ৰঙতে বিন্ধালো কাণ, বিষত যায় ধাতু প্ৰাণ..
পানী আৰু জুইৰ পৰা কণ-কণ
শিশুসকলক আঁতৰত ৰখাই মঙ্গলজনক৷ নহ’লে যিকোনো ধৰণৰ দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা থাকে৷ সৰুকালৰ
ঘটনা এটা মনত পৰিলে মোৰ গাৰ নোম এতিয়াও শিয়ৰি উঠে৷
মোৰ বয়স চাৰিবছৰমান আছিল
হয়তো তেতিয়া৷ তেতিয়া আমি নগাঁওৰ ওচৰৰ শেনচোৱাত থকা চৰকাৰী ৰেচম পামত থাকো৷ আমাৰ কাষৰ
ঘৰতে আছিল কলিতা উপাধিৰ এঘৰ মানুহ৷ নলবাৰীৰ ফালৰ মানুহ৷ প্ৰায়ে আমাক পাগলাদিয়া নদীৰ
বিষয়ে সাধুকথা শুনাইছিল তেখেতসকলে৷ তেখেতসকলৰ সৰু কেচুৱা এটা আছিল৷ তেতিয়াও ভালদৰে
খোজ দিব পৰা হোৱাই নাই৷ কেচুৱাটি চোৱা-চিতা কৰিছিল ভগীৰথ নামৰ ল’ৰা এজনে৷ ভগীৰথৰ বয়স
কিজানি বাৰবছৰমানহে আছিল৷ কিন্তু পাগলাদিয়া নৈৰ পাৰৰ ল’ৰা৷ ভালদৰে সাঁতুৰিব জানিছিল৷
মোৰ দুয়োজন দাদা, ভগীৰথ
আৰু মই একেলগে খেলি ফুৰিছিলো৷ কিন্তু ভগীৰথৰ কোলাত সদায় কেচুৱাটিও থাকে৷
সেইবাৰ ভগীৰথৰ পৰাই দাদাহঁতে
নতুন কথা এটা শিকিছিল৷ মৰাপাটৰ নিচিনাকৈ ভেণ্ডিগছৰ পৰা আঁহ উলিওৱা বুদ্ধি৷ ভেণ্ডি গছ
পুৰঠ হোৱাৰ পাছত কাটি নি কিছুদিন পানীত বুৰাই ৰাখিব লাগে৷ তাৰপাছত পানীৰ তলৰ পৰা উলিয়াই
আনি গছডালৰ বাকলিবোৰ হাতেৰে বিশেষ কৌশলেৰে টানি উলিয়াই আনিব পাৰি৷ ঠিক মৰাপাট যেনেই
লাগে৷ সেইবোৰ কাম কৰাত ঘৰৰ পৰাও কোনো বাধা নাপাইছিলো আমি৷
এদিন ৰাতিপুৱাতে আমি গোটেইকেইটা
পামৰ ভিতৰতে থকা সৰু পুখুৰীটোৰ ওচৰ পালোঁগে৷ পানীত ভেণ্ডিগছ বুৰাই থবলৈ৷ ভগীৰথে কোলাৰ
পৰা কেচুৱাটো মোৰ হাতত দি কামত লাগি গ’ল৷ দাদাহঁতেও সহায় কৰিবলৈ ধৰিলে৷ মই আৰু কেচুৱাটো
পুখুৰীৰ পাৰত খেলি থাকিলো৷ কেঁচুৱাটোৱে লেপেটা কাঢ়ি বহি পুখুৰীৰ পানীৰ ফালে অলপ চুচৰি
আগুৱাই গ’ল৷ মইও পিছে পিছে গ’লো৷ ইফালে ভগীৰথহঁত নিজৰ কামত ব্যস্ত৷ কেচুৱাটো পানীৰ
একেবাৰে ওচৰ পালেগৈ৷ হঠাতে মোৰ মনত এটা ভাব খেলালে৷ কেচুৱাটোৱে বাৰু সাঁতুৰিব পাৰিবনে?
তাকে চাবলৈ মই কেচুৱাটো পানীলৈ থেলা মাৰি দিলো৷ ধপংকৈ শব্দ এটা হ’ল৷ কেচুৱাটো ঠিক ভেকুলী
এটাৰ নিচিনাকৈ হাত ভৰি মাৰি মাৰি পানীৰ তললৈ সোমাই যাব ধৰিলে৷ উপঙি নুঠিল৷ মই ভয়ত কঁপিবলৈ
ধৰিলো৷ ঠিক তেনেতে ভগীৰথ পানীত জপিয়াই পৰিল আৰু পানীৰ তলৰ পৰা কেঁচুৱাটো উদ্ধাৰ কৰি
আনিলে৷ দাদাহঁতে মোক উধাই-মুধাই গালি পাৰিলে৷ আটাইকেইটা ঘৰ পালোহি৷ দেউতাৰ আগত সকলো
কথা কোৱাৰ পাছত দেউতাই মোৰ পিঠি ফালিব বুলি ভয় কৰিছিলো যদিও দেউতা আচৰিত ধৰণে গহীন
হৈ পৰিল৷ হয়তো কি ভয়ানক ঘটনা ঘটিব ধৰিছিল তাকে ভাবি ভয় খাইছিল৷
অলপ সময় পাছত কোলাত কেচুৱা
লৈ ভগীৰথ আকৌ আহি ওলাল৷ কেচুৱাটোক ভালদৰে গা-মূৰ ধুৱাই নতুন কাপোৰ পিন্ধাই লৈ আহিছে৷
ভয়তে কেচুৱাটোলৈ চাবলৈ
মন নগ’ল৷ হাত-ভৰিবোৰ মোৰ তেতিয়াও কঁপি আছিল৷
No comments:
Post a Comment