সমান অধিকাৰ… কিহৰ বাবে?
ভাৰতৰ ক’ত ক’ত যে চাকৰি কৰা নাই৷ কি কি যে পৰিস্থিতিৰ সম্মুখীন হোৱা নাই !
তেতিয়া মই অকলে অসমৰ বাহিৰত আৰু পৰিয়াল গুৱাহাটীত৷সৰু ল’ৰাটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ওচৰ চাপি অহাত মইও অসমৰ ওচৰ চাপোঁ বুলি পশ্চিমবঙ্গৰ ইঞ্জিনিয়াৰিং কলেজ এখনলৈ আহিলো প্ৰিন্সিপাল হিচাবে৷ হাওড়াৰ পৰা প্ৰায় পঞ্চাশ কিলোমিটাৰ দূৰ৷ মোটামুটি কলিকতা বুলিয়েই ধৰিব পাৰি৷ কলেজখনত পশ্চিমবঙ্গৰ লগতে ঝাৰখণ্ড আৰু বিহাৰৰো ছাত্ৰ-ছাত্ৰী অনেক৷ প্ৰায় দুহেজাৰ ছাত্ৰ-ছাত্ৰী৷ সমস্যাও অনেক৷ মোৰ আগৰ প্ৰিন্সিপালজন হেনো মাত্ৰ তিনিদিন থাকিয়েই বিদায় লৈছিল৷ মই চাকৰিত যোগদান কৰাৰ পাছতহে কথাটো গম পালো৷ এজন ল’ৰাহেনো ফেল কৰিছিল৷ কলেজৰ পৰা ইন্টাৰনেল নম্বৰ বেছিকৈ দিলে ল’ৰাটো ফেল নকৰিলেহেতেন, গতিকে কিয় কম নম্বৰ দিছিল বুলি ছাত্ৰ-ছাত্ৰীৰ প্ৰচণ্ড আন্দোলন হৈছিল৷ কলেজৰ প্ৰায় ৩০০ টামান কম্পিউটাৰ
ভাঙি পেলাইছিল হেনো৷ প্ৰিন্সিপালৰ কোঁঠাটোও হেনো জ্বলাই দিছিল৷ মোক সেই কোঁঠাতে বহিবলৈ দিয়া হ’ল৷ কিমান দিন তিষ্ঠিব পাৰো ঠিক নাই বুলি ঈশ্বৰৰ নাম লৈ মই কাম আৰম্ভ কৰিলো৷
সমস্যাৰ মুখামুখি হ’বলগা হ’ল প্ৰায় তিনিদিন পিছৰ পৰাই৷ আৰম্ভ হ'ল এটাৰ পিছত এটাকৈ লানি নিছিগা ঘটনাক্ৰম৷
ইন্টাৰনেল নম্বৰৰ বাবে পৰীক্ষা আৰম্ভ হ’ব সেইদিনা৷ মই মোৰ কোঁঠাত ভাইচ প্ৰিন্সিপালৰ সৈতে বহি আছো৷ হঠাতে প্ৰচণ্ড হুলস্থূল আৰম্ভ হ’ল৷ লগতে খিৰিকিৰ আয়না ভঙাৰ শব্দ৷ ধুম-ধাম, খিটলিং-খাটলাং৷ কিনো হৈছে বুলি আমি চাবলৈ যাবলৈ ওলালোঁ ৷ পিছে কোঁঠাৰ পৰা বাহিৰ ওলাবলৈ নাপালোৱেই৷ ওপৰ মহলাৰ পৰা হুৰহুৰাই নামি আহিল এজাক ল’ৰা-ছোৱালী৷ ছোৱালীকেইগৰাকীমান আগত৷ আহিয়েই মোক দুৱাৰমুখতে ভেটা দি ধৰিলে৷
“ কি হৈছে?তোমালোক কোন ক্লাচৰ?” মই গহীন ভাবে সুধিলো৷
“ আমি আই. টি. থাৰ্ড চেমেস্টাৰ”, ছোৱালী এজনীয়ে ক’লে৷
“কি হৈছে? কিহৰ ইমান গণ্ডগোল?”
“চাৰ এইখন কলেজত সকলোৰে লগত সমান ব্যৱহাৰ কিয় কৰা হোৱা নাই?” ছোৱালীজনীয়ে যথেষ্ট জোৰেৰে চিঞৰি চিঞৰি ক’লে৷
“কি সমান ব্যৱহাৰ?” মই গহীনভাবেই সুধিলো৷
“চাৰ ফাইনাল ইয়েৰৰ স্টুডেন্ট বিলাকে এখন বেঞ্চত পাঁচজনকৈ বহি পৰীক্ষা দি আছে৷ আমাক কিয় দুটা দুটাকৈ বহুউৱা হৈছে? আমাকো পাঁচটাকে
বহিবলৈ দিব লাগিব৷” ছোৱালীজনীয়ে দাবী কৰি ক’লে৷ বাকী সকলোৱে তাইৰ কথাত হয়ভৰ দিলে৷
মনতে ভাবিলো, কি আজৱ কাণ্ড ! এখন বেঞ্চত পাঁচজনকৈ বহিবলৈ লাগে যাতে
ইটোৱে সিটোৰ পৰা চাই চাই লিখিব পাৰে৷ নকল কৰাৰ বাবে সমান অধিকাৰ লাগে সকলোকে৷
বঙালীত কথাকোৱাত মই তেতিয়াও পাৰ্গত হোৱা নাছিলো বাবে ভাইচ প্ৰিন্সিপালজনেই নিজৰ কলিকতীয়া ষ্টাইলত ভালদৰে গালি বৰ্ষণ কৰিলে ছাত্ৰ-ছাত্ৰীবোৰক৷
“ঠিক আছে, “মই লাহেকৈ ক’লো, “কাইলেৰ পৰা চিনিয়ৰবোৰকো দুজন-দুজনকৈ বহুউৱা হ’ব৷ তেতিয়াতো আপত্তি নাই?”
ঘটনাটো বেছি আগনাবাঢ়িল৷ সিমানতে নিয়ন্ত্ৰণ হ’ল৷ নকল কৰিবলৈ সুযোগ দিব লাগে বুলি কোনো লাজ নকৰি. বৰং দাবী কৰি ক’বলৈ সাহস কৰা সেই
ছাত্ৰ-ছাত্ৰীসকলে কিন্তু আজি চলি থকা বহুতো কথাই উদঙাই দিলে৷
No comments:
Post a Comment