তিতা, কেঁহা, মিঠা..তথাপি ভাল লগা An Assamese/English/Hindi Blog
At the outset.. বাট চ'ৰাতে
Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..
মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....
মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....
Translate
Thursday, 23 May 2013
पानी
लंबे समय से
धूप में चलते चलते
थक गया था
मेरे सिर पर था सूरज
जो चूस रहा था
मेरी सारी ऊर्जा.......
कोई हवा नहीं थी
आसपास नहीं था
कोई पेड़-पौधा
ताकि छाया में
आराम कर सकूँ.....
मैं बस जा रहा था
आगे बढ़ रहा था
पता नहीं था
कितनी देर तक
मैं जारी रख सकता.....
तो फिर आप मिले
रास्ते में
करते हुये इंतज़ार
पानी लेकर अपने साथ.
आपने पानी की पेशकश की
मेरे मागंने से पहले ही
मैने पानी पीया
जी भरके
ऐसा महसूस हुआ
कि नया जीवन मिला..
कुछ पल आराम किया
आप को धन्यवाद दिया
और मैने फिर शुरू कर दिया
आगे बढ़ना.....
नाम तक नहीं पूछा
मैंने आपका
बस, भूल ही गया
या आपकी जाति, धर्म
या परिवार की पृष्ठभूमि
मुझे तो केवल
पानी से मतलब था...
------------------------------
ड० माखन लाल दास "बेफिक्र"
Wednesday, 22 May 2013
सपना.......
मैंने तुम्हे देखा था
मुझ पर झांकती हुई
खिड़की से
चुपके चुपके
मैंतो समझ नहीं पाया
तुम्हारी आँखों की
मूक भाषा..
अगर व्यक्त की होती
प्यार भरी बातों से
या पत्र लिख कर
अपने कोमल हाथों से
मेरी दुनिया भी
हो गयी होती
खुबसूरत
सजी हुई
फूलों से
परीयों के देशों का....
------------------------- ड० माखन लाल दास (२१ मई, २०१३)
Tuesday, 21 May 2013
সপোন….
খিৰিকিৰ ফাঁকেৰে
অতি গোপনে
জুমি জুমি
চাই থাকোঁতে
তুমি ধৰা পৰি গৈছিলা
মইতো নাছিলো বুজা
কোনো কালে
চকুৰ নীৰৱ ভাষা৷
এবাৰ যদি ক’লাহেতেন
মুখ ফুটাই
নাইবা
নীলা খামৰ চিঠিৰে
হৃদয়ৰ গোপন কথা
হয়তো হ’লহেতেন
মোৰো জীৱনটো
কোনো অজান্তি মুলুকৰ
সপোন কোমল
অলেখ ফুলেৰে গঁঠা৷
=====================ডঃ মাখন লাল দাস (২১ মে', ২০১৩)
Thursday, 16 May 2013
শিক্ষকৰ ডায়েৰী…… অথ বান্দৰ সংবাদ…
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স’তে বান্দৰৰ সম্বন্ধ চিৰদিনীয়া৷
চৌহদৰ বাসিন্দাসকলে বান্দৰৰ লগত সহ-অৱস্থান কৰিবলৈ শিকি যায় কম সময়ৰ ভিতৰতে৷ হোষ্টেলত
থাকোঁতে বান্দৰৰ স’তে নানা ধৰণৰ ধেমালিও কৰিছিলো৷ ১৯৮৫ চনত প্ৰবক্তা হিচাবে যোগ দিয়াৰ
পাছত চৌহদতে থাকিবলৈ লওঁ চৰকাৰে যোগাই দিয়া আবাসসমূহত৷ মোৰ চাকৰিজীৱনত মুঠতে দহবাৰ
