At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Saturday, 20 October 2012

A true soldier.. people's friend..

It was during some winter. I was in a train to Delhi. The sleeper coach I had been traveling in was over-crowded. There was a large number of armed forces personnel traveling with us. Most of them could not get any confirmed berth and were making themselves comfortable in whatever little space they could manage for themselves in the already crowded compartment. Few of them were around me. I was not used to traveling by train and it was only  my second  journey to Delhi. I did not feel happy to be crowded by them as I had to sacrifice a lot of my personal space.

Initial few hours passed without much interaction with them. A young soldier who was sitting on a steel trunk placed on the floor just beside me broke the ice and started some conversation with me. I was responding to him in short sentences as I was not very good in Hindi. He was from Himachal Pradesh and was going home on annual leave. The journey to Delhi from Guwahati was a long one and it used to take about 36 hours. As time passed, we became friendlier to each other. The day passed off quickly. He, along with many of his fellow soldiers slept on the floor at night.

We crossed Patna early next morning and Delhi was coming closer and closer. I started getting worried since I was alone and did not know anything about the place. The train was expected to reach New Delhi at about eight in the evening. There was always a chance of the train getting late . In that case, my problem would be more, being a total stranger in such a big city. I had no contacts in Delhi. I had been planning to stay in some hotel near to the station. There was always a chance of getting cheated.

As we approached Delhi, I shared my apprehension with him, my soldier friend. At first he started giving me some directions. I frankly told him that I knew nothing about Delhi and I just wanted to check into some hotel which would be safe for me. He told me not to worry.

We reached Delhi almost on time.  I started getting down and my soldier friend also got down with me. I looked at him.

He said , " Come, follow me. I know some hotel and shall take you there."

" But, you may be late and miss your train to your place", I said to him showing genuine concern.

He said, " Don't worry, I have more than half an hour in hand", and started moving fast.

I followed him like an obedient boy. He took me inside the crowded Paharganj area and after about ten minutes stopped before a hotel. He spoke to the person at the reception and only after I was safely put in a good room, he left. I thanked him but he did not even look back and started running back to the station to catch his train.

I even forgot to ask his name.  More than 22 years have passed since then. I do not know where and how he is now. Probably in the course of time he has helped many more persons like me.

God be with him.







তিতাবৰৰ মিঠা কুঁহিয়াৰ...

তিতাবৰ অভ্যসন বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা৷ বোধকৰো  মই প্ৰথম শ্ৰেণীত৷ ইতিমধ্যে স্কুলৰ গাতে লাগি থকা গাওঁবোৰ ভালদৰে চিনিপোৱা হৈছিলো৷ পানীখোৱা ছুটিৰ সময়ত ল'ৰা-ল'ৰিকৈ ঘৰলৈ গৈ নাকে-কাণে ভাত অকণমান গিলি লৈ বেগাই উভটি আহো লগ-সমনীয়াৰ লগত খেলিবলৈ৷ ৰাতুল, ভূৱন, প্ৰতীম, লক্ষ্য, অনিল, তৰুণ আৰু যে কিমানবোৰ বন্ধু৷ কেতিয়াবা ছুটীৰ পাছত ঘৰলৈ নাহি কোনো বন্ধুৰ ঘৰলৈ যাওঁ৷ দৈ-চিৰা-সান্দহ-গুৰ-গাখীৰ হেঁপাহ পলুৱাই খাওঁ৷ ঘৰ পাওঁহি মানে বেলা ভাটি দিয়ে৷ ভয়ে ভয়ে চুচুক-চামাক কৈ ঘৰ সোমাওঁ পিচৰ দুৱাৰেৰে৷ তাঁতীগাওঁ, চিপহা সত্ৰ, কাছজান, কোনো ঠাই বাদ পৰি নাযায়৷

