(মোৰ জীৱনৰ আটাইতকে ভয়াবহ
দুৰ্যোগৰ নিশাটি৷ কোনো শিশুৰ জীৱনলৈ এনে দুৰ্যোগ যাতে কেতিয়াও নাহে, ঈশ্বৰৰ ওচৰত সেই প্ৰাৰ্থনাৰে)
মানুহ মৰে বুলি শুনিছিলো, পঢ়িছিলো৷ কেতিয়াবা ভাবিছিলো আমাৰ মা-দেউতাও এদিন মৰিব নেকি বাৰু? কিন্তু সেই ভাব মনলৈ আহিলেই নিজেই নিজকে আশ্বাস দি কৈছিলো, নাই নাই আমাৰ মা-দেউতা নমৰে৷ কিন্তু সেই চিন্তাটোৱে মোৰ শিশু মনটোক প্ৰায়ে আমনি কৰিছিলহি৷
১৯৬৮ চনৰ জানুৱাৰী মাহত তৃতীয় শ্ৰেণীলৈ প্ৰমোচন পোৱাৰ পাছতে দেউতাৰো প্ৰমোচনৰ খবৰ আহিল৷ ৰেচম বিভাগৰ সহ-সঞ্চালক হিচাবে দেউতাক চিলঙলৈ বদলি কৰা বুলি জানিব পাৰি আমি আনন্দত উৎফুল্লিত হৈ পৰিলো৷ তিতাবৰৰ দৰে সৰু ঠাইৰ পৰা একেবাৰে সেই সময়ৰ অসমৰ ৰাজধানী চিলঙলৈ৷ ইমান ডাঙৰ ঠাইত আগতে কেতিয়াও থাকি পোৱা নাই৷ উত্তেজিত হোৱাৰে কথা৷
আমাক দুদিনমান খানাপাৰাৰ ৰেচম পামৰ গেষ্ট হাউচত ৰাখি দেউতাই চিলঙত কৰিবলগীয়া আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ কৰিবলৈ গ’লগৈ৷ তাৰপাছত মাৰ্চ মাহৰ কোনোবা এটা দিনত আমি চিলং পালোঁগৈ৷ দাদাদুজনক বিষ্ণুপুৰৰ চিলং বিদ্যালয়ৰ অষ্টম আৰু ষষ্ঠ আৰু মোক আৰু সৰু ভাইটিক শঙ্কৰদেৱ বিদ্যাপীঠত তৃতীয় আৰু প্ৰথম শ্ৰেণীত নাম লিখাই দিলে৷ একেবাৰে সৰু ভাইটি তেতিয়াও স্কুললৈ যাব পৰা হোৱা নাছিল৷ আমিও অতি কম সময়ৰ ভিতৰতে নতুন ঠাইৰ নতুন পৰিবেশৰ লগত খাপ খাই পৰিলো৷
দিনবোৰ ভালদৰেই পাৰ হৈ গৈ আছিল৷ নবেম্বৰ মাহৰ শেষৰ ভাগত দেউতাই আমাৰ বাবে গৰম কাপোৰ চিলোৱাৰ যো-জা চলাই আছিল৷ আমাৰ কাপোৰ দেউতাই নিজেই চিলায়৷
এদিন আবেলি কাপোৰ কাটি থাকোঁতে দেউতাই মাক ক’লে,
“মোৰ ওপৰৰ ওঁঠটো অলপ বিষাইছে৷ দাড়ি খুৰাওঁতে শালমন কাট খালে নেকি?”