আবাস সলাইছিলো অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত৷ বান্দৰৰ সৈতে অভিজ্ঞতাও হৈছিল বেলেগ
বেলেগ ধৰণৰ ৷
১৯৯১ চনৰ কথা ৷ তেতিয়া মই দুইনম্বৰ ছাত্ৰাবাসৰ অধীক্ষক৷ অধীক্ষকৰ
বাসগৃহটো ছাত্ৰাবাসৰ কাষতে৷ চৰকাৰী গৃহসমূহৰ অৱস্থা দেখিলে কেতিয়াবা নিজকেই ধিক্কাৰ
দিবৰ মন যায়৷ বৰষুণ দিলে পানী সোমায়, কেতিয়াবা মজিয়াৰ সুৰুঙাৰে সাপৰ অনুপ্ৰৱেশ ঘটে,
ধুমুহা আহিলে ঘৰটোৰ লগতে বুকুবোৰো সমানে কঁপে৷ তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি আহি থাকে
বান্দৰৰ জাকবোৰ৷ শিক্ষকতা কৰি কিবা অলপ পূণ্য অৰ্জন কৰা বাবেহে কিজানি কোনো অপায়-অমঙ্গল
নোহোৱাকৈ থাকে ৷
তেতিয়া মোৰ ডাঙৰ ল’ৰাটো এবছৰীয়া৷ ল’ৰাটিক যিকোনো প্ৰকাৰে
বান্দৰৰ হাতৰ পৰা বচাই ৰখাটোৱেই আছিল আমাৰ বাবে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান৷ সকলো সময়তে
দুৱাৰ-খিৰিকি বন্ধ কৰি ৰখা হৈছিল, আয়নাভঙা খিৰিকিবোৰ ডাঠ কাগজ আদিৰে যিকোনো প্ৰকাৰে
বন্ধ কৰি লোৱা হৈছিল৷ তথাপি মাজে মাজে বান্দৰ সোমাই আহে৷ ভালদৰে লক্ষ্য কৰি বান্দৰ
সোমোৱা বাটটো বিচাৰি পালো৷ ঘৰৰ চিলিঙলৈ মানুহ উঠি যাব পৰাকৈ বাট এটা আছিল, কিন্তু সেই
বাটটো বন্ধ কৰিবৰ বাবে থকা ঢাকনিখন ভাঙি যোৱা বাবে বাটটো অনবৰতে খোলা অৱস্থাত থাকে৷
ঘৰৰ চালৰ তলেৰে থকা ফাঁকেৰে বান্দৰবোৰ চিলিঙত সোমায় আৰু সেই বাটেৰে ভিতৰলৈ সোমাই আহে৷
বাটটো বন্ধ কৰি দিবলৈ চৌহদতে থকা সংশ্লিষ্ট বিভাগৰ দায়িত্বশীল বিষয়াজনলৈ লেখিলো৷ এদিন
দুদিনকৈ বহুদিন পাৰ হৈ গ’ল৷ কোনো কাম নহ’ল৷
এদিন দুপৰীয়া কলেজৰ পৰা ভাত খাবলৈ ঘৰলৈ আহি শ্ৰীমতীৰ কন্দনামুৱা
মুখখন দেখি বুজিলো, কথা বিষম৷ শ্ৰীমতীয়ে যিটো বৰ্ণনা দিলে, মোৰ গাৰ নোম শিঁয়ৰি উঠিল৷
“আজি প্ৰকান্ড বুঢ়া বান্দৰটো সোমাইছিল৷ বাবলু আছিল বিচনাত৷
এফালে বান্দৰটো, এফালে বাবলু৷ মাজতে মই৷ বান্দৰটোৱে মোক খেদা মাৰি মাৰি আহে৷ কিছুসময়
তেনেদৰে থকাৰ পাছত বান্দৰটোৱে কিবা ভাবি গুচি গ’ল৷ মই কোনোমতেহে বাবলুক বচালো্ঁ৷ সোনকালে
কিবা এটা কৰা, নহলে আমি এই কেম্পাচৰ পৰা যাওঁগৈ৷”
লগে লগে পদুলিমুখলৈ ওলাই আহিলো৷ সেইদিনা পৰীক্ষা চলি আছিল৷
কেইমিনিটমান অপেক্ষা কৰাৰ পাছত ছাত্ৰ এজন কলেজৰ পৰা আহি থকা চকুত পৰিল৷ মোৰেই ছাত্ৰ,
মোৰেই হোস্টেলৰ বাসিন্দা৷ ওচৰ আহি পোৱাৰ লগে লগে সুধিলো,
“হেৰি নহয়, প্ৰশান্তক দেখিছিলা নেকি?” (মোৰ খুৰশালি, ল’ৰাজনৰ
লগত একেলগে পঢ়ে), মই সুধিলো৷
“নাই দেখা, কিয়নো চাৰ?”
