ত্ৰিশবছৰীয়া প্ৰেম…
(অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সোণালী জয়ন্তী উপলক্ষে
ৰোমন্থন)
১৯৭৮ ৰ পৰা ২০০৮ চনৰ ডিচেম্বৰ মাহলৈ সুদীৰ্ঘ ত্ৰিশটা বছৰ পাৰ কৰিলো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সান্নিধ্যত৷ মানুহ সলনি হ’লেও অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদৰ প্ৰতিজোপা গছ-বনেও যেন চিনি পায় মোক, আজিও৷ পাহৰিব খুজিও নোৱাৰি পাহৰিব৷ সহপাঠী, সহ-আবাসী, শিক্ষক, ছাত্ৰ আৰু সহকৰ্মী- বিভিন্ন ৰূপত বিভিন্নজনক লগ পালোঁ, ভিন ভিন সময়ত ৷ অনেকৰ বিষয়ে অনেক কথাই মনলৈ আহে আজিও৷
তোমাক কেমিকেল দিম বুলিহে ভাবিছো:
কেমিকেল পঢ়িম বুলি ভবা নাছিলো৷ নাম ভৰ্তি কৰিছিলো ইলেক্ট্ৰিকেলত৷ কিন্তু তৃতীয় বাৰ্ষিকত বহুতেই ব্ৰান্স সলনি কৰিবলৈ আবেদন কৰে, বিশেষকৈ কেমিকেলৰ পৰা আন বিভাগলৈ যাবৰ বাবে৷ মইও আবেদন কৰিলো মেকানিকেললৈ যাবলৈ বুলি৷ দ্বিতীয় বাৰ্ষিকত মোৰ সকলোতকৈ ভাললগা বিষয় দুটা আছিল ইঞ্জিনিয়াৰিং মেকানিকচ আৰু হীট পাৱাৰ৷ দুয়োটা মেকানিকেলৰ বিষয় আছিল৷ তাৰ ভিত্তিতেই আছিল মোৰ সিদ্ধান্ত৷ নিৰ্দিষ্ট দিনত প্ৰিন্সিপালৰ কোঠাত কমিটিৰ মুখামুখি হ’লো৷ চাৰিওজন মূৰব্বী অধ্যাপকৰ ( চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল, কেমিকেল) আগত থিয় হৈ কিবা এটা কোৱাৰ আগতেই চিভিলৰ হেড সমুদ্ৰদেৱ ফুকন ডাঙৰীয়াই মিচিকিয়া হাহি এটা মাৰি মোলৈ চাই ক’লে,
“তোমাক আমি কেমিকেলহে দিম বুলি ভাবিছো৷”
সেই সময়ত কোনেও কেমিকেল নপঢ়ে৷ আমাৰ ওপৰৰ শ্ৰেণীত মাত্ৰ চাৰিজন আৰু তাৰ ওপৰৰ শ্ৰেণীত মাত্ৰ দুজন কেমিকেলৰ ছাত্ৰ তেতিয়া৷ ফুকন চাৰৰ কথাত প্ৰতিবাদ কৰি ক’লো,
“ চাৰ মই কেমিকেল নপঢ়োঁ৷”
“ কিয়?” চাৰে সুধিলে৷
“কেমিষ্ট্ৰি বেয়া পাওঁ,” আজিও সকলোৱে ভবাৰ দৰে মইও কেমিকেল ইঞ্জিনিয়াৰিং মানে কেমিষ্ট্ৰি বুলিয়েই ভাবিছিলো৷
