সংঘৰ্ষ আৰু সাফল্যৰ আন নাম: চিলভাষ্টাৰ ষ্টেলোন
চিলভাষ্টাৰ ষ্টেলোন চলচ্চিত্ৰ জগতৰ
এটা চিৰস্মৰণীয় নাম, হিলউদৰ বিখ্যাত তাৰকা৷ তেওঁ একেদিনাই সেই স্থান অজৰ্ন কৰা
নাছিল৷ আচলতে যথেষ্ট দুখ-কষ্ট সহ্য কৰিব লগা হৈছিল তেওঁ জীৱনত৷ তেওঁৰ জীৱনৰ সংঘৰ্ষৰ
কাহিনীয়ে সকলোকে প্ৰেৰণা যোগাব পাৰে৷
এটা সময়ত তেওঁৰ আৰ্থিক অৱস্থা ইমান
শোচনীয় আছিলযে তেওঁ ঘৈণীয়েকৰ অলঙ্কাৰ চুৰ কৰি বিক্ৰি কৰিব লগা হৈছিল৷ অৱস্থা বেয়া
হৈ গৈ থাকিল আৰু এসময়ত তেওঁ হৈ পৰিছিল গৃহহীন৷ নিউইয়ৰ্কৰ বাচ আস্থানতে তেওঁ তিনি
ৰাতি কটাবলগীয়া হৈছিল৷ ঘৰৰ ভাড়া দিবলৈ পইচা নাছিল৷ আহাৰ কিনিবলৈও পইচা নাছিল৷
অৱশেষত তেওঁ নিজৰ অতি মৰমৰ কুকুৰটোকে মদৰ দোকান এখনলৈ অহা অচিনাকী মানুহ এজনৰ ওচৰত
বেচি দিব লগা হৈছিল মাত্ৰ ২৫ ডলাৰত৷ কুকুৰটোক খুৱাবলৈ তেওঁৰ টকা নথকাৰ বাবেই সেই
চৰম পদক্ষেপটো ল’বলগীয়া হৈছিল৷ কুকুৰটো বেচি কান্দি কান্দি তেওঁ আতৰি গৈছিল৷
তাৰ দুসপ্তাহ পাছত তেওঁ মহম্মদ আলি
আৰু চুক ৱেপনাৰৰ মাজত হোৱা বক্সিং খেল এখন চায়৷ সেই খেলখন চাই তেওঁ অনুপ্ৰাণিত হয়
বিখ্যাত চিনেমা ৰকিৰ কাহিনী লিখিবলৈ৷ তেওঁ ২০ ঘন্টা বহি বহি সেই চিনেমাৰ
চিত্ৰনাট্য লিখিলে৷ সেইখন তেওঁ বেচিবলৈ চেষ্টা কৰিলে আৰু চিত্ৰনাট্যখনৰ বাবে ষ্টুডিঅ’
এটাৰ পৰা তেওঁ ১২৫,০০০ টকাৰ অফাৰ পালে৷ কিন্তু তেওঁৰ আছিল মাত্ৰ এটা অনুৰোধ:
চিনেমাখনৰ মূল নায়ক তেওঁ নিজে হ’ব৷ ৰকিৰ চৰিত্ৰ তেওঁ ৰূপায়িত কৰিব৷ কিন্তু ষ্টুডিঅ’টো
মান্তি নহ’ল৷ তেওঁলোকে এজন ভাল প্ৰকৃত ষ্টাৰকহে ৰকি হিচাবে ল’ব বিচাৰিলে৷
তেওঁলোকে ক’লে “ তেওঁ দেখিবলৈ ভাল
নহয়, কথা কোৱাৰ ধৰণটোও থিক নহয়”৷ তেওঁ চিত্ৰনাট্যখন লৈ ওলাই আহিল৷ কেইসপ্তাহমান
পাছত সেই একেটা ষ্টুডিঅ’ই তেওঁক চিত্ৰনাট্যখনৰ বাবে ২৫০,০০০ ডলাৰ দিবলৈ ওলাল৷ তেওঁ
মান্তি নহ’ল৷ তেওঁলোকে ৩৫০,০০০ ডলাৰ আগবঢ়ালে৷ তথাপি তেওঁ অমান্তি হ’ল৷ তেওঁলোকক
তেওঁৰ চিনেমাখন লাগে , তেওঁক নালাগে৷ তেওঁ ক’লে নহব৷ তেওঁ নায়ক হ’বই লাগিব৷
অৱশেষত ষ্টুডিঅ’টোৱে তেওঁক
চিত্ৰনাট্যৰ বাবে ৩৫,০০০ ডলাৰ দিলে আৰু চিনেমাৰ মূল নায়ক হিচাবে তেওঁকেই ল’লে৷ ৰকি
নিৰ্মিত হ’ল আৰু ইতিহাস ৰচনা হ’ল৷ চিনেমাখনে শ্ৰেষ্ঠ চিনেমা, শ্ৰেষ্ঠ পৰিচালক আৰু
শ্ৰেষ্ঠ সম্পাদনাৰ বাবে অস্কাৰ বঁটা লাভ কৰে৷ আনকি তেওঁৰ নাম শ্ৰেষ্ঠ অভিনেতা
বঁটাৰ বাবেও প্ৰস্তাৱিত হৈছিল৷ ৰকি চিনেমাখন আমেৰিকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পঞ্জীত
সৰ্বকালৰ এখন শ্ৰেষ্ঠ চিনেমা হিচাবেও অন্তৰ্ভুক্ত হয়৷
তেওঁ লাভ কৰা ৩৫,০০০ ডলাৰেৰে তেওঁ কৰা
প্ৰথম কামটো আছিল হৃদয়স্পৰ্শী৷ সৰ্বপ্ৰথমে তেওঁ বেচি দিয়া মৰমৰ কুকুৰটো আকৌ
কিনিলে৷ কুকুৰটোৰ বাবে তেওঁ সেই মদৰ দোকানৰ আগত তিনিদিন অপেক্ষা কৰি থাকিল সেই
