আপোনাৰ বাৰু কেনেকুৱা লাগিব?
১) আপোনাৰ এজন বন্ধু আছে ৷ বন্ধুজনৰ শৰীৰ-চৰ্চ্চা কৰাটো সকলোতকৈ ডাঙৰ নিচা ৷ নিয়মীয়াকৈ
ব্যায়াম কৰিবলৈ যায় ৷ যেতিয়াই আপোনালোকৰ লগত কথা পাতে আপোনাৰ বন্ধুজনে সুবিধা পালেই
পেশীবোৰ ফুলাই দেখুৱায় ৷ সদায় গাত লিপিটখাই
পৰা টি-চাৰ্ট আদি পিন্ধে ৷ যদিহে ওচৰত আয়না থাকে তেনেহলেতো কথাই নাই ৷ কথাৰ মাজে-মাজে
আয়নাৰ আগত থিয় হৈ হাতৰ মাংস-পেশী প্ৰদৰ্শন কৰি থাকে৷ আপোনাৰ লগতে বাকী সকলোৰে আমনি
নিশ্চয় লাগিব৷ আয়নাখন ব্যৱহাৰ আমি কৰা উচিত
মূৰ আঁচুৰিবলৈ, ডাড়ি খুৰাবলৈ, নাকে-মুখে কিবা লেতেৰা লাগি আছে নেকি , মাংস বা নুডল
খোৱাৰ পাছত দাঁতত কিবা লাগি আছে নেকি চাবলৈহে ৷ বাৰে-বাৰে আয়নাত নিজৰ মুখ চাই, চেহেৰা চাই থকা লোক
আন সকলোৰে বাবে আমনিদায়ক ৷
২) আপুনি বাছেৰে গৈ আছে৷ আপোনাৰ
কাষত এজন দেখাত ভদ্ৰমানুহ বহি গৈছে৷ পিন্ধা-উৰাত ভালেই৷ কাপোৰবোৰো পৰিষ্কাৰেই৷ গাত
হয়তো অতি দামী স্প্ৰে লগাই আহিছে৷ কাষত তেনেকুৱা চাপ-চিকুণ, দেখাত ভাললগা মানুহ এজন
বহি গ’লে ভালেই নিশ্চয় লাগিব সকলোৰে৷ অলপসময় পাছত আপুনি মন কৰিছে যে কাষত বহি যোৱা
মানুহজনে সোঁহাতৰ তৰ্জনী আঙুলিটো নাকৰ এটা ফুটাৰে ভৰাই দিছে৷ আপুনি কেৰাহিকৈ চাইছে৷
তাৰপাছত আপুনি দেখিলে তেওঁ একান্ন মনে নাক খুচৰিছে আৰু ভিতৰৰ পৰা ভিতৰৰ পৰা অমুল্য সম্পদবোৰ উলিয়াই ইফালে-সিফালে চিটিকাই
পঠিয়াইছে আঙুলিৰে৷ হয়তো আপোনাৰ ফালে সেই সম্পদবোৰ নাই অহা, কিন্তু আপোনাৰ গোটেই গাতে
মানুহজনৰ নাকৰ বহুমূলীয়া সম্পদবোৰ আহি আহি পৰা যেন নালাগিবলে? সেই মানুহজন আপোনাৰ ওচৰৰ পৰা উঠি গ’লেই ভাল হয় বুলি নাভাবিবনে?
৩) আপুনি এখন ৰেষ্টোঁৰাত চাহ-মিঠাই
খাবলৈ সোমাল ৷ খালী টেবুলএখন পাই বহিল৷ তাৰপাছত আপুনি ভাবিছে কি মিঠাই খাব৷ আয়নাৰ মাজেৰে
আপুনি শ্বকেচত সজাই থোৱা মিঠাইবোৰলৈ চাইছে ৷ কাষতে থিয় হৈ আছে মিঠাই দিয়া চেলচমেন ৷
হঠাতে আপুনি মন কৰিলে চেলচমেনজনে কৰঙনৰ খজুৱতি মাৰিবলৈ একান্নমনে খজুৱাই আছে৷ মাজে-মাজে
আমেজত একেবাৰে চকু মুদি দিছে ৷ আপুনি সেইখন
দোকানৰ পৰা মিঠাই খাবনে ? নে ততাতৈয়াকৈ তাৰপৰা ওলাই বেলেগ এখন দোকান বিচাৰি যাব? হয়তো
ওচৰে-পাজৰে ক’তো দোকান নাই বুলি জানিলে ডিঙিটো তিয়াবলৈ বাধ্য হৈ চাহ একাপ খাব পাৰে,
কিন্তু মিঠাই?..