“কিবা কাম এটা আছিল,” মই চমুকৈ ক’লো৷
“কি কাম চাৰ? মোক কওঁকচোন৷ মই আছো নহয়৷”
নিজৰ সুবিধাৰ বাবে ছাত্ৰক ব্যৱহাৰ কৰাটো নীতি-বিৰুদ্ধ কথা
বুলি সদায় মানি আহিছো৷ তথাপি ল’ৰাজনৰ আগ্ৰহ দেখি কওঁ-নকওঁকৈ ল’ৰাজনক সমস্যাটো বুজাই
ক’লো৷
“হয় নেকি? আপুনি ৰৈ থাকক, এঘন্টাৰ ভিতৰত আপোনাৰ কাম হৈ আছে,”
মোক আশ্বাস দি ল’ৰাজনে পোনে পোনে সেই কাৰ্যালয়ৰ পিনে খোজ ল’লে৷ কথাটো কৈ ভালেই কৰিলোঁ
নে ভুলেই কৰিলো ভাবি নাপাই মই অস্থিৰ মনেৰে ভিতৰ সোমাই আহিলো৷
আধাঘন্টাও নহ’ল কিজানি, ল’ৰাজন আহি মাত লগালেহি৷ বাহিৰ ওলাই
দেখোঁ ল’ৰাজনৰ লগত চাৰিজনমান মানুহ, লগত বিভিন্ন সঁজুলি আৰু দুখনমান প্লেইন চীট৷ মানুহকেইজন
কামত লাগি গ’ল আৰু কম সময়ৰ ভিতৰতে বান্দৰ সোমোৱা বাটবোৰ নিকপকপীয়াকৈ বন্ধ কৰি থৈ গ’লগৈ৷
“তুমি কেনেকৈ কৰিলাহে কামটো?” মানুহকেইজন যোৱাৰ পাছত মই ল’ৰাজনক
সুধিলো৷
“চাৰ, অফিচত গৈ অলপ বান্দৰামি কৰিলো্ঁ, বান্দৰৰ ভাষাহে মানুহবোৰে
বুজি পায়,” মিচিকিয়া হাঁহি মাৰি ল’ৰাজনে উত্তৰ দিলে৷
মইও হাঁহি মাৰি শলাগি থলোঁ৷
ল’ৰাজন গ’লগৈ, ঘৰত বান্দৰ সোমোৱাও বন্ধ হ’ল সেইদিনাৰ পৰা৷
সেই ছাত্ৰজন এতিয়া এজন সফল অভিযন্তা ৷ অৱশ্যে তেওঁ এতিয়াও
বান্দৰৰ ভাষা প্ৰয়োগ কৰেনে নাই, সেইটোহে জানিবৰ মন যায়৷
Wednesday, 15 May 2013
ভেঙুচালি….
প্ৰায় বাৰবছৰমান আগৰ কথা৷ তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষকতা কৰোঁ৷
অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহৰ বাছনি পৰীক্ষাৰ বাবে গুৱাহাটী 'জোন'ৰ সহকাৰী 'জোনেল'
অফিচাৰ হিচাবে নিযুক্তি পাইছিলো৷ সেইদিনা আছিল বন্ধৰ দিন৷ তথাপি কিছু কাম থকাত
পৰীক্ষাৰ কামৰ বাবে সাজু কৰি লোৱা অস্থায়ী কাৰ্যালয়টোতে বহি কাম কৰি আছোঁ৷
এনেতে এজন ডেকা আহি ওলাল৷ খিৰিকিৰে মোক মাত লগালে,
“চাৰ, মই এডমিট কাৰ্ড নিবলৈ আহিছিলো৷ দিব নেকি?”
