At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Thursday, 6 February 2014

ত্ৰিশবছৰীয়া প্ৰেম....



ত্ৰিশবছৰীয়া প্ৰেম…
(অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সোণালী জয়ন্তী উপলক্ষে ৰোমন্থন)
১৯৭৮ ৰ পৰা ২০০৮ চনৰ ডিচেম্বৰ মাহলৈ সুদীৰ্ঘ ত্ৰিশটা বছৰ পাৰ কৰিলো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সান্নিধ্যত৷ মানুহ সলনি হ’লেও অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদৰ প্ৰতিজোপা গছ-বনেও যেন চিনি পায় মোক, আজিও৷ পাহৰিব খুজিও নোৱাৰি পাহৰিব৷ সহপাঠী, সহ-আবাসী, শিক্ষক, ছাত্ৰ আৰু সহকৰ্মী- বিভিন্ন ৰূপত বিভিন্নজনক লগ পালোঁ, ভিন ভিন সময়ত ৷ অনেকৰ বিষয়ে অনেক কথাই মনলৈ আহে আজিও৷
তোমাক কেমিকেল দিম বুলিহে ভাবিছো:
কেমিকেল পঢ়িম বুলি ভবা নাছিলো৷ নাম ভৰ্তি কৰিছিলো ইলেক্ট্ৰিকেলত৷ কিন্তু তৃতীয় বাৰ্ষিকত বহুতেই ব্ৰান্স সলনি কৰিবলৈ আবেদন কৰে, বিশেষকৈ কেমিকেলৰ পৰা আন বিভাগলৈ যাবৰ বাবে৷ মইও আবেদন কৰিলো মেকানিকেললৈ যাবলৈ বুলি৷ দ্বিতীয় বাৰ্ষিকত মোৰ সকলোতকৈ ভাললগা বিষয় দুটা আছিল ইঞ্জিনিয়াৰিং মেকানিকচ আৰু হীট পাৱাৰ৷ দুয়োটা মেকানিকেলৰ বিষয় আছিল৷ তাৰ ভিত্তিতেই আছিল মোৰ সিদ্ধান্ত৷ নিৰ্দিষ্ট দিনত প্ৰিন্সিপালৰ কোঠাত কমিটিৰ মুখামুখি হ’লো৷ চাৰিওজন মূৰব্বী অধ্যাপকৰ ( চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল, কেমিকেল) আগত থিয় হৈ কিবা এটা কোৱাৰ আগতেই চিভিলৰ হেড সমুদ্ৰদেৱ ফুকন ডাঙৰীয়াই মিচিকিয়া হাহি এটা মাৰি মোলৈ চাই ক’লে,
“তোমাক আমি কেমিকেলহে দিম বুলি ভাবিছো৷”
সেই সময়ত কোনেও কেমিকেল নপঢ়ে৷ আমাৰ ওপৰৰ শ্ৰেণীত মাত্ৰ চাৰিজন আৰু তাৰ ওপৰৰ শ্ৰেণীত মাত্ৰ দুজন কেমিকেলৰ ছাত্ৰ তেতিয়া৷ ফুকন চাৰৰ কথাত প্ৰতিবাদ কৰি ক’লো,
“ চাৰ মই কেমিকেল নপঢ়োঁ৷”
“ কিয়?” চাৰে সুধিলে৷