দেউতাৰ কোনোবা এজন বন্ধু দুদিনমান আগতে ইংলণ্ডৰ পৰা আহিছিল আৰু ইংলণ্ডৰ পৰা অনা ব্লেড এখন দেউতাক উপহাৰ দিছিল৷ মনৰ উৎসাহতে দেউতাই সেই ব্লেডখনেৰে ৰাতিপুৱা দাড়ি খুৰাইছিল৷
ৰাতি বাৰমান বজাত টোপনিৰ পৰা সাৰ পাই দেখোঁ দেউতাই বিচনাত বহি বিষত কেঁকাই আছে৷ ওপৰৰ ওঁঠটো ফুলি উঠিছে৷ মাই গৰম পানীৰে সেক দি আছে৷ জীৱনত প্ৰথমবাৰৰ বাবে দেউতাক বিষত কেঁকোৱা দেখিলো৷
পিছদিনা পামৰ মেনেজাৰজনৰ সৈতে দাদাহঁত চিভিল হস্পিটেললৈ গৈ ডাক্তৰক দেখা কৰি কিবা দৰব লৈ আহিলগৈ৷ দৰব খোৱাৰ পিছতো একো ফল নহ’ল৷ দেউতাৰ গোটেই মুখখন ফুলি আহিব ধৰিলে৷ লগতে প্ৰচণ্ড জ্বৰ৷ চিলঙতে থকা ডাঙৰ মহাদেউক খবৰ দিয়া হ’ল আৰু তৃতীয়দিনা ৰাতিপুৱাতে দেউতাক চিভিল হস্পিটেলত ভৰ্তি কৰা হ’ল৷
অলপ পাছত গৰম গাখীৰ ফ্লাস্কত লৈ দাদাহঁত হস্পিটেললৈ বুলি ওলাই গ’ল৷ কিন্তু পোন্ধৰমিনিটমান পাছতে দাদাহঁত উভতি আহিল৷ গৈ থাকোঁতে দাদা পিছল খাই পৰাত হাতৰ পৰা ফ্লাস্কটো পকা ৰাস্তাত পৰি যায় আৰু ভিতৰৰ গ্লাচ ভাঙি চুৰমাৰ হয়৷ ভঙা ফ্লাস্কটো হাতত লৈ মা কিছুসময় শিলপৰা কপৌৰ দৰে থৰ লাগি বহি থাকিল৷ প্ৰথম হস্পিটেললৈ যাবলৈ ওলাওঁতেই সেই দুৰ্ঘটনা ঘটাটো নিশ্চয় অতি অমঙ্গলীয়া কথা বুলি ভাবি মাৰ মনটো হাহাকাৰ কৰি উঠিছিল৷ আমিও মাৰ কাষত বহি থাকিলো কিছুসময়৷ কিবা এটা অজান আশঙ্কাই আমাক বাৰে বাৰে আমনি কৰিবলৈ ধৰিলে৷
কাষৰ ঘৰৰ পৰা ফ্লাস্ক এটা আনি পুনৰ গাখীৰ ভৰাই দাদহঁত গ’লগৈ৷ অলপ পাছত গাখীৰত পনীয়াকৈ চাগুদানা
সিজাই মোৰ হাতত দি পঠিওৱা হ’ল৷ আমাৰ ঘৰৰ পৰা গেৰিচন গ্ৰাউণ্ডৰ কাষৰ চিভিল হস্পিটেললৈ খোজকাঢ়ি যাবলৈ আধাঘন্টাতকৈও
বেছিসময় লাগে৷ সন্ধিয়া হস্পিটেল পাই দেউতা থকা কোঁঠাটো বিচাৰি উলিয়ালো৷ বাৰান্দাৰ একেবাৰে
এমূৰত থকা কোঁঠাটো পাই সোমাই গ’লো৷ দাদাহঁত আৰু কোনোবা দুজনমান বহি আছিল৷ মই খোৱা-বস্তুখিনি আগবঢ়াই দিওঁতে দেউতাই সেহাই-সেহাই ক’লে
:মই খাব নোৱাৰিম, তহঁতেই খা৷
মুখ-মণ্ডল ফুলি থকা
দেউতাৰ পিনে চাই মই ভাবিবলৈ ধৰিলো,
: দেউতাৰ চাগে
কিমান বিষাইছে, কিমানযে কষ্ট
পাইছে…
সেই কষ্টৰ কল্পনা কৰি কৰি মোৰ মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে৷ লাহে-লাহে চকুৰে ধোঁৱা-কুঁৱা দেখিবলৈ ধৰিলো৷ মই বাগৰি পৰিবৰ
উপক্ৰম হ’ল৷ তাকে দেখি
দেউতাই দাদহঁতক সম্বোধি ক’লে৷
:তাক ধৰ৷ অলপ
বিচনাখনত শুৱাই দে৷
দাদাহঁতে মোক ধৰি শুৱাই দিলে দীঘল বেঞ্চখনত৷ অলপ সময় তেনেদৰে থাকি প্ৰকৃতিস্থ হোৱা
যেন দেখি দেউতাই সুধিলে
: অলপ ভাল পাইছনে?
