At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 26 February 2015

সৰুকালৰ ডাঙৰ কথা…

সৰুকালৰ ডাঙৰ কথা…

সৰুকালৰ বহুকথাই মনত ৰৈ যায় বিভিন্ন কাৰণত৷কিছুমান কথা মনত পৰিলে ভাল লাগে, কিছুমান মনত পৰিলে লাজ লাগে, কিছুমান কথাই হয়তো মনটো জোকাৰি থৈ যায়৷

কথাবোৰ বুজিব পৰা হোৱাৰ সময়তে মানুহৰ মৃত্যুৰ বিষয়েও শুনিছিলো৷ মানুহ মৰে বুলি মাহঁতৰ মুখত শুনিছিলো৷ মৰিলে পুৰি পেলায় বা কবৰ দিয়ে বুলি শুনিছিলো৷ তাৰপাছত কি হয় সেইবিষয়ে নানা ধৰণৰ জল্পনা-কল্পনাৰ কথাও শুনিছিলো৷ মৃত্যু নামৰ কঠিন বাস্তৱটোৰ সৈতে সৰুতেই মুখামুখি হৈছিলো তিতাবৰত থকা সময়তে বৰপেটা ৰোডত থকা আমাৰ ককাদেউতাৰ মৃত্যুৰ সময়ত৷ তাৰপাছতে তিতাবৰতে আমাৰ ঘৰৰ সৈতে সঘনাই অহা-যোৱা কৰা মানুহ এঘৰৰ ছোৱালী এগৰাকীৰ পুখুৰীত পৰি মৃত্যু হোৱা ঘটনা৷ মাজে-মাজে মনলৈ ভাব এটা আহিছিল: যদি সকলো মানুহেই এদিন মৰে তেনেহলে আমাৰ দেউতাহঁতো মৰিব নেকি? সেই ভাবটো মনলৈ আহিলেই জোৰকৈ নিজকে নিজে সান্তনা দি কৈছিলো, “নাই, নাই , আমাৰ দেউতাহঁত নমৰে” আৰু সেই আপদীয়া চিন্তাটো মনৰ পৰা আতৰাই বেলেগ কথা চিন্তা কৰিবলৈ বিফল প্ৰচেষ্টা চলাইছিলো৷

বেছিদিন বাট চাব লগা নহ’ল৷ তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই আমি তিতাবৰৰ পৰা শ্বিলঙলৈ বদলি হৈ যাওঁ আৰু তাত এবছৰ পূৰ হোৱাৰ আগতেই অতি আকস্মিক বাবে অতি কম বয়সতে দেউতাৰ মৃত্যু হয়৷

ভাল হওক, বেয়া হওক, সকলো মানুহ এদিন মৰিবই বুলি ভালদৰে বুজি পালো সেই অতি কোমল বয়সতে৷ কিন্তু তাৰপাছত মোৰ মনত আন এটা চিন্তাই বহুদিনলৈ আমনি কৰি থাকিল৷
যেতিয়াই কোনো সমনীয়াৰ মাক-দেউতাকক লগ পাওঁ তেতিয়াই ভাবো, “আমাৰহে দেউতা মৰিল, বাকীবোৰৰ দেখোন আজিলৈকে মৰাই নাই৷ কেতিয়া মৰিব?” সেই চিন্তাই আনৰ প্ৰতি অন্তৰত হিংসাৰ ভাব জগাই নুতুলিলেও নিজকে অলপ হ’লেও পুতৌ কৰিবলৈ বাধ্য কৰাইছিল৷ গোটেই পৃথিবীত আমাৰ নিচিনা দুৰ্ভগীয়া যেন আৰু কোনো নাই এনে ভাব মাজে মাজে নিশ্চয় হৈছিল৷


বয়স হোৱাৰ লগে লগে সকলো সলনি হ’ল৷ কিন্তু পিতৃহাৰা দুৰ্ভগীয়া সকলৰ প্ৰতি অন্তৰত এটা বিশেষ প্ৰেম-সহানুভূতিৰ ভাব জীৱন্ত হৈ থাকিল৷ 

Tuesday, 24 February 2015

মাত্ৰ দহ টকা?

মাত্ৰ দহ টকা?

১৯৭৬ চন৷ গুৱাহাটীত কংগ্ৰেছ অধিবেশন বহিছে৷ গুৱাহাটী নগৰখন নতুন ৰূপত সজোৱা হৈছে৷ খানাপাৰাৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অধিবেশন বহিছে৷ লগতে চলিছে বিভিন্ন ধৰণৰ প্ৰদৰ্শনী৷ অসম বিজ্ঞান সমিতিৰ সৌজন্যত তাতে বিৰলা বিজ্ঞান যাদুঘৰৰো প্ৰদৰ্শনী চলিছে৷
তেতিয়া আমি কটন কলেজত প্ৰাক বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ৷ কটন নৱ ছাত্ৰাবাসৰ (এতিয়া নাম সলনি হ’ল হয়তো) কাষতে অসম বিজ্ঞান সমিতিৰ কাৰ্যালয়টো৷ সেই ছাত্ৰাবাসৰে দুজনমান বন্ধুৱে খবৰ দিলে যে খানাপাৰাৰ সেই বিৰলা বিজ্ঞান যাদুঘৰৰ প্ৰদৰ্শনীত প্ৰদৰ্শক হিচাবে কাম কৰিবলৈ কটন কলেজৰ পৰা ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক সদায় লৈ যোৱা হয়৷ দিনটো কাম কৰাৰ বাবদ হেনো টকাও পোৱা যায়৷ মইও আগ্ৰহ দেখুৱালো সেই কামৰ বাবে বন্ধুজনৰ যোগেৰে আৰু লগে লগে মোৰ অনুৰোধ গ্ৰহণ হোৱা বুলিও গম পালো৷

পিছদিনা ৰাতিপুৱাতে সাজু হৈ ওলালো৷ আমাক কটন কলেজৰ পৰা বাছেৰে খানাপাৰালৈ লৈ যোৱা হ’ল৷ প্ৰদৰ্শনী ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ আগতে আমাক বস্তুবোৰ বুজাই দিয়া হ’ল৷ সকলোবোৰ ভালদৰে বুজি নাপালো যদিও বুজাবলৈ সহজ যেন লগা মডেল দুটামান বাছি ল’লো আনক বুজাবৰ বাবে৷