ধান মৰণা মৰাৰ সময়ত, কুঁহিয়াৰ পেৰাৰ সময়ত বা বিশেষ কিবা উৎসৱ-পাৰ্বণৰ সময়ত বন্ধুবোৰৰ পৰা নিমন্ত্ৰণ থাকেই৷ বিশেষকৈ কুঁহিয়াৰ পেৰা সময়ত চাবলৈ যাওঁ৷ এফালে কুঁহিয়াৰ পেৰি থাকে, আনফালে প্ৰকান্ড কেৰাহীত কুঁহিয়াৰৰ ৰস পগাই থাকে৷ কলৰ দনুৱাত লালীগুৰ হেঁপাহ পলুৱাই খাওঁ৷

এদিনৰ কথা৷  পানীখোৱা ছুটীৰ সময়ত সহপাঠী কেইজনমানে লগ ধৰিলে স্কুলৰ ওচৰতে থকা কুঁহিয়াৰ এডৰাৰ পিনে যাবলৈ৷ পূৰঠ কুঁহিয়াৰ৷ মোক খা মোক খা কৰি আছে৷ ভৰ-দুপৰীয়াৰ সময়৷ ওচৰে-পাজৰে কোনো নাই৷ আমি কোনো সাৰ-সুৰ নকৰাকৈ, লাহে লাহে কুঁহিয়াৰ ডৰাৰ ভিতৰলৈ খোজ ল'লো৷ কোনোবা এজনৰ লগত চুৰি-কটাৰী নে দা এখন আছিল৷ এডাল এডালকৈ কুঁহিয়াৰ কাটিবলৈ আৰম্ভ কৰি দিলো আমি৷ যিকোনো বস্তু চুৰ কৰি খোৱাৰ আনন্দই বেলেগ৷ 

হঠাতে কোনোবাই ক'লে, "ঐ, পলা পলা৷ মালিক আহিছে৷" আমাৰ মাজত হুৱা-দুৱা লাগিল৷ হাতত কুঁহিয়াৰ লৈ লৈ আমি পলাবলৈ আৰম্ভ কৰিলো৷ হঠাতে এফালৰ পৰা কুঁহিয়াৰ গছৰ মাজৰ পৰা মহেন্দ্ৰ নামৰ বন্ধু এজন ওলাই আহিল৷ কান্ধত আছিল কুঁহিয়াৰ এডাল৷ মই তলকিবই নোৱাৰিলো, পোনে পোনে আহি মোৰ  গাতে পৰিলহি আৰু কান্ধত থকা কুঁহিয়াৰডালৰ জোঙা গুৰিটো আহি মোৰ চকুত দিলেহি এটা প্ৰচন্ড খোঁচ৷ চকুৰে ধোঁৱা-কুৱা দেখিলো৷ অলপ সময় মূৰটো ঘূৰাই থাকিল৷ ইফালে পলাবও লাগে৷ মোক দুজনমানে চোচোৰাই বগৰাই নিৰাপদ থাইলৈ লৈ আহিল৷ ক্ষন্তেক বাট চাই আমি স্কুলৰ চৌহদত প্ৰবেশ কৰিলো৷ নিমাখিত প্ৰাণীৰ দৰে এজন এজনকৈ শ্ৰেণীকোঠাত প্ৰবেশ কৰিলো৷

মইও নিজৰ ঠাইত বহি পৰিলো আৰু যিমান পাৰো চেষ্টা কৰিলো প্ৰকৃতিস্থ হৈ থাকিবলৈ৷ কিন্তু চকুটো লাহে লাহে ওখহি আহিবলৈ ধৰিলে৷ চকুৰ পৰা ধাৰাসাৰে পানী বৈ আছিল৷ মই চকুদুটা মুদি তলমূৰ কৰি কিছুসময় বহি থাকিলো৷ মোৰ অৱস্থাটো দেখি চাৰ এজনে কি হ'ল বুলি সুধিলে৷ মই সেহাই সেহাই উত্তৰ দি ক'লো, " চাৰ আমি ইস্কেল লৈ খেলি থাকোঁতে কৰোবাৰ ইস্কেল এডাল মোৰ চকুতে লাগিল৷" চাৰজনে মোৰ অৱস্থা গুৰুতৰ যেন দেখি ৰাতুল নে কোনোবা এজনৰ লগত ঘৰলৈ পঠিয়াই দিলে৷

