মীৰাটৰ চাৰিজন
যুৱক..
২০০৯ চনৰ কথা৷
উত্তৰ প্ৰদেশৰ মীৰাট নামে ঠাইৰ ইঞ্জিনিয়াৰিং কলেজ এখনত ডিৰেক্টৰ হিচাবে যোগদান কৰিছো
মাত্ৰ৷ পল্লৱপুৰমৰ কাষতে থকা হাউচিং কলনী এটাত থাকিবলৈ লোৱা দুদিনমান হৈছেহে৷ অকলে
থাকোঁ৷ সন্ধিয়া কাষতে থকা বজাৰখনলৈ ওলাই গৈছো৷ দুই-এটা সৰু-সুৰা বস্তু কিনি উঠি ভাবিলো
চুলিখিনি অলপ কাটি লোৱা যাওঁক৷ চেলুন এখন বিচাৰি পালো৷ ভিতৰত খালী ঠাই নোহোৱা বাবে
বাহিৰতে থিয় দি অপেক্ষা কৰি থাকিলো৷
তেতিয়া সন্ধিয়া
৮ মান বাজিছে৷ মই চেলুনৰ আগত থিয় হৈ বজাৰৰ পিনে চাই আছো৷ হঠাতে চকুত পৰিল চাৰিজন ডেকা৷
ওখ-ওখ, প্ৰকাণ্ড-প্ৰকাণ্ড চেহেৰা৷ ডেকা কেইজনে দূৰৰ পৰা মোলৈ চাই থকা যেন লাগিল৷ মইও সেইফালে চাই থাকিলো৷ ডেকা কেইজনে
নিজৰ মাজত কিবা আলোচনা কৰা যেন লাগিল৷ তাৰপাছত মোৰ পিনে আগবাঢ়ি আহিব ধৰিলে৷ মই চাই
থাকিলো৷ হয়তো চুলি কাটিবলৈকে আহিছে৷ কিন্তু মোৰ পিনে পোনে-পোনে আহি থকা দেখি অলপ ভয়ো
লাগিবলৈ ধৰিলে৷ একেবাৰে নতুন ঠাই৷ কাকো চিনি নাপাওঁ৷ ডেকা কেইজনে মোক কিবা অনিষ্ট কৰিবলৈ
অহা নাইতো? যিমান পাৰো সহজ হৈ থিৰে থাকিলো৷ চাওঁতে চাওঁতে ডেকাকেইজন আহি একেবাৰে ওচৰ
পালেহি৷
হয়, মোৰ পিনেই
চোঁচা মাৰি আহিছে৷ এজন একেবাৰে কাষ চাপি আহিল৷ মই অবাক হৈ চাই থাকিলো৷ তাৰপাছত হঠাতে
এজন এজনকৈ গোটেই কেইজনে মোৰ ভৰি চুই প্ৰণাম কৰিলে৷
“তোমালোক কোন?”
মই অবাক হৈ সুধিলো৷
“ছাৰ আমি আপোনাৰ
কলেজৰ বি বি এ ছাত্ৰ৷ আপুনি নতুনকৈ আহিছে৷ কলেজত আপোনাক দেখিছো৷”
মোৰ কাৰণে সেইটো
এটা সম্পূৰ্ণ বেলেগ ধৰণৰ অভিজ্ঞতা৷
একেবাৰে মাজ-বজাৰত
তেনেদৰে সন্মান পাই অভিভূত হৈ পৰিলো৷
ভাৰতীয় সংস্কৃতি
জীয়াই আছে, এতিয়াও৷ বাটে-হাটে, ফুটপাথে সকলোতে৷
No comments:
Post a Comment