“কেমিষ্ট্ৰি বেয়া পাওঁ,” আজিও সকলোৱে ভবাৰ দৰে মইও কেমিকেল ইঞ্জিনিয়াৰিং মানে কেমিষ্ট্ৰি বুলিয়েই ভাবিছিলো৷
“ কেমিকেল মানে কেমিষ্ট্ৰি নহয় নহয়৷ কেমিষ্ট্ৰিতো মেকানিকেলতো লাগে৷” এইবাৰ মেকানিকেলৰ হেড পদ্মপতি চাৰে মাত লগালে৷
“ তুমি ইচ্ছা কৰিলে অহাবছৰো মেকানিকলৈ আহিব পাৰা, কিন্তু তুমি কেমিকেল পঢ়া ৷ অহা দহবছৰত ভাৰতত বহু কেমিকেল ইঞ্জিনিয়াৰৰ প্ৰয়োজন হ’ব৷ ভাল ছাত্ৰবোৰে কেমিকেল পঢ়িব লাগে৷..” চাৰে বুজালে৷ ইলেক্ট্ৰিকেলৰ হেড অশোক শৰ্মা চাৰ আৰু কেমিকেলৰ হেড অমল চন্দ্ৰ শৰ্মা চাৰে একো মাত নিদিলে৷ মই অলপ ভাবি চাম বুলি ওলাই আহিলো৷ পাছত কেমিকেলকে পঢ়িব বুলি ঠাৱৰ কৰি পেলালোঁ৷
তেনেদৰেই আৰম্ভ হ’ল কেমিকেল বিভাগৰ স’তে মোৰ প্ৰেম-পূৰ্ণ সুদীৰ্ঘ যাত্ৰা৷
কম্পিটিচন কৰিম দেই:
সকলোৱে বেলেগ বিভাগলৈ ঢাপলি মেলাৰ পাছত কেমিকেলৰ তৃতীয় বাৰ্ষিকত অৱশিষ্ট আছিলগৈ অসীম কুমাৰ ভট্টাচাৰ্য, ৰতন নেৱাৰ, দ্ৰিংচন টেৰিয়াং, ৰত্নদ্বীপ দত্ত, চিন্ময় দাস আৰু অনুপম দাস৷ সোঁতৰ বিপৰীতে গৈ ময়ো সেই বিশেষ দলত যোগ দিলোগৈ৷ প্ৰথম দিনা শ্ৰেণীত প্ৰৱেশ কৰাৰ লগে-লগে ৰতন নেৱাৰে হাত আগবঢ়াই দি মোক আদৰণি জনাই ক’লে:
“কম্পিটিচন কৰিম দেই৷”
অসীম আৰু ৰতন পঢ়াত সমানেই চোকা৷ বাকীকেইজনো কম নাছিল৷ পঢ়া-শুনাৰ প্ৰতিযোগিতামূলক বাতাবৰণ এটা আছিল যদিও আটাইৰে মাজত গভীৰ বন্ধুত্বৰ ভাবো আছিল৷
ইমান ক্লাচ কৰি থাকিব লাগে:
কেমিকেললৈ আহিয়েই অলপ উপদেশ লোৱাৰ মানসেৰে সাত নং ছাত্ৰাবাসত থকা একমাত্ৰ কেমিকেলৰ জ্যেষ্ঠ ছাত্ৰ প্ৰণৱ বৰকাকতীৰ কোঠা পালোগৈ সন্ধিয়া বেলিকা৷ কোঠাত বহি আছিল কেমিকেলৰ আন এজন বিখ্যাত জ্যেষ্ঠ ছাত্ৰ দুই নং ছাত্ৰাবাসৰ জয়ন্ত বৰগোঁহাই৷ প্ৰণৱদাই কথা কম কয়৷ দুই-এটা উপদেশ দিলে৷ কিন্তু জয়ন্তদাই চিৰপৰিচিত মিচিকিয়া হাঁহিটো মাৰি ক’লে,
“ কেমিকেলৰ মোৰ এটা কথাই বৰ বেয়া লাগে৷ ইমান ক্লাচ কৰি থাকিব লাগে৷”
এৰা৷ কথাটো শতকৰা এশভাগ সত্য৷ সেই পৰম্পৰা এতিয়াও অক্ষুণ্ণ আছে নিশ্চয়৷
