সপোন ঘাটৰ হাট- এটি কবিতা আৰু স্বীকাৰোক্তি
আবেলি সময়ত সৰু ভাইটি অকণৰ লগত কাজিয়া লাগিল৷ তেতিয়া মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ৷ আমি পাঁচজন ভাই-ককাই, মই তৃতীয়৷ ডাঙৰ দাদাৰ লগত মোৰ বয়সৰ পাৰ্থক্য চাৰে চাৰি বছৰ আৰু সৰু ভাইটিৰ লগত পাঁচবছৰ৷ গতিকে বয়সেৰে ঢুকি পাওঁ সকলোকে, কাজিয়া লাগিবৰ বাবে৷ কোনো কোনোৱে কয়, কাজিয়া নালাগিলে কিহৰ ভাই-ককাই? যিহেতু মই মাজতে পৰোঁ, গতিকে মোৰ লগতেই সকলোৰে কাজিয়া বেছিকৈ লাগে৷
সেইদিনাও লাগিল কিবা এটা সাধাৰণ কথাকে লৈ৷ কাজিয়া শেষ হ’ল, মোৰো মনত কিবা এটা খেলালে৷ পঢ়া মেজত বহি লিখিবলৈ ধৰিলো৷ চাওঁতে চাওঁতে এটা কবিতাৰ জন্ম হ’ল, সৰু ভাইটি অকণক লৈ৷ কবিতাটোৰ নাম দিলো
“আমাৰ ভাইটি”:
আমাৰ এটা ভাইটি আছে
নাম তাৰ অকণ
পঢ়াৰ পিনে অলপো নাই
কাজিয়াত নপতা ফুকন৷
খঙতে সি যেতিয়াই তেতিয়াই
উগ্ৰমূৰ্তি ধৰে
আগত যি পায় তাকেই সি
আমাৰ গালৈ মাৰে৷
….
ইত্যাদি৷
তেনেদৰে লিখি পেলালোঁ মোৰ জীৱনৰ প্ৰথম কবিতা, এখন কাজিয়াৰ ফলশ্ৰুতি হিচাবে৷
কবিতাটো লিখি মাৰ আগত পঢ়ি শুনালো৷ কিছুপৰ আগতে মোৰ লগত কাজিয়া কৰি খঙত একো নাই হৈ থকা ভাইটি অকণো ওচৰ চাপি আহিল, তাৰ নামেৰে কবিতা এটাৰ সৃষ্টি হোৱা দেখি অলপ আচৰিত হৈ, অলপ ৰং পাই৷ তাৰ মুখত সন্তুষ্টিৰ ভাব এটা ফুটি উঠিল৷ মোৰো নিজকে কবি কবি লাগি গ’ল৷
মাক ক’লো, “ মই ডাঙৰ হ’লে সাহিত্যিক হ’ম৷”
‘হ’বিদে৷" কাজিয়া দেখি খং আৰু বিৰক্তিত
থকা মায়ে বিশেষ গুৰুত্ব নিদি উত্তৰ দিলে৷
পঢ়া মেজত বহি কবিতাটো আকৌ উলিয়াই ল’লো৷ এখন ভাল কাগজত সুন্দৰকৈ লিখিলো৷ পিছদিনা “অসম বাতৰি” নামৰ কাকতখনৰ অকণিৰ শিতানলৈ বুলি কবিতাটো ডাকযোগে পঠিয়াই দিলো৷ কিছুদিন পাছত কবিতাটো প্ৰকাশ হ’ল৷ সেইদিনা যেন মই নোবেল বঁটাহে পালো এনেকুৱা লাগিল৷ বাতৰি কাকতখন লৈ ওচৰ-পাজৰৰ যাকে য’তে পালো দেখুৱালো৷ পিছদিনা স্কুলতো শিক্ষক এগৰাকীয়ে সকলোৰে আগত মোৰ প্ৰশংসা কৰি ক’লে,
“তোৰ কবিতাটো দেখিলো৷ ভাল হৈছে৷”
মোৰ বুকুখন এহাত ফুলি উঠা যেন লাগিল৷ গৰ্বৰ ভাবেৰে চাৰিওফালে চালো৷ সহপাঠী সকলৰ মাজত মোৰ নিজকে বিশেষ লোক যেন লাগিল৷
সেইবাৰ স্কুলৰ মুখপত্ৰৰ সম্পাদকজন আছিল চিনাকী৷ যথেষ্ট উন্নত মানদণ্ডৰ লেখা প্ৰকাশ হয় আলোচনীখনত৷ মইও মৰসাহ কৰি মোৰ “আমাৰ ভাইটি” কবিতাটোকে “শতপত্ৰ”লৈ বুলি জমা দিলোঁগৈ সম্পাদকৰ হাতত৷ কবিতাটো চাই সম্পাদকে হ’লে একো নক’লে৷ মই উৎকন্ঠাৰে পাৰ কৰিলো কেইটামান মাহ৷ এদিন আলোচনী প্ৰকাশ পালে৷ মোৰো কবিতা এটা প্ৰকাশ হৈছে৷ অতি আগ্ৰহেৰে পাত লুটিয়াই লুটিয়াই বিচাৰিলো কবিতাটো৷ পৃষ্ঠা এটাৰ এচুকত মোৰ নামত প্ৰকাশ পোৱা কবিতাটো বিচাৰি পালো৷
কিন্তু, ই কি কথা? কবিতাটো দেখোন বেলেগ৷ “আমাৰ ভাইটি” নহয়৷ “সপোনঘাটৰ হাট”হে৷ একো ভুল হোৱা নাইতো? আকৌ ভালদৰে চালো৷ এৰা, মোৰ নামতেই প্ৰকাশ কৰা হৈছে৷ কবিতাটো আগ্ৰহেৰে পঢ়িলো কেইবাবাৰো৷
"সপোন ঘাটত হাট বহিল
গাঁৱৰ মানুহ হাটলৈ আহিল৷....