ঘৰলৈ আহিও একেই কাহিনী শুনালো৷ খেলি থাকোঁতে কাৰোবাৰ স্কেল এডাল আহি চকুত লাগিল বুলি৷ দেউতাক অফিচৰ পৰা মাতি পঠিউৱা হ'ল৷ উধাতু খাই দেউতা আহিল৷ আহিয়েই চকুত পেনিচিলিনৰ মলম অলপ লগাই দি আথে-বেথে শুৱাই দিলে৷ তাৰপাছত ডাক্তৰ মাতিবলৈ ওলাই গ'ল৷ ময়ো চুৰ কৰি খোৱা মিঠা কুঁহিয়াৰৰ মিঠা সপোন দেখি দেখি কেতিয়া টোপনি গ'লো গমেই নাপালো৷

মনত পৰিলে এতিয়াও মিঠা মিঠা লাগে মুখখন৷

Friday, 19 October 2012

Festivals.. random thoughts..

People celebrate many religious festivals all over the world. Huge amount of money is spent in the name of such celebrations. How does such celebrations affect the characters of individuals? Does it help to make the people better? Honest? Less corrupt? It is an important issue and very interesting response from people from various backgrounds was received. 

Sri Ashok Kumar Jain frankly commented, " No idea sir..." Biswajit Sutradhar was blunt enough to comment, " I don't think so."

"Great thought, Sir. Faith is glamor", commented Rupam Goswami.

"A relevant query ,  the answer to all these may be NO", thinks Vishwamani Seth.

According to Pradipkumar Chakrabarty, "Celebrations of festivals in massive way is wastage of money,it could be deployed some other activity.Of course celebration of festivals are part of life, we cannot ignore it, what we can do minimize the unnecessary expenses.."
Sanjiv Goswami writes from Australia,  "I think it is useful .. it helps to keep religious fanaticism away .. that is why though we have communal riots (always due to political reasons), we do not have the sort of fanaticism that is seen in many countries (of all religions) .."
"I don't think so that festival inspires to be honest or less corrupt ,its just done traditionally with minimal moral impact.Today its just show off and spending money lavishly whether he earns or not", opined Shreekumar Gudhiyari Menon from Raipur.
Purushottom Bajpai of Mumbai was frank enough to write, "I think, festivals are now, only formalities... and a source of get together , and also many time a competition of expressing the superiority either by showing money power or by showing art power(music, decoration or arrangements and comforts)...people are coming with big Bhog to distribute the visitors, and the visitors... specifically go to those pandals , where more and more ppl r there with home made Bhog for distribution ... recently I observed in GANESH MANDALS IN MUMBAI."
 
"Festivals has many merits. It cause a family reunion, a break from regular routine, few days of relaxation spent in community activity social events. More important it cause a rotation of large amount of money ,benefiting almost vast section of population", Soumendra Bandopadhyay from Kolkata said.


"Festivals make people joyous.it makes man festive.i never go into the question like someone's betterment of character and personality through celebrating fsvls.religious occasions may be considered something different since there remains the question like spiritualism,salvation,ancestors rituals etc.and also there is no question of lessening or increasing corruption excluding black part of donating", was Milan Gogoi's view.

Subhralin Thakuria commented, "These days celebration on any day irrespective of some occasion or auspiciousness, is actually be taken as a show-business." 

Hare Krishna opined, "To corrupt it offers opportunity to be more corrupt; ..they make offerings(=bribe) to even god... for furthering corruption..."
 
"Nah! Piousness has nothing to do with uprightness!" Shankar Tayung commenetd.

"No chance... now a days people follow rituals for ritual sake." Thinks Cheenu Srinivasan.

And Arun Kumar Verma said, "Celebrating festivals necessarily do not make people better , honest or less corrupt. Even hard core criminals before executive any crime do performs religious rituals . For most of the people it may b joyous moments celebrating with family get together, for spiritual peoples they go along with respective gods , faiths can b developed which gives rise in their determination for doing in that respective field and it may depends from person to person - I do not know having much knowledge on this subject."

