মোৰ প্ৰথম আকাশী যাত্ৰা..
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা সময়ত এদিন নগা বন্ধু এজনে কথা-প্ৰসঙ্গত সুধিছিল,
" এজন মানুহ আগতে উৰা-জাহাজত উঠিছেনে নাই সেইটো কেনেকৈ গম পাব পাৰি জানানে?"
মই নাজানো বুলি উত্তৰ দিলো৷
তেতিয়ালৈকে উৰাজাহাজ ওচৰৰ পৰা দেখাৰ সৌভাগ্যই হোৱা নাছিল৷ উঠাৰ কথাতো বাদেই৷ যাত্ৰা বুলি ক'লে সৰুতে দেউতাৰ লগত গাড়ীত উঠি তিতাবৰ, গোলাঘাট, যোৰহাট, গুৱাহাটী, শ্বিলং আদি ঠাই ফুৰিছিলো আৰু দেউতা ঢুকুৱাৰ পাছত বাছেৰে কেৱল বৰপেটা, বৰপেটাৰোড , গুৱাহাটী আদি ৷ উৰাজাহাজত উঠি পোৱা লোকক বিশেষ ধৰণৰ লোক যেন জ্ঞান কৰিছিলো৷ আমাৰ সহপাঠী নগা, মিজো আদি ছাত্ৰবোৰৰ সৰহ সংখ্যকেই কেতিয়াবা নহয় কেতিয়াবা উৰাজাহাজত উঠিব লগা হৈছিল বিভিন্ন কাৰণত৷ গতিকে সেইবিষয়ে তেওঁলোকৰ পৰাই জানিবলগীয়া কথাবোৰ জানিব পৰা গৈছিল৷
মই নাজানো বুলি কোৱাত নগা ছাত্ৰজনে অতি বিজ্ঞৰ দৰে ক'বলৈ ধৰিলে,
: কোনোবা এজন মানুহে খুব ভাল সাজ-পোছাক পিন্ধি, বিৰাট স্মাৰ্ট দেখুৱাই উৰাজাহাজত আগতে কেতিয়াও নুঠা কথাটো যিমানেই লুকুৱাবলৈ চেষ্টা নকৰক কিয়, তেওঁ ধৰা পৰি যাবই... চীটবেল্ট বান্ধিবৰ সময়ত৷ কাৰণ আগতে উৰাজাহাজত নুঠা মানুহজনে চীটবেল্টডাল বান্ধিব নাজানিব..৷"
মই আগ্ৰহেৰে সুধিলো,
: চীটবেল্টনো কেনেকৈ বান্ধে?
নগা বন্ধুজনে সুন্দৰ ভাবে বুজাই দিলে চীটবেল্ট কেনেকৈ বান্ধে৷
সেইসময়ত স্কুটাৰ, মটৰ চাইকেল আদিও অতি কম আছিল, হেলমেট আদিও দেখা নাছিলো বুলিয়েই ক'ব পাৰি৷
বন্ধুজনৰ পৰা চীটবেল্ট বন্ধাৰ প্ৰক্ৰিয়াটো জানি লোৱাৰ পাছত মনতে ভাবিলো, অন্ততঃ মই প্ৰথমবাৰ উৰাজাহাজত উঠোঁতে আনে গম নাপাব মোৰ সেইটো প্ৰথমবাৰ বুলি৷উৰাজাহাজত উঠাৰ সুবিধাহে নাপালো প্ৰায় তিনিবছৰ মানলৈকে৷
১৯৮৫ চনত, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰবক্তা হিচাবে যোগদান কৰাৰ কেইমাহমান পাছতে নগা বন্ধু এজনৰ লগত ফুৰিবলৈ ওলালোঁ মোককচাঙলৈ৷ তাত এদিন থাকি কোহিমা পালোঁগৈ৷ কোহিমাত দুদিন থাকি বাছেৰে ইম্ফল পালোঁগৈ৷ তাতে মালায়ালী বন্ধু এজন লগ পালোঁ৷ তেখেতে কলিকতালৈ যাবলৈ লগ ধৰিলে৷ পূজাৰ বন্ধৰ সময়ৰ কথা৷ হাততো যথেষ্ট ধন আছিল, একেলগে কেবামাহৰো দৰমহা পাইছিলো বাবে৷ আগতে কলিকতা দেখা নাই৷ গতিকে সেই সুযোগতে কলিকতালৈ এপাক মাৰি অহা বেয়া নহ'ব বুলি ভাবি কলিকতালৈ উৰাজাহাজৰ টিকট এটা কিনি ল'লো৷
ইম্ফলৰ পৰা কলিকতা৷ ইণ্ডিয়ান এয়াৰ লাইন্সৰ উৰাজাহাজ এখন চলিছিল তেতিয়া৷
