বৰালি মাছৰ কামোৰ….
১৯৬৩ চন মানৰ কথা৷ বাৰিষাৰ সময়ত প্ৰায়ে প্ৰবল বানপানীৰ সৃষ্টি হৈছিল নগাঁৱৰ
ওচৰৰ আমি থকা শেনচোৱা নামৰ ঠাইৰ চৰকাৰী ৰেচম পামখনৰ আশে-পাশে৷ পামৰ ভিতৰতো পানী সোমাইছিল৷
বানপানীৰ সময়ত মাছ মৰাটো আমাৰ বাবে অতি আকৰ্ষণীয় তথা উত্তেজনমূলক কাম আছিল৷ ঘৰৰ পিছপিনেই
আছিল প্ৰচণ্ড জলাশয়৷ খেৱালি জাল মাৰি পুঠি-খলিহনা-পাভ-গৰৈ-শিঙৰা-গঙাটোপ আদি বিধে-বিধে
সৰু-সৰু মাছবোৰ আনি পাকঘৰৰ বাৰান্দাত ডাঙৰ ডলাত দ’ম কৰি কৰি থৈছিল মোৰ দেউতা আৰু ঘৰৰ কাম কৰা মানুহে৷ সৰু মাছৰ সংখ্যা
প্ৰায়েই ইমানেই বেছি হৈছিল যে সিমানবোৰ মাছ খাই শেষ কৰাটো অসম্ভৱ কথা আছিল৷ সেয়েহে
মাছবোৰ আমাৰ ঘৰৰ বাৰীত থকা নাৰিকল গছ কেইজোপাৰ গুৰিত গাঁত খান্দি খান্দি পুতি দিয়া
হৈছিল সাৰ হিচাবে৷
মাছধৰাৰ প্ৰায় সকলো প্ৰকৰণ মঁজুত আছিল৷ বৰপেটাৰ নৈ-জানৰ পানীত সাঁতুৰি-নাদুৰি
ডাঙৰ হোৱা মোৰ দেউতাৰ সেইটো এটা বিশেষ নিচা আছিল৷ চেপা পতাৰ কৌশলো সেই সময়তে শিকিছিলো৷
জাকৈ, পলহ আদি ব্যৱহাৰ কৰিবলৈও শিকিছিলো যদিও সেয়া কেৱল মনৰ আগ্ৰহ পূৰ কৰিবৰ বাবেহে৷
আৰু িটা বিশেষ ব্যৱস্থাৰে মাছ ধৰা হৈছিল৷ ডাঙৰ-ডাঙৰ মাছ৷ ব্যৱস্থাটো হৈছে খুটি-বৰশী৷
কিছুমান সৰু সৰু বাঁহৰ খুটিত একোটাকৈ ডাঙৰ ডাঙৰ বৰশী অতি মজবুত অথচ সৰু (পানীৰ তলত
সহজে চকুত নপৰা) ৰচীৰে বান্ধি তাত সৰু সৰু
মাছ টোপ হিচাবে লগাই খুটিবোৰ পানীৰ মাজত শাৰী শাৰীকৈ পুতি ৰখা হৈছিল ৰাতি৷ ৰাতিপুৱাতে
গৈ সেই বৰশীবোৰ এটা এটাকৈ পৰীক্ষা কৰি তাত লাগি থকা ডাঙৰ ডাঙৰ মাছবোৰ বৰশীৰ পৰা এৰুৱাই
অনা হৈছিল৷
এদিন ৰাতিপুৱা তেনেদৰে প্ৰায় সাতটামান ডাঙৰ ডাঙৰ বৰালি মাছ ধৰি আনি পাকঘৰৰ
বাৰান্দাত থোৱা হ’লহি৷ মাছবোৰ তেতিয়াও জীৱন্ত অৱস্থাত আছিল৷ আটাইকেইটাই মুখ মেলি মেলি
উশাহ লৈ আছিল৷ আমি মাছবোৰৰ কাষত অতি উত্সাহেৰে গোট খাই আনন্দ কৰি আছিলো৷ হঠাতে মনত
কি ভাব আহিল নাজানো৷ সকলোতকৈ ডাঙৰ বৰালি মাছটোৰ প্ৰকাণ্ড মেলা মুখখনেৰে মোৰ তৰ্জনী
আঙুলিটো ভৰাই দিলো৷ লগে লগে মাছটোৱে মোৰ আঙুলিটো জোৰেৰে কামুৰি ধৰিলে৷ মাছটোৰ কাঁইটীয়া
দাঁতবোৰৰ আঘাতত মোৰ কুমলীয়া আঙুলিটো ক্ষত-বিক্ষত হোৱাৰ উপক্ৰম হ’ল৷ যন্ত্ৰণাত মই চিঞৰিবলৈ ধৰিলো৷ মোৰ চিঞৰ শুনি ঘৰৰ
কাম কৰা মানুহজন দৌৰি আহিল আৰু চকুৰ পলকতে ডাঙৰ দা এখন লৈ একে ঘাপে মাছটোৰ ডিঙি কাটি
পেলালে৷ মোৰ আঙুলিটোও ৰক্ষা পৰিল৷
দেউতাই আঙুলিটো ভালদৰে ধুই-পখালি কিবা মলম লগাই দিলে৷ মাছৰ কামোৰৰ দাগ কিন্তু
বহুদিনলৈকে থাকি গ’ল৷
তৰ্জনী আঙুলিটো দেখিলে এতিয়াও বৰালি মাছৰ কথা মনত পৰে৷
লিখনিটো পঢ়ি ভাল লাগিল। লিখি থাকিব বুলি আশা ৰাখিলোঁ।
ReplyDelete