ মই তালিকা লৈ বাট চাই থাকিলো কোন আহে কোন আহে বুলি৷

পিছদিনা ৰাতিপুৱাতে ছাত্ৰ এজন আহি ওলাল৷ নামটো সুধিলো, তাৰপাছত তালিকাখন চালো৷ তালিকাত তেওঁৰ নামটো জিলিকি আছে৷ তেওঁৰ দিবলৈ বাকী আছিল কিছু টকা৷ বেছি নহয়, খুব সম্ভৱ, প্ৰায় বিশ টকামান৷ ছাত্ৰজনৰ নামটোও মনত নাই৷

: তোমাৰ এৰিয়াৰ আছে ৷ সেইখিনি দিলেহে ক্লিয়াৰেন্স পাবা ৷
মই ক'লো৷

অলপ মূৰ খজুৱাই ল'ৰাজনে ক'লে,
: ছাৰ মোৰ লগত ইমান টকা নাই৷ দূৰৰ পৰা আহিছো, ৰিজাল্ট দিয়া বুলি গম পাই৷ মোক ক্লিয়াৰেন্সটো দি দিয়ক৷ মই গুৱাহাটীত থকা মাহীৰ ঘৰৰ পৰা টকাখিনি আনি আবেলি আপোনাক দি যামহি....

দেখাত অতি নিমাখিত ছাত্ৰজনৰ মুখলৈ চাই , অলপ ভাবিলো৷ তাৰপাছত ক'লো,
: ঠিক আছে, দিয়া ফৰ্মখন.. বুলি ক্লিয়াৰেন্সৰ ফৰ্মত চহী কৰি দিলো৷

ধন্যবাদ জনাই ল'ৰাজন গ'লগৈ৷
আবেলি বাট চালো, ল'ৰাজন নাহিল৷
পিছদিনাও নাহিল৷

দিন, মাহ,বছৰ, দশক পাৰ হৈ হ'ল৷ ল'ৰাজন আৰু মোৰ ওচৰলৈ নাহিল৷

এই হোজা প্ৰফেচাৰজনক ভাল ঠগিলে৷ 

Monday, 19 May 2014

মিষ্টাৰ ইণ্ডিয়া..

মিষ্টাৰ ইণ্ডিয়া..

সৰুৰে পৰা ভূতলৈ বৰ ভয় আছিল মোৰ৷

সেইবাবে ডাঙৰ ল'ৰাটো জন্ম হোৱাৰ পাছতে ভাবি ল'লো তাক এনেদৰে ডাঙৰ কৰিম যাতে সি ভূতলৈ কেতিয়াও ভয় নকৰে৷ সৰুৰে পৰাই তাক শিকোৱা হ'ল ভূত বোলা কোনো বস্তু নাই বুলি৷ তাৰ চাৰি বছৰ বয়সত আমাৰ দ্বিতীয়টো ল'ৰাৰ জন্ম হ'ল আৰু ডাঙৰটোক তেতিয়াৰ পৰাই এটা বেলেগ কোঁঠাত অকলে শুবলৈ দিয়া হ'ল ৷ সিও কোনো আপত্তি নকৰি অকলেই শুবলৈ সাহস কৰিলে৷

সৰু ল'ৰাটোৰ বয়স তেতিয়া প্ৰায় দুবছৰমান হ'ব, ডাঙৰটো প্ৰায় ছবছৰীয়া৷ সৰুটোক চোৱা-মেলা কৰাৰ বাবে ঘৰত এজনী ছোৱালীও ৰখা হ'ল৷

তেতিয়া আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত থাকোঁ৷ দীপৰ বিলৰ কাষত থাকো৷ ডাঙৰ চৌহদ৷ ৰাতি প্ৰায়েই লাইট নাথাকে আৰু থাকিলেও যিহে ভল্টেজ, লাইট থকা-নথকা প্ৰায় একেই কথা যেন হয়৷ তাতে আকৌ স্ত্ৰীট লাইট বুলিবলৈ একো নাছিলেই বুলিব পাৰি আমি থকা ঠাইখিনিত৷ ঘৰৰ পৰা প্ৰায় তিনিশ মিটাৰমান দূৰতে নতুনকৈ শ্মশান এখনো গঢ় লৈ উঠিব ধৰিছিল৷  ৰাতি হ'লে ঘৰৰ বাহিৰ ওলাবলৈ যথেষ্ট সাহসৰ প্ৰয়োজন৷ ডাঙৰ ল'ৰাটোৱে পিছে দোভাগ ৰাতিও ঘৰৰ বাহিৰ ওলাবলৈ ভয় নকৰে তেতিয়াও৷

