পঢ়া-শুনাত সৰুৰে
পৰা ভালেই আছিলো৷ দেউতাই বিচাৰিছিল যাতে সদায় পৰীক্ষাত প্ৰথম হওঁ৷ দেউতাক সন্তুষ্ট
কৰিবলৈকে মনপুতি পঢ়িছিলো৷ দেউতাৰ অনুশাসন অতি কঠোৰ আছিল বাবে প্ৰায়েই দেউতাৰ হাতত চেকনিৰ
কোব খাব লগা হৈছিল, কিন্তু স্কুলত তেনে অভিজ্ঞতা প্ৰায় নাছিল৷ স্কুলত চেকনিৰ কোব খাব
লগা হোৱাটো মোৰ বাবে প্ৰচন্ড অপমানজনক কথা আছিল৷ তিতাবৰ অভ্যসন বিদ্যালয়ত ১৯৬৪ চনৰ
পৰা ১৯৬৮ চনৰ আৰম্ভণিলৈকে পঢ়া দিনবোৰলৈ মনত পেলালে মাত্ৰ দুটা ঘটনাই মনলৈ আহে, চেকনিৰ
কোব খোৱাৰ৷
খ শ্ৰেণীত পঢ়ি
থকা সময়ৰ কথা৷ বাইদেউ এগৰাকীয়ে সাহিত্য পঢ়ায়৷ পাঠ্য-পুথিখনৰ নাম
আছিল আৰ্হিপাঠ৷ খ শ্ৰেণীত আমাক যুক্তাক্ষৰ শিকোৱা হৈছিল৷ প্ৰায়েই বোৰ্ডত বানান লিখিবলৈ
দিছিল বাইদেউ গৰাকীয়ে৷ নোৱাৰিলে হাতত, পিঠিত চেকনিৰ চেটেপ চেটেপ মাৰ পৰিছিল৷ প্ৰায়
সকলোৱেই এদিন নহয় এদিন তাৰ সোৱাদ ল’বলৈ পাইছিল৷ মই ভালেমান দিন সাৰি আছিলো৷ বাইদেউ
শ্ৰেণীকোঠাত সোমালেই আমাৰ বুকু কঁপিছিল৷
এদিন বাইদেৱে আমাক বোৰ্ডত বানান লিখিবলৈ মাতিলে,
এজন এজনকৈ৷ দুজন মানে পাৰিলে, কেইজনমানে চেকনিৰ কোব খালে৷ আমি বাকীবোৰ বলি দিবলৈ নিয়া
ছাগলীৰ দৰে থৰহৰি কম্পমান হৈ চাই থাকিলো৷ হঠাতে মোৰ নামটো ভাহি আহিল বাইদেউৰ মুখৰ পৰা৷
মই অলপ সাহস গোটাই বোৰ্ডৰ ওচৰলৈ গৈ হাতত চকমাটি এডোখৰ তুলি লৈ বাইদেউলৈ চালো৷
বাইদেৱে ক’লে, “লিখা,
শক্তিশালী৷”
মই অলপো দ্বিধাবোধ নকৰাকৈ বোৰ্ডত লিখি দিলো, “শক্তিশালি”৷
লিখা হ’লত বাইদেউৰ
পিনে চালো৷ বাইদেৱে গহীন ভাবে ওচৰলৈ মাতিলে৷ তাৰপাছত হাত পাতিবলৈ ক’লে৷ হাতৰ তলুৱাত
কেইটা কোব পৰিল মনত নাই৷ লাজে অপমানে কাণ-মূৰ ৰঙা হৈ পৰিল৷ তলমূৰকৈ আহি নিজৰ ঠাইত বহি
পৰিলো৷
তাৰ পাছত বাইদেৱে মাতিলে ছোৱালী এজনীক৷ আমাৰ স্কুললৈ নতুনকৈ আহিছিল৷ ছোৱালীজনীয়ে পোনে-পোনে বোৰ্ডৰ ওচৰলৈ গৈ ধুনীয়া আখৰেৰে
লিখি দিলে, “শক্তিশালী”৷ বাইদেৱে শলাগিলে৷ তাই গৌৰৱৰ ভাবেৰে আহি নিজৰ ঠাইত বহি পৰিল৷
মই ইতিমধ্যে হাতৰ তলুৱাৰ কোবকেইটাৰ কথা পাহৰি গৈছিলো৷ আমাৰ মাজলৈ অহা সেই ছোৱালীগৰাকীয়েহে
দুগালত দুটা প্ৰচন্ড “শক্তিশালী”চৰ শোধোৱা যেন লাগিল৷ গালখন বহুদিনলৈকে ফৰ ফৰাই থকা
যেন লাগিছিল৷
সেইদিন ধৰি কেতিয়াও আৰু সেই বানান ভুল কৰা মনত নপৰে৷ সঁচাকৈয়ে শক্তিশালী বানান
শিক্ষা প্ৰণালী৷
দ্বিতীয়টো ঘটনা
মনত পৰিলে আজিও মনটো বিদ্ৰোহী হৈ উঠিব খোজে৷ তেতিয়া বোধকৰো মই প্ৰথম শ্ৰেণীত৷
