সৰুপানী, বৰপানী,
কি যে হায়ৰাণি..
সৰু সৰু কথা৷
মনহে কোনেও নকৰে ৷ ভুগিবলগীয়া হ’লেহে গম পোৱা যায় সৰু কথাও কিমান ডাঙৰ কথা হ’ব পাৰে৷
বিশেষ কামত ওলাইছিলো
গুজৰাটৰ জামনগৰৰ পিনে৷ অংক্লেশ্বৰৰ বন্ধু এজনে বহুদিনৰ পৰা মাতি আছিল বাবে প্ৰচণ্ড
গৰমকো নেওচি জামনগৰৰ পৰা তেখেতৰ ঘৰ পালোঁগৈ৷ তাৰপৰা মোৰ থকা ঠাই ৰাজস্থানৰ আবুৰোডলৈ
আহোঁতে বৰোদা নগৰখন বাটতে পৰে৷ বৰোদাখনো অলপ চাই যোৱা ভাল হ’ব বুলি ভাবি তাতে থকা গুজৰাটী
বন্ধু এজনলৈ ফোন কৰিলো৷ তেখেতে দিনটোৰ বাবে সময় হাতত লৈ আহিবলৈ ক’লে যদিও গৰমৰ বাবে
বাহিৰ ওলাবলৈ সাহস নকৰি আবেলি চাৰিমান বজাতহে অংক্লেশ্বৰৰ পৰা বৰোদালৈ বুলি চৰকাৰী
বাছ এখনত বহি পৰিলো৷ বৰোদা পাওঁতে প্ৰায় ছয় বাজিল৷ কালা ঘোৰা নামৰ ঠাই এখনতে বাছৰ পৰা
নামি বন্ধুজনক ফোন কৰিলো৷ তেখেত আহে মানে ওচৰতে থকা বিখ্যাত উদ্যানখনতে সোমাই পৰিলো৷
প্ৰায় আধা ঘন্টামান লোকে লোকাৰণ্য উদ্যানখনৰ মাজত পায়চাৰি কৰি ফুৰাৰ পাছত বন্ধুজন আহি
পালে৷
তেখেতৰ স্কুটাৰৰ
পিছপিনে বহি পৰিলো লগত থকা সৰু বেগটো পিঠিত লৈ৷ কম সময়ৰ ভিতৰতে নগৰখনৰ ভিতৰত অলপ পাক
মাৰি , সৰু ৰেষ্টোঁৰা এখনত লঘু আহাৰ অলপ কৰি, তেখেতক বিদায় দি, আবুৰোডলৈ বাছ ধৰিবলৈ
বুলি অমিত নগৰ নামৰ ঠাইখন পালোঁগৈ প্ৰায় আঠমান বজাত৷ বাছৰ সময় দিয়া আছিল নিশা দহ বাজি
পোন্ধৰ মিনিট বুলি৷ কাউন্টাৰতে বহি সময়খিনি পাৰ কৰিবলৈ সাজু হৈ ল’লো মানসিক ভাবে৷ কাউন্টাৰৰ
সম্মুখৰ বাৰান্দাত থকা চকী দুখনৰ এখনত বহি পৰিলো৷ ইফালে গৰমত ঘামি-জামি জুৰুলা-জুপুৰা
হৈ পৰিছো৷ ওচৰতে থকা দোকান এখনৰ পৰা পানী এবটল আনি প্ৰায় শেষেই কৰি পেলালোঁ একেকোবে৷
লাহে-লাহে সেই
বিশেষ চিন্তাটোৱে আমনি কৰিবলৈ ধৰিলে, পানী বেছিকৈ খালে যিটো চিন্তা হয়তো সকলোৰে হয়৷
অংক্লেশ্বৰৰ পৰা আহোঁতে বাটতে চাহ খাবলৈ বাছখন এঠাইত ৰৈছিল, আবেলি পাঁচমান বজাত৷ সেই
কামফেৰা তেতিয়াই কৰা হৈছিল৷ তিনিঘন্টাৰো বেছি সময় হৈ গ’ল ৷ আকৌ সেই কামফেৰাৰ কথা মনলৈ
আহিলেই যেনে-তেনে য’তে-ত’তে কামফেৰা সমাধা কৰাৰ প্ৰবল হাবিয়াস এটাই আমনি কৰে৷ প্ৰথমতে
কাউন্টাৰৰ ভিতৰৰ পিনে চালো দূৰৰ পৰাই৷ ভিতৰত কিজানিবা যাত্ৰীসকলৰ সুবিধাৰ বাবে কিবা
ব্যৱস্থা আছেই৷ নাই, একো চকুত নপৰিল৷ তাৰপাছত বাহিৰৰ চাৰিওপিনে তীক্ষ্ণভাবে পৰ্যবেক্ষণ
কৰিলো৷ কিন্তু কোনো ধৰণৰ সুবিধা চকুত নপৰিল৷ এইবাৰ অলপ দূৰলৈ গৈ সুবিধাজনক ঠাইৰ অনুসন্ধান
কৰিবলৈ বুলি খোজ ল’লো৷ কিন্তু সকলোপিনে কেৱল মানুহ আৰু মানুহ৷ সকলোৱে যেন ফুটপাথত বহি
পহৰাহে দি আছে কোনেও যাতে সেই কামফেৰা কৰিব নোৱাৰে সৰু জোপোহা, ৰৈ থকা বাছ, গাড়ী বা
