কি হ’ল?
অসম অভিযান্ত্ৰিক
মহাবিদ্যালয়ৰ ছয় নং ছাত্ৰাবাসৰ বাসিন্দা আমি তেতিয়া৷ বহুদিনৰ পৰা শুনি আছিলো ১৯৮০ চনত
অসমত খুব ডাঙৰ ভূমিকম্প এটা হ’ব বুলি৷ আমি সেই সময়ত হোষ্টেলত৷ ভূমিকম্প আহিব আহিব বুলি
বাট চাই থাকোঁ৷
আমাতকৈ এবছৰ জুনিয়ৰ
ছাত্ৰ এজন আছিল৷ খুব ভাল ল’ৰা৷ চিধা-চাধা ল’ৰা বুলি অলপ বেছিকৈ ৰেগিঙো খাইছিল চিনিয়ৰৰ
পৰা৷ ৰেগিং মানে তেওঁক লৈ ধেমালিহে কৰিছিল৷ চিনিয়ৰবোৰে তেওঁক লৈ কৰা ধেমালিবোৰ দেখি
আমিও বৰ ৰং পাইছিলো৷ ৰেগিঙৰ সময়ৰে কথা৷ এদিন ৰাতি দুইমান বজাত তেওঁ “ইউৰেক, ইউৰেকা”
বুলি চিঞৰি বাৰান্দাৰে দৌৰি ফুৰিছিল৷ আমি সাৰ পাই দুৱাৰ খুলি ওলাই চাওঁ তেওঁ হাতত কাঁচৰ বটল এটা লৈ অকলে অকলে দৌৰি আছে৷ বটলটোত চাৰ্ফৰ পানী ভৰাই
থোৱা আছে৷ সেইটোকে লৈ দৌৰি আছে ইউৰেকা ইউৰেকা বুলি৷ আমি ধমকি দিলো ৰাতিখন ইমানকৈ চিঞৰি
থকা কাৰণে৷ আমাৰ গালি খাই তেওঁ অলপ থমকি ৰ’ল৷ তাৰ পাছত আমাৰ চিনিয়ৰ দুজনমানে তেওঁক
আকৌ ধমকি দিলে চিঞৰি চিঞৰি দৌৰিবলৈ৷ আকৌ আৰম্ভ হ’ল, “ইউৰেকা, ইউৰেকা,,” আমিও ৰস পালোঁ
তাকে দেখি৷
তেনেদৰে কিছুদিন
পাৰ হৈ গ’ল৷ ল’ৰাজন থাকে প্ৰথম মহলাত৷ আমাৰ লগৰে এজনৰ ৰুমমেট৷ তেতিয়া ছয় নং ছাত্ৰাবাসটো
দুমহলীয়াহে আছিল৷ এদিন ৰাতি হঠাৎ ভূমিকম্প আহিল৷ চাৰিওফালে হুৱাদুৱা লাগিল৷ আমি সকলো
দৌৰি তল পালোঁহি৷ হোষ্টেলৰ আগৰ পথাৰখনতে কিছুসময় গোট খাই থাকিলো৷ ভূমিকম্প মাত্ৰ কেইচেকেণ্ডমানহে
আছিল যদিও প্ৰায় এঘন্টামান সকলোৱে তাতে আড্ডা মাৰি থাকিলো৷ তাৰপাছত লাহে লাহে নিজৰ
নিজৰ ৰুমলৈ গ’ল সকলোৱে৷
মোৰ ৰুমটো পোৱাৰ
আগতে বন্ধুজনৰ ৰুমটো পায়৷ তাতে গৈ সোমালো৷ আমাক দেখি আঠুৱাৰ তলেৰে মূৰটো লাহেকৈ উলিয়াই
সেই ল’ৰাজনে আমালৈ চাই সুধিলে,
“কি হ’ল?”
ইমান চিঞৰ বাখৰ,
জোকাৰণিতো সাৰ নোপোৱা ল’ৰাজনৰ সেই প্ৰশ্নতহে আমি আকৌ অধিক ৰস পাই প্ৰাণখুলি হাঁহিলো৷
ভূমিকম্পৰ ভয়ো
ক’ৰবাত হেৰাল৷
Val lagil parhi
ReplyDelete