“ কেমিকেল মানে কেমিষ্ট্ৰি নহয় নহয়৷ কেমিষ্ট্ৰিতো মেকানিকেলতো লাগে৷” এইবাৰ মেকানিকেলৰ হেড পদ্মপতি চাৰে মাত লগালে৷
“ তুমি ইচ্ছা কৰিলে অহাবছৰো মেকানিকলৈ আহিব পাৰা, কিন্তু তুমি কেমিকেল পঢ়া ৷ অহা দহবছৰত ভাৰতত বহু কেমিকেল ইঞ্জিনিয়াৰৰ প্ৰয়োজন হ’ব৷ ভাল ছাত্ৰবোৰে কেমিকেল পঢ়িব লাগে৷..” চাৰে বুজালে৷ ইলেক্ট্ৰিকেলৰ হেড অশোক শৰ্মা চাৰ আৰু কেমিকেলৰ হেড অমল চন্দ্ৰ শৰ্মা চাৰে একো মাত নিদিলে৷ মই অলপ ভাবি চাম বুলি ওলাই আহিলো৷ পাছত কেমিকেলকে পঢ়িব বুলি ঠাৱৰ কৰি পেলালোঁ৷
তেনেদৰেই আৰম্ভ হ’ল কেমিকেল বিভাগৰ স’তে মোৰ প্ৰেম-পূৰ্ণ সুদীৰ্ঘ যাত্ৰা৷
কম্পিটিচন কৰিম দেই:
সকলোৱে বেলেগ বিভাগলৈ ঢাপলি মেলাৰ পাছত কেমিকেলৰ তৃতীয় বাৰ্ষিকত অৱশিষ্ট আছিলগৈ অসীম কুমাৰ ভট্টাচাৰ্য, ৰতন নেৱাৰ, দ্ৰিংচন টেৰিয়াং, ৰত্নদ্বীপ দত্ত, চিন্ময় দাস আৰু অনুপম দাস৷ সোঁতৰ বিপৰীতে গৈ ময়ো সেই বিশেষ দলত যোগ দিলোগৈ৷ প্ৰথম দিনা শ্ৰেণীত প্ৰৱেশ কৰাৰ লগে-লগে ৰতন নেৱাৰে হাত আগবঢ়াই দি মোক আদৰণি জনাই ক’লে:
“কম্পিটিচন কৰিম দেই৷”
অসীম আৰু ৰতন পঢ়াত সমানেই চোকা৷ বাকীকেইজনো কম নাছিল৷ পঢ়া-শুনাৰ প্ৰতিযোগিতামূলক বাতাবৰণ এটা আছিল যদিও আটাইৰে মাজত গভীৰ বন্ধুত্বৰ ভাবো আছিল৷
ইমান ক্লাচ কৰি থাকিব লাগে:
কেমিকেললৈ আহিয়েই অলপ উপদেশ লোৱাৰ মানসেৰে সাত নং ছাত্ৰাবাসত থকা একমাত্ৰ কেমিকেলৰ জ্যেষ্ঠ ছাত্ৰ প্ৰণৱ বৰকাকতীৰ কোঠা পালোগৈ সন্ধিয়া বেলিকা৷ কোঠাত বহি আছিল কেমিকেলৰ আন এজন বিখ্যাত জ্যেষ্ঠ ছাত্ৰ দুই নং ছাত্ৰাবাসৰ জয়ন্ত বৰগোঁহাই৷ প্ৰণৱদাই কথা কম কয়৷ দুই-এটা উপদেশ দিলে৷ কিন্তু জয়ন্তদাই চিৰপৰিচিত মিচিকিয়া হাঁহিটো মাৰি ক’লে,
“ কেমিকেলৰ মোৰ এটা কথাই বৰ বেয়া লাগে৷ ইমান ক্লাচ কৰি থাকিব লাগে৷”
এৰা৷ কথাটো শতকৰা এশভাগ সত্য৷ সেই পৰম্পৰা এতিয়াও অক্ষুণ্ণ আছে নিশ্চয়৷
বৰষুণ দিলেও ক্লাচ:
সেই সময়ত বৰষুণ দিলে কোনো ক্লাচ কৰিবলৈ