অচিনাকী মানুহজনৰ বাবে৷ তৃতীয়দিনা সেই মানুহজন কুকুৰটো লগত লৈ তালৈ আহিল৷ ষ্টেলোনে
মানুহজনক বুজাই ক’লে কিয় বাধ্য হৈ তেওঁ কুকুৰটো বেচিব লগা হৈছিল আৰু কুকুৰটো তেওঁ
ওভোটাই কিনি ল’ব বিচাৰে বুলি৷ মানুহজন মান্তি নহ’ল৷ ষ্টেলোনে তেওঁক ১০০ ডলাৰ দিলে৷
মানুহজন মান্তি নহ’ল৷ ৫০০ ডলাৰ যাচিলে তথাপি মান্তি নহ’ল৷ আনকি ১০০০ ডলাৰতো মান্তি
নহ’ল৷ অবিশ্বাস্য হ’লেও সত্য যে ষ্টেলোনে যিটো কুকুৰ মাত্ৰ ২৫ ডলাৰত বেচিছিল সেইটো
ঘুৰাই পাবলৈ ১৫,০০০ ডলাৰ দিবলগা হ’ল৷ তথাপি তেওঁ কিনিলে, নিজৰ মৰমৰ কুকুৰটো৷
এসময়ৰ ভিকহু সেই চিলভাষ্টাৰ ষ্টেলোন
আজি পৃথিবীবিখ্যাত অভিনেতা, মেগাষ্টাৰ৷
ভিকহু হোৱাটো নিশ্চয় বেয়া কথা৷ হয়তো আপোনাৰ
বহুতো সপোন আছে কিন্তু সেইবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ আপুনি অক্ষম, অতি নিঃকিন৷
আমাৰ বহতৰে এনেকুৱা সপোন থাকে৷
জীৱনটো কঠিন৷ হয়তো সুযোগবোৰ আহিব আৰু
আপোনাৰ কাষেৰে পাৰ হৈ যাব কাৰণ আপুনি এজন অতি সাধাৰণ মানুহ৷ মানুহে হয়তো আপোনাৰ
সৃষ্ট বস্তুটো বিচাৰিব কিন্তু আপোনাক নিবিচাৰে৷ জগতখন বৰ নিষ্ঠুৰ৷ যদি আপুনি ইতিমধ্যেই
বিখ্যাত, ধনী নাইবা প্ৰভাৱশালী লোকৰ সৈতে পৰিচিত নহয় তেনেহলে জগতত আপুনি অধিক কষ্টই
পাব৷
হয়তো আপোনাৰ মুখৰ আগতে দুৱাৰ জপাই
দিব, মানুহে আপোনাৰ যশ চুৰ কৰি নিব আৰু আপোনাৰ আশা চুৰমাৰ কৰি পেলাব৷ হয়তো আপুনি
অহৰহ চেষ্টা চলাই যাব কিন্তু একো নঘটিব৷
হয়তো আপুনি আশাহত হ’ব৷ আপুনি ভিকহুত
পৰিণত হ’ব৷ হয়তো জীৱিকাৰ বাবে অতি সাধাৰণ কাম কৰিবলগীয়া হ’ব৷ হয়তো নিজৰ ভাতমুঠি
যোগাৰ কৰিবলৈও কষ্ট হ’ব৷ আৰু হয়তো ফুটপাথত শুবলগীয়াও হ’ব পাৰে৷ এনেকুৱা ঘটে, ঘটি
থাকে৷
কিন্তু আপোনাৰ সপোন ধ্বংস কৰিবলৈ কাকো
অনুমতি নিদিব৷ লাগিলে যিয়েই নঘটক সপোনটো সযতনে জীয়াই ৰাখক৷ আপোনাৰ আশা নোহোৱা কৰি
পেলালেও সপোন দেখি থাকক৷ আপোনাক বাৰে বাৰে খেদি পঠিয়ালেও সপোন দেখি থাকক৷
সপোন দেখি থাকক৷
আপুনি আচলতে কিমান কি কৰিবলৈ সমৰ্থ
সেইটো আপোনাৰ বাহিৰে কোনেও ভালদৰে নাজানে৷ মানুহে হয়তো আপুনি দেখাত কেনেকুৱা নাইবা
আপোনাৰ কি আছে তাৰ ভিত্তিতেই আপোনাৰ বিষয়ে কিবা এটা মতপোষণ কৰি ল’ব৷ কিন্তু যুঁজি
থাকক৷ যুঁজি থাকক ইতিহাসৰ পাতত আপোনাৰ নিজৰ ঠাই অকণমানৰ বাবে৷ যুঁজি থাকক নিজৰ অকণ
নাম আৰু যশস্যাৰ বাবে৷
কেতিয়াও এৰি নিদিব৷
লাগিলে আপোনাৰ যথাসৰ্বস্ব বেচি দি
কুকুৰৰ লগতে শুবলগীয়া হওঁক৷ তথাপি একো নাই৷ যেতিয়ালৈকে আপুনি জীয়াই আছে আপোনাৰ
কাহিনীৰ অন্ত পৰা নাই৷
যুদ্ধ কৰি যাওক৷ আপোনাৰ সপোন আৰু আশা
জীয়াই ৰাকক৷
মূল : নাম্মাটিভি চেনেল ; অসমীয়া
ৰূপান্তৰ: ডঃ মাখন লাল দাস
No comments:
Post a Comment