“আজি অফিচ বন্ধ, এডমিট কাৰ্ড দিয়া মানুহজন নাই৷ মই অকলেহে আছোঁ, কাইলৈ আহিব,”
মই উত্তৰ দিলো৷
“চাৰ, মই বঙাইগাৱঁৰ পৰা আহিছিলো, আজি বন্ধ বুলি নাজানো নহয়৷ কিবা এটা কৰি পাৰে
যদি দিয়ক,” ডেকাজনে অনুৰোধ জনালে৷
মই অলপ চিন্তা কৰিলো, তাৰপাছত ডেকাজনলৈ চাই সুধিলো, “কি নাম?”
ডেকাজনে নামটো ক’লে৷ বঙাইগাওঁ কেন্দ্ৰৰ ফাইলটো বিচাৰি উলিয়াই চালো, নামটো আছে,
এডমিট কাৰ্ডখনো আছে৷ এডমিট কাৰ্ড হাতে-হাতে নিবলৈ অহাসকলৰবাবে কৰিবলগীয়া আনুষ্ঠানিকতাখিনি
কৰি লৈ ডেকাজনৰ হাতত এডমিট কাৰ্ডখন দিলো৷
কাৰ্ডখন সযতনে জেপত থৈ ডেকাজনে মোৰ ফালে চালে৷ তাৰপাছত মনিবেগটো খুলি দহটকীয়া
নোট এখন উলিয়াই মোৰ পিনে আগবঢ়াই দি ক’লে,
“চাহ-পানী খাব৷”
মই হতভম্ব ৷ মোৰ খঙে চুলিৰ আগ পালেগৈ৷
“তোক টকা কোনে খুজিছে? লাজ নালাগে? তহঁতৰ নিচিনা মানুহবোৰৰ কাৰণেই কোনো এটা
অফিচতে ঘোঁচ নিদিয়াকৈ কাম কৰিব নোৱাৰা হৈ পৰিছে আজিকালি৷”… ইত্যাদি ইত্যাদি নানান
কটু বাক্য শুনালো৷
ডেকাজনে কিন্তু মোৰ ফালে অতি আচৰিত ভাবে চালে৷ তাৰপাছত ভয়ে ভয়ে ক’লে,
“চাৰ
সকলো অফিচতে আমি দিওঁযে, অভ্যাস হৈ গৈছে৷ বেয়া নাপাব৷”
ডেকাজন গ’লগৈ৷ ডেকাজনৰ সেই কাৰ্যৰ যোগেদি গোটেই সমাজখনেই মোক যেন ভেঙুচালি
কৰি গ’ল, এনে অনুভৱ হ’ল৷ লাহে লাহে কথাটো পাহৰিবলৈ চেষ্টা কৰি মই নিজৰ কামত লাগি পৰিলো৷
Thursday, 2 May 2013
আপোনভোলাৰ বিলৈ...
