তিতাবৰ অভ্যসন বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা৷ বোধকৰো মই প্ৰথম শ্ৰেণীত৷ ইতিমধ্যে স্কুলৰ গাতে লাগি থকা গাওঁবোৰ ভালদৰে চিনিপোৱা হৈছিলো৷ পানীখোৱা ছুটিৰ সময়ত ল'ৰা-ল'ৰিকৈ ঘৰলৈ গৈ নাকে-কাণে ভাত অকণমান গিলি লৈ বেগাই উভটি আহো লগ-সমনীয়াৰ লগত খেলিবলৈ৷ ৰাতুল, ভূৱন, প্ৰতীম, লক্ষ্য, অনিল, তৰুণ আৰু যে কিমানবোৰ বন্ধু৷ কেতিয়াবা ছুটীৰ পাছত ঘৰলৈ নাহি কোনো বন্ধুৰ ঘৰলৈ যাওঁ৷ দৈ-চিৰা-সান্দহ-গুৰ-গাখীৰ হেঁপাহ পলুৱাই খাওঁ৷ ঘৰ পাওঁহি মানে বেলা ভাটি দিয়ে৷ ভয়ে ভয়ে চুচুক-চামাক কৈ ঘৰ সোমাওঁ পিচৰ দুৱাৰেৰে৷ তাঁতীগাওঁ, চিপহা সত্ৰ, কাছজান, কোনো ঠাই বাদ পৰি নাযায়৷
ধান মৰণা মৰাৰ সময়ত, কুঁহিয়াৰ পেৰাৰ সময়ত বা বিশেষ কিবা উৎসৱ-পাৰ্বণৰ সময়ত বন্ধুবোৰৰ পৰা নিমন্ত্ৰণ থাকেই৷ বিশেষকৈ কুঁহিয়াৰ পেৰা সময়ত চাবলৈ যাওঁ৷ এফালে কুঁহিয়াৰ পেৰি থাকে, আনফালে প্ৰকান্ড কেৰাহীত কুঁহিয়াৰৰ ৰস পগাই থাকে৷ কলৰ দনুৱাত লালীগুৰ হেঁপাহ পলুৱাই খাওঁ৷
এদিনৰ কথা৷ পানীখোৱা ছুটীৰ সময়ত সহপাঠী কেইজনমানে লগ ধৰিলে স্কুলৰ ওচৰতে থকা কুঁহিয়াৰ এডৰাৰ পিনে যাবলৈ৷ পূৰঠ কুঁহিয়াৰ৷ মোক খা মোক খা কৰি আছে৷ ভৰ-দুপৰীয়াৰ সময়৷ ওচৰে-পাজৰে কোনো নাই৷ আমি কোনো সাৰ-সুৰ নকৰাকৈ, লাহে লাহে কুঁহিয়াৰ ডৰাৰ ভিতৰলৈ খোজ ল'লো৷ কোনোবা এজনৰ লগত চুৰি-কটাৰী নে দা এখন আছিল৷ এডাল এডালকৈ কুঁহিয়াৰ কাটিবলৈ আৰম্ভ কৰি দিলো আমি৷ যিকোনো বস্তু চুৰ কৰি খোৱাৰ আনন্দই বেলেগ৷
হঠাতে কোনোবাই ক'লে, "ঐ, পলা পলা৷ মালিক আহিছে৷" আমাৰ মাজত হুৱা-দুৱা লাগিল৷ হাতত কুঁহিয়াৰ লৈ লৈ আমি পলাবলৈ আৰম্ভ কৰিলো৷ হঠাতে এফালৰ পৰা কুঁহিয়াৰ গছৰ মাজৰ পৰা মহেন্দ্ৰ নামৰ বন্ধু এজন ওলাই আহিল৷ কান্ধত আছিল কুঁহিয়াৰ এডাল৷ মই তলকিবই নোৱাৰিলো, পোনে পোনে আহি মোৰ গাতে পৰিলহি আৰু কান্ধত থকা কুঁহিয়াৰডালৰ জোঙা গুৰিটো আহি মোৰ চকুত দিলেহি এটা প্ৰচন্ড খোঁচ৷ চকুৰে ধোঁৱা-কুৱা দেখিলো৷ অলপ সময় মূৰটো ঘূৰাই থাকিল৷ ইফালে পলাবও লাগে৷ মোক দুজনমানে চোচোৰাই বগৰাই নিৰাপদ থাইলৈ লৈ আহিল৷ ক্ষন্তেক বাট চাই আমি স্কুলৰ চৌহদত প্ৰবেশ কৰিলো৷ নিমাখিত প্ৰাণীৰ দৰে এজন এজনকৈ শ্ৰেণীকোঠাত প্ৰবেশ কৰিলো৷
মইও নিজৰ ঠাইত বহি পৰিলো আৰু যিমান পাৰো চেষ্টা কৰিলো প্ৰকৃতিস্থ হৈ থাকিবলৈ৷ কিন্তু চকুটো লাহে লাহে ওখহি আহিবলৈ ধৰিলে৷ চকুৰ পৰা ধাৰাসাৰে পানী বৈ আছিল৷ মই চকুদুটা মুদি তলমূৰ কৰি কিছুসময় বহি থাকিলো৷ মোৰ অৱস্থাটো দেখি চাৰ এজনে কি হ'ল বুলি সুধিলে৷ মই সেহাই সেহাই উত্তৰ দি ক'লো, " চাৰ আমি ইস্কেল লৈ খেলি থাকোঁতে কৰোবাৰ ইস্কেল এডাল মোৰ চকুতে লাগিল৷" চাৰজনে মোৰ অৱস্থা গুৰুতৰ যেন দেখি ৰাতুল নে কোনোবা এজনৰ লগত ঘৰলৈ পঠিয়াই দিলে৷
ঘৰলৈ আহিও একেই কাহিনী শুনালো৷ খেলি থাকোঁতে কাৰোবাৰ স্কেল এডাল আহি চকুত লাগিল বুলি৷ দেউতাক অফিচৰ পৰা মাতি পঠিউৱা হ'ল৷ উধাতু খাই দেউতা আহিল৷ আহিয়েই চকুত পেনিচিলিনৰ মলম অলপ লগাই দি আথে-বেথে শুৱাই দিলে৷ তাৰপাছত ডাক্তৰ মাতিবলৈ ওলাই গ'ল৷ ময়ো চুৰ কৰি খোৱা মিঠা কুঁহিয়াৰৰ মিঠা সপোন দেখি দেখি কেতিয়া টোপনি গ'লো গমেই নাপালো৷
মনত পৰিলে এতিয়াও মিঠা মিঠা লাগে মুখখন৷
ভাল লাগিছে পঢ়ি৷ সুন্দৰ হৈছে৷ সঁচাকৈ এৰি অহা দিনবোৰৰ ধূসৰ স্মৃতিবোৰ কি যে মাদকতাভৰা৷ মাখনলাল দাস দা, আপোনাৰ এনে লেখাবোৰৰ এখন কিতাপ উলিয়াব লাগিব৷ সঠিক আত্মজীৱনী নহয়, জীৱনৰ সৰু সৰু কথাবোৰৰ সমষ্টি৷
ReplyDeleteধন্যবাদ.. উৎসাহ পালো৷ চাওঁচোন কি হয়৷
Delete