পকামূৰীয়াৰ জ্ঞান…
আপুনি বয়স হৈলে বুদ্ধি হৈবে ভাল বুলি কথা এষাৰ আছে৷ বয়স বঢ়াৰ
লগে লগে আমি কথাবোৰ বেলেগ ধৰণে চাবলৈ শিকোঁ৷ পকামূৰীয়াৰ কথালৈ কাণ দিবা বুলি এনেয়ে
কোৱা হোৱা নাই৷ ক্লিভলেণ্ড, অ’হিওৰ ৰেজিনা ব্ৰেট নামৰ এগৰাকী ৯০ বছৰীয়া মহিলাই লিখা
কেইটামান কথা ইয়াতে উল্লেখ কৰা হ’ল৷ জীৱনৰ অভিজ্ঞতাৰ আধাৰত লিখা এই সিদ্ধান্তখিনি
সকলো ঠাইৰ সকলোলোকৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব পাৰে বুলি ভাবিব পাৰি৷
১) জীৱনটো সুন্দৰ নহ’ব পাৰে, তথাপি ই ভাল৷
২) যেতিয়া সন্দেহ থাকে, পিছৰ সৰু খোজটো লওঁক৷
৩) জীৱনটো ছুটি-ইয়াক উপভোগ কৰক৷
৪) আপুনি ৰোগত পৰিলে আপোনাৰ চাকৰিয়ে আপোনাৰ যত্ন নলয়৷ আপোনাৰ
বন্ধু আৰু আত্মীয়-স্বজনেহে ল’ব৷
৫)আপুনি প্ৰতিটো তৰ্ক জিকাৰ প্ৰয়োজন নাই৷ নিজৰ প্ৰতি নিষ্ঠাবান
হৈ থাকক৷
৬) আন কাৰোবাৰ সৈতে কান্দক৷ অকলে কন্দাতকৈ ই বেছি সুস্থতা
প্ৰদান কৰে৷
৭)কেতিয়াবা ঈশ্বৰৰ প্ৰতি খং উঠিলেও ঠিকে আছে৷ তেওঁ সেইখিনি
সহ্য কৰিব পাৰে৷
৮) আপোনাৰ প্ৰথম দৰমহাৰ দিনৰ পৰাই অৱসৰৰ সময়ৰ বাবে সঞ্চয় কৰক৷
৯) চকলেটৰ ক্ষেত্ৰত নিজক বাধা দিবলৈ চেষ্টা কৰি লাভ নাই৷
১০)আপোনাৰ অতীতৰ সৈতে মিত্ৰতা কৰক যাতে ই আপোনাৰ বৰ্তমানটো
নষ্ট নকৰে৷
১১) আপোনাৰ ল’ৰা-ছোৱালীয়ে আপোনাক কন্দা দেখিলে একো ডাঙৰ কথা নহয়৷
১২) আপোনাৰ জীৱনটো আনৰ সৈতে তুলনা নকৰিব৷ তেওঁলোকৰ যাত্ৰা
কেনেকুৱা আছিল আপুনি বিশেষ একো নাজানে৷
১৩)যদিহে কোনো এটা সম্বন্ধ গোপন কৰি ৰাখিব লাগে আপুনি তেনে
সম্বন্ধ নকৰাই ভাল৷
১৪) সকলো চকুৰ পচাৰতে সলনি হ’ব পাৰে, কিন্তু চিন্তা নকৰিব
ঈশ্বৰে চকুৰ পিৰিকতি নামাৰে৷
১৫) দীঘলকৈ উশাহ এটা লওক৷ ই মনটো শান্ত কৰে৷
১৬) যিবোৰ প্ৰয়োজনীয় নহয় সেইবোৰৰ পৰা মুক্ত হওঁক৷ বোজাই আপোনাৰ
গতি লেহেম কৰি পেলায়৷
