প্ৰথম খেলিলো
হকী, একো নাথাকিল বাকী..
(বন্ধু স্বৰ্গীয় অনুপম দাসলৈ ক্ষমা প্ৰাৰ্থনাৰে)
(বন্ধু স্বৰ্গীয় অনুপম দাসলৈ ক্ষমা প্ৰাৰ্থনাৰে)
১৯৭৯ চন৷ অসম
অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ তেতিয়া (সেই সময়ত প্ৰথম বাৰ্ষিক
নাছিল)৷ কলেজ সপ্তাহৰ আগে আগে বিভিন্ন প্ৰতিযোগিতাসমূহ আৰম্ভ হ’ব ধৰিছে৷ মোৰ হোষ্টেল,
৬ নং ছাত্ৰাবাসত থকা চোমা, ৰেমা, নিকি আৰু ফানা ভাল হকী খেলুৱৈ৷ জীৱনত প্ৰথম হকী খেল
দেখিছো৷ তেওঁলোকৰ পৰা হকীৰ নিয়মবোৰ শিকি লৈ হোষ্টেলতে আবেলি মাজে মাজে খেলিবলৈ লৈছো৷
একো কৰিব নোৱাৰিলেও ভাল বেগেৰে দৌৰিব পাৰো তেতিয়া৷
সেই সময়ত কলেজত
আন্ত: শ্ৰেণী, আন্তঃ ছাত্ৰাবাস আৰু আন্তঃ বিভাগ হকী প্ৰতিযোগিতা হয়৷ আমাৰ দ্বিতীয় বাৰ্ষিকৰ
প্ৰথমখন খেল পৰিল আগৰ বছৰৰ চেম্পিয়নদলটোৰ লগত৷ তেতিয়া তেওঁলোক চতুৰ্থ বাৰ্ষিক৷ তেওঁলোকৰ
গ’লকীপাৰ ৰবীন বসুমতাৰী কলেজদলৰো গলকীপাৰ৷ ফানাও সেই দলত৷ অতি শক্তিশালী দল৷ আমি মিজো
বন্ধুকেইজনৰ লগ লৈ দল এটা বনালো৷ কোনোমতে এঘাৰজন হ’ল৷
ডিমাপুৰৰ অনুপম দাসে ক’লে,
: ময়ো খেলিম৷
মই গ’লকীপাৰ খেলো৷
সেইমতে অনুপম
দাসক গ’লকীপাৰ হিচাবে লৈ আমি দল গঠন কৰিলো৷
খেল আৰম্ভ হ’ল৷
আমি থিতাপি লোৱাৰ আগতেই বিপক্ষই দিলে এটা গ’ল৷ তাৰপাছত অলপ সময় যুঁজ দিলো৷ কিন্তু কোনোমতেই
দাদাসকলক বাধা দিব নোৱাৰিলো ৷ আকৌ এটা গ’ল হ’ল অতি অনায়াসে৷ আমাৰ পৰাজয় সুনিশ্চিত যেন
লাগিল৷ তথাপি হাৰ নামানি খেলি থাকিলো৷ হাফ টাইম হ’বলৈ পাঁচ মিনিটমান আছে৷ আমাৰ “ডি”ৰ
ভিতৰত বল৷ সকলোৱে মিলি বিপক্ষক বাধা দিয়াৰ চেষ্টা চলাই আছো৷ তেনেতে বিপক্ষ দলে আমাৰ
গললৈ ল’লে চট ৷ আমাৰ গ’লকীপাৰ অনুপম দাসে ফুটবলৰ গ’লকীপাৰে ব’ল ধৰাৰ নিচিনাকৈ মাটিত
বাগৰি পৰি বলটো সাৱটি ধৰিলে৷ লগে-লগে ৰেফাৰীৰ হুইচেল৷ পেনাল্টী স্ট্ৰ’ক৷ আৰু এটা গ’ল
খালো৷ স্ক’ৰ হ’ল ৩-০….