মোৰ ম'বাইল ইন্টাৰনেট পেকটোৰ ম্যাদ উকলিবৰ হ'লত সন্ধিয়া দোকান এখন বিচাৰি গ'লো ৰিচাৰ্জ কৰিবলৈ৷ কিছুদূৰ বাটকুৰি বাই গ'লো, সন্ধিয়া অলপ খোজ কঢ়াও হ'ল৷ দোকান এখন পাই ভিতৰ সোমাই গ'লো৷ ১৯৯/- টকাৰ ইন্টাৰনেট পেক এটা লাগে বুলি ক'লো৷ দোকানীয়ে নম্বৰটো ল'লে আৰু ৰিচাৰ্জ কৰিবলৈ বুটাম টিপিলে৷ কেইচেকেন্ডমান পাছত মেচেজ এটা আহিল মোৰ ম'বাইললৈ৷ পঢ়িবৰ প্ৰয়োজন বোধ নকৰিলো৷ ইন্টাৰনেট পেকৰ ৰিচাৰ্জ হৈ গ'ল বুলি ধৰি ল'লো৷ তাৰ পাছত দোকানীজনক ক'লো ১৪৯/- টকাৰ এচ টি ডি পেক এটাও ভৰাই দিবলৈ৷ আকৌ এটা মেচেজ আহিল৷ বুজিলো এইটো ৰিচাৰ্জো সফল হ'ল৷ দোকানীক ৩৫০/- টকা দি ঘৰলৈ বুলি খোজ ল'লো৷ ইতিমধ্যে মোৰ ২৩০/- টকা মান বেলেঞ্চ আছিলেই৷গতিকে আপোনমনে ইন্টাৰনেট কৰি গ'লো, ফোন কৰি থাকিলো সঘনাই, বিশেষকৈ অসমলৈ, ঘৰলৈ৷
তিনিদিন পাৰ হ'ল৷ আবেলি পৰত ঘৰলৈ আহি অলপ জিৰাবলৈ ল'লো আৰু মোবাইলটো হাতত ল'লো, ফেচবুক কৰো বুলি৷ ইন্টাৰনেট কোনোপধ্যেই নোখোলে৷ ফোন এটা কৰিব খুজিলো, সিফালৰ পৰা শুৱলা মাতেৰে মহিলা এগৰাকীয়ে মোক সোৱঁৰাই দিলে মোৰ বেলেঞ্চ নাই বাবে ৰিচাৰ্জ কৰি ল'ব লাগে বুলি৷ মই হতবাক৷ ই কেনেকৈ হ'ব পাৰে? ইমান টকাৰ বেলেঞ্চ শেষ কেনেদৰে হ'ব পাৰে মাত্ৰ তিনিদিনত?
কিবা এটা মনত খেলোৱাত তিনিদিন আগতে দোকানত ৰিচাৰ্জ কৰা সময়ত পোৱা মেচেজ দুটা বিচাৰি উলিয়াই পঢ়ি চালো৷ উৰহী গছৰ ওৰ পাবলৈ অসুবিধা নহ'ল৷ প্ৰথম মেচেজটোত আচলতে মোৰ ১৯৯/- টকাৰ ইন্টাৰনেট পেকৰ ৰিচাৰ্জটো সফল নোহাৱা বুলিহে মোক জনাইছিল৷ মই নপঢ়িলো৷ দোকানীক টকাও দিলো আৰু ধুম-ধাম ইন্টাৰনেটো কৰি থাকিলো৷ গতিকে ইন্টাৰনেটৰ নামত মোৰ মূল বেলেন্স কমি কমি তিনিদিনতে ২৩০/- টকা শেষ৷
হাঁহিম নে কান্দিম এতিয়া?
নিজৰ গালতে দুটামান চৰ শোধাই কাপোৰ সলাই বাহিৰ ওলাই গ'লো, আকৌ ৰিচাৰ্জ কৰিবলৈ৷
সন্ধিয়া শ্ৰীমতীক ফোন কৰিব লাগিব৷ ফোনত এই কথাটো হ'লে তেওঁক নকওঁ৷
তিনিদিন পাৰ হ'ল৷ আবেলি পৰত ঘৰলৈ আহি অলপ জিৰাবলৈ ল'লো আৰু মোবাইলটো হাতত ল'লো, ফেচবুক কৰো বুলি৷ ইন্টাৰনেট কোনোপধ্যেই নোখোলে৷ ফোন এটা কৰিব খুজিলো, সিফালৰ পৰা শুৱলা মাতেৰে মহিলা এগৰাকীয়ে মোক সোৱঁৰাই দিলে মোৰ বেলেঞ্চ নাই বাবে ৰিচাৰ্জ কৰি ল'ব লাগে বুলি৷ মই হতবাক৷ ই কেনেকৈ হ'ব পাৰে? ইমান টকাৰ বেলেঞ্চ শেষ কেনেদৰে হ'ব পাৰে মাত্ৰ তিনিদিনত?
