মহামূৰ্খৰ ৰেলযাত্ৰা...
এটা সময় আছিল, ৰেল যাত্ৰা অসমীয়া
মানুহে প্ৰায়েই এৰাই চলিব বিচাৰিছিল৷ সেই সময়ত ৰেলৰ কৰ্মচাৰীৰ মাজত অসমীয়া মানুহৰ সংখ্যাও
কম আছিল, ৰেলেৰে ভ্ৰমণ
কৰা লোকসকলৰ মাজতো অসমীয়া মানুহ পাবলৈ টান আছিল৷ ৰেলৰ জগতখন অসমীয়া মানুহৰ বাবে অতি
আচহুৱা জগত যেন আছিল৷ মইও তাৰ ব্যতিক্ৰম নাছিলো৷ ৰেলস্টেচনৰ ওচৰে-পাজৰে থকা মনুহৰ ক্ষেত্ৰত কথাটো অলপ
সুকীয়া হয়তো আছিল৷
চনটো মনত নাই৷ খুব সম্ভৱ সেয়া আছিল ১৯৭৯ চন৷ মোৰ ডাঙৰ দাদাই বি ডি এচ পাছ কৰি আহি বঙাইগাওঁত ক্লিনিক এখন খুলি বহিছিল৷ ক্লিনিকৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিছুমান গুৱাহাটীৰ শিখ মন্দিৰৰ কাষৰ দোকান এখনৰ পৰাই কিনিছিল তেতিয়া৷ এদিন মোলৈ আদেশ আহিল কিছুমান বস্তু সেই দোকানখনৰ পৰা কিনি আবেলি ৰেলেৰে বঙাইগাওঁলৈ লৈ যাবলৈ৷
লাখটকীয়াৰ সেই দোকানখনৰ পৰা বস্তুখিনি কিনি ৰিক্সাত উঠি ৰেলস্টেচন পালোঁগৈ৷ দুইমান বজাত অসম মেইলনে কিবা এখন ৰেল যাবলগীয়া আছিল৷ সেই সময়ত উত্তৰ বঙ্গত প্ৰবল বানপানী হোৱা বাবে ৰেলৰ চলাচল অতি অনিয়মীয়া হৈ আছিল৷ কামৰূপ এক্সপ্ৰেছখনো যাবলগীয়া হৈ আছিল৷ তেতিয়া নিউবঙাইগাওঁৰ পৰাহে ব্ৰডগজ আছিল৷
কামৰূপ এক্সপ্ৰেছখন চাৰেপা্ঁচমান বজাত আহিব বুলি গম পাই প্লেটফৰ্মত ৰৈ থাকিলো৷ বেছি মানুহ-দুনুহ নাছিল৷ প্ৰায় চাৰিমান বজাত হঠাতে স্টীম ইঞ্জিনৰ ফোঁচ ফোঁচ শব্দ কৰি এখন ট্ৰেইন আহি ওলাল৷ মইও ট্ৰেইনখন সময়তকৈ আগতেই আহি পোৱা বাবে মনৰ আনন্দতে জাপ মাৰি ট্ৰেইনত উঠি বহিলো টালি-টোপোলাৰে সৈতে৷ অলপ পাছত ঘেটলেং – মেটলেংকৈ ট্ৰেইনখন লাহে লাহে চলিবলৈ ধৰিলে৷ ভৰলু দলং পাৰ হৈ লাহে লাহে কামাখ্যা পালেগৈ৷ কিন্তু তাত বহি যোৱা মানুহবোৰলৈ চাই মনত কিবা এটা সন্দেহ হ’ল৷ মানুহবোৰ প্ৰায় নামি শেষ হ’ল ট্ৰেইনখনৰ পৰা৷ মানুহ এজনক সুধি জানিব পাৰিলো সেইখন হেনো কিবা চাট্ল গাড়ীহে৷ গুৱাহাটীৰ পৰা পাণ্ডুলৈকে চলে৷
কথা বিষম দেখি মই ট্ৰেইনৰ পৰা জাপ মাৰি নামিলো৷ হাতৰ ঘড়ীলৈ চালো৷ প্ৰায় চাৰে
চাৰি বাজিল৷ ইফালে মই ধৰিবলগীয়া কামৰূপ এক্সপ্ৰেছখনো গুৱাহাটী স্টেচন পাবলৈ বেছি সময়
নাই৷
উধাতু খাই মালিগাওঁ চাৰিআলি পালোগৈ৷ ফোঁপাই-জোপাই চিটিবাছ এখনত উঠি পৰিলো৷ যথাসময়ত
চিটিবাছ কাছাৰীত ৰ’লগৈ৷ বাছৰ পৰা জাপ মাৰি নামি ৰিক্সা এখন ধৰিলো৷ ৰিক্সাৱালাই আপোনমনে ৰিক্সা চলাই আগবাঢ়িল স্টেচনৰ ফালে৷ মই বাৰে বাৰে হাতৰ
ঘড়ীলৈ চাওঁ৷ ৰেলখন আহিবলৈ বেছি সময় নাই আৰু৷ যথাসময়ত স্টেচন পালো৷ ৰিক্সাৱালাক ভাড়াটো
দি বেগাই প্লেটফৰ্ম পালোগৈ৷ তেতিয়াও ৰেলখন নাই অহা৷ প্ৰায় এঘন্টামান অপেক্ষা কৰিবলগা
হ’ল ৰেলখনৰ বাবে৷
ৰেল আহিল৷ একেবাৰে খালী ৰেল৷ মই ডবা এটাত উঠি বহিলো৷ চাৰি-পাঁচজনমান মানুহহে আছিল ডবাটোত৷
লাহে লাহে ৰেল চলিবলৈ ধৰিলে৷ ৰাতি দহমান বজাত গৈ বঙাইগাওঁ পালোগৈ৷
ঘৰ পাই মই সকলোৰে আগত মোৰ বীৰত্বৰ কাহিনী বৰ্ণনা কৰিলো৷ কেনেদৰে চিটিবাছেৰে আকৌ পাণবজাৰলৈ
উভতি গৈ ৰেল ধৰিলোগৈ সকলোখিনি অলপ ৰহণ লগাই লগাই ক’লো, যেন পৃথিবী জয় কৰিহে আহিলো৷
মোৰ কথা শেষ হোৱাত, মিচিক-মাচাককৈ হাঁহি, মোৰ ৰসিক সৰু দাদাই লাহেকৈ মাত দিলে,
“তই এটা এক নম্বৰ বুৰ্বক৷ মালিগাওঁতেই ৰৈ থাকিলে হ’লহেতেন৷ ৰেলখনতো পাণবজাৰৰ পৰা
মালিগাওঁ হৈহে আহিব৷ সকলো ৰেলেই মালিগাওঁত ৰয়৷ মিছাতে ইমান উধাতু খাই চিটিবাছ ধৰি উভতি
যোৱাৰ কি প্ৰয়োজন আছিল? যদি ৰেলখন মিছ কৰিলিহেতেন? আকৌ সেই চাটল ৰেলখনো চিনি নাপালিনে,
তাতে উঠি দিছিলি যে?”
“এৰা, কথাটোতো হয়৷ মইহে ভাল বুৰ্বক৷” লাজতে ৰঙা-চিঙা পৰি মনতে ভাবিলো৷
নিজৰ গালতে চৰ এটা মাৰি দিবৰ মন গ’ল৷
লিখনিটো পঢ়ি ভাল লাগিল। লিখি থাকিব বুলি আশা ৰাখিলোঁ।
ReplyDelete