.......
ক্ষন্তেকৰ বাবে হ'ল জন সমাগম
তাৰপাছত হ'ল নিশাৰ আশ্ৰম৷"
ভাল লাগিল, কিন্তু কথাটো প্ৰকাশ কৰি দিয়া উচিত হ'বনে নাই ঠিৰাং কৰিব নোৱাৰি মনে মনে থাকিলো৷ বুজিবলৈ অসুবিধা নহ’ল যে সম্পাদকে “আমাৰ ভাইটি’ কবিতাটো পচন্দ নকৰিলে, কিন্তু মোক হতাশ কৰিব নুখুজি নিজে কবিতা এটা লিখি মোৰ নামত প্ৰকাশ কৰি দিলে৷ কবিতাটো সকলোৱে প্ৰশংসা কৰিলে৷ অতি দাৰ্শনিক ভাব থকা কবিতা৷ চতুৰ্থ শ্ৰেণীৰ ল’ৰা হৈ এনেকুৱা কবিতা লিখিব পাৰিছে, কম কথা নহয়, বুলি দুই একে মন্তব্য কৰা বুলি কাণত পৰিলহি৷ কিন্তু আচল ৰহস্যটো সম্পাদক আৰু মইহে জানিলো৷
বছৰ বাগৰি গ’ল৷ সপোনঘাটৰ হাটৰ কথা লাহে লাহে পাহৰিবলৈ ধৰিছিলো৷ এদিন খবৰ এটা দিলেহি মোৰ সহপাঠী এজনে, মোৰ সপোনঘাটৰ হাট কবিতাটো হেনো আন এখন স্কুলৰ আলোচনীত কোনোবা এজনী ছোৱালীৰ নামত প্ৰকাশ হৈছে৷ মই গৈ আপত্তি জনাব লাগে স্কুল কৰ্তৃপক্ষৰ ওচৰলৈ গৈ৷ মইনো ক’ত আপত্তি জনাবলৈ যাম বুলি ভাবি মনে মনে থাকিলো৷
দুদিনমানৰ পাছত ডেকা এজন স্কুললৈ আহিল, মোক লগ পাবলৈ৷ মোক শ্ৰেণীকোঠাৰ পৰা মাতি পঠোৱা হ’ল৷ ডেকাজন মোতকৈ বয়সত যথেষ্ট ডাঙৰ৷ মোক দেখি ক’বলৈ ধৰিলে,
“তোমাৰ কবিতাটো মোৰ ভন্টিয়ে নিজৰ নামত আলোচনীত দি দিলে৷ প্ৰকাশো হ’ল৷ তাই ডাঙৰ ভুল কৰিলে৷ এতিয়া সকলোৱে কথাটো গম পোৱাৰ পাছত তাই ভয়তে কান্দি আছে৷ তুমি একো নকৰিবা আৰু৷ যি হ’ল হ’ল৷”
মইনো কি উত্তৰ দিম ভাবি নাপালো৷ কবিতাটো মোৰ বুলি ক’বলৈওতো মোৰ নৈতিক অধিকাৰ নাই৷ মই, “ নাই একো নহয়,” বুলি কৈ থ’লো৷
ডেকাজনে মোক ধন্যবাদ জনাই সন্তুষ্টমনে গ’লগৈ৷
মইও শ্ৰেণীকোঠালৈ বুলি খোজ ল’লো৷
বয়স হ’ল , লেখা-মেলা কৰাৰ নিচাটো থাকি গ’ল যদিও কবি হ’ব নোৱাৰিলো৷
আনৰ কবিতা অনুবাদ কৰি কবিতাৰ জগতখনত খোজ এটা দিয়াতে সন্তুষ্ট থাকিবলগা হ’ল৷
সপোনঘাটৰ হাট মোৰ বাবে এক কাব্যিক ন্যায় যেন হৈ থাকিল৷
No comments:
Post a Comment