বৰষুণ দিলেও ক্লাচ:
সেই সময়ত বৰষুণ দিলে কোনো ক্লাচ কৰিবলৈ নহা পৰম্পৰা আছিল৷ ছাতি কাৰো নাছিল৷ কিন্তু আমাৰ কথা সুকীয়া৷ বৰষুণ দিলেও, তিতি-বুৰি হ’লেও ক্লাচলৈ আহিব লাগে৷ অনুপম, ৰত্নদ্বীপ আৰু চিন্ময় বাছেৰে আহিবই৷ এক নং হোষ্টেলৰ পৰা দীঘল দীঘল খোজেৰে অসীম আৰু পিছে পিছে গজং-গজং খোজেৰে দুই নং ছাত্ৰাবাসৰ দ্ৰিংচন টেৰিয়াং কলেজলৈ অহাটো খাটাং৷ গতিকে বাধ্য হৈ ৰতন আৰু মইও পাঁচ আৰু ছয় নং ছাত্ৰাবাসৰ পৰা আহিবলগীয়া হয়৷ পেটে-পেটে বৰ খং উঠে৷ ৰতনে কেতিয়াবা খঙতে ভোৰভোৰায় বাকীবোৰ ক্লাচ কৰিবলৈ অহা বাবে৷
শৰ্মাচাৰে মাতছে:
কেমিকেল বিভাগটো আছিল তেনেই সৰু৷ আহিয়েই শিক্ষক হিচাবে পালো কেৱল পাঁচগৰাকী শিক্ষকক:
অমল শৰ্মা চাৰ, পাত্ৰ চাৰ, ৰাঘবেন্দ্ৰ চৌধুৰী চাৰ, মৃণাল বৰুৱা চাৰ আৰু ইমতিয়াজ আলি চাৰ৷ মাজতে কিছুদিনৰ বাবে অমিয়াংশু নাথেও শিকাইছিল৷ পাছলৈ অশ্বিনী বৰুৱা চাৰো আহি পায় যদিও তেখেতক শিক্ষক হিচাবে নাপালো৷ কোনোদিনে কোনো কাৰণতে কোনো ক্লাচ খটি নহৈছিল বুলি ক’ব পাৰি৷ শৰ্মাচাৰ সেই বিষয়ত আছিল অতি কাঢ়া৷ এদিন কিবা এটা কাৰণত ক্লাচলৈ কোনো শিক্ষক নহাত (অংক নে আন বিভাগৰ বিষয় আছিল) আমি স্বস্তিৰ নিশ্বাস পেলাই ক্লাচৰ পৰা ওলাই বাৰান্দাৰে যাবলৈ ধৰিলো৷ যাওঁতে শৰ্মাচাৰৰ কোঠাৰ আগেৰে যাব লাগে৷ (তেতিয়া মেইন বিল্ডিঙতে সকলো ক্লাচ হৈছিল, কেমিকেল বিল্ডিং নিৰ্মিয়মান অৱস্থাতে আছিল) আমি শৰ্মাচাৰৰ কোঠাৰ আগেৰে বেগা-বেগিকৈ পাৰ হৈ আহি কিছুদূৰ আগবাঢ়ি গ’লো কেন্টিনৰ পিনে যাবলৈ বুলি৷ হঠাতে দেখিলো ৰামচৰণ তালুকদাৰ নামৰ বিয়াৰাৰজন আমাৰ ফালে দৌৰি আহিছে৷ আমাক পিছৰ পৰা মাতিলে৷
: ক’ত যায় আপনালোক? আপনালোকক শৰ্মাচাৰে মাতছে৷
আমি থমকি ৰ’লো৷ তাৰপাছত উভতি খোজ ল’লো শৰ্মাচাৰৰ ৰুমলৈ বুলি৷ চুচুক-চামাককৈ ভিতৰ সোমালো৷
চাৰে হাতত কিতাপ এখন লৈ আমাৰ বাবে সাজু হৈ আছিল৷ আমাক দেখি ক’লে,