৩) আপুনি বাছত বহি ক’ৰবালৈ গৈ
আছে ৷ খিৰিকিৰে বাহিৰলৈ চাই গৈ আছে আপুনি৷ আপোনাৰ কাষত এজন চেঙেলীয়া ল’ৰা ৷ অলপ পাছত
আপুনি অনুভৱ কৰিলে কিবা এটাই আপোনাৰ আঁঠুত খুন্দিয়াই আছে ৷ আপুনি ভালদৰে মন কৰি চায়
দেখে যে আপোনাৰ কাষত বহি যোৱা ল’ৰাটোৱে এখন ভৰি আনখন ভৰিৰ ওপৰত তুলি বহি লৈছে আৰু ল’ৰাজনৰ
সেই তুলি লোৱা ভৰিখনৰ লেতেৰা জোতাযোৰ আহি মাজে-মাজে আপোনাৰ আঁঠু বা উৰুত আঘাত কৰিছেহি
৷ প্ৰথমতে হয়তো আপুনি ভাবিব যে ল’ৰাজনে নিজৰ ভুল নিজেই অনুভৱ কৰিব অতি সোনকালে ৷ কিন্তু
ল’ৰাজনৰ তেনেদৰে বহি যোৱাই অভ্যাস ৷ এখন ভৰিৰ ওপৰত আনখন ভৰি তুলি নবহিলে যেন নহয়েই
৷ অলপ পাছত ল’ৰাজনক আপুনি ক’বলৈ হয়তো বাধ্য
হ’ব ভৰিখন নমাই ল’বলৈ ৷ ভৰিৰ ওপৰত ভৰি তুলি বহা এনেকুৱা অভ্যাস যাতে আমাৰ গঢ় লৈ নুঠে
তাৰবাবে আমি সাবধান হোৱাই ভাল নিশ্চয় ৷
৪) আপোনালোক কেইজনমানে বাটৰ কাষত
থিয় হৈ কিবা জৰুৰীকথা আলোচনা কৰি আছে ৷ হাতে-হাতে
কফিকাপ একোটা ৷ আপোনালোকৰ মাজৰে এজনৰ অলপ পানীলগা
জ্বৰ হৈ আছে ৷ হঠাতে তেওঁ কোনো ৰুমাল বা টিচুপেপাৰ
নোলোৱাকৈয়ে নাকৰ শেঙুণ পেলাবলৈ ধৰিলে কালৈকো কেৰেপ নকৰাকৈ ৷ অনিচ্ছা-স্বত্বেও আপোনাৰ চকু গ’ল তেওঁৰ নাকৰ পৰা
ওলাই আপোনাৰ ভৰিৰ কাষতে পৰা সেই শেঙুণৰ ধাৰালৈ৷
তাৰপাছত আপুনি বাৰু লগে-লগে কফিৰ কাপত চুমুক দিব পাৰিবনে? ৰুমাল বা টিচু পেপাৰ
আদি নোহোৱাকৈ নাকৰ শেঙুন পেলোৱাটো নিশ্চয় আনৰ বাবে অস্বস্তিকৰ কথা হয় ৷
৫) আপোনেলোক কেইজনমানক একেলগে
চাহ খাবলৈ দিছে ৷ সকলোৱে খাবলৈ লৈছে ৷ কোনোবা এজনে যদি এনেদৰে প্ৰচণ্ড শব্দ কৰি চাহত
সোপা মাৰি-মাৰি চাহ খাইছে যে সেই সোহাৰ শব্দত একেবাৰে যেন কাণ তাল মাৰি যায়, আপোনাৰ বাৰু কেনেকুৱা লাগে ? নাইবা
হয়তো আপুনি বিয়া খাবলৈ গৈছে ৷ কাষতে কোনোবা এজন বহিছে৷ তেওঁৰ মুখেৰে যিহে চপক চপক শব্দ
ওলাইছে খোৱাৰ সময়ত, আপোনাৰ একেবাৰে মূৰ গৰম হৈ গৈছে ৷ আপোনাৰ আমনি নিশ্চয় লাগিব ৷ আচলতে
কোনো বস্তু খোৱাৰ সময়ত একেবাৰে শব্দ নোতোলাকৈ খাবলৈ শিকিব লাগে সৰুৰে পৰাই ৷
আমি সমাজত থাকো ৷ সমাজত উঠা-বহা
কৰোঁতে আমি এনে সৰু-সুৰা কথাবোৰলৈও মনকৰা ভাল যাতে আমাৰ পৰা আনে অসুবিধা নাপায় ৷
No comments:
Post a Comment