Majority of the respondents do not think that festivals do not have effect on our moral side. It is just an occasion for celebrations and get together.

Thursday, 18 October 2012

পৰীক্ষা পিছুউৱা উৎসৱ

১৯৭৯ চনৰ কথা৷ তেতিয়া আমি দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ অৰ্থাৎ কলেজত আমাৰ প্ৰথম বছৰ৷  প্ৰথম বাৰ্ষিক বুলি কোনো শ্ৰেণী নাছিল সেই সময়ত৷ চাৰিবছৰীয়া ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পাছত কলেজত কেৱল দ্বিতীয়, তৃতীয় , চতুৰ্থ আৰু পঞ্চম বাৰ্ষিকৰ শ্ৰেণীবোৰহে আছিল৷ চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কেমিকেল মিলি আমি মুঠতে ২১০জন ছাত্ৰ-ছাত্ৰী৷ ১৯৭৮ চনৰ ডিচেম্বৰ মাহৰ তাৰিখৰ পৰা আমাৰ পাঠদান আৰম্ভ হৈছিল আৰু প্ৰায় - মাহ ধৰি ৰাতিপুৱা বজাৰ পৰা আবেলি বজালৈ মুঠ ৯টা বিষয়ৰ পাঠদান চলিছিল ধাৰাষাৰে৷ চেচনেল কৰি কৰি কঁকাল বেকা হৈ গৈছিল৷ প্ৰেক্টিকেল, ৱৰ্কচপ আদিৰ কথাতো বেলেগেই৷ প্ৰতিদিনে ৱৰ্কচপৰ জবচীট লিখা, প্ৰায় প্ৰতি সপ্তাহে বেলেগ বেলেগ প্ৰেক্টিকেলৰ ভাইভা দিয়া আৰু যে কত কি!! অৱশ্যে সেইবোৰ কৰি কৰি নিজকে একজিকিউটিভ ইঞ্জিনিয়াৰ যেন লাগি গৈছিল (চিনিয়ৰ সকলৰ ভাষাত)
আগষ্ট মাহত প্ৰবেশ কৰাৰ লগে লগে বছেৰেকীয়া পৰীক্ষাৰ বতাহ বলিবলৈ আৰম্ভ কৰিলে৷ সকলোতকৈ প্ৰথমে দ্বিতীয় বাৰ্ষিকৰ পাঠদান আৰম্ভ হয়৷ বাকী বাৰ্ষিকৰ পাঠদান আচলতে মাৰ্চমাহমানৰ পৰাহে ভাল দৰে চলে, কাৰণ ফেব্ৰুৱাৰী মাহত বেক পৰীক্ষা বিলাক হয়৷ তাৰ পাছতহে অভিজ্ঞতাপুষ্ট ককাইদেউসকল ধীৰ-গম্ভীৰ খোজেৰে কলেজলৈ বুলি আহিবলৈ ধৰে৷ কবিৰাজ সকলৰ কথা অৱশ্যে সুকীয়া৷ তেতিয়াৰ দিনৰ ৰাইজসকলে পঢ়া-শুনা বোলা কামটোৰ কথা কেৱল পৰীক্ষাৰ আগে আগেহে মনত পেলায়৷ সাধাৰণতে কমেও এমাহমান স্টাডীলীভ দিয়া হৈছিল৷ আৰু প্ৰতিটো বিষয়ৰ পৰীক্ষাৰ আগে আগে / দিনকৈ গেপ ৰাখিহে পৰীক্ষাৰ ৰুটিন বনোৱা হৈছিল৷ গতিকে পগলা কুকুৰে নেকামোৰালৈকেকোনেও আগতে পঢ়া-শুনাৰ নামত বহুমূলীয়া সময় নষ্ট নকৰিছিল৷ কৰিবলগীয়া আৰু বহুত জৰুৰী কাম সকলোৰে হাতে হাতে আছিল৷