: তোমালোকৰ এতিয়া ক্লাচ নাই নহয়৷ এই কিতাপখন লোৱা৷ ইয়াৰে পৰা চাই চাই এই দ্ৰয়িং কেইটা কৰা৷
কিতাপখন হাতত লৈ চালো৷ আগতে কেতিয়াও নেদেখা কিতাপ৷ চাৰে দেখুৱাই দিয়া ছবি কেইটা চালো৷ বেলেগ বেলেগ প্ৰকাৰৰ ৱেল্ডিং জইন্ট নে তেনেকুৱা কিবা ছবি কিছুমান৷
আমি মুখেৰে একো নামাতি কিতাপখন হাতত লৈ আকৌ ক্লাচৰুমলৈ সোমাই গ’লো৷ সকলোৰে মুখ শুকাই গ’ল৷ কিন্তু উপায় নাই৷ চাৰে দিয়া কাম কৰিবই লাগিব৷ কেন্টিন যোৱাৰ আশা বাদ দি গোটেই সাতজন একেলগে বহি দ্ৰইং কৰিবলৈ ধৰিলো৷
যোৱা , কেন্টিনত চাহ খাই আহাগৈ:
অমল শৰ্মা চাৰৰ অধীনত শিক্ষা লাভ কৰাৰ সৌভাগ্য যাৰ হোৱা নাই তেওঁলোকে অনুমান কৰিবলৈ টান পাব কেমিকেল বিভাগত আগতে কেনেধৰণে পাঠদান চলিছিল৷ বিশেষকৈ মনত পৰে পঞ্চম বাৰ্ষিকত চাৰে ডিজাইন পঢ়ুৱাৰ কথা৷ সাধাৰণতে দুপৰীয়াৰ আহাৰৰ পাছত চাৰে ডিজাইন শিকায়৷ আমি পেৰীজ হেন্ডবুক আদি কৰি সকলো কিতাপ হাতত মেলি লৈ সাজু হৈ থাকোঁ৷ চাৰে আৰম্ভ কৰে৷ কাষত থিয় হৈ থাকে৷ সময় বাগৰি যায়৷ দুই, তিনি, চাৰি বাজি যায়৷ আমনি লাগিলেও ক’বৰ সাহস নাই৷ চাৰিমান বজাত চাৰে কয়৷” যোৱা, কেন্টিনত চাহ খাই আহাগৈ৷” আমিও ল’ৰ মাৰো কেন্টিনলৈ৷ চাহ-চিংৰা আদি যি পাওঁ খাই আকৌ উভতি আহোঁ ক্লাচলৈ৷ চাৰ ৰৈ থাকে৷ আকৌ আৰম্ভ কয় চাৰৰ পাঠদান৷ লাহে-লাহে আন্ধাৰ হয়৷ চাৰে লাইটৰ চুইচ অন কৰি দিয়ে৷ কেমিকেল বিভাগত ৰাতিলৈকে তেনেদৰে পাঠদান চলে… আমি মনে মনে গাওঁ.. “জিলিকাব লুইতৰে পাৰ….”
ডাই মানে মৰা:
ডাই মানে মৰা, কোনেনো নাজানে?
পাত্ৰচাৰৰ ক্লাচ আছিল বেলেগ ধৰণৰ৷ চাৰে প্ৰায় সকলো বিষয়ৰে নোট দিয়ে৷ অতি খৰকৈ কয়, আমাৰো লিখি লিখি হাত বিষায়৷ তথাপি মুখ ফুটাই ক’বলৈ কাৰো সাহস নাই৷ এদিন মেটেলাৰ্জীৰ নোট দি আছিল চাৰে৷ আমিও একান্তমনে লিখি আছো৷ লিখিছোহে মাত্ৰ, কি লিখিছো বুজি চাবলৈ আহৰি নাই৷ হঠাতে এটা বাক্যত ডাই নামৰ শব্দটো আহিল৷ চাৰ অলপ ৰ’ল৷ তাৰপাছত মোৰ পিনে চাই সুধিলে,
“ডাই মানে কি জানানে নাই?”