আন্ধাৰৰ সুযোগ লৈ, এনে অনুভৱ হ’ল৷ সোঁফালে প্ৰায় পঞ্চাশমিটাৰমান আগবাঢ়ি গ’লো আৰু বিফল
মনোৰথে উভতি আহি বিপৰীত দিশে গ’লো৷ কিন্তু একো লাভ নহ’ল৷ হতাশমনে উভতি আহি আকৌ আগৰ
ঠাইত বহি পৰিলো৷
গুজৰাটৰ মানুহবোৰে
সেই কামফেৰা বাৰু নকৰে নেকি? একেলগে প্ৰায় দহটামান বাছৰ কাউন্টাৰ আছে মই বহি থকা ঠাইখিনিত৷
প্ৰায় প্ৰতি দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে কিবা নহয় কিবা এখন বাছ গৈয়েই আছে৷ প্ৰায় বিশ-ত্ৰিশজনমান
মানুহ অনবৰতে অপেক্ষাৰত অৱস্থাত থাকেই ঠাইখিনিত৷ কিন্তু যাত্ৰীসকলৰ বাবে ন্যূনতম সুবিধাখিনিৰ
কথাও কোনেও নাভাবেনে? চিন্তা কৰি কৰি বহি থাকিলো৷
দহ বাজিল৷ চাৰে
দহ বাজিল৷ বাছ আহিছে গৈছে; আমাৰখনহে নাহে৷ ইফালে কামফেৰা নকৰাকৈ থাকিব পৰাটো প্ৰায় অসম্ভৱ যেন
হৈ আহিছে৷ বাছখন আহিলে অলপ দূৰ যোৱাৰ পাছত দ্ৰাইভাৰক কৈ সুবিধাজনক ঠাইত ৰখাব পৰা যাব৷
তাৰেই আশাত নিজকে কোনোমতে নিয়ন্ত্ৰণ কৰি ৰাখিছো৷
মোৰ সম্মুখত,
ফুটপাথত থিয় হৈ বাছৰ বাবে অপেক্ষা কৰি আছিল পৰিয়াল এটা, মাক , দেউতাক আৰু প্ৰায় দহ-বাৰবছৰীয়া
ছোৱালী এজনী৷ হঠাতে দেউতাকে মাকক অলপ দূৰলৈ লৈ গ’ল আৰু জীয়েকে দূৰৰ পৰাই চাই থাকিল৷
তাৰপাছত দেউতাক উভতি আহিল আৰু ছোৱালীজনী মাকৰ ওচৰ পালেগৈ৷ দূৰৰ পৰা মাক-জীয়েকক লক্ষ্য
কৰি বুজিলো তেখেতসকলেও মোৰ দৰেই সুবিধাজনক ঠাইৰ অনুসন্ধান কৰিছেগৈ৷ মইও আশাৰে বাট চালো,
তেখেতসকল সফল হ’লে মইও সেইপিনেই আগবাঢ়িম৷
কিন্তু তেখেতসকল
অলপসময় থিয় হৈ থাকি আকৌ উভতি আহিল৷ বিফলতাৰ চিন সুস্পষ্ট মুখ-মণ্ডলত৷ এইবাৰ অলপ খং
উঠি আহিবলৈ ধৰিলে৷ সৰ্বসাধাৰণ মানুহৰ এই অসুবিধাখিনি দূৰ কৰাৰ বাবে কাৰো চিন্তা নাইনে?
কাৰো দায়িত্ব নাইনে? পুৰুষে বাৰু যেনে-তেনে , লাজ-মান কাটি কৰিও কিবা এটা কৰি ল’ব পাৰে;
কিন্তু মহিলাসকলে?
তেনেদৰে আৰু এঘন্টা
পাৰ হৈ গ’ল৷ প্ৰায় চাৰে এঘাৰ বজাত বাছখন আহি পালে৷ স্বস্তিৰ নিশ্বাস পেলাই নিজৰ আসনত
উঠিলোঁগৈ৷
অলপ পাছতে কোনোবাই
দ্ৰাইভাৰক কোৱা কাণত পৰিল,
“বাথৰুম কৰনা
থা, গাড়ী ৰোক দিজিয়েগা…”
বাছৰ বাবে অপেক্ষা
কৰি থকা সকলোবোৰ লোকৰেই মনৰ কথাখিনি সেই মানুহজনে কৈ পেলালে৷ আমি আশাৰে বাট চালো৷ প্ৰায়
আধাঘন্টামান পাছত দ্ৰাইভাৰে অনুগ্ৰহ কৰিলে৷ চৰকাৰী বাছ আস্থান এটাৰ ওচৰত বাছখন ৰাখিলে৷
প্ৰায় সকলো নামি পৰিল বাছৰ পৰা ৷
অলপ পাছত সকলো
উভতি আহিল বাছলৈ৷ কি পৰম শান্তিৰ অভিব্যক্তি প্ৰত্যেকৰে মুখত৷
বাছ চলিবলৈ ধৰিলে৷
আমিও নিদ্ৰাদেৱীৰ কোলাত নিজকে সঁপি দিয়াৰ প্ৰচেষ্টা চলালোঁ৷
No comments:
Post a Comment