হাফ টাইম হ’ল৷
ইমানপৰে খেল চাই থকা, আমাৰ লগত একেলগে পঢ়া নৱকোৱঁৰ আৰু কমল দাস (দুয়ো সেই সময়ৰ বিখ্যাত
ৰঞ্জী খেলুৱৈ, কমল দাস এতিয়াও ভালদৰেই ক্ৰিকেটৰ সৈতে জড়িত) আমাৰ ওচৰ চাপি আহিল৷
নৱ
কোৱঁৰে মোক দুষাৰমান গালি শুনাই ক’লে,
: এইটো কি টীম
বনাইছ? আমাক নক’লি কিয়? ভাল টীম বনাই দিলোহেতেন
নহয়..
: কোনে খেলে নাজানো
নহয়৷ যিয়ে আগবাঢ়ি আহিছে তাকে লৈ টীম বনালো আৰু
ময়ো উত্তৰ দিলো৷
: সেইটো কি গ’লকীপাৰ?
ক’ত পালি তাক? তাক নমাই দে৷ মই গ’লকীপাৰ হ’ম৷
কমল দাসে ক’লে৷
: ময়ো খেলিম,
হাফত নহলে বেকত৷
নৱ কোৱঁৰে ক’লে৷
তিনি গ’ল খাই
আছো৷ হাৰিম যে খাটাং৷ গতিকে লগৰীয়াৰ আৰু গালি খোৱাতকৈ কথাবোৰ মানি লোৱাই ভাল বুলিলো৷
অনুপমৰ পৰা পেড,
গ্লাবচ আদি খুলি লৈ কমল দাসে পিন্ধি ল’লে গ’লকীপাৰ হ’বলৈ৷ নব কোৱঁৰকো দলত লৈ ল’লো৷
খেল আৰম্ভ হ’ল৷
কমল দাস অতিশয় প্ৰতিভাশালী৷ যিকোনো খেলত পাকৈত৷ বেডমিন্টন, ফুটবল আদিও ভীষণ ভাল খেলে
ক্ৰিকেটৰ ওপৰিও৷ কিন্তু হকী ইমান ভাল খেলে বুলি কল্পনাই কৰা নাছিলো৷ গ’লকীপাৰ হিচাবে
কমল দাসে আৰু এটাও গ’ল নোখোৱাটো সুনিশ্চিত কৰি পেলালে৷ কেবাটাও বিপদৰ পৰা আমাক ৰক্ষা
কৰিলে৷ আমাৰো সাহস বাঢ়িল৷
বিপক্ষই আমাক
হয়তো অলপ অৱজ্ঞাৰ ভাবেৰে লব ধৰিছিল৷ এবাৰ বলটো লৈ ৰাইট আউটত খেলা ৰবীন দাসে দৌৰ দিলে
বিপক্ষৰ গ’লৰ পিনে৷ মইও লেফ্ট আউটত সমানে সমানে দৌৰি থাকিলো আনটো ফালেৰে৷ ৰবীনে তীব্ৰ বেগে মাৰি দিলে বলটো বিপক্ষৰ গ’ললৈ৷ গ’লকীপাৰ ৰবীন বসুমতাৰীয়ে ভৰিৰে ৰখালে
যদিও ভালদৰে ক্লিয়াৰ কৰিব নোৱাৰিলে৷ ইতিমধ্যে বাওঁ দিশৰ পৰা মইও আহি পালো৷ মোৰ সম্মুখতে পৰিল বলটো৷ লাহেকৈ বলটো
ঠেলি দিলো৷ বিশ্বাসেই নহ’ল৷ ৰেফাৰীয়ে হুইচেল মাৰিলে৷ গ’ল…. দলৰ হৈ প্ৰথম গ’লটো কৰাৰ সৌভাগ্য মোৰেই হ’ল৷
খেল আৰম্ভ হ’ল৷
আমি দুগূণ উৎসাহেৰে খেলিবলৈ ধৰিলো৷ নব কোঁৱৰক পাৰ কৰি বিপক্ষ দলে বল নিব নোৱাৰা যেনেই
হ’ল৷ ইমান পৰে প্ৰতিৰক্ষাত মন দি থাকিব লগা হোৱা চোমাই সকাহ পাই আক্ৰমণত মন দিব পাৰিলে
আৰু অলপ পাছতে পৰিশোধ কৰিলে আন এটা গ’ল৷ স্ক’ৰ হ’ল ৩-২….