“ জানো চাৰ, ডাই মানে মৰা৷” মই ঘপৰাই ক’লো৷
চাৰে মোলৈ অদ্ভুত চাৱনিৰে চালে৷
“ চাৰ , ডাই মানে মৰা,” মই আকৌ ক’লো৷
চাৰে মোৰ উত্তৰত বৰ ৰস পালে ৷ মোৰ পিনে চাই আধাফুটা হাঁহি এটা মাৰিলে৷ (চাৰক ভালদৰে হঁহা দেখা মনত নপৰে) তাৰপাছত মেটেলাৰ্জীৰ প্ৰসঙ্গত ডাই মানে কি ভালদৰে বুজাই দিলে৷ মোৰ মগজুত ডাই শব্দটো চিৰদিনৰ বাবে “ডাই কাষ্টিং “ হৈ ৰৈ গ’ল৷
সুতৰাং, এজিউম,এজিউম, নেগলেক্ট, নেগলেক্ট:
ৰাঘবেন্দ্ৰ চৌধুৰীচাৰক বৰ ভাল লাগিছিল৷ বেছি ভয় নালাগিছিল৷ মাজে মাজে চাৰে সুতৰাং শব্দটো ব্যৱহাৰ কৰে৷ শুনি ভাল লাগে৷ বিশেষকৈ পেট্ৰকেমিকেল বিষয়টো চৌধুৰীচাৰৰ বাবেই মোৰ বৰ প্ৰিয় হৈ পৰিছিল৷ চাৰ আমাৰ প্ৰজেক্টৰ গাইড৷ মোৰ পাৰ্টনাৰ আছিল ৰতন নেৱাৰ৷ মই ছয় নং ছাত্ৰাবাসত আৰু নেৱাৰ পাঁচ নং ছাত্ৰাবাসত থাকে৷ ৰাতি ভাতখোৱাৰ পাছত নেৱাৰ মোৰ ৰুমলৈ আহে৷ দুয়ো প্ৰজেক্টৰ কাম আৰম্ভ কৰোঁ৷ অলপ সময় পাছত আমাৰ কনফিউজন আৰম্ভ হয়৷ বিভিন্ন প্ৰশ্নই আমাক হেঁচা মাৰি ধৰে৷ কোনোবাটো গেচ , কোনোবাটো লিকুইদ, লগত ইনাৰ্ট গেচ, তাতে আকৌ হীট লচ, ডাটাও বিচাৰি সহজে নাপায়, যিমানেই গভীৰ ভাবে চিন্তা কৰোঁ সিমানেই খেলি-মেলিৰ মাজত সোমাই পৰোঁ৷ ৰাতি বাৰমান বাজি যায় কিন্তু আমাৰ প্ৰজেক্টৰ কাম হ’লে আগ নাবাঢ়ে৷ সকলো প্ৰশ্ন এফালৰ পৰা মনত ৰাখি আমি চাৰক দেখা কৰিবলৈ নাক-কাণ কটা পুখুৰীৰ পাৰত থকা চাৰৰ ঘৰলৈ যাওঁ৷ এটা এটাকৈ প্ৰশ্নবোৰ কৰি চাৰক জুৰুলা কৰি পেলাওঁ৷ চাৰে লাহেকৈ কয়,
“ইমান কম্প্লিকেটেড কৰি চিন্তা কৰি নাথাকিবা৷ এইবোৰ এজিউম কৰি ল’বা৷ সেইবিলাক নেগলেক্ট কৰি যাবা৷ নহ’লে প্ৰজেক্ট শেষ নহ’ব৷”
আমিও ভালেই পালো৷ এজিউম আৰু নেগলেক্ট কৰি কৰি প্ৰজেক্টটো পানীৰ নিচিনা সহজ কৰি পেলালো৷
ফান্ডা ক্লিয়াৰ:
কেমিকেলৰ প্ৰথম ক্লাচটো আছিল ফান্ডামেন্টেলচ অব কেমিকেল ইঞ্জিনিয়াৰিং আৰু ষ্টইচিয়মেট্ৰিৰ৷ শিকাইছিল মৃণাল বৰুৱা চাৰে৷ চাৰ অতি চিৰিয়াচ৷ কিমান যে অংক কৰালে লেখ-জোখ নাই৷ দীঘল দীঘল বহী চাৰিটামান শেষ হ’ল৷ অৱশ্যে ফান্ডা ক্লিয়াৰ ভালদৰেই হ’ল চাৰৰ জহতে৷ চাৰ পি এইচ ডি কৰিবলৈ গুছি যোৱা বাবে বেছিদিন ছাৰক নাপালো৷
আজি হ’ব দিয়া:
চতুৰ্থ বাৰ্ষিকত আমাক একেবাৰে তিনিটা বিষয় পঢ়ুউৱাৰ দায়িত্ব পৰিছিল কেমিকেল বিভাগৰ সকলোতকৈ জনপ্ৰিয় শিক্ষক ইমতিয়াজ আলীচাৰৰ ওপৰত৷ ছাত্ৰসমাজৰ মাজত তেখেত অতি সক্ৰিয় আছিল বিশেষকৈ নাটক কৰাৰ যোগেৰে৷ দুপৰীয়াৰ আহাৰৰ পাছত একেলগে তিনিটা বিষয়ৰ পাঠদান কৰাটো শিক্ষকৰ বাবেও আমনিদায়ক আৰু ছাত্ৰসকলৰ বাবেতো চৰম যন্ত্ৰণাদায়ক কথা৷ চাৰে প্ৰায়ে আমাক সময়তকৈ আগতে যাবলৈ এৰি দি কয়, “ আজি হ’ব দিয়া৷ যোৱা আৰু৷” আমাক আৰু কোনে পায়৷
ছাৰৰো হয়তো আমনি বেছিকৈয়ে লাগিল৷ সেইবাবে চাকৰি এৰি গুছি গ’লগৈ অ’ এন জি চি ত যোগদান কৰিবলৈ৷
তুমি বোলে ভাল শিকোৱাহে?