কিবা এটা মনত খেলোৱাত তিনিদিন আগতে দোকানত ৰিচাৰ্জ কৰা সময়ত পোৱা মেচেজ দুটা বিচাৰি উলিয়াই পঢ়ি চালো৷ উৰহী গছৰ ওৰ পাবলৈ অসুবিধা নহ'ল৷ প্ৰথম মেচেজটোত আচলতে মোৰ ১৯৯/- টকাৰ ইন্টাৰনেট পেকৰ ৰিচাৰ্জটো সফল নোহাৱা বুলিহে মোক জনাইছিল৷ মই নপঢ়িলো৷ দোকানীক টকাও দিলো আৰু ধুম-ধাম ইন্টাৰনেটো কৰি থাকিলো৷ গতিকে ইন্টাৰনেটৰ নামত মোৰ মূল বেলেন্স কমি কমি তিনিদিনতে ২৩০/- টকা শেষ৷
হাঁহিম নে কান্দিম এতিয়া?
নিজৰ গালতে দুটামান চৰ শোধাই কাপোৰ সলাই বাহিৰ ওলাই গ'লো, আকৌ ৰিচাৰ্জ কৰিবলৈ৷
সন্ধিয়া শ্ৰীমতীক ফোন কৰিব লাগিব৷ ফোনত এই কথাটো হ'লে তেওঁক নকওঁ৷
A Forgetful Bhola Bhala Professor:..
After three days, he found, his internet did not work and his balance was also zero...
He was surprised.. how could it be?
He checked the two recharge sms and found that the first sms actually told him that the recharge for Rs 199/- internet pack had not been successful... Without reading that he paid the money also and by using internet heavily he had finished off his remaining balance also..
Only a forgetful bhola bhala Professor can be so callous...
नकल पकड़ा ही गया....
मर्फीने डबलिन में स्थित एक प्रसिद्ध आयरिश फर्म में एक किण्वन ऑपरेटर पद के लिए आवेदन किया. एक अमेरिकीनेभी आवेदन किया था. दोनोंको समान योग्यता थी. इसलिये एक परीक्षा लिया गया. परीक्षा का परिणाम भी आश्चर्यजनक रहा , दोनों का केवल एक जवाब गलत था.
प्रबंधक मर्फी के पास गया और कहा, "साक्षात्कार के लिए आने के लिए धन्यवाद, लेकिन हमने अमेरिकीको नौकरी देने का फैसला किया है."
मर्फी, "क्यों ? हम दोनोंके 19 सवाल सही है. उसे क्यों मिलेगा? ? यह आयरलैंड है, मैं आयरिश हूँ. काम मुझे मिलना चाहिए."
प्रबंधक, "हमलोगोंने सही जवाब पर निर्णय नहीं लिया है, हमारे निर्णय उसी सवाल पर है जहा आप चूक गए."
मर्फी, "वह कैसे?"
प्रबंधक, "अति सरल. प्रश्न संख्या 7 पर अमेरिकीने लिखा था, 'मैं नहीं जानता.' "
और आपने लिखा था "मैं भी नहीं जानता ."
प्रबंधक मर्फी के पास गया और कहा, "साक्षात्कार के लिए आने के लिए धन्यवाद, लेकिन हमने अमेरिकीको नौकरी देने का फैसला किया है."
मर्फी, "क्यों ? हम दोनोंके 19 सवाल सही है. उसे क्यों मिलेगा? ? यह आयरलैंड है, मैं आयरिश हूँ. काम मुझे मिलना चाहिए."
प्रबंधक, "हमलोगोंने सही जवाब पर निर्णय नहीं लिया है, हमारे निर्णय उसी सवाल पर है जहा आप चूक गए."
मर्फी, "वह कैसे?"
प्रबंधक, "अति सरल. प्रश्न संख्या 7 पर अमेरिकीने लिखा था, 'मैं नहीं जानता.' "
और आपने लिखा था "मैं भी नहीं जानता ."
Subscribe to:
Posts (Atom)