নহা পৰম্পৰা আছিল৷ ছাতি কাৰো নাছিল৷ কিন্তু আমাৰ কথা সুকীয়া৷ বৰষুণ দিলেও, তিতি-বুৰি হ’লেও ক্লাচলৈ আহিব লাগে৷ অনুপম, ৰত্নদ্বীপ আৰু চিন্ময় বাছেৰে আহিবই৷ এক নং হোষ্টেলৰ পৰা
দীঘল দীঘল খোজেৰে অসীম আৰু পিছে পিছে গজং-গজং খোজেৰে দুই নং ছাত্ৰাবাসৰ দ্ৰিংচন টেৰিয়াং কলেজলৈ
অহাটো খাটাং৷ গতিকে বাধ্য হৈ ৰতন আৰু মইও পাঁচ আৰু ছয় নং ছাত্ৰাবাসৰ পৰা আহিবলগীয়া
হয়৷ পেটে-পেটে বৰ খং উঠে৷ ৰতনে কেতিয়াবা খঙতে ভোৰভোৰায় বাকীবোৰ ক্লাচ কৰিবলৈ অহা বাবে৷
শৰ্মাচাৰে মাতছে:
কেমিকেল বিভাগটো আছিল তেনেই সৰু৷ আহিয়েই
শিক্ষক হিচাবে পালো কেৱল পাঁচগৰাকী শিক্ষকক:
অমল শৰ্মা চাৰ, পাত্ৰ চাৰ, ৰাঘবেন্দ্ৰ চৌধুৰী চাৰ, মৃণাল বৰুৱা চাৰ আৰু ইমতিয়াজ আলি চাৰ৷ মাজতে কিছুদিনৰ
বাবে অমিয়াংশু নাথেও শিকাইছিল৷ পাছলৈ অশ্বিনী বৰুৱা চাৰো আহি পায় যদিও তেখেতক শিক্ষক
হিচাবে নাপালো৷ কোনোদিনে কোনো কাৰণতে কোনো ক্লাচ খটি নহৈছিল বুলি ক’ব পাৰি৷ শৰ্মাচাৰ সেই বিষয়ত আছিল অতি
কাঢ়া৷ এদিন কিবা এটা কাৰণত ক্লাচলৈ কোনো শিক্ষক নহাত (অংক নে আন বিভাগৰ বিষয় আছিল) আমি স্বস্তিৰ নিশ্বাস পেলাই ক্লাচৰ পৰা ওলাই বাৰান্দাৰে
যাবলৈ ধৰিলো৷ যাওঁতে শৰ্মাচাৰৰ কোঠাৰ আগেৰে যাব লাগে৷ (তেতিয়া মেইন বিল্ডিঙতে সকলো ক্লাচ হৈছিল, কেমিকেল বিল্ডিং নিৰ্মিয়মান অৱস্থাতে
আছিল) আমি শৰ্মাচাৰৰ কোঠাৰ আগেৰে বেগা-বেগিকৈ পাৰ হৈ আহি কিছুদূৰ আগবাঢ়ি গ’লো কেন্টিনৰ পিনে যাবলৈ বুলি৷ হঠাতে
দেখিলো ৰামচৰণ তালুকদাৰ নামৰ বিয়াৰাৰজন আমাৰ ফালে দৌৰি আহিছে৷ আমাক পিছৰ পৰা মাতিলে৷
: ক’ত যায় আপনালোক? আপনালোকক শৰ্মাচাৰে মাতছে৷
আমি থমকি ৰ’লো৷ তাৰপাছত উভতি খোজ ল’লো শৰ্মাচাৰৰ ৰুমলৈ বুলি৷ চুচুক-চামাককৈ ভিতৰ সোমালো৷
চাৰে হাতত কিতাপ এখন লৈ আমাৰ বাবে সাজু
হৈ আছিল৷ আমাক দেখি ক’লে,
: তোমালোকৰ এতিয়া ক্লাচ নাই নহয়৷ এই কিতাপখন লোৱা৷ ইয়াৰে পৰা চাই চাই এই দ্ৰয়িং কেইটা