এদিন কিবা কাৰণত আবেলি শ্ৰীমতী আৰু মই গুৱাহাটীলৈ যাব লগা হ'ল৷ ঘৰতে এৰি থৈ গ'লো ছবছৰীয়া ল'ৰাটোৰ সৈতে সৰু ল'ৰাটো আৰু তাক চোাৱাচিতা কৰা ছোৱালীজনী৷ সিহঁতেও থাকিব পাৰিম বুলি ক'লে৷ আমিও নিশ্চিন্তে গ'লোঁগৈ৷

উভতি আহোঁতে ৰাতি প্ৰায় চাৰে সাতমান বাজিল৷
ঘোৰ অন্ধকাৰ৷
ঘৰ পাই দুৱাৰত টুকুৰিয়ালো৷ কোনো সাৰ-সুৰ নাই৷
আকৌ টুকুৰিয়ালো৷ নাই, কোনো সাৰ-সুৰ নাই৷

বাহিৰলৈ ওলাব পৰা তিনিওখন দুৱাৰ ভিতৰৰ পৰাই বন্ধ৷ অলপ আচৰিত হ'লো৷ এইবাৰ দুৱাৰত অলপ জোৰেৰে ঢকিয়ালো আৰু লগতে চিঞৰি চিঞৰি মাতিলো..
: বাবলু.. জয়ন্তী..

অলপ পাছত ভিতৰৰ দুৱাৰ এখন খোলাৰ শব্দ হ'ল৷ তাৰপাছত মূল দুৱাৰখন খোল খালে৷ দুৱাৰমুখত জয়ন্তী, কোলাত সৰুটো আৰু জয়ন্তীৰ হাতত ধৰি থিয় হৈ আছে ছবছৰীয়া বাবলু৷

: দুৱাৰ খোলা নাছিলা কিয়?
আমি সুধিলো৷

: আমি সকলো দুৱাৰ বন্ধ কৰি একেবাৰে ভিতৰৰ শোৱা কোঁঠাত সোমাই আছিলো৷
ছোৱালীজনীয়ে উত্তৰ দিলে৷

: কিয়? কি হৈছিল?
অলপ আচৰিত হৈ আমি সুধিলো৷

:  আন্ধাৰ হোৱাৰ অলপ পাছত কোনোবাই আহি বাহিৰৰ পৰা দুৱাৰত হেঁচা যেন শব্দ শুনিছিলো৷ আমি বাহিৰ ওলাই চালো কিন্তু কাকো নেদেখিলো৷ সেইকাৰণে ভয় খাই আমি সকলো দুৱাৰ বন্ধ কৰি ভিতৰত সোমাই আছিলো৷
এইবাৰ বাবলুৱে উত্তৰ দিলে৷

আমাৰ অলপ চিন্তা হ'ল যদিও সিহঁতৰ মনৰ পৰা ভয়ৰ ভাব নোহোৱা কৰিবলৈ অলপ দৃঢ় ভাবেই ক'লো,
: কিয় ভয় কৰিব লাগে? ভূত বোলা একো বস্তু নাই নহয়..

: আমি ভুতলৈ ভয় কৰা নাই নহয়৷ মই ভাবিলো কিজানি মিষ্টাৰ ইণ্ডিয়া আহিল.....
ছবছৰীয়া সৰল মনৰ বাবলুৰ উত্তৰ শুনি হাঁহিমনে কান্দিম একো ভাবি নাপালো৷

কিন্তু একোখন চিনেমাই শিশুৰ কোমল মনত কিমান গভীৰ প্ৰভাৱ পেলাব পাৰে তাকেই আকৌ অনুভৱ কৰিলো৷


Sunday, 18 May 2014

ইঞ্জিনিয়াৰৰ ভুকু..

ইঞ্জিনিয়াৰৰ ভুকু..