পানীখোৱাছুটীৰ
পাছত আমাৰ খেল-ধেমালিৰ পিৰিয়ড আছিল৷ আমি নিজৰ পচন্দ মতে কিবা-কিবি খেলি আছিলো৷ ছোৱালী
কেইজনীমানে স্কিপিং কৰি আছিল৷ সৰুৰে পৰা মইও স্কিপিং কৰি খুব ভাল পাইছিলো৷ মই হাতত
স্কিপিঙৰ ৰচী লৈ থকা ছোৱালী এজনীৰ ওচৰ চাপি গৈ ৰচীডাল খুজিলো৷ কোনো আপত্তি নকৰাকৈ ছোৱালীজনীয়েও
ৰচীডাল মোলৈ আগবঢ়াই দিলে৷
হাতত ৰচীডাল মই ল’বলৈহে পালো, হঠাতে ক’ৰবাৰ পৰা চাৰ এজন আহি
মোক ডবা পিট দিলে৷ লাজ-অপমান-যন্ত্ৰণাত আধামৰা যেন হ’লো৷ মোক কি কাৰণে তেনেদৰে নিষ্ঠুৰ
ভাবে প্ৰহাৰ কৰা হ’ল বুজিও নাপালো৷ হয়তো ল’ৰাই স্কিপিং কৰিব নাপায় বুলি চাৰজনে ভাবিছিল৷
নাইবা হয়তো, ল’ৰা হৈ মই ছোৱালীৰ পৰা খেলৰ সামগ্ৰী খুজিবলৈ যোৱাটো চাৰজনৰ দৃষ্টিত অপৰাধ
আছিল৷ মোৰ দোষ কি, সেইটো মোৰ বাবে ৰহস্য হৈয়েই থাকিল৷
দিন বাগৰি গ’ল৷ স্কিপিং কৰিবলৈ কিন্তু এৰি নিদিলো৷
কালক্ৰমত কটন কলেজ পালোঁহি৷ কলেজ সপ্তাহৰ সময়ত হোৱা
বিভিন্ন প্ৰতিযোগিতাৰ মাজত স্কিপিং প্ৰতিযোগিতাও আছিল৷ অৱশ্যে কেৱল ল’ৰাৰ বাবেহে৷ মইও যোগদান কৰিলো৷ মোৰ প্ৰদৰ্শন ভালেই হৈছিল৷ অলপৰ কাৰণেহে
পুৰস্কাৰ পোৱাৰ পৰা বঞ্চিত হ’লো৷ সেইদিনা পিছে তিতাবৰৰ সেই চাৰজনৰ কথা বাৰে বাৰে মনত পৰিছিল৷ ভাবিছিলো,
প্ৰতিযাগিতাত প্ৰথম হোৱা, এক মিনিটত ১৮০ বাৰ স্কিপিং কৰা মণিপুৰী ছাত্ৰজনে স্কিপিং
কৰা সময়ত যদি চাৰজনে আগতে কেতিয়াবা দেখিলেহেতেন, কিজানিবা মোৰ পিঠিত তেখেতৰ চেকনিৰ এটাও কোব নপৰিলেহেতেন৷
মনত পৰিলে পিঠিখন
এতিয়াও চেকচেকাই উঠে৷
সৰু সৰু ল’ৰা-ছোৱালীক শ্ৰেণীত কোবোৱা কথাটো মই কোনো কাৰণতেই সহজভাৱে ল’ব নোৱাৰো৷ শীলভদ্ৰৰ গল্প এটাত তেওঁলোক সৰু থকা সময়ত শিক্ষকে কি নিষ্ঠুৰভাৱে ছাত্ৰক মাৰ-ধৰ কৰিছিল আৰু মাৰ-ধৰ কৰাৰ সময়ত শিক্ষকৰ চকু মুখত সঁচাকৈ কেনে এক তীব্ৰ বিদ্বেষ আৰু নিষ্ঠুৰতাৰ ভাব ফুটি উঠিছিল তাৰ অতি নিখুট বৰ্ণনা এটা পোৱা যায়৷ আপোনাৰ দৰে আভিজ্ঞতা কম বেছি পৰিমাণে আমাৰো হৈছিল৷ মাত্ৰ মোৰ এটা দুৰ্বলতা কিছু পৰিমাণে আজিও আছে৷ মোৰ কিছু বানান বিভ্ৰান্তি আজিও হয়৷
ReplyDeleteধন্যবাদ.. বেতৰ কোব নিদিয়াকৈও ল'ৰা-ছোৱালীক মৰমেৰে শিকাব পৰা যায়৷
Deleteসৰু কিন্তু বৰ গুৰুত্বপূৰ্ণ কথা। ভাল লাগিল পঢ়ি। মইয়ো বহুত মাৰ খাইছো, কিন্তু পঢ়া নোৱাৰাৰ বাবে নহয়, বদমাছি কৰাৰ বাবে। অৱশ্যে মোক দিয়া কোব কেইটাই মোৰ ভালহে কৰিলে।
ReplyDelete