প্ৰদৰ্শনীৰ দুৱাৰ ৰাইজৰ বাবে খুলি দিয়া হ’ল৷ লাহে লাহে জন সমাগম বাঢ়ি আহিব ধৰিলে৷ অসমত হয়তো তেনে উচ্চ পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনী ৰাইজে আগতে দেখা নাছিল৷ প্ৰদৰ্শনীগৃহৰ পৰা প্ৰস্থান কৰা দুৱাৰখনৰ কাষতে আছিল এটা ৰবটৰ মডেল৷ যিকোনো প্ৰশ্ন সুধিলে উত্তৰ দিয়ে৷ তাতেই মানুহৰ ভিৰ সকলোতকৈ বেছি হ’ল৷ অসমলৈ তেতিয়াও টেলিভিচন অহা নাছিল৷ প্ৰৱেশদ্বাৰৰ কাষতে আছিল ক্ল’জ চাৰ্কিট টিভি এটা৷ তাতো মানুহৰ জুম৷ কোনো কোনোৱে গান গাই দিলে টিভিত নিজকে চাবলৈ৷
দুপৰীয়াৰ আহাৰ আনি দিয়া হ’ল৷ সুযোগ বুজি খাই ল’লো৷ লাহে-লাহে সন্ধিয়া হৈ আহিল৷ মানুহৰ ভিৰো বাঢ়ি আহিল৷ যিমানে সময় পাৰ হৈ গৈছিল সিমানে আত্ম-বিশ্বাসো বাঢ়ি গৈছিল আৰু সন্ধিয়ালৈকে নিজকে ডাঙৰ বিজ্ঞানীযেনেই লগা হৈছিল মানুহক কথাবোৰ বুজাই দিওঁতে৷ বিশেষকৈ মোৰ ভাগত পৰা এটা মডেল আছিল সুসজ্জিত কোঁঠা এটা৷ দুৱাৰমুখত থিয় হৈ হেল্ল’ বুলি ক’লে নিজে নিজে দুৱাৰৰ পৰ্দা বা আঁৰ কাপোৰ খোল খাই যায় আৰু কোঁঠাৰ ভিতৰৰ লাইট-ফেন আদি অন হৈ যায়৷ যেন যাদুহে৷ (এতিয়া ভাবিলে যদিও সাধাৰণ কথা যেন লাগে)


আঠমান বজাত প্ৰদৰ্শনী সামৰা হ’ল৷ দিনটো কেনেদৰে পাৰ হৈ গ’ল গমেই নাপালো৷ আমিও কটন কলেজলৈ উভতি যাবলৈ ৰৈ থকা বাছলৈ যাবলৈ উদ্যত হ’ল৷ চকুত পৰিল, মানুহ এজন আহি সকলোকে হাতে-হাতে কিবা দি গৈছে৷ মোৰ কাষলৈও আহি হাতত টকা দহটা গুজি দিলে৷ চকচকীয়া নোট এখন৷ গোটেই দিনটোৰ হাজিৰা৷ নোটখন আলফুলে জাপি লৈ ওপৰ পকেটত ভৰাই থ’লো৷ এনেহে লাগিল যেন ন’বেল বঁটাহে পালো৷

Wednesday, 21 January 2015

যেনে দেশ তেনে ভেশ

যেনে দেশ তেনে ভেশ..

বেলেগ বেলেগ দেশৰ ৰীতি-নীতি, বিশ্বাস আদি বেলেগ-বেলেগ হ’ব পাৰে৷ হয়তো কেতিয়াও তেনেকুৱা পৰিৱেশৰ মাজলৈ যাবলগীয়া আমাৰ নহ’ব পাৰে কিন্তু তেনে বিভিন্নতাবোৰৰ বিষয়ে জানি থোৱা নিশ্চয় লাভজনক৷ ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তেনে কিছুমান ৰীতি, বিশ্বাস বা সৌজন্যতামূলক আচৰণ আদিৰ কথা ইয়াত চমুকৈ উল্লেখ কৰা হৈছে:
১)কোৰিয়াৰ লোকসকলে খাবলৈ বহিলে সকলোতকৈ বয়োজ্যেষ্ঠজনে খাবলৈ আৰম্ভ নকৰালৈকে কোনেও খাবলৈ আৰম্ভ নকৰে৷
২)ইটালীদেশত খাবলৈ বহাৰ পাছত অতিৰিক্ত ভাবে চীজ নুখুজিব৷ তেনে কৰিলে চেফজনে ভালদৰে ৰান্ধিব নজনা যেন দেখুৱাই তেওঁক অপমান কৰাৰ দৰে হয়৷
৩) ফ্ৰান্সত আপুনি খুব খৰখেদাকৈ, গোগ্ৰাসে গিলি খোৱা কাম সমাপ্ত কৰিবলৈ চেষ্টা নকৰিব কাৰণ তেনে কৰাটো খুব অমাৰ্জিত ব্যৱহাৰ বুলি গণ্য কৰা হয়৷
৪)জাপানত খোৱাৰ সময়ত কোনোবাই কিবা খুজিলে চপষ্টিকেৰে দিবলৈ চেষ্টা নকৰিব৷ সেইটো অসন্মানজনক বুলি বিবেচনা কৰা হয়৷
৫)জামাইকাৰ মানুহে বিশ্বাস কৰে যে কেঁচুৱাই কথা ক’বলৈ শিকাৰ আগতে যদি কুকুৰাৰ মাংস খায় তেনেহলে কেতিয়াও কথা ক’ব নোৱাৰিব৷ অৰ্থাৎ কেঁচুৱাক কুকুৰাৰ মাংস নুখুৱাব৷
৬) দক্ষিণ কোৰিয়াত যেতিয়া আপুনি কিবা পনীয়া বস্তু পান কৰে তেতিয়া মূৰটো ঘূৰাই বেলেগ ফালে চাব৷
৭) ফ্ৰান্সত হোটেল-ৰেষ্টোঁৰা আদিত খোৱাৰ বিল দিওঁতে গোটেইখিনি দিয়ক, দুই-তিনিজন লগ হৈ আংশিক বাবে নিদিব৷ তেনে কৰাটো লাজলগা কথা বুলি ধৰা হয়৷
৮) নাইজেৰিয়াৰ মানুহে বিশ্বাস কৰে যে কণী খোৱা সৰু ল’ৰা-ছোৱালীবোৰ ডাঙৰ হ’লে চোৰ হয়৷ গতিকে সৰু ল’ৰা-ছোৱালীক নাইজেৰিয়াৰ মানুহে কণী নুখুৱায়৷
৯) ইজিপ্তত খাবলৈ বহাৰ পাছত নিমখদানিটো হাতত নল’ব৷ তেনে কৰিলে চেফজনক অপমান কৰা হ’ব৷
১০)চীন দেশত আপোনাৰ চপষ্টিক কাৰো পিনে পোনাই নাৰাখিব৷
১১) ৰাচিয়াত ভদকাৰ খালি বটলবোৰ মজিয়াত ৰাখিব লাগে৷ খালি বটলটো টেবুলত থোৱা মানে দুৰ্ভাগ্য মাতি অনা বুলি ভবা হয়৷
১২) খাজাখিস্তানত কাৰোবাৰ ঘৰত আপোনাক চাহ খাবলৈ দিলে আধা কাপ দিয়া দেখি আচৰিত নহ’ব৷ পূৰা কাপ নুখুজিব কাৰণ কাপটো ভৰাই দিয়া মানে গৃহস্থই আপোনাক বিদায় দিয়াটো বুজায়৷
১৩) ইটালীত হেনো কোনোবাই খাবলৈ মাতিলে খোৱাৰ সময়ত প্ৰথমতে অতি ভদ্ৰভাবে নালাগে বুলি ক’ব লাগে কিন্তু আপোনাক দ্বিতীয়বাৰ খোৱা-বস্তু দিবই আৰু আপুনি মানা নকৰিব৷
১৪) ৰাচিয়াত খোৱা চুৰিখনৰ পৰা একো চেলেকি নাখাব৷ তেনে কৰাটো অতি অভদ্ৰ আচৰণ বুলি গণ্য কৰা হয়৷
১৫) ইংলণ্ডত যেতিয়া আপুনি চুপ খায় তেতিয়া চুপৰ বাওলটো আপোনাৰ গাৰ পৰা বিপৰীত দিশে অৰ্থাৎ সন্মুখৰ পিনে অলপ বেঁকা কৰি লৈ চামুচখনো গাৰ পৰা সন্মুখৰ পিনে আগবঢ়াই নি চুপ তুলি নি খাব লাগে৷
১৬) চিলিত একো বস্তুৱেই হাতেৰে নাখাব, আনকি পিজাও৷
১৭) এস্টোনিয়াত মাটিত পৰা ৰুটিডোখৰ দলিয়াই পেলোৱাৰ আগতে ৰুটিডোখৰক চুমা এটা খাবলৈ নাপাহৰিব৷
১৮) চীনদেশৰ মানুহে বিশ্বাস কৰে যে দীঘল নুদল মানে দীঘল জীৱন৷ গতিকে নুদল খাবৰ সময়ত চুটি কৰি কৰি নাখাব৷ যিমান দীঘল তেনেকৈয়ে ৰাখি খাওক৷
১৯) ইণ্ডোনেচিয়াত আকৌ আপুনি খোৱাৰ সময়ত সকলো সময়তে আপোনাৰ হাত দুখত টেবুলত ৰাখি থ’বলৈ শিকক৷
২০)টাঞ্জানিয়াত আকৌ আপোনাক নিশাৰ আহাৰলৈ মাতিলে ২০ মিনিট পলমকৈ যাব৷ সোনকালে গ’লে গৃহস্থক অপমান কৰাৰ দৰে হয়৷

(ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰি লিখা হৈছে)

Monday, 5 January 2015

সৰু ভাৰত-ডাঙৰ ভাৰত

সৰু ভাৰত-ডাঙৰ ভাৰত

(এক)
ভালেমান দিন আগৰ কথা৷ লাখটকীয়াৰ মীৰ মাৰ্কেটৰ দোকান এখনলৈ কিবা এটা বিচাৰি গৈছিলো৷ দোকানত আছিল প্ৰায় পশিছ বছৰীয়া যুৱক এজন৷ মই গৈ অসমীয়াতে সুধিলো৷ ডেকাজনে হিন্দীতে উত্তৰ দিলে৷ মই আকৌ অসমীয়াতে সুধিলো৷ তেওঁ আকৌ হিন্দীতে ক’লে৷

“আপুনি অসমীয়া নাজানে নেকি? অসমত থাকি অসমীয়া নাজানেনে?” মই সুধিলো৷

ডেকাজনে লগে লগে উত্তৰ দিলে,

“আপ ভাৰত মে ৰেহতে হো, ফিৰ হিন্দী নেহি জানতে হো” (আপুনি ভাৰতত থাকিও হিন্দী নাজানেনে?

ডেকাজনে সঁচাকৈয়ে অসমীয়া নাজানিছিল নে ইচ্ছা কৰিয়েই কেৱল হিন্দীত উত্তৰ দিছিল নুবুজিলো, কিন্তু ডেকাজনৰ লগত বিশেষ একো তৰ্ক নকৰি একো নিকিনাকৈ বাহিৰ ওলাই আহিলো৷ অসমত থাকিলেও অসমীয়া নাজানিলেও হ’ব কিন্তু হিন্দী জানিবই লাগিব কাৰণ অসমখন ভাৰতত৷ হিন্দীভাষীজনৰ মনোভাৱটো ভালদৰে বুজি পালো৷

(দুই)

প্ৰায় দহবছৰৰ মূৰত এবাৰ চেন্নাইলৈ গৈছিলো৷ দহবছৰতে মোৰ বাবে চেন্নাইখনৰ সকলো সলনি হৈ যোৱা যেন লাগিছিল৷ আগৰ ঠাইবোৰ চিনি নোপোৱা হৈ পৰিল৷ এদিন আবেলি এঠাইলৈ গৈছিলো৷ উভতি আহিবলৈ বাছ এখনত উঠি দেখাত শিক্ষিত যেন লগা ডেকা এজনক ইংৰাজীতে সুধিলো,

“ এইখন আডায়াৰলৈ যাব নহয়?”

ডেকাজনে তামিল ভাষাৰে কিবা-কিবি ক’লে৷ মই আকৌ সুধিলো ইংৰাজীতে৷ ডেকাজনে এইবাৰ তামিল ভাষাৰে মোক গালি পাৰিহে কিবা কোৱাৰ নিচিনা লাগিল৷ মই বাছখনৰ পৰা নামি দিলো৷ প্ৰায় দহ-পোন্ধৰ মিনিটমান অপেক্ষা কৰি আন এখন বাছত উঠিলো এজন ভদ্ৰলোকৰ পৰা বাছৰ নম্বৰ জানি লৈ৷

(তিনি)
চাকৰিসূত্ৰ ৰাজস্থানৰ আবুৰোডত থকা সময়ৰ কথা৷ আবুৰোডৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰত আমীৰগড়৷ তাৰ পৰাই আৰম্ভ হয় গুজৰাট৷ তাৰপৰা আহমেদাবাদলৈ প্ৰায় দুশ কিলোমিটাৰ৷ গুৱাহাটীলৈ আহিবলৈ আহমেদাবাদৰ পৰাই উৰাজাহাজত উঠো৷ এবাৰ আহমেদাবাদৰ পৰা বাছেৰে আবুৰোডলৈ আহিবৰ বাবে গীতামন্দিৰত থকা বাছ আস্থান পালোঁগৈ৷ অতি খেলি-মেলি আস্থান এটা৷ চাৰিওফালে কেৱল গুজাৰটীতে লিখা আছে৷ হিন্দীতো দূৰৰে কথা ইংৰাজী আখৰ এটাও নাই৷ গুজৰাটী পঢ়িব নজনা মানুহে গুজৰাটত বেলেগ মানুহক সুধিবলৈ বাধ্য৷ কাউন্টাৰ এটালৈ গৈ হিন্দীতে সুধিলো৷ হিন্দী গুজৰাটী মিহলি উত্তৰ পালো৷ ভালদৰে বুজি নাপাই ইফালে-সিফালে অলপ ঘূৰি চাই এটা প্লেটফৰ্মৰ কাষত ৰাজস্থান চৰকাৰৰ বাছ দেখি অতি উৎসাহেৰে আগবাঢ়ি গ’লো৷ কণ্ডাক্টৰৰ লগত ভালদৰে কথা পাতিব পাৰি সকাহ পালো৷ বাছেৰে আহোঁতে ওৰে বাটে কেৱল গুজৰাটী আখৰহে দেখিলো৷ আমীৰগড় পাৰ হৈয়েই যেতিয়া প্ৰথমখন হিন্দী চাইনবোৰ্ড চকুত পৰিল এনেহে লাগিল যেন নিজৰ ঘৰলৈহে উভতি আহিলো৷ হিন্দী ভাষাটো সেইদিনাৰ সমান আপোন আগতে কেতিয়াও লগা নাছিল৷