চন , তাৰিখ আদি মনত নাই৷ 
প্ৰায় দহ-বাৰ বছৰ মান আগৰ কথা৷ তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰি আছো৷

কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ সময়ৰ কথা৷ ভোট গ্ৰহণ সুকলমে হৈ গ’ল৷ তাৰপাছত আহিল ভোট গণনা পৰ্ব৷ ভোট গণনা কৰা হৈছিল কলেজৰ মেইন বিল্ডিঙৰ দুই নং গেলাৰীত৷ প্ৰতিটো পদৰ বাবে দুজনকৈ শিক্ষক ভোটৰ হিচাব ৰাখিবলৈ৷ এজন শিক্ষকে থিয় হৈ বেলট পেপাৰখন এফালৰ পৰা পঢ়ি যায় আৰু বাকীসকলে নিজৰ নিজৰ হাতত থকা কাগজত ভোট পোৱা প্ৰাৰ্থীসকলৰ নামৰ বিপৰীতে চিন দি যায়.. এক, দুই, তিনি.. এশ, এশ এক.. ইত্যাদি৷

প্ৰতিজন প্ৰাৰ্থীৰ প্ৰতিনিধি হিচাবে দলে-দলে ছাত্ৰসকলো বহি লয় গেলাৰীত আৰু নিজাববীয়াকৈ ভোটৰ হিচাব ৰাখে৷ মুঠতে গোটেই গেলাৰীটো শিক্ষক-ছাত্ৰ-ছাত্ৰীৰে গিজ-গিজাই থাকে৷ ভিতৰত বহিবলৈ ঠাই নোপোৱা কিছুমানে বাহিৰৰ পৰাই উমান লবলৈ চেষ্টা কৰে৷ মুঠতে এক উত্তেজনাপূৰ্ণ অথচ উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়৷

সেইদিনাও ভোট গণনা চলি আছে৷ আবেলি তিনিমান বাজিছে৷ প্ৰায় আধামান বেলটপেপাৰ গণনা কৰিবলৈ তেতিয়াও বাকী৷ কাম কৰি কৰি আমনি লগাত শিক্ষকসকলে চাহ একোকাপ খাই উঠিছে মাত্ৰ৷ ভৰ জহকাল নহয় যদিও মানুহেৰে ভৰি থকা কোঠাটোৰ ভিতৰত যথেষ্ট গৰম৷ কোঠাৰ ভিতৰত থকা সাতাম পুৰুষীয়া বিয়াগোম ফেন কেইখনে কেৰ কেৰ শব্দ কৰি বতাহৰ প্ৰবাহ সৃষ্টি কৰি কিছু জুৰ পেলাবলৈ চেষ্টা চলাই আছে অহৰ্নিশে৷ সেই কেৰ কেৰ শব্দৰ সৈতে অভ্যস্ত শিক্ষক-ছাত্ৰ কোনেও ফেন কেইখনৰ উপস্থিতিলৈ মন কৰা নাই৷ আমনিও পোৱা নাই৷

হঠাতে এটা অঘটন ঘটিল৷ একেবাৰে সম্মুখৰ পিনে থকা ফেন এখন ঘেৰ ঘেৰ কৰি লাহে লাহে বন্ধ হৈ গ’ল৷ সকলোৰে আকৰ্ষণ সেইফালে গ’ল৷ লাহে-লাহে সম্মুখৰ পিনে থকা ৰাইজৰ গৰম লাগি আহিবলৈ ধৰিলে৷ 

এজন অত্যুৎসাহী ছাত্ৰ আগবাঢ়ি গ’ল বেৰত কোনোমতে ওলমি থকা চুইচবোৰ্ডখনৰ পিনে৷ তেওঁ এটা এটাকৈ চুইচবোৰ অন-অফ কৰিবলৈ ধৰিলে৷ বাকী ফেন কেইখন বন্ধ হয়, আকৌ চলে; কিন্তু সেই ফেনখনহে নাচোৰবান্দা৷ কোনোমতেই নচলে৷ চুইচটো বাৰে বাৰে অন-অফ কৰি ছাত্ৰজন বিফল হৈ নিজৰ ঠাইত আহি বহিলহি৷ তাকে দেখি আন দুজনমান ছাত্ৰ আগবাঢ়ি গ’ল আৰু বিভিন্ন কাৰু-কাৰ্য চলালে ফেনখনৰ চুইচটোৰ ওপৰত৷ 