১৯৮৫ চন ৷ এবছৰ ডিগবৈত চাকৰি কৰি পুনৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উভতি আহোঁ, এইবাৰ শিক্ষক হিচাবে৷ দুদিনমান পিছত এদিন সন্ধিয়া পাণবজাৰৰ মহামায়াৰ আগত বন্ধুকেইজনমান লগ পালো৷ কথা-প্ৰসঙ্গত প্ৰবীৰ কুমাৰ দাস নামৰ সহপাঠী এগৰাকীয়ে ক’লে,
“তুমি বোলে ভাল শিকোৱাহে৷”
মই একো উত্তৰ নিদিলো যদিও বুকুখন এহাত ফুলি যোৱা যেন লাগিল৷ তেওঁনো ক’ৰ পৰা মোৰ বিষয়ে ফিডবেক পালে অলপ চিন্তা কৰি বুজি পালোঁ৷ কিন্তু সেয়া মোৰ শিক্ষকতাৰ জীৱনৰ সকলোতকৈ ডাঙৰ চাৰ্টিফিকেট যেন লাগিল আৰু দুগুণ উৎসাহেৰে শিক্ষকতাত মনোনিবেশ কৰিবলৈ অনুপ্ৰেৰণা পালো৷
মাখন আৰু সোধা, আৰু সোধা:
কেমিকেল ইঞ্জিনিয়াৰিং বিভাগটোৰ এটা বিশেষত্ব আছিল বাধ্যতামূলক চেমিনাৰ আৰু ভাইভাবোৰ৷ ট্ৰেইনিং, প্ৰজেক্ট আদিৰ চেমিনাৰৰ ওপৰিও  প্ৰায় প্ৰতি চেমেষ্টাৰতে একোটা চেমিনাৰ দিয়া বাধ্যতামূলক আছিল৷ চেমিনাৰৰ সময়চোৱাত ডিপাৰ্টমেন্টৰ সকলোবোৰ শিক্ষক-শিক্ষয়িত্ৰী বহি থাকে৷ কোনো সাৰি যাব নোৱাৰে৷ চেমিনাৰ দিয়াজনক প্ৰশ্নবাণেৰে থকা-সৰকা কৰা হয়৷ মিচিক-মাচাককৈ হাঁহি প্ৰশ্ন সুধি ছাত্ৰ-ছাত্ৰীক বিপাঙত পেলোৱা কামটো মোৰ এটা অভ্যাস যেন হৈ পৰিছিল৷
এবাৰ এখন চেমিনাৰত মোৰ পিছৰ ডেস্কত অমল শৰ্মাচাৰ বহিছিল৷ মই প্ৰশ্ন সুধি আছো এটাৰ পাছত এটাকৈ৷ ছাত্ৰগৰাকীয়েও পাৰ্যমানে চেষ্টা কৰিছে শুদ্ধ উত্তৰ দিবলৈ৷ উত্তৰ দিয়া শেষ হ’বলৈ নাপায়েই, শৰ্মাচাৰে তৰ্জনী আঙুলিৰে মোৰ পিঠিত খুচি দি কয়, “মাখন, আৰু সোধা, আৰু সোধা৷” মইও দুগুণ উৎসাহেৰে প্ৰশ্ন সুধি গ’লো৷ অৱশ্যে তাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল লাভবান হৈছিল যদিও মই নিজে অলপ অপ্ৰিয় হৈছিলো বুলিয়েই বিশ্বাস কৰো৷
নৈ বৈ যায়:
লাহে-লাহে মোৰ শিক্ষকসকলে অৱসৰ ল’লে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা কেইগৰাকীমানে সহকৰ্মী হিচাবে যোগ দিলে৷