কলেজত আমি সকলোতকৈ সৰু হলেও ককাইদেউসকলক খুব সোনকালেই অনুকৰণ কৰিবলৈ শিকি গৈছিলো৷ ইঞ্জিনিয়াৰিং কলেজত পঢ়া-শুনা কৰা কামটো কেৱল স্টাডীলীভ বা ৰুটিনৰ গেপত কৰা কাম বুলি নতশিৰে মানি লৈছিলো৷ গতিকে আকাশে-বতাহে যেতিয়া পৰীক্ষাৰ গোন্ধ বিয়পিবলৈ ধৰিলে তেতিয়া আমাৰো বুকুৰ ঢপপনি বাঢ়িবলৈ আৰম্ভ কৰিলে৷ এটা নহয়, দুটা নহ্য়, নটা বিষয়৷ ভয় খোৱাৰে কথা৷
আমাৰ দিনত পৰীক্ষাৰ দিন-বাৰ আদি ঠিক কৰাত ছাত্ৰ-ছাত্ৰীসকলেই আগভাগ লৈছিল৷ গতিকে কাৰ পৰীক্ষা কেতিয়া হোৱা উচিত সেই বিষয়ে আলোচনা কৰিবলৈ অডিটৰিয়ামত এখন সাধাৰণ সভা আহ্বান কৰা সাধাৰণ সম্পাদকৰ দ্বাৰা৷ চিনিয়ৰ-জুনিয়ৰ সকলো গোট খালে অডিটৰিয়ামত৷ আমি ইতিমধ্যে শুনিবলৈ পাইছিলো যে আমাৰ পৰীক্ষা দুৰ্গাপূজাৰ আগে আগে আৰু বাকী চিনিয়ৰ সকলৰ পৰীক্ষা দুৰ্গাপূজাৰ কিছু পাছত আৰম্ভ কৰাৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে৷ তেনে কৰিলে দুৰ্গাপূজা আমাৰ পৰীক্ষাৰ মাজতে পৰিব৷ পূজা চোৱা পণ্ড ব৷ কথাটো আমাৰ হজম হোৱা নাছিল৷ গতিকে দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰে অডিটৰিয়াম ভৰি পৰিছিল৷কিবা এটা কৰিবই লাগিব, এনে ভাব সকলোৱে প্ৰকাশ কৰিছিল৷
সভা আৰম্ভ আৰু আমাৰ আশংকা সঁচাত পৰিণত ল৷ যেনে শুনি আছিলো তেনে প্ৰস্তাৱেই আমাৰ আগত ৰখা ল৷ আমাৰ মতা-মত বিচৰাত প্ৰস্তাৱটোৰ ঘোৰ বিৰোধিতা কৰি এজন এজনকৈ আমি / জন মানে বক্তব্য ৰাখি পৰীক্ষা দুৰ্গাপূজাৰ পাছলৈ নিবলৈ প্ৰচন্ড দাবী জনালো৷ আমাৰ লগৰীয়া সকলে হাত চাপৰি মাৰি মাৰি আমাৰ প্ৰতিটো বাক্যলৈ সমৰ্থন আগবঢ়ালে৷ আমাৰ লগৰীয়া, অনা-অসমীয়া ছাত্ৰ এজনেতো চিধা-চিধি কৈ দিলে, “ যুদ্ধ লাগিছে, আমাক আগত ৰাখি দি কৈছে, চেকেন্ড ইয়েৰ গোলী খা…..   