বৰপেটাত ছোৱালী
চোৱা..
চনটো মনত নাই৷
বিয়া হোৱা দুবছৰমান হৈছে যদিও তেতিয়া প্ৰায় চফল ডেকা৷ শ্ৰীমতী থাকে বৰপেটাত, মই থাকোঁ
জালুকবাৰীত৷
এদিন জালুকবাৰীৰ ওচৰৰে গাড়ীগাঁৱৰ চিনাকি ডেকা এজনৰ কইনা চাবলৈ যাবলৈ লগ
ধৰিলে৷ কইনাৰ ঘৰ বৰপেটাৰ ওচৰৰ ভৱানীপুৰত৷ গতিকে সেইফালৰ মানুহ বুলি মোকো লগ ধৰিলে৷
তেতিয়া নিজৰ গাড়ী নাছিল৷ আন এজন বন্ধুৰ পুৰণি এম্বেচেডৰ এখন আছিল৷ তেওঁকে অনুৰোধ কৰা
হ’ল৷
যথাসময়ত আমি চাৰিজন
ডেকা এম্বেচেডৰত বহি যাত্ৰা আৰম্ভ কৰিলো ৰাতিপুৱাতে৷ গাড়ী বন্ধুজনে চলাইছিল৷ মই বহিলো
দ্ৰাইভাৰৰ কাষৰ আসনত৷ কইনা চাবলৈ যোৱা কথা৷ লগত মহিলা এগৰাকী হ’লে ভাল বুলি মই ক’লো
বৰপেটাৰ পৰা শ্ৰীমতীক লৈ যোৱা ভাল হ’ব বুলি৷ সেই সুযোগতে মোৰো এবাৰ লগ পোৱা হ’ব৷
কথা মতে কাম৷
গাড়ী আগবাঢ়িল বৰপেটা অভিমুখে৷ লগৰীয়াজনে গাড়ী প্ৰায় ঠিকেই চলাই গৈ থাকিল৷ প্ৰায় তিনি
ঘন্টামান পাছত বৰপেটা চহৰত প্ৰৱেশ কৰিলো আৰু মই বাট দেখুৱাই নিবলৈ ধৰিলো৷ তেতিয়া প্ৰায়
দহমান বাজিছে৷ স্কুল-কলেজ, অফিচলৈ যোৱা মানুহেৰে বাট-পথ উপচি পৰিছে৷ বন্ধুজনে সাবধানে
চলাই গৈ থাকিল৷ পুলিচ থানাৰ আগেৰে গৈ চাৰিআলিটো পাই বাওঁফালে ঘূৰিলো৷ সেইটো বাটত আৰু
অধিক ভীৰ৷ অলপ দূৰ আগবাঢ়ি যোৱাৰ পাছতে চকুত পৰিল বগা ইউনিফৰ্ম পিন্ধা এগৰাকী মহিলা
ট্ৰেফিক কনিষ্টবল৷ বাটৰ কাষে কাষে খোজ কাঢ়ি গৈ আছিল৷
আমাৰ বন্ধুজনে
হৰ্ণ দি কাষেৰে পাৰ হৈ যাব খুজিলে কিন্তু তাকে কৰোঁতে গাড়ীৰ সম্মুখৰ বাওঁফালটো মহিলা
কনিষ্টবল গৰাকীৰ গাত লাহেকৈ ঘঁহনি খালে৷ মই চকু মুদি দিলো৷ লগে লগে মহিলা গৰাকীয়ে ৰুদ্ৰ
মূৰ্ত্তি ধৰি আমাৰ গাড়ীখন আগচি ধৰি তৰ্জন-গৰ্জন কৰিবলৈ ধৰিলে,
“দেখিছেনে? একেবাৰে মোৰ
গাতে গাড়ীখন উঠাই দিলে৷ নামক, নামক, ব’লক, থানালৈ ব’লক৷ …”
গাড়ী চলোৱা বন্ধুজন
আৰু মই গাড়ীৰ পৰা নামিলো৷ বাকী দুজন গাড়ীতে
বহি থাকিল৷ ক্ষন্তেকৰ ভিতৰতে মানুহেৰে ভৰি পৰিল ঠাইখিনি৷ তেনেতে মোৰ শিক্ষক এজন ওচৰ
চাপি আহি মোক চিনি পাই সুধিলে,
“কি হৈছে?”
মই লাহেকৈ কথাটো
ক’লো৷
তেখেতে হাঁহি
মাৰি ক’লে, “ গাড়ীখন থানালৈ
নিনিবি৷ ইয়াতে কিবা এটা কিবা এটা দি দে..৷”
মই একো উত্তৰ
নিদিলো৷ তেনেকুৱা পৰিস্থিতিত আগতে কেতিয়াও পৰা নাছিলো৷ ট্ৰেফিক পুলিচৰ গাতে গাড়ীয়ে
ঘঁহনি মাৰিছে৷ কম ডাঙৰ অপৰাধনে?
গাড়ী চলোৱা বন্ধুজনে
কথাটো বুজি পালে৷ লাহেকৈ হাতখন পকেটত ভৰালে আৰু মহিলা গৰাকীৰ ওচৰ চাপি গ’ল৷ তাৰপাছত
মহিলাগৰাকীৰ হাতত ধৰি লাহেকৈ ক’লে,
“অ’ বাইদেউ, সৰু
ভাই বুলি আমাক মাফ কৰক৷ গুৱাহাটীৰ পৰা আহিছো৷”
বন্ধুজনৰ হাতৰ
পৰশ পাই মহিলাগৰাকীৰ সুৰ নৰম হৈ গ’ল৷ তথাপি অলপ খঙেৰেই সুধিলে,
“লাইচেঞ্চ আছেনে?”
“আছে বাইদেউ আছে৷
গুৱাহাটীত গাড়ী চলাই থাকোঁ৷”
এইবাৰ মহিলাগৰাকীয়ে
আৰু নৰম হৈ সুধিলে,
“গুৱাহাটীৰ পৰা
ইয়াত কি কৰিব আহিছে?”
বন্ধুজনে তপৰাই
উত্তৰ দিলে,
“আমি ছোৱালী চাব
আহিছো৷”
উত্তৰটো শুনি
মহিলাগৰাকীয়ে মুখত বিৰিঙি উঠা মিচিকিয়া হাঁহিটো লুকুৱাবলৈ বৃথা চেষ্টা কৰি লাহেকৈ ক’লে,
“গুৱাহাটীৰ পৰা
ইয়ালৈ ছোৱালী চাব আহিছে? ...যাওক, সাৱধানে চলাব গাড়ী৷”
আমিও গাড়ীত বহি
আকৌ আৰম্ভ কৰিলো যাত্ৰা৷ বৰপেটাৰ বৃন্দাবন হাটী অভিমুখে৷ বুজিলো, আমি ছোৱালী চাবলৈ
অহা বুলি কোৱা মানে তেখেতে বেলেগহে বুজিলে বুলি৷ গাড়ীৰ ভিতৰত চাৰিজন চফল ডেকা দেখি
তেনেদৰে ভবাই স্বাভাৱিক৷
মই বন্ধুজনক সুধিলো,
“কিবা দিলা নেকি?”
“হাতৰ টিপতে দহ
টকা৷” অতি সাবধানে গাড়ী চলোৱা বন্ধুজনে হাঁহি এটা মাৰি উত্তৰ দিলে৷
প্ৰায় দুঘন্টামান
পাছত শ্ৰীমতীক লগত লৈ বৰপেটাৰ পৰা ভৱানীপুৰ অভিমুখে ৰাওনা হ’লো৷ পাঁচআলিৰ চ’কৰ পুলিচ
পইন্টত কৰ্তব্যৰত মহিলা গৰাকীয়ে আমাক চিগনেল দিলে৷ গাড়ীৰ ভিতৰৰ পৰা বন্ধুজনে চিঞৰি
মাত লগালে,
“বাইদেউ যাওঁদেই৷”
No comments:
Post a Comment