অৱশেষত সেই নিৰ্দ্দিষ্ট দিনত , মালায়ালী বন্ধুজনৰ সৈতে ইম্ফল এয়াৰপোৰ্ট পালোঁগৈ৷ তেওঁ কোনো এজন ডাঙৰ মানুহ লগ পাই একেলগে বহিলগৈ৷ মই পৰিলো অলপ পিছৰ পিনে৷ কাষৰ চীটত সৰু ছোৱালী এজনী৷ বয়স সাত-আঁঠবছৰমান হ'ব৷ ছোৱালীজনীৰ সিফালে, খিৰিকিৰ কাষৰ চীটটোত মাইকীমানুহ এগৰাকী৷ বোধকৰো ছোৱালীজনীৰ মাক৷
চীটত বহি লৈ অতি অনায়াসে চীটবেল্টডাল বান্ধি ল'লো এনে এক ভংগিমাৰে যেন উৰাজাহাজত উঠি ফুৰাটো মোৰ বাবে অতি সাধাৰণ কথা৷
উৰাজাহাজে লাহে-লাহে গতি ল'লে৷ তাৰপাছত হঠাতে প্ৰচণ্ড বেগ৷ মূৰটো ছিঙি পৰিব যেন লাগিল৷ বেগ বাঢ়ি গৈ থাকিল৷ মইও যিমান পাৰো স্বাভাৱিক হোৱাৰ অভিনয় কৰি থাকিলো, কিন্তু মনে-মনে ঈশ্বৰৰ নাম লৈ থাকিলোঁ৷ বোলো, আজিহে আজি৷
এটা সময়ত উৰাজাহাজখন আকাশত হেলাৰঙে উৰিবলৈ ধৰিলে৷ মইও স্বস্তিৰ নিশ্বাস এটা পেলালোঁ৷
কিন্তু তেনেতে এটা চিন্তাই মোক আমনি কৰিবলৈ ধৰিলে৷
চীটবেল্টডাল বাৰু বান্ধিলো ৷ কিন্তু খুলিম কেনেকৈ? কেনেদৰে খুলিব লাগে সেইকথাটো মইতো শিকি নাহিলো৷ গতিকে নামিবৰ সময়তচোন ধৰা পৰি যাম মই প্ৰথম উৰাজাহাজত উঠিছো বুলি৷ তেতিয়াহে বৰ লাজৰ কথা হ'ব৷
মই চীট বেল্টডাল হাতেৰে পিটিকা-পিটিকি কৰিবলৈ ধৰিলো৷ ইফালে টিপি দিওঁ, নোখোলে, সিফালে টানি দিওঁ নোখোলে৷ তাৰপাছত চীট বেল্টডাল এনেদৰে নিৰীক্ষণ কৰিবলৈ ধৰিলে যেন কোন কোম্পানীয়ে কি পদাৰ্থৰে নিৰ্মাণ কৰিছে সেইটোহে পৰীক্ষা কৰিছো এজন এক্সপাৰ্ট ইঞ্জিনিয়াৰ হিচাবে৷
তেনেদৰে চাইও একো চুইচ আদি চকুত নপৰিল বেল্টডাল খুলিবলৈ৷ মুঠতে আজি মোৰ লাজ-মান যাব আৰু বুলি নিশ্চিত হৈ বহি থাকিলো৷
ইম্ফলৰ পৰা উৰাজাহাজখন শিলচৰত নামে৷ কাষত বহা মহিলা আৰু ছোৱালীজনী যদি শিলচৰতে নামে তেনেহলে মোৰ হাতত সময় আৰু দহ-পোন্ধৰ মিনিটমানহে আছে বুলি বুজিলো৷ খিৰিকিৰে বাহিৰলৈ চাবলৈ ধৰিলো শিলচৰ পাবৰ হ'লনেকি বুলি৷
তেনেতে চকু গ'ল মোৰ কাষত বহা সৰু ছোৱালীজনীলৈ৷ তাই চীটবেল্টডাল এবাৰ খোলে, আকৌ বান্ধে, আকৌ খোলে৷ মই দেখিও নেদেখাৰ ভাও ধৰি তাইৰ পিনে অলপ সময় চাই থাকিলো৷ খোলাৰ কিটিপটো সহজে অনুমান কৰি ল'লো৷ তাৰপাছত মোৰ বেল্টডালৰ জোৰাটোৰ তলপিনৰ ধাতুৰ প্লেটচটা লাহেকৈ টানি দি চালো৷ লগে-লগে খোল খাই গ'ল মোৰো বেল্ট৷
মোক আৰু কোনে পায়৷
শিলচৰত কাষত বহা ছোৱালীজনী মাকৰ সৈতে নামি গ'ল৷
তাৰপাছত কোন আহি বহিল মনত নাই৷
মইও মনৰ আনন্দত খিৰিকিৰে বাহিৰলৈ চাবলৈ ধৰিলো ৷
উপভোগ কৰিবলৈ ধৰিলো মাৰ যাব ধৰা বেলিৰ হেঙুলি আভাৰে বোলোৱা আকাশৰ সৌন্দৰ্য৷
(উৰাজাহাজখন উৰাৰ আগতে আজিকালিৰ দৰে সেইদিনা এয়াৰ হোষ্টেচে চীটবেল্ট মৰা আৰু খোলাৰ কিটিপ প্ৰদৰ্শন কৰি দিয়া নাছিল নেকি বাৰু? কথাটো মনত পৰা নাই)