নিশাৰ বীৰ.. উন্নত
শিৰ
১৯৭৬ চন৷ কটন
কলেজৰ প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত নাম ভৰ্তি কৰি ফাৰ্ষ্ট মেছত আবাসী হিচাবে থাকিবলৈ
লৈছো৷ পুৰণি ছাত্ৰ বা দাদা সকলে ৰাতি নিজৰ ৰুমলৈ মাতি নি চা-চিনাকি হৈ থাকে৷ নানা ধৰণৰ
প্ৰশ্ন সোধে৷ ধেমালিও কৰে৷ কেতিয়াবা ভালো লাগে, কেতিয়াবা ভয় লাগে৷ তথাপি কোনো আপত্তি
নকৰাকৈ জ্যেষ্ঠসকলৰ আদেশ শিৰোধাৰ্য কৰি সকলো কৰি গৈ আছিলো৷
নবাগত আদৰণি সভা
হোষ্টেলত বেলেগকৈ হয়৷ সেইদিনা ৰাতিহে হেনো চা-চিনাকি অলপ বেছিকৈ হয়৷ ভাবি ভয় লাগি আছিল৷
অৱশেষত সেই দিনটো
আহি পালে৷ সন্ধিয়া আদৰণি সভা শেষ হ’ল৷ নিমন্ত্ৰিত অতিথি আদি সকলো গ’লগৈ৷ ৰাতি দহমানবজাৰ
পৰা আৰম্ভ হ’ল এক বিশেষ কাৰ্যক্ৰম৷ মেডকেল পৰীক্ষা৷ চা-চিনাকিৰ সেইটো হেনো বিশেষ পৰ্ব৷
আমাক এজন এজনকৈ এটা বিশেষ কোঠালৈ মাতি নিয়া হ’ল৷ ভিতৰত হেনো কিবা মেডিকেল কৰা হয়৷ আমি নিজৰ পাল কেতিয়া পৰে বুলি অপেক্ষা কৰি থাকিলো৷
অৱশেষত মোৰ পাল
পৰিল৷ কোনে মাতিলে মনত নাই৷ লাহেকৈ ভিতৰ সোমাই গ’লো৷ কোঠাটোৰ ভিতৰৰ লাইটটো জলোৱা নাই৷
বাহিৰৰ পৰা লাইটৰ পোহৰত দেখিলো এখন টেবুলৰ কাষত দুজন চিনিয়ৰ৷ এজন প্ৰাকবিশ্ববিদ্যালয়
দ্বিতীয় বাৰ্ষিক আৰু আনজন বি.এ. প্ৰথম বাৰ্ষিকৰ৷
মোক আদেশ দিয়া
হ’ল দিগাম্বৰ হ’বলৈ৷ মই নহওঁ বুলি ক’লো৷ আকৌ জোৰকৈ ক’লে৷ মই মান্তি নহ’লো৷
“টেবুলৰ তলত সোমাই
থাকা৷” এচুকত থকা টেবুল এখনৰ পিনে আঙুলিয়াই এজনে মোক আদেশ দিলে৷ মই টেবুলৰ তলত সোমাবলৈ
আঁঠু কাঢ়ি দেখিলো ইতিমধ্যে আন এজন সোমাই আছে৷ চিনি পালো৷ শিৱসাগৰৰ মৃদুল ৷ তাৰমানে দিগাম্বৰ
হ’বলৈ অস্বীকাৰ কৰিলে মৃদুলেও৷ ভাল লাগিল৷
সৰু টেবুলখনৰ
তলতে কুচিমুচি দুয়ো সোমাই থাকিলো৷
তাৰপাছত কোন কোন আহিল আৰু কি কি হ'ল চাবলৈ নহ'ল৷
কিছুসময় পাৰ হ'ল৷
সোমাই আহিল লক্ষীমপুৰৰ গোকুল৷ লগত চতিয়াৰ ৰূপক৷ চিনিয়ৰ দুজনে আদেশ দিবলৈহে পালে, গোকুলে চিঞৰি চিঞৰি গালি পাৰিবলৈ আৰম্ভ কৰি দিলে ….
সোমাই আহিল লক্ষীমপুৰৰ গোকুল৷ লগত চতিয়াৰ ৰূপক৷ চিনিয়ৰ দুজনে আদেশ দিবলৈহে পালে, গোকুলে চিঞৰি চিঞৰি গালি পাৰিবলৈ আৰম্ভ কৰি দিলে ….
“চিনি পোৱা নাই?
এফালৰ পৰা কাটি থৈ যাম….” আৰু বহুত কিবা কিবি…
হয়তো গালি পাৰিবলৈ সাজু হৈয়েই আহিছিল গোকুল৷
হয়তো গালি পাৰিবলৈ সাজু হৈয়েই আহিছিল গোকুল৷
সাহস পাই ৰূপকেও
ফেৰ পাতি ধৰিলে চিনিয়ৰ দুজনক৷
কথা বিষম দেখি
চিনিয়ৰ দুজনে গোটেই প্ৰক্ৰিয়াটোৰ তাতেই সমাপ্তি ঘটাই আমাক টেবুলৰ তলৰ পৰা ওলাই আহিবলৈ
ক’লে৷ আমি কানি-কাপোৰ জোকাৰি বাহিৰ ওলাই আহিলো৷
সেইসময়ত লক্ষীমপুৰৰ
গোকুল আমাৰ বাবে হৈ পৰিল ৰক্ষাকৰ্তা বীৰ৷
চিনিয়ৰ দুজনকহে
আৰু কেতিয়াও ভাল ভাবে ল’ব নোৱাৰিলো৷
No comments:
Post a Comment