তাৰপাছত দাদাহঁতক ক’লে
: তাক বাহিৰলৈ
লৈ যা৷ হস্পিটেললৈ বেছিকৈ আহিব নিদিবি৷
মই তেজ দেখিলে ভয় খাওঁ বাবে সৰুৰে পৰা মোক ঘৰত কুকুৰা কাটিলে দেউতাই চাবলৈ নিদিছিল৷
কাৰো দুখ বা কষ্ট সহ্য কৰিব নোৱাৰা দুৰ্বল হৃদয় আছিল মোৰ৷ নিজৰ দেউতাৰ কষ্ট দেখি মূৰ
ঘূৰাই বাগৰি পৰিব ধৰাটো একো আচৰিত কথা নাছিল৷
দাদাহঁতে মোক বাহিৰলৈ উলিয়াই পঠালে৷ বাৰান্দাত থিয় হৈ দূৰৰ পাহাৰবোৰলৈ চাই চাই
ভাবিলো,
: আমাৰ দেউতাও
মৰিব নেকি?
মনলৈ ভাবটো অহাৰ লগে-লগে ভয় খাই মই মনে-মনে প্ৰাৰ্থনা কৰিবলৈ ধৰিলো,
: হে ঈশ্বৰ, আমাৰ দেউতাক মাৰি নিনিবা৷ যদি মাৰিব
খুজিছা মোকে মাৰি নিয়া৷
খবৰ পাই বৰপেটাৰ পৰা খুড়া, মাহী, আইতা আদি আহি ওলাল৷ শ্বিলঙত থকা প্ৰায় সকলো বৰপেটীয়ামূলৰ মানুহৰ মাজত দেউতা অতি জনপ্ৰিয় আছিল৷ খবৰটো বিয়পি পৰাৰ পাছত খবৰ লবলৈ অহা মানুহেৰে হস্পিটেল ভৰি পৰিবলৈ ধৰিলে৷ মোক বৰকৈ যাবলৈ দিয়া নহ’ল৷ তথাপি মাজে-মাজে গৈ থাকিলো হস্পিটাললৈ৷ এদিন এজন ডাক্তৰে আন এজনক কোৱা কাণত পৰিল,
: ষ্টিল চিৰিয়াচ৷
চিৰিয়াচ মানে বুজি পালো, কিন্তু ষ্টিল মানে তীখা বুলি ভাবিলো৷ গতিকে দেউতাৰ অৱস্থা তীখাৰ নিচিনা কঠিন আৰু চিৰিয়াচ বুলি বুজি মাক কথাটো ক’লো৷ মাই একো উত্তৰ নিদিলে৷
তেনেদৰে কেইটামান দিন পাৰ হৈ গ’ল৷ দেউতাৰ অৱস্থাৰ কোনো উন্নতি নহ’ল৷ কাষৰ ঘৰৰ বন্দনা নামৰ ছোৱালীজনীয়ে এদিন সুধিলে,
:তোমালোকৰ দেউতাক লৰেটোলৈ নিলে নেকি?