অশোক বৰুৱা মোৰ ছাত্ৰ নাছিল৷ কেৱল এবছৰ কনিষ্ঠ আছিল৷ বিভিন্ন কামত অতি ব্যস্ত কিন্ত যি কৰিবলগীয়া থাকে খুব ভালদৰে কৰে৷ ব্যৱহাৰিক দিশত যথেষ্ট পাৰ্গতালি আছে৷ অৰূপ কুমাৰ মিশ্ৰক ছাত্ৰ হিচাবে পাইছিলো মাত্ৰ ছমাহৰ বাবে৷  ইংৰাজীত কিবা লিখিবলগীয়া থাকিলে সদায় তেওঁৰেই সহায় লৈছিলো৷ কলেজত যিকোনো সময়তে তেওঁক পোৱা যায়৷ অতি নিষ্ঠাৰে কাম কৰে৷ যিকোনো বিষয় পঢ়াবলৈ দিলেও কোনো আপত্তি নকৰি আগবাঢ়ি আহে৷ ৰুণজুন দাস অৰূপ কুমাৰ মিশ্ৰৰ লগৰ৷ মোৰ কিছুদিনৰ ছাত্ৰী৷ কেমিকেল বিভাগৰ সৌষ্ঠৱ বঢ়োৱাত সদায় অৰিহণা যোগাই আহিছে ৷ পলিমাৰ বিশেষজ্ঞ৷ তপনজ্যোতি শৰ্মাৰ মই প্ৰজেক্ট গাইড আছিলো৷ সহকৰ্মী হিচাবে অতি অমায়িক, বাধ্য আৰু নিষ্ঠাবান৷ বন্দনা গোস্বামী (চক্ৰৱৰ্তী) নীৰৱ কৰ্মী৷ কবিতা চক্ৰৱৰ্তীও নীৰৱ কৰ্মী৷ কিন্তু যিকোনো বিষয় এটা পঢ়াবলৈ দি নিশ্চিন্তে থাকিব পাৰি৷ বিশাল পাঠ্যক্ৰমৰ বিষয় এটা পালেও দুয়ো সময়মতে পাঠদান শেষ কৰিব পাৰে অতিৰিক্ত ক্লাচৰ আয়োজন কৰি হ’লেও৷ বিশ্বজিৎ চৌধুৰীৰ মই প্ৰজেক্ট গাইডো আছিলো, হোষ্টেলৰ অধীক্ষকো আছিলো৷ অতি টান-টান বিষয়বোৰ তেওঁক পঢ়াবলৈ দিয়া হৈছিল আতিপাত মেধাবী আছিল বাবে৷ তেওঁৰ মৃত্যু কেমিকেল বিভাগটোৰ বাবে এটা অপূৰণীয় ক্ষতি৷ সদৌ শেষত সহকৰ্মী হিচাবে পালো অসীম বসুমতাৰীক৷ দুৰ্গাপুৰ এন আই টিৰ স্নাতক৷ শক্তি, উৎসাহ সীমাহীন ৷ অতি অমায়িক আৰু বাধ্য৷ উজ্জ্বলা হুজুৰীক ছাত্ৰী হিচাবে পাইছিলো যদিও তেওঁ কলেজৰ চাকৰিত সোমোৱাৰ আগতেই মই কলেজ এৰোঁ৷
ছাত্ৰ-ছাত্ৰীসকলৰ কথা মনত পেলালে বহুতো নাম মনলৈ আহে যদিও কাৰো নাম উল্লেখ কৰিব খোজা নাই কাৰণ বহুতৰে নাম বাদ পৰি যাব পাৰে৷ সকলোবোৰেই অতি আপোন৷ কেমিকেল ইঞ্জিনিয়াৰিং পৰিয়ালৰ একো একোজন মূল্যবান সদস্য-সদস্যা৷
পঞ্চাশ বছৰ পূৰ কৰিলে বিভাগটোৱে ২০১৩ চনত৷ তাৰে ত্ৰিশটা বছৰেই মোৰ মানস পটত জিলিকি আছে আৰু থাকিব৷
----------------------ডঃ মাখন লাল দাস , জালুকবাৰী, ৭ ফেব্ৰুৱাৰী, ২০১৪,

No comments:

Post a Comment