কৰা৷
কিতাপখন হাতত লৈ চালো৷ আগতে কেতিয়াও
নেদেখা কিতাপ৷ চাৰে দেখুৱাই দিয়া ছবি কেইটা চালো৷ বেলেগ বেলেগ প্ৰকাৰৰ ৱেল্ডিং জইন্ট
নে তেনেকুৱা কিবা ছবি কিছুমান৷
আমি মুখেৰে একো নামাতি কিতাপখন হাতত
লৈ আকৌ ক্লাচৰুমলৈ সোমাই গ’লো৷ সকলোৰে মুখ শুকাই গ’ল৷ কিন্তু উপায় নাই৷ চাৰে দিয়া কাম কৰিবই লাগিব৷ কেন্টিন যোৱাৰ আশা বাদ দি গোটেই
সাতজন একেলগে বহি দ্ৰইং কৰিবলৈ ধৰিলো৷
যোৱা , কেন্টিনত চাহ খাই আহাগৈ:
অমল শৰ্মা চাৰৰ অধীনত শিক্ষা লাভ কৰাৰ
সৌভাগ্য যাৰ হোৱা নাই তেওঁলোকে অনুমান কৰিবলৈ টান পাব কেমিকেল বিভাগত আগতে কেনেধৰণে
পাঠদান চলিছিল৷ বিশেষকৈ মনত পৰে পঞ্চম বাৰ্ষিকত চাৰে ডিজাইন পঢ়ুৱাৰ কথা৷ সাধাৰণতে দুপৰীয়াৰ
আহাৰৰ পাছত চাৰে ডিজাইন শিকায়৷ আমি পেৰীজ হেন্ডবুক আদি কৰি সকলো কিতাপ হাতত মেলি লৈ
সাজু হৈ থাকোঁ৷ চাৰে আৰম্ভ কৰে৷ কাষত থিয় হৈ থাকে৷ সময় বাগৰি যায়৷ দুই, তিনি, চাৰি বাজি যায়৷ আমনি লাগিলেও ক’বৰ সাহস নাই৷ চাৰিমান বজাত চাৰে কয়৷” যোৱা, কেন্টিনত চাহ খাই আহাগৈ৷” আমিও ল’ৰ মাৰো কেন্টিনলৈ৷ চাহ-চিংৰা আদি যি পাওঁ খাই আকৌ উভতি আহোঁ ক্লাচলৈ৷ চাৰ ৰৈ
থাকে৷ আকৌ আৰম্ভ কয় চাৰৰ পাঠদান৷ লাহে-লাহে আন্ধাৰ হয়৷ চাৰে লাইটৰ চুইচ অন কৰি দিয়ে৷ কেমিকেল বিভাগত
ৰাতিলৈকে তেনেদৰে পাঠদান চলে… আমি মনে মনে গাওঁ.. “জিলিকাব লুইতৰে পাৰ….”
ডাই মানে মৰা:
ডাই মানে মৰা, কোনেনো নাজানে?
পাত্ৰচাৰৰ ক্লাচ আছিল বেলেগ ধৰণৰ৷ চাৰে
প্ৰায় সকলো বিষয়ৰে নোট দিয়ে৷ অতি খৰকৈ কয়, আমাৰো লিখি লিখি হাত বিষায়৷ তথাপি মুখ ফুটাই ক’বলৈ কাৰো সাহস নাই৷ এদিন মেটেলাৰ্জীৰ
নোট দি আছিল চাৰে৷ আমিও একান্তমনে লিখি আছো৷ লিখিছোহে মাত্ৰ, কি লিখিছো বুজি চাবলৈ আহৰি নাই৷ হঠাতে
এটা বাক্যত ডাই নামৰ শব্দটো আহিল৷ চাৰ অলপ ৰ’ল৷ তাৰপাছত মোৰ পিনে চাই সুধিলে,
“ডাই মানে কি জানানে নাই?”