(চাৰি)
ৰাজস্থান এৰি চাকৰিসূত্ৰে গুজৰাট পালোঁহি৷ গুজৰাটী ভাষা শিকিবই লাগিব বুলি বুজি কিতাপ এখন গোটাই ল’লো৷ অন্ততঃ চাইনবোৰ্ড আদি পঢ়িব পৰা হ’লো৷ শুনি শুনি কথা-বতৰাবোৰো আধা-আধি বুজি পোৱা হ’লো৷ ছাত্ৰ-ছাত্ৰীসকলে হিন্দী বুজি পায় আৰু ভালদৰেই কয় কিন্তু কৰ্মচাৰীবোৰৰ লগতহে , বিশেষকৈ পিয়ন-চকীদাৰ-ৰান্ধনি আদিৰ লগতহে কথা পতাত অসুবিধা হয়৷ গুজৰাটৰ সকলো চৰকাৰী কাগজ-পত্ৰ গুজৰাটী ভাষাতে আহে৷ ক’ৰবাত চহী কৰিবলগীয়া থাকিলে কাকো নোসোধাকৈ চহী কৰিব পৰা হ’লো৷ আমাৰ অসমত অসমীয়া ভাষাই সেই স্থান কেতিয়াও নাপালে আৰু পোৱাৰ কোনো আশা হয়তো নাই৷

(পাঁচ)
কিছুদিন আগতে কিবা এটা কামত গুজৰাটৰ চুৰাটলৈ গৈছিলো৷ ষ্টেচনৰ পৰা নামি অটো এখনত উঠিলো৷ কথাবতৰা হিন্দীতেই পাতিলো৷ কথাপাতি গম পালো অটোচালকজন উত্তৰ প্ৰদেশৰ বুলি৷ মোৰ কামটো শেষ কৰি কিবা এটা খাওঁ বুলি সৰু দোকান এখনত সোমালো৷ কথাৰ সুৰতেই গম পালো দোকানীজন পূব-উত্তৰ প্ৰদেশৰ বুলি৷

“ আপুনি উত্তৰ প্ৰদেশৰ নেকি?” মই সুধিলো৷

“হয়৷”

“ ক’ৰ? গাজীপুৰ?” এনেই কণাৰ ফৰ্মুটি এটা মাৰি চালো৷

“ নহয়, এলাহাবাদৰ ওচৰৰ গাওঁ এখনত ঘৰ৷”

“ ইয়াত উত্তৰ প্ৰদেশৰ মানুহ বহুত আছে৷”

“ হয়৷ বহুত ৷ বহু লাখ হ’ব৷” দোকানীজনে উত্তৰ দিলে৷

“আপুনি ক’ৰ?” এইবাৰ দোকানীজনৰ প্ৰশ্ন৷

“মই অসমৰ৷ গুজৰাটত কাম কৰো৷”

“অসমত আমাৰ মানুহবিলাক খুব মাৰে বোলে৷ মোৰ ভতিজা এজন আৰ্মিত কাম কৰে৷ অসমত থাকে৷ সি কৈছে তাত উগ্ৰবাদীয়েই উগ্ৰবাদী৷ সিহঁতে বোলে আমাৰ মানুহক খুব মাৰে৷” দোকানীজনে সুধিলে৷ কথাত অলপ প্ৰতিবাদ, অলপ তিৰস্কাৰৰ ভাব ফুটি উঠিল৷

ক্ষন্তেক চিন্তা কৰি মই যিমান পাৰি সহজভাবে বুজালো,

“ আচলতে কিছুবছৰ আগতে এনেকুৱা এটা ঘটনা হৈছিল৷ কিন্তু অসমৰ আচল সমস্যা বেলেগ৷ উগ্ৰবাদীৰ হাতত অসমৰ মানুহহে বেছি মৰিছে৷..ইত্যাদি, ইত্যাদি..”

দোকানীজন বৰ এটা সন্তুষ্ট হোৱা যেন নালাগিল৷ ভতিজাকে বৰ্ণনা কৰা কথাবোৰহে নিশ্চয় তেওঁৰ মনত শিলৰ ৰেখাৰ দৰে খোপনি লৈ আছে৷

“ইয়াত আপোনাৰ কিমান বছৰ হ’ল?” মই বিষয়টো সলনি কৰিবৰ চেষ্টা কৰিলো৷

“দুবছৰমান হ’ল৷ আগতে মহাৰাষ্ট্ৰত আছিলো৷ তাতেই ব্যৱসায় কৰি কৰি বুঢ়া হ’লো৷ কিন্তু বাধ্য হৈ গুচি আহিলো৷ তাত ভাষাবাদ , জাতিবাদ খুব বেছি হৈ গ’ল৷ আমি ইয়ালৈ গুচি আহিলো৷

“ হয়, মহাৰষ্ট্ৰ নৱ নিৰ্মাণ সেনাই উত্তৰ ভাৰতীয় মানুহক খুব কষ্ট দিছিল বুলি শুনিছিলো৷ গুজৰাটলৈ গুচি আহি ভালেই কৰিলে৷” মই মানুহজনৰ কথাত হয়ভৰ দিলো৷

“ ইয়াত নিজা ঘৰ-বাৰী কৰিলেনেকি?” মই আকৌ সুধিলো৷

“ হয়, মহাৰাষ্ট্ৰৰ সকলো বেছি দি ইয়ালৈ আহি ঘৰ কিনি ল’লো৷ এতিয়া অতি কমেও এক কোটি টকাৰ সম্পত্তি হ’ব৷ আমি প্ৰায় পশিছঘৰ মান মানুহ একেলগে ইয়াতে আছো৷ আমি উত্তৰ প্ৰদেশৰ একে ঠাইৰে মানুহ৷ পিছে ইয়াত আৰু বেছি দিন নাথাকো৷ সকলো বিক্ৰি কৰি ইয়াৰ পৰাও যামগৈ৷”