: নাই নিয়া,
মই উত্তৰ দি ভবিলো, লৰেটো হস্পিটেললৈ (আচলতে নামটো কি মনত নাথাকিল) নিলে কিজানি দেউতা ভাল হ’লহেতেন৷ কিন্তু দেউতা চিভিল হস্পিটেলতে থাকিল৷
ডিচেম্বৰ মাহৰ আঠ তাৰিখ৷ সেইদিনা বোধকৰো শনিবাৰ আছিল৷ ৰাতিপুৱা ঘৰত আছিলো মই আৰু সৰু ভাইটি৷ হঠাতে খবৰ আহিল দেউতাই আমাক দুটাক চাবলৈ বিচাৰিছে৷ আমি বেগাবেগিকৈ হস্পিটেল পালোঁগৈ৷ দেউতা থকা কোঠাটোৰ দুৱাৰমুখত ইংৰাজীৰে জাননী এখন লগোৱা আছিল৷ ভিতৰে-বাহিৰে বহুতো মানুহ৷ আমি দুৱাৰমুখ পাওঁতেই কোনোবা এজন বাহিৰ ওলাই আহিল আৰু আমাক দেখি ক’লে,
: ভিতৰলৈ যাব নালাগে৷ ব’ল ঘৰলৈ৷
আমি কিবা কোৱাৰ আগতেই তেওঁ আমাক লগত লৈ আমাৰ ঘৰমুৱা হ’ল৷ দেউতাক আমি চাবলৈকে নাপালো, দেউতাইও আমাক নেদেখিলে৷
মনটো উগুল-থুগুল লাগি থাকিল৷ শুনিবলৈ পালো দেউতাক হেনো অক্সিজেন দি আছে৷ দাদাহঁত বোধকৰো সন্ধিয়া উভতি আহিল কিন্তু মা হস্পিটেলতে থাকিল সদায় থকাৰ দৰে৷ সেই গহীন পৰিবেশত একো খাবলৈ মন নোযোৱাতো কিবা-কিবি অলপ খাই বিচনাত পৰিলো৷ ডিচেম্বৰ মাহৰ সেই জাৰত লেপৰ তলত সোমাই পৰিলো বোধকৰো আমি চাৰিজন ভাই-ককাই৷ ডাঙৰ দাদা বোধকৰো হস্পিটেলতে আছিল৷ ক’ব নোৱাৰাকৈয়ে টোপনিয়ে হেঁচা মাৰি ধৰিলে আটাইকে৷
মাজৰাতি কিবা এক অদ্ভূত শব্দত টোপনি ভাঙিল৷ কোনোবাই যেন বিশেষ সুৰ লগাই লগাই চিঞৰি চিঞৰি কান্দিছে৷ মাতটো চিনাকী যেন লাগিল৷ হয়, সেয়া মাৰ মাতেই হয়৷ মানুহ মৰিলে বিশেষ ধৰণে বিলাপ কৰি কৰি কান্দে বৰপেটাৰ ফালৰ মাইকী মানুহে৷ জীৱনত প্ৰথমবাৰৰ বাবে তেনে বিলাপৰ সুৰ শুনিলো৷ মাৰ লগতে আইতাৰ মাত ভাহি আহিল মজিয়াৰ পৰা৷ বুজিবলৈ বাকী নাথাকিল যি ভয় কৰিছিলো তাকে ঘটিল বুলি৷ কি কৰা উচিত একো নাজানি বেৰৰ ফালে মুখ কৰি উচুপিবলৈ ধৰিলো৷ তথাপি মনত এটা ক্ষীণ আশা, কিজানি দেউতাৰ একো হোৱা নাই, মাহঁতে কিজানি বেলেগ কিবা কথাতহে কান্দিছে৷ কিন্তু ক্ষন্তেক পাছতে ডাঙৰ দাদাই একেবাৰে সৰু ভাইটি অকণক কোৱা কাণত পৰিল,
:অকণ, আমাৰ দেউতা মৰিল৷ অকণ আমাৰ দেউতা মৰিল৷ আমি এতিয়া কি কৰিম?