১৭) যিবোৰ বিষয় বা কথাই আপোনাক মাৰি নেপেলায় সেইবোৰে আচলে
আপোনাক শক্তিশালীহে কৰে৷
১৮) সুখী হোৱাৰ সময় কেতিয়াও পাৰ হৈ যোৱা নাই কিন্ত তাৰ
সিদ্ধান্ত আপোনাৰ হাতত, আনৰ হাতত নাই৷
১৯) আপোনাৰ জীৱনত ভালপোৱা বিষয়টো পোৱাৰ ক্ষেত্ৰত “নাই” বা “নহব”
টো উত্তৰ হিচাবে গ্ৰহণ নকৰিব৷
২০) মমবাতি জ্বলাওঁক, সুন্দৰ বিচনা চাদৰ পাৰক, ভাল কাপোৰযোৰ
পিন্ধক৷ কোনো বিশেষ দিনৰ বাবে সাঁচি নাৰাখিব৷ আজিৰ দিনটোৱেই বিশেষদিন৷
২১) আপোনাৰ জীৱনত ঘটা যিকোনো “দুৰ্যোগ”ৰ বিষয়ে এনেদৰে ভাবক “
আৰু পাঁচবছৰ পাছত ইয়াৰ কিবা গুৰুত্ব থাকিবনে?”
২২) সদায় জীৱন বাছি লওঁক
২৩) ক্ষমা কৰক
২৪) আনে আপোনাৰ বিষয়ে কি ভাবে সেইটোলৈ মূৰ নঘমাব৷
২৫) সময়ে প্ৰায় সকলোবোৰ সুস্থ কৰে৷
২৬) এটা পৰিস্থিতি যিমানেই ভাল বা বেয়া নহওঁক কিয়, সি সলনি হ’বই৷
২৭) নিজক ইমান গুৰুত্বসহকাৰে নল’ব, আন কোনেও আপোনাক ইমান
গুৰুত্বসহকাৰে নলয়৷
২৮) ঈশ্বৰে আপোনাক নিজ গুণে ভাল পায়, আপুনি কৰা বা নকৰা কিবা
কামবোৰৰ বাবে নহয়৷
২৯)জীৱনৰ জমা-খৰচ কৰি লাভ নাই, নিজকে আগবঢ়াই দি এতিয়াই ইয়াৰ
পৰা লাভ উঠাওক৷
৩০) আপোনাৰ সন্তানৰ বাবে শৈশৱকাল এবাৰেই আহে৷
৩১) অৱশেষত সকলোতকৈ প্ৰয়োজনীয় বিষয় সেইটোৱেই হয়গৈ যিটো আপুনি
ভাল পায়৷
৩২) সদায় বাহিৰ ওলাই যাওঁক৷ আচৰিত ঘটনা সকলোপিনে ঘটিবলৈ বাট
চাই আছে৷
৩৩) যদি আমি সকলোৱে আমাৰ নিজৰ নিজৰ সমস্যাবোৰ দ’ম কৰি লওঁ আৰু
আনৰ দ’মবোৰলৈ চাওঁ, আমি নিজৰখিনি পুনৰ উভতাই ল’ম৷
৩৪) ঈৰ্ষা কৰা মানে অযথা সময় খৰচ৷ আপোনাৰ যি আছে তাকে গ্ৰহণ কৰক, আপোনাক
কি লাগে নাভাবিব৷
৩৫)উত্তমখিনি এতিয়াও আহিবলৈ বাকী..
৩৬) আপোনাৰ মানসিক অৱস্থা যেনেকুৱাই নহওঁক কিয়, উঠক, সাজ-পোচাক
পিন্ধক আৰু নিজকে প্ৰকাশ কৰক৷
৩৭) মানি লওঁক৷
৩৮) জীৱনটো সুন্দৰ ভাৱে সজোৱা নহ’ব পাৰে৷ তথাপি ই এটা উপহাৰ৷
No comments:
Post a Comment