“ জানো চাৰ, ডাই মানে মৰা৷” মই ঘপৰাই ক’লো৷
চাৰে মোলৈ অদ্ভুত চাৱনিৰে চালে৷
“ চাৰ , ডাই মানে মৰা,” মই আকৌ ক’লো৷
চাৰে মোৰ উত্তৰত বৰ ৰস পালে ৷ মোৰ পিনে
চাই আধাফুটা হাঁহি এটা মাৰিলে৷ (চাৰক ভালদৰে হঁহা দেখা মনত নপৰে) তাৰপাছত মেটেলাৰ্জীৰ প্ৰসঙ্গত ডাই মানে কি ভালদৰে বুজাই দিলে৷
মোৰ মগজুত ডাই শব্দটো চিৰদিনৰ বাবে “ডাই কাষ্টিং “ হৈ ৰৈ গ’ল৷
সুতৰাং, এজিউম,এজিউম, নেগলেক্ট, নেগলেক্ট:
ৰাঘবেন্দ্ৰ চৌধুৰীচাৰক বৰ ভাল লাগিছিল৷
বেছি ভয় নালাগিছিল৷ মাজে মাজে চাৰে সুতৰাং শব্দটো ব্যৱহাৰ কৰে৷ শুনি ভাল লাগে৷ বিশেষকৈ
পেট্ৰকেমিকেল বিষয়টো চৌধুৰীচাৰৰ বাবেই মোৰ বৰ প্ৰিয় হৈ পৰিছিল৷ চাৰ আমাৰ প্ৰজেক্টৰ
গাইড৷ মোৰ পাৰ্টনাৰ আছিল ৰতন নেৱাৰ৷ মই ছয় নং ছাত্ৰাবাসত আৰু নেৱাৰ পাঁচ নং ছাত্ৰাবাসত
থাকে৷ ৰাতি ভাতখোৱাৰ পাছত নেৱাৰ মোৰ ৰুমলৈ আহে৷ দুয়ো প্ৰজেক্টৰ কাম আৰম্ভ কৰোঁ৷ অলপ
সময় পাছত আমাৰ কনফিউজন আৰম্ভ হয়৷ বিভিন্ন প্ৰশ্নই আমাক হেঁচা মাৰি ধৰে৷ কোনোবাটো গেচ , কোনোবাটো লিকুইদ, লগত ইনাৰ্ট গেচ, তাতে আকৌ হীট লচ, ডাটাও বিচাৰি সহজে নাপায়, যিমানেই গভীৰ ভাবে চিন্তা কৰোঁ সিমানেই
খেলি-মেলিৰ মাজত সোমাই পৰোঁ৷ ৰাতি বাৰমান বাজি যায় কিন্তু আমাৰ প্ৰজেক্টৰ কাম হ’লে আগ নাবাঢ়ে৷ সকলো প্ৰশ্ন এফালৰ পৰা
মনত ৰাখি আমি চাৰক দেখা কৰিবলৈ নাক-কাণ কটা পুখুৰীৰ পাৰত থকা চাৰৰ ঘৰলৈ যাওঁ৷ এটা এটাকৈ প্ৰশ্নবোৰ
কৰি চাৰক জুৰুলা কৰি পেলাওঁ৷ চাৰে লাহেকৈ কয়,
“ইমান কম্প্লিকেটেড কৰি চিন্তা কৰি নাথাকিবা৷ এইবোৰ এজিউম কৰি ল’বা৷ সেইবিলাক নেগলেক্ট কৰি যাবা৷ নহ’লে প্ৰজেক্ট শেষ নহ’ব৷”
আমিও ভালেই পালো৷ এজিউম আৰু নেগলেক্ট
কৰি কৰি প্ৰজেক্টটো পানীৰ নিচিনা সহজ কৰি পেলালো৷
ফান্ডা ক্লিয়াৰ:
কেমিকেলৰ প্ৰথম ক্লাচটো আছিল ফান্ডামেন্টেলচ
অব কেমিকেল ইঞ্জিনিয়াৰিং আৰু ষ্টইচিয়মেট্ৰিৰ৷ শিকাইছিল মৃণাল বৰুৱা চাৰে৷ চাৰ অতি চিৰিয়াচ৷
কিমান যে অংক কৰালে লেখ-জোখ নাই৷ দীঘল দীঘল বহী চাৰিটামান শেষ হ’ল৷ অৱশ্যে ফান্ডা ক্লিয়াৰ ভালদৰেই হ’ল চাৰৰ জহতে৷ চাৰ পি এইচ ডি কৰিবলৈ
গুছি যোৱা বাবে বেছিদিন ছাৰক নাপালো৷
আজি হ’ব দিয়া:
চতুৰ্থ বাৰ্ষিকত আমাক একেবাৰে তিনিটা
বিষয় পঢ়ুউৱাৰ দায়িত্ব পৰিছিল কেমিকেল বিভাগৰ সকলোতকৈ জনপ্ৰিয় শিক্ষক ইমতিয়াজ আলীচাৰৰ
ওপৰত৷ ছাত্ৰসমাজৰ মাজত তেখেত অতি সক্ৰিয় আছিল বিