পুৱাৰ
সূৰুয…
কোনো এক শীতৰ ৰাতিপুৱা
মূৰত এডালো চুলি নোহোৱা
ইনচাৰ্ট কৰি নোলোৱা
দীঘল হাফচাৰ্ট পিন্ধা
হাতত এখন মোনা লৈ
সাৱধানে বাটৰ দাঁতিয়েদি
খোজকাঢ়ি যোৱা
কোনো এক অচিন আদহীয়া৷
প্ৰতিটো খোজত
বিয়পি পৰিছে এটি সুৰ
চিনাকি চিনাকি,
মানুহ নহয়
যেন এক প্ৰতিনিধি
এটি সমদল
এটা যুগ
এটা সংস্কৃতি
এজাক লোকৰ ভাৰ বৈ যোৱা৷
থৰ লাগি চাইছো তেওঁকেই
ভাবত বিভোৰ হৈ
তেওঁ আগবাঢ়ি আছে
এখোজ-দুখোজকৈ৷
হঠাতে আহিল ক’ৰবাৰ পৰা
এজাক ডেকা ল’ৰা
বায়ুবেগে মটৰ চাইকেল চলাই
ধূলিৰ ধুমুহা বোৱাই
নিমিষতে হৈ গ’ল নেদেখা৷
মুখখন ৰুমালেৰে ঢাকি
মানুহজন ৰ’ল কিছুপৰ
বাটৰ কাষত থিয় দি,
তাৰপাছত আকৌ ল’লে খোজ
সাৱধানে
লাহে-লাহে
এখোজ-দুখোজ
আকাশত তীব্ৰ হৈ আহিছিল
পুৱাৰ সুৰূয৷
=====================
ডঃ মাখন লাল দাস
No comments:
Post a Comment