“কিয়? কিয় যায় ইয়াৰ পৰা?” মই সুধিলো৷

“ বুঢ়া হ’লো৷ এতিয়া বয়স পয়ষষ্ঠিমান হ’ল৷ কিমান আৰু দিনৰ দিনটো থিয় হৈ হৈ দোকান চলাম৷ অলপ জিৰণি ল’বৰ হ’ল৷ মোৰ লগতে বাকী মানুহবোৰো উভতি যাব উত্তৰ প্ৰদেশলৈ৷ ইয়াৰ সকলো বিক্ৰি কৰি দিম আমি৷ তাতে আমি মাটি কিনি এখন ডাঙৰকৈ বজাৰ বনাম৷ মহাৰাষ্ট্ৰ, গুজৰাটৰ পৰা নিয়া টকাৰে আমাৰ গাওঁখনৰ অলপ উন্নতি হ’ব৷” এটা কুটিল হাঁহি মাৰি মানুহজনে মোলৈ চাই ক’লে৷ মইও হাঁহি এটা মাৰিলো৷ একো উত্তৰ নিদিলো৷

মানুহজন এইবাৰ অলপ গহীন হ’ল৷ মোলৈ চাই অন্তৰত গোট খাই থকা সকলোখিনি ক্ষোভ উজাৰি ক’লে

“ ভাবিছিলো ভাৰতখন বহুত ডাঙৰ ৷ কিন্তু নাই, এতিয়া বুজিছো ভাৰতখন খুব সৰু৷ মোৰ বাবে মোৰ উত্তৰ প্ৰদেশৰ গাওঁখনেই ভাৰত৷ “

মই তেওঁলৈ অলপ আচৰিত বাবে চালো৷ তেওঁ পোনে-পোনে মোলৈ চাই প্ৰশ্ন কৰিলে,

“ আপ সমঝ ৰহে না মেয় ক্যা কেহ ৰহা হুঁ? ( মই কি বুজাব খুজিছো আপুনি নিশ্চয় বুজিছে)”

মই মূৰ দুপিয়াই শলাগি থ’লো৷ লাহে লাহে তাৰ পৰা আঁতৰি আহিলো৷ সাধাৰণ দোকানী এজনে খুব ডাঙৰ কথা এটা কৈ দিলে৷



অলপ চিন্তা:

নিজৰ মাতৃভাষা সকলোৱে ভাল পায়৷ বেলেগ ভাষা শিকাৰ পৰা কেতিয়াও লোকচান নাই বৰং অধিক ভাষা জানিলে আত্ম-বিশ্বাস বাঢ়েহে৷ তামিল, অসমীয়া, বাংলা আদিতকৈ হিন্দী ভাষা-সাহিত্য বেছি উন্নত বা আগবঢ়া বুলি কোনেও দাবী কৰিব নোৱাৰে কিন্তু একমাত্ৰ সংখ্যাগৰিষ্ঠতাৰ জোৰত হিন্দী ভাষাই এটা বেলেগ স্থান অৰ্জন কৰিছে৷ ভাৰতৰ প্ৰায় ৪০% মানুহ হিন্দীভাষী আৰু বাকীবোৰ লোকেও কম-বেছি পৰিমাণে ভাষাটো শুদ্ধকৈ ক’ব বা লিখিব নোৱাৰিলেও অন্ততঃ বুজি পায়৷ কিন্তু সমস্যা আৰম্ভ হয় যেতিয়া আনভাষীলোকসকলে নিজৰ ভাষা-সংস্কৃতি বিপদাপন্ন হোৱা বুলি অনুভৱ কৰে, নাইবা নিজৰ মাতৃভাষা অৱহেলিত হোৱা বুলি অনুভৱ কৰে৷ সকলোতকৈ গুৰুতৰ সমস্যাৰ সৃষ্টি হয় যেতিয়া কোনো এটা ভাষা জোৰকৈ জাপি দিব খোজা বুলি মানুহে ভাবিবলৈ লয়৷ অনৈক্যৰ মাজত ঐক্য তেতিয়ালৈকেহে বৰ্তি থাকিব যেতিয়ালৈকে বিভিন্ন ভাষা-ভাষী লোকৰ মাজত পৰস্পৰৰ প্ৰতি সমমৰ্যদাৰ ভাব আৰু সন্মান থাকিব৷ নহলে চুৰাটৰ সেই দোকানীজনে কোৱাৰ নিচিনাকৈ আমাৰ ভাৰতখন সৰু-সৰু ভাৰত হৈয়েই থাকিব৷

Thursday, 1 January 2015

মোৰ কটন কলেজৰ প্ৰথম দিনৰ তিনিগৰাকী ব্যক্তি..

মোৰ কটন কলেজৰ প্ৰথম দিনৰ তিনিগৰাকী ব্যক্তি..

১৯৭৬ চনৰ আগষ্ট মাহৰ কোনোবা এটা দিন৷ ইতিমধ্যে ফাৰ্ষ্ট মেছৰ এটা ৰুমত থিতাপি লৈছো৷ ৰাতিপুৱাই কলেজলৈ ওলালো চাহ নামৰ গৰম পানী আৰু লগতে দিয়া বিস্কুট নে ব্ৰেড এচকল খাই৷ তেতিয়ালৈকে কাকো ভালদৰে চিনি পোৱা নাই৷

আমি আছিলো বি শাখাত৷ পৰিসংখ্যা বিজ্ঞান লোৱাসকল এ শাখাত৷ জীৱ-বিজ্ঞান লোৱা সকল চি শাখাত আৰু অতিৰিক্ত গণিত লোৱাসকল আছিলো বি শাখাত৷ প্ৰথম ক্লাচটো আছিল স্থানাংক জ্যামিতিৰ৷ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীবোৰ অতি নিমাখিত ভাবে কোনো সাৰসুৰ নোহোৱাকে শ্ৰেণীকোঁঠাত সোমাই যিয়ে য’তে ভাল পায় বহিছে৷ বেছিভাগৰে ৰাতি ভাল টোপনি হোৱা নাই বুলি বুজি পোৱা যায়৷ গুৱাহাটীৰ স্থানীয় ছাত্ৰ-ছাত্ৰীবোৰ যথেষ্ট তজবজীয়া আৰু উজ্জ্বল মুখেৰে কোঠালৈ আহি আছে৷ খোজ-কাটল তথা চেহেৰা দেখিয়েই বুজা যায় কোন লোকেল, কোন চালানী৷ বেছিভাগ লোকেল আহিছিল কটন কলেজিয়েট, ডনবস্ক’, চেন্টমেৰিজ (তেতিয়া এখনেই আছিল) আৰু টিচি স্কুলৰ পৰা৷ হাইস্কুলৰ সংখ্যাও আছিল অতি কম৷