পিছে একো লাভ নহল৷ ইফালে ভোট গণনা কাৰ্যও স্থগিত হৈ আছে৷ সময়ো পাৰ হৈ গৈ আছে৷

কোনোবা এজনে মাত দিলে,
: ডেকাক মাতি আনাগৈ.. (ডেকা ইলেক্ট্ৰিচিয়ান)

তেনেতে উঠি আহিল ইলেক্ট্ৰিকেল বিভাগৰ জ্যেষ্ঠ অধ্যাপক এজন৷ 
সকলোৱে অতি আশাৰে তেখেতৰ পিনে চালে৷ তেখেতে নিশ্চয় ফেনখন চলোৱাত সফল হ’ব৷

তেখেত চুইচ বোৰ্ডখনৰ ওচৰ পালেগৈ৷
তাৰপাছত সকলোকে আচৰিত কৰি তেখেতে চুইচবোৰ্ডত থকা সেই বিশেষ ফেনখনৰ ৰেগুলেটৰটোৰ তলত দুটামান প্ৰচণ্ড ঘোঁচা মাৰিলে..
থক, থক, থক..

সকলোৱে মন্ত্ৰমুগ্ধৰ দৰে তেখেতৰ কাণ্ড চাই থাকিল৷

কিন্তু কি আচৰিত৷ খেৰ খেৰ, কেৰ কেৰ, ঘেৰ ঘেৰ শব্দ কৰি লাহে লাহে ফেনখন আকৌ চলিবলৈ ধৰিলে৷ সকলোৱে আনন্দতে হাতচাপৰি বজালে৷

অতি কম কথাকোৱা অধ্যাপক গৰাকীয়ে মিচিকিয়া হাঁহি এটা মাৰি আকৌ নিজৰ স্থানত বহি পৰিল৷

: “এয়াও ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ  ভিতৰতে পৰে নেকি?”
কাষত বহি থকা অধ্যাপক এজনে ৰসিকতা কৰি ক’লে৷

: "যাৰ বান্দৰ সিহে নচুৱাব পাৰে..."
আন এজনে মাত লগালে..


একো উত্তৰ নিদি, কেৱল হাঁহি এটা মাৰি আকৌ কামত লাগিলো সকলোৱে৷ 

অতি বাধ্যছাত্ৰৰ দৰে ফেনখনো চলি থাকিল৷

Friday, 9 May 2014

What a lecture..

wHAT A lECTURE....

A person from a remote village was transferred to a new place. He reported for duty on  14th August . He  was asked to address the school assembly on 15th August, the Independence Day.

His speech was something like this:


Leddies and Gentulmens and young men, "This is my first maiden speech. If small mistakes get inside my speech, I am pardon. Stickly speaking, I wanted to joint this school more fastly, but cannot.  Too much time lust in getting slipper reservation in three-tyre compartment. The clerk rejected to give ticket. I put complaint on stationmaster. He said me to go to the lady clerk. At first she also rejected.  But at last with great difficulty she gave a birth only to my son. Anyway I thanked the stationmaster because he was responsible for getting birth of my son. So I am late.

We got independent because of great leadersz linke Gundhiji who get-outted all angrezi peoples from India. Tilak said Swaraj is our birth rate and we shall halve it. Today we all have our birth-rate. You children are future dynamic generators of the Nation. Look into future time only. No backside looking, or looking at your behind. Be like great like X' raj Ranjan of Germany or Presidents like Loosebelt, Dim Butter, Lipton etc. You know genius, no? It is one per cent perspiration and ninety seven percent evaporation. They became great by reading great books. After we finish you off here in the school, you can go to college and get B.A., M.A., M.A.M.A and other decrease. Then you can become great liars in the supreme courts, shattered accountants, or lecherers in college. The school is like a garden. You are the seeds, classroom is the soil. We will bury you in this soil, pour water of knowledge on your heads and one-day you all will become great phools. Many vacancy job come in papers. Only yesterday I saw in paper "Wanted for refuted engineering firm: - Generators, highpower condensors" so and so forth, etc. These jobs may be teknickel, but you can shine. If you have flare in English, you can become teacher. I am now ending this fastly. My God blast you! Thank you and thank God!.

(collected from the net)