আমাৰ উংসাহ বাঢ়ি
গ’ল৷ খেলি থাকিলো মৰণপণ কৰি৷ ইতিমধ্যে দাদাহঁত ভাগৰি পৰিছে আমাৰ লগত দৌৰি দৌৰি৷ কিছু
সময় পাছত আমি কৰিলো তৃতীয়টো গ’ল৷
আমাক আৰু কোনে
পায়৷ নতুন শক্তি পালো সকলোৱে৷ ইতিমধ্যে পোহৰ কমি আহিব ধৰিছে৷ খেল শেষ হ’বলৈও বেছি সময়
নাই৷ বিপক্ষ দলৰ উপৰ্যুপৰি আক্ৰমণ প্ৰতিহত হৈ থাকিল আৰু কোনোবা এটা পাকত খুব সম্ভৱ
নব কোঁৱৰ বল লৈ সোমাই পৰিল বিপক্ষৰ “ডি”ৰ মাজত৷ দুয়ো দলৰ মাজত তুমল উত্তেজনা ৷ তাৰপাছত
কেনেদৰে কোনে গ’ল কৰিলে মনত নাই৷ আৰু ক্ষন্তেক পাছতেই ৰেফাৰীয়ে দীঘলীয়া হুইচেল মাৰি
খেলৰ সমাপ্তি ঘোষণা কৰিলে৷
আমি আনন্দত আত্মহাৰা৷ এনে লাগিল যেন অলিম্পিকৰ গ’ল্ড মেডেলহে
পালো৷
ফাইনেলতো আমিয়েই
বিজয়ী হ’লো৷
প্ৰথম গ’ল পৰিশোধ
কৰা বাবেই বোধহয় মোক হোষ্টেলৰ দলতো স্থান দিয়া হ’ল৷ ইলেক্ট্ৰিকেল ব্ৰান্সৰ দলতো স্থান
পালো৷ আৰু তিনিওটা দলেই হ’লগৈ চেম্পিয়ন৷
মই অৱশ্যে আৰু এটাও গ’ল কৰিব নোৱাৰিলেও জীৱনত
প্ৰথম আৰু শেষ বাৰৰ বাবে “ত্ৰিপল ক্ৰাউন” লাভ কৰাৰ সোৱাদ পালো৷
তাকেই আজিও আস্বাদন
কৰি ভাল লাগে৷
Wow, what a coincidence! Far away in Dhanbad (ISM), I was also pushed into the field by our class (1st yr). I argued that I had never played hockey in my life, but classmates thought that my large frame would cover half the goal post.
ReplyDeleteAnd we were also pitched against the previous years' champion--the 2nd yr class. Within a minute their striker sent to me a fast shot, flying straight to my forehead.
I didn't or couldn't do anything... but a perfect example of "reflex" action soon got enacted.
I raised my hockey stick up in the air, in a manner to protect my head, and lo and behold! the ball hit the stick, and off went the ball at an angle and far away....
My classmates, cheering from behind the goal bar, came rushing and sooner I found myself airborne, on their shoulders, along with a lovely compliment:
"Abey, tum to bhaoot pakki khiladi ho? Fir jhut kyun bola tha?"
The ending was even better. We came to know it was a tradition to take both teams to the campus cafe for refreshments. With double boiled eggs and Necafe instant coffee, I got the real taste of hockey in my life...
Guess what! For the next four yrs I was "appointed" the goal keeper by default (:-)