লাহে-লাহে শ্ৰেণীকোঁঠা ভৰি পৰিল৷ আমি আগ্ৰহেৰে বাট চাই ৰ’লো শিক্ষকৰ আগমনলৈ৷ হঠাতে দুৱাৰমুখত আবিৰ্ভাৱ হ’ল এজন ওখ-পাখ , হৃষ্ট-পুষ্ট লোকৰ৷ দেখিয়েই চিনি পালো আমাৰ হোষ্টেলৰ অধীক্ষক স্বৰ্গীয় বাপুকৃষ্ণ চৌধুৰী চাৰক৷ বাৰান্দাৰ পৰাই চাৰে আৰম্ভ কৰিলে…
ফাইন্ড দা দিষ্টেন্স বিতুইন দি পোইন্টচ…….
দুটা বিন্দুৰ স্থানাংক দিয়া আছে, সিহঁতৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা৷
হাইস্কুলত পঢ়ি আহিছিলো স্থানাংক জ্যামিতি৷ গতিকে ধুম-ধাম সূত্ৰটো পাতি দূৰত্ব উলিওৱাত লাগিলো৷ আধামান সম্পূৰ্ণ হওঁতেই পিছফালৰ পৰা কোনোবাই মাত দিলে..
: চাৰ ২৪
ঘূৰি চালো৷ দীঘল চুলিৰ , দীঘল মুখৰ হাঁহিমুখীয়া ল’ৰা এজনে উত্তৰটো উলিয়ালেই৷ আমাৰ অংকটো কৰা আধাও শেষ হোৱা নাই৷
চাৰে আনবোৰলৈ বাট নাচাই লগে-লগে আন এটা অংক দিলে৷ সেইবাৰ সেই ল’ৰাজনতকৈ আগতে উত্তৰটো উলিয়াম বুলি প্ৰাণপণে চেষ্টা কৰিলো৷ কিন্তু আকৌ ল’ৰাজনৰ পৰা সকলোতকৈ আগতে উত্তৰটো আহিল৷
ছাৰে তৃতীয়টো অংক দিলে৷ সেইবাৰো সেইজন ল’ৰায়েই ঘপককৈ উত্তৰ উলিয়াই দিলে৷ ভাবিলো, সেইজন ল’ৰা নে গণক যন্ত্ৰ৷ ইমান চোকা ল’ৰা আছে বুলি আগতে জনা নাছিলো৷ এনে ল’ৰাৰ আগত আমিনো কোন কূটা?
তেনেদৰে ২০ টা মান অংক কৰিলো বোধকৰো৷ সেই ল'ৰাজনৰ আগত বাকী সকলোৱে ধৰাশায়ী হ'লো৷

তাৰপাছত আহিল ৰোল কল৷ ছাৰে এফালৰ পৰা নাম মাতি গ’ল৷ বিভিন্নজনে বিভিন্ন কণ্ঠেৰে, বিভিন্ন সুৰেৰে “ইয়েচ চাৰ” কৈ গ’ল৷
ৰোলকল শেষ হ’ল৷ লগে-লগে কাষৰ বেঞ্চৰ পৰা ছোৱালী এজনী থিয় হৈ মাত দিলে,
: চাৰ , ইউ মিচ্ড মাই ৰোল নাম্বাৰ.. মাই ৰোল নাম্বাৰ ইজ ফিফটি চিক্স…
: অ” আই মিচ্ড ইওৰ ৰোল নাম্বাৰ?... চাৰে মুখত তেখেতৰ ট্ৰেডমাৰ্ক হাঁহিটো ফুটাই ছোৱালীজনীৰ ফালে চালে৷ ইংৰাজীতে আৰু কি ক’লে মনত নাই৷ কিন্তু অসমীয়া মাধ্যমত পঢ়ি অহা আৰু এটাও ইংৰাজী বাক্য ক’ব নোৱাৰা এই অধমে ভেবা লাগি সেই কথোপকথন চাই থাকিলো৷ ভাবিলো,
: বাপৰে, এনেকৈ ইংৰাজীৰ ফুলজাৰি মৰা মানুহৰ মাজত কেনেদৰে চলিম?


অৱশ্যে খুব কম সময়ৰ ভিতৰতে অংকত তীখৰ সেই ছাত্ৰজন আৰু মুখত ইংৰাজী আখৈ ফুটা দিয়া আন ছাত্ৰ-ছাত্ৰীবোৰৰ লগত সহজ হৈ পৰিলো৷

Friday, 26 December 2014

পূৰ্বাশঙ্কা... বিপদৰ আগজাননী

পূৰ্বাশঙ্কা.. বিপদৰ আগজাননী

ইংৰাজীত কয় প্ৰিমনিচন বুলি৷ কিবা এটা ঘটনা ঘটিব বুলি কিছুমানলোকে আগতেই কিবা এটা গম পোৱা পৰিঘটনাটোকে পূৰ্বাশঙ্কা বুলি ক’ব পাৰি৷ এই বিষয়ে পঢ়ি আহিছিলো যদিও নিজৰ ক্ষেত্ৰতোযে কেতিয়াবা তেনে ঘটিব ভাবিবই পৰা নাছিলো৷ এবাৰ নহয়, দুবাৰ নহয়, কেবাবাৰো ঘটিছে মোৰ জীৱনত এনে ঘটনা৷

১৯৯০ চন৷ মোৰ ডাঙৰ ল’ৰাটোৰ জন্ম হোৱা কেইমাহমান হৈছে মাথোন৷ সি কোনোমতে থৰক-বৰকৈ বহিব পাৰে৷ এদিন ৰাতি ভাতখোৱাৰ আগে-আগে টেবুলত বহি পঢ়ি আছো৷ কাষৰ কোঠাৰ বিচনাতে পৰি শ্ৰীমতীয়ে আলোচনী এখন মেলি লৈছে৷ কাষতে বিচনাত বহি ল’ৰাটোৱে মোৰ পিনে চাই আছে৷ মইও তাৰপিনে চাই আছো৷ হঠাতে মনলৈ ভাব আহিল সি বিচনাৰ পৰা পৰিব পাৰে৷ মই শ্ৰীমতীক সাবধান কৰি দিয়াৰ আগতেই চকুৰ পচাৰতে মোৰ চকুৰ আগতে সি বিচনাৰ পৰা মূৰ তল কৰি মজিয়াত বাগৰি পৰিল৷

তাৰ কেইমাহমান পিছৰ কথা৷ বঙাইগাঁৱত থকা ডাঙৰ দাদাৰ ঘৰলৈ গৈছো৷ ঘৰটো নতুনকৈ সাজিছে মাথোন৷ বাগেশ্বৰী মন্দিৰৰ কাষেৰে পাৰ হৈ কিছুদূৰ আগবাঢ়ি যাব লাগে৷ নতুনকৈ ঘৰ-বাৰী সাজি আশে-পাশে দুই এঘৰ মানুহ বহিব ধৰিছে৷ দুপৰীয়া ভাত খাই শ্ৰীমতী আৰু কেচুৱা ল’ৰাটো দাদাৰ ঘৰতে থৈ মই অকলে গুৱাহাটীলৈ বুলি ওলাই আহিলো দুইবজাৰ বাছ ধৰিবলৈ৷ আলিবাটৰ পৰা দাদাৰ ঘৰটোলৈ চাই ভাবিলো,
“ঘৰটো বৰ সুবিধাজনক ঠাইত নহয়৷ অতি নিৰ্জন ঠাই৷ ডকাইতি হোৱাৰ ভয় আছে৷” মনত কিবা এটা অজান আশঙ্কা জাগি উঠিল৷
সেইদিনাই ৰাতি দাদাৰ ঘৰলৈ ডকাইত আহিল৷ দাদাহঁতে দুৱাৰ নুখুলিলে৷ হুলস্থূল শুনি কাষৰ অত্যুৎসাহী মানুহ এজন খেদা মাৰি অহাত যেনিবা ডকাইতে বিশেষ একো কৰিব নোৱাৰিলে৷