বুলি দুয়ো সাৱটা-সাৱটি কৰি কান্দিবলৈ ধৰিলে৷ সৰুদাদা আৰু আনটি ভাইটিয়েও কান্দোনত যোগ দিলে৷ মই বেৰৰ ফালে মুখ কৰি থাকিলো৷ কাৰোফালে চাবলৈ সাহস নহ’ল৷ আমাক সান্তনা দিবলৈ আহিল ডাঙৰ খুড়া৷ নাকান্দিবি, নাকান্দিবি বুলি দুবাৰমান কৈ আমাক কন্দা দেখি খুড়াই নিজে হুকহুকাই কান্দিব ধৰাত বাৰিষাৰ ধল অহাৰ দৰে কান্দোনৰ ৰোল উঠিল৷
: এই সৰু-সৰু ল’ৰা পাঁচটাক জাপি দি , আমাক পথৰ ভিখাৰী কৰি ক’ত গুচি গ’ল..
কাষৰ কোঠাৰ পৰা কৰা মাৰ বিলাপ আহি কাণত পৰাত অজান আশংকাত বুকুখন কঁপিবলৈ ধৰিলে৷ কল্পনা কৰিলো, আমি বাটে-বাটে ভিক্ষা কৰি ফুৰিছো, ৰাতি গছৰ তলত শুইছো…. ভাবি ভাবি কিমান কান্দিলো হিচাব নাই৷ কোনেও কাৰো ফালে চোৱাৰ সাহস নাই৷
ৰাতিটো তেনেদৰেই পুৱাল৷ ৰাতিপুৱা সকলোকে লৈ যোৱা হ’ল চিভিল হস্পিটেললৈ৷ হস্পিটেলৰ ফালে চাই আকৌ ভাবিলো, 'লৰেটো'লৈ নিয়া হ’লে কিজানি দেউতা ভাল হ’লহেতেন৷
দেউতাৰ দেহটো আনি বাহিৰত শুৱাই দিয়া হ’ল৷ শেষবাৰৰ বাবে দেউতাৰ মুখখনলৈ চালো৷ শান্তিৰে শুই আছে৷ মানুহ মৰিলে বোলে গাৰ ৰং শেঁতা হয়৷ দেউতাৰ ৰংটো দেখোন প্ৰায় একেই আছে৷ এই যেন সাৰ পাব৷ এনেকুৱা লাগে৷ কিজানি জীয়াই আছে৷ মানুহবোৰে ভুল কৰা নাইতো?
বিভিন্নজনে আহি ফুলৰ মালা আদি দিলেহি৷ অলপ পাছত দেহটো লৈ যোৱা হ’ল সৎকাৰৰ বাবে৷ লগত অষ্টম শ্ৰেণীত পঢ়া ডাঙৰ দাদাক লৈ যোৱা হ’ল৷ আমি সৰু থকা বাবে আমাক শ্মশানলৈ নিনি ঘৰলৈ লৈ অহা হ’ল৷
কেইঘন্টামান পাছত ডাঙৰ দাদা আহি পালে৷ মুখৰ মাত নাই৷ ঠক-ঠককৈ কঁপিছে গোটেই ল’ৰাটো৷ কোনোবাই আনি গৰম গাখীৰ এগিলাচ খুৱাই দিয়াতহে অলপ সুস্থিৰ হ’ল৷
ঘৰলৈ আহি গা ধুই বাহিৰত থকা চকী এখনত বহি পৰিলো৷ কাৰো মুখত কোনো কথা নাই৷ মোক চকীত বহা দেখি ডাঙৰ মানুহ এজনে মোৰ ফালে বিশেষ ভাবে চালে৷ মই সুধিলো,
: দেউতাক মৰিলে চকীত বহিব নাপায় নেকি? তেনেকুৱা নিয়ম নেকি?
তেখেতে একো নক’লে যদিও মুখৰ অভিব্যক্তিত বুজি পালোঁ৷ চকীৰ পৰা আঁতৰি মাটিত পাৰি থোৱা কিবা এখনৰ ওপৰতে বহিলো৷
একে ৰাতিৰ ভিতৰতে বহু কথা নিজে নিজে বুজা হৈ গ’লো৷
No comments:
Post a Comment