আমি গোলী কিয় খাম?” কিছুমান চিনিয়ৰে আমাৰ বিৰুদ্ধে পিছ পিনৰ পৰা কিবাকিবি মন্তব্য কৰি থকা বুলি আপত্তি দৰ্শালেহি সহপাঠী এগৰাকীয়ে৷ তেখেতক অৱশ্যে ৰাতি হোস্টেলত চিনিয়ৰ সকলে মাতি নি অলপ আদৰ-সাদৰ কৰিলে চিনিয়ৰসকলে কৰা ধৰণে৷ মোকো ৰাতি মাতি পঠোৱা চিনিয়ৰ কেইজনমানৰ দ্বাৰা৷ মোৰ দাদা হোস্টেলৰ এজন মনিটৰ আছিল কাৰণে হয়তো বেছি আদৰ-সাদৰ কৰাৰ পৰা বিৰত থাকিল তেখেতসকল৷ কেৱল অলপ উপদেশহে দিয়া ল৷ তথাপি, ভাবিলে এতিয়া আচৰিত লাগে যে কনিষ্ঠতম বাৰ্ষিকৰ ছাত্ৰ হোৱা স্বত্তেও আমি কোনো ভয় নকৰাকৈ, মুকলিভাবে আমাৰ মতামত ব্যক্ত কৰিছিলো  
সেইদিনা কোনো সিদ্ধান্ত নহল৷ তাৰ পাছত আকৌ দুখন মান সভা পাতি অৱশেষত আমাৰ কথা মতেই পৰীক্ষাৰ দিন ঠিক কৰা ল৷ আমাক আৰু কোনে পায়৷ আৰু কিছুদিনৰ বাবে পঢ়া-শুনাৰ পৰা অব্যাহতি পালো৷ হেপাহ পলুৱাই পূজা চালো৷
দুৰ্গাপূজাৰ বতৰত সেইয়া যেন আছিল আমাৰ বাবে পৰীক্ষা পিছুউৱা উৎসৱহে৷ পৰীক্ষা পিছুৱাবৰ বাবে আমাৰ মাজত যিহে দলদোপ হেন্দোলদোপ লাগিছিল সি কোনো উৎসৱৎকৈ কম নহয়৷ আন আন উৎসৱৰ নিচিনাকৈ আমাৰ বাবে এই পৰীক্ষা পিছুউৱা উৎসৱটোও নিয়মিত ভাবে আহি থাকিল৷
সেইয়া আছিল আৰম্ভণি৷ পৰীক্ষা পিছুৱাই পিছুৱাই অৱশেষত এনেকুৱা অৱস্থা লগৈ যে আমি পঞ্চম বাৰ্ষিকত এমাহ নহয়, দুমাহ নহয়, গণি গণি ছমাহ স্টাডীলীভ পালো৷ আমাৰ অৱস্থা কেনেকুৱা হৈছিল সেয়া সহজেই অনুমেয়৷ পাঠদান শেষ হৈছিল জুলাই মাহত আৰু পৰীক্ষা লগৈ পিছৰ বছৰ জানুৱাৰী মাহৰ ২২ তাৰিখৰ পৰা৷ সেই অনুপাতে পৰীক্ষাৰ ফলাফলো পিছুৱাই গৈ থাকিল৷ জানুৱাৰী মাহৰ পৰীক্ষাৰ ফলাফল ওলালগৈ জুন মাহৰ ১৫ তাৰিখে৷ মুঠতে সামগ্ৰিক ভাবে এটা বছৰ আমি পিচপৰি লো৷ ১৯৭৮চনত কলেজত ভৰ্তি হৈ এবাৰো ফেল নকৰাকৈ ১৯৮৪ৰ জুন মাহত পাছ কৰি ওলালো৷ চাৰিবছৰীয়া পাঠ্যক্ৰম ছবছৰত শেষ ল৷ অসম আন্দোলনৰ কাৰণে এবছৰ লোকচান হৈছিল৷ বাকী এবছৰ পৰীক্ষা পিচুউৱা উৎসৱৰ নামত৷
বছৰৰ পাছত বছৰ ধৰি সেই বেমাৰ চলি থাকিল প্ৰায় ২০০২ চন মানলৈকে৷ অৱশ্যে সেই বেমাৰ দূৰ কৰাত আগভাগ লোৱা শিক্ষকসকলৰ মাজতে আছিল সেই ব্যক্তিজনো যিজনে ছাত্ৰ অৱস্থাত পৰীক্ষা পিচুৱাব লাগে বুলি সাধাৰণ সভাত চোকা ভাষাৰে বক্তব্য ৰাখিছিল, পৰীক্ষা পিছুউৱা উৎসৱো ভালদৰেই উপভোগ কৰিছিল৷
সেই কাৰণেই কোৱা হয়, “আপুনি বয়স হৈলে বুদ্ধি হৈবে ভাল৷