কিছুদিন পাছৰ কথা৷ জালুকবাৰীৰ পৰা বাছেৰে পাণবজাৰৰ পিনে গৈ আছো৷ ভৰলু থানাৰ সন্মুখত দুৰ্ঘটনাগ্ৰস্ত হোৱা মাৰুতী-৮০০ গাড়ী এখন দেখিলো৷ মটীয়া ৰঙৰ৷ হঠাতে মোৰ সৰু দাদালৈ মনত পৰিল৷  দাদাৰো একেই গাড়ী, ৰঙো একে৷ মনত আশংকা জাগিল: সৰু দাদাৰ কিবা হ’ব পাৰে৷ বেছিদিন বাট চাবলগা নহ’লেই৷ খবৰ পালো, দাদা  একেলগে কাম কৰা মানুহতিনিজনৰ লগত  ৰাতি বিয়া খাই গুৱাহাটীৰ পৰা বঙাইগাঁওলৈ গাড়ীৰে গৈ থাকোঁতে বাইহাটা চাৰিআলিৰ ওচৰত এখন ট্ৰাকৰ লগত মুখা-মুখি সংঘৰ্ষ হয়৷ দাদা দ্ৰাইভাৰৰ কাষৰ চীটতে বহি আছিল৷ শেষ মুহূৰ্তত তেওঁ গাড়ীৰ ষ্টিয়াৰিং আনফালে ঘূৰাই দিয়া বুলিহে কোনোমতে জীৱন ৰক্ষা পৰিল৷ অৱশ্যে কপালখন ভালদৰেই কাট খালে৷


তাৰপিছৰ পৰা মোৰ একো ভাবিবলৈকে ভয় লগা হ’ল৷ কিন্তু আজি কিছুদিন আগতে এনে এটা ঘটনা ঘটি গ’ল যে মোক ভালদৰেই জোকাৰণি দি গ’ল৷ ঘটনাটো ৰাজহুৱা নকৰাই ভাল কিন্তু এই পূৰ্বাশঙ্কা নামৰ আচৰিত পৰিঘটনাটোৱে মোৰযে সহজে লগ নেৰে সেইকথা বুজি পালো৷ 

Wednesday, 24 December 2014

কোন বা আছিল সেই মানুহঘৰ

কোন বা আছিল সেই মানুহঘৰ?

আমি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চতুৰ্থ নে পঞ্চম বাৰ্ষিকত পঢ়ি আছিলো তেতিয়া৷ ব্ৰহ্মপুত্ৰৰ ওপৰৰ দ্বিতীয়খন দলং অৰ্থাৎ কলীয়া ভোমোৰা দলঙৰ নিৰ্মাণ কাৰ্য তেতিয়া চলি আছিল৷ আমাৰ কলেজৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰসকলে শিক্ষামূলক ভ্ৰমণ হিচাবে সেই নিৰ্মাণকাৰ্য চাবলৈ গৈছিল৷ তেজপুৰৰ পৰা বাছেৰে উভতি আহি থাকোঁতে এজনৰ পেটৰ কমোৰণি আৰম্ভ হ’ল৷ কোনোমতে দাঁত-মুখ কামুৰি চীটত বহি থাকিল আৰু গুৱাহাটী পালেই কামফেৰা সমাধা কৰিম বুলি ভাবি থাকিল৷ কিন্তু লাহে-লাহে অৱস্থা বেয়া হৈ আহিবলৈ ধৰিলে৷ লাজো লাগিল লগৰীয়াবোৰৰ আগত কথাটো কৈ বাছখন ৰখাই দিন-দুপৰতে পথাৰত বহিবলৈ৷

বাছখন আহি মঙ্গলদৈ পাবৰ হ’ল৷ মঙ্গলদৈত কিবা কাৰণত বাছখন বজাৰৰ ওচৰৰ এঠাইত অলপ সময় ৰখাই আকৌ পিছুৱাই আহি বাছখন ঘূৰায়৷ গতিকে পাঁচমিনিটমান সময় পোৱা যাব বুলি তেওঁ বুজিলে আৰু সাজু হৈ থাকিল৷ 

মঙলদৈৰ সেই নিৰ্দিষ্ট ঠাই পোৱাৰ লগেলগে ল’ৰাজন নামিল৷ নামিয়েই ৰাস্তাৰ কাষতে থকা ঘৰ এটালৈ সোমাই গ’ল৷ চোতালত ল’ৰা-ছোৱালীদুটামানে খেলি আছিল৷ ল’ৰাজনে সুধিলে,
“ভন্টি , তোমালোকৰ পায়খানা ক’ত?”
ছোৱালীজনীয়ে হাতেৰে আঙুলিয়াই দেখুৱালে৷ ল’ৰাজন তীব্ৰবেগে সেইফালে ঢাপলি মেলিলে৷ তাৰপাছত একমিনিটৰ ভিতৰতে পেট খালী কৰি চেনিটেৰী পায়খানাৰ পেন ভৰাই দিলে৷ ভিতৰ সোমাওঁতে লগত পানী লৈ যাবলৈ পাহৰিলে৷ ভিতৰত থকা সৰু মগ এটাত থকা অকণমান পানীৰে নিজৰ শৰীৰৰ সেই অংশ অলপ পখালি হাতখন কোনোমতে ধুই পুনৰ ৰাস্তালৈ দৌৰ দিলে৷ ইতিমধ্যে বাছখন ঘূৰোৱা হৈছিল৷ ল’ৰাজন গৈ চীটত বহিল যেন একোৱেই হোৱা নাই, এনে ভাবেৰে৷ বাছখন গুৱাহাটী অভিমুখে ৰাওনা হ’ল৷ সকলো কাম প্ৰায় দুই-তিনি মিনিটৰ ভিতৰতে যুদ্ধকালীন ক্ষিপ্ৰতাৰে সম্পন্ন হৈ গ’ল৷

ল’ৰাজনৰ সেই কাহিনী শুনি আমি হোষ্টেলত বাগৰি বাগৰি হাঁহিলো৷ বেয়া লাগিল সেই মানুহঘৰৰ কথা ভাবিহে৷ ক’ৰ অচিনাকী ল’ৰা এজন আহি পায়খানাটো লেতেৰা কৰি থৈ গ’ল বুলি কিজানি এতিয়াও শাওপাত দি থাকে৷

Tuesday, 23 December 2014

চাকাটু ঘুচ্চে...

চাকাটু ঘুচ্চে….

প্ৰায় গোটেইখন অসমেই চোৱাৰ সুযোগ পালো৷ উজনি-নামনি দুয়োপিনে থাকিও পালো৷ বিভিন্ন ঠাইৰ কথা মনলৈ আহিলে বিভিন্ন কথা মনলৈ আহে৷

মা-দেউতা বৰপেটাৰ যদিও চাকৰিসূত্ৰে বৰপেটাৰ বাহিৰতেই থাকিবলগা হৈছিল বাবে আমি কেতিয়াবাহে বৰপেটালৈ আহিবলৈ সুযোগ পাইছিলো৷ দেউতাৰ মৃত্যুৰ পাছত আমি বৰপেটালৈ গুচি আহো আৰু কীৰ্তনঘৰৰ ওচৰতে ঘৰ এটা ভাড়া লৈ থাকিবলৈ লওঁ৷ বৰপেটাৰ বহুতো কথাই আন ঠাইতকৈ বেলেগ৷ ইয়াৰ মানুহে দৈ আৰু মাছ খাই খুব ভাল পায়৷ বিশেষকৈ কাৱৈ মাছ বৰ প্ৰিয়৷ সেইকাৰণেই বোলে বৰপেটাৰ মানুহৰ বুদ্ধি বৰ প্ৰখৰ৷ তাতে আকৌ ব্যৱসায় বাণিজ্যত অসমৰ ভিতৰতে নামথকা ঠাই৷ উপস্থিত বুদ্ধিও কম নহয়৷ কিন্তু সকলোতকৈ মন কৰিবলগীয়া কথাটো হৈছে ইয়াৰ মানুহৰ ৰসিকতাবোধ৷ তাৰে দুই-এটা উদাহৰণ দিবলৈ মন গ’ল৷

এসময়ত চাইকেলৰ যথেষ্ট প্ৰচলন আছিল৷ এবাৰ এজন মানুহে এঘৰ মানুহৰ তালৈ চাইকেলেৰে আহিছিল৷ ঘৰৰ আগফালে চাইকেলখন থৈ তেখেত ভিতৰ সোমাই গ’ল৷ ৰাস্তাত বহি আছিল কেইটামান চেঙেলীয়া ল’ৰা৷ মানুহজন অলপপাছত ওলাই আহিল আৰু চাইকেলখন লৈ জাপ মাৰি উঠি পেদেল মাৰি আগবাঢ়িব ধৰিলে৷ পিছে-পিছে চেঙেলীয়া ল’ৰা কেইটামান দৌৰিবলৈ ধৰিলে, এইবুলি চিঞৰি চিঞৰি..
“ হাও , পাছোচ্চাকাটু টক টককে ঘুচ্চেয়ে… ঘুচ্চে,, ঘুচ্চে…. ( পাছৰ চকাটো কি টক টককৈ ঘূৰিছে.. ঘূৰিছে.. ঘূৰিছে..)
চাইকেল চলাই যোৱা মানুহজন চাইকেলৰ পৰা নামিল৷ আৰু পাছৰ চকাটো পৰীক্ষা কৰি চালে৷ একো বিসঙ্গতি নেদেখি আকৌ চাইকেল চলাবলৈ ধৰিলে৷ ল’ৰাকেইটাই আকৌ চিঞৰিলে… “ আৰো ঘুচ্চে.. আৰো ঘুচ্চে.. (আকৌ ঘূৰিছে.. আকৌ ঘূৰিছে..)
মানুহজন আকৌ নামিল৷ ল’ৰাকেইজনলৈ চাই সুধিলে:
“ক’ত ঘুচ্চে?”
“চাইকেল চললিতো চাকা ঘুৰবোৱে.. (চাইকেলখন চলিলেতো চকা ঘূৰিবই)” এজন ল’ৰাই মাত দিলে৷ বাকী কেইজনে হাঁহিত যোগ দিলে৷
*****
বিয়াৰ সময়ত বৈথকী পতা নিয়ম এতিয়াও চলি আছে বৰপেটাত৷ সাধাৰণতে তিনিদিনীয়া বিয়া পাতিলে প্ৰথমদিনা তেলৰভাৰ (জোৰোণ), দ্বিতীয়দিনা শূইন আৰু তৃতীয়দিনা মুল বিয়াখন৷ শূইনৰ দিনা ৰাতি বৈথকী পতা হয় বিশেষকৈ হাটীৰ মানুহখিনিৰ মনোৰঞ্জনৰ কাৰণে৷ কেতিয়াবা গোটেই ৰাতি বৈথকী চলে৷ বৈথকীত গান গোৱা কিছুমান স্থানীয় বিখ্যাত লোকো আছে৷

অলপতে বৰপেটাত এখন বৈথকী চাই আছিল গুৱাহাটীৰ পৰা যোৱা মোৰ বন্ধু এজনে৷ এজন বৃদ্ধলোকে গীত পৰিৱেশন কৰিছিল৷ ভূপেন হাজৰিকাৰ গীত অবিকল গাইছিল৷ তেওঁৰ সেই গীত পৰিৱেশনত অভিভূত হৈ গুৱাহাটীৰ পৰা যোৱা বন্ধুজনে মন্তব্য কৰিলে,
“ কি সুন্দৰ গাইছে৷ এই বুঢ়া বয়সতো ইমান সুন্দৰ গলা৷ এই বয়সতো ইমান ধুনীয়া গাইছে৷ বিশ্বাসেই নহয়৷”
কাষত বহি থকা মানুহজনে মাত লগালে,
“ বান্দাৰ বুৰা হ’লি গাছোত উঠবা পাহেৰবোনা?.. “ (বান্দৰ বুঢ়া হ’লে জানো গছত উঠিবলৈ পাহৰি যাব)
কি উপস্থিত বুদ্ধি, কি ৰসবোধ, কি উপমা !!!
*****
দুজনী ছোৱালী ৰাস্তাৰে আহি আছিল৷ তাৰে এজনী যথেষ্ট দেখনিয়াৰ আনগৰাকী কিম্ভূত-কিমাকাৰ৷ কিম্ভূত-কিমাকাৰ গৰাকীয়ে মুখত যিমান পাৰে স্নো-পাউদাৰ-লিপষ্টিক আদি লগাই আহিছিল৷ আনহাতে দেখাত সুন্দৰীগৰাকীয়ে কোনো ধৰণৰ চূণকাম নকৰি অতি সাধাৰণভাবে আহিছিল৷ দুজন ডেকাই দূৰৰ পৰাই আহি থকা দুয়োগৰাকী ছোৱালীলৈ লক্ষ্য কৰি আছিল৷ ছোৱালী দুগৰাকী আহি একেবাৰে ওচৰ পালে৷ অতিপাত ধুন-পেচ মাৰি অহা কিম্ভূত-কিমাকাৰ ছোৱালীগৰাকীলৈ লক্ষ্য কৰি এজনে মন্তব্য কৰিলে,
“ হলিও বুইন্দাটু পাম দিলি আৰো ৰসগোল্লা হবা পাৰবোনা?” (বুন্দিয়া এটা পাম দিলে জানো ৰসগোল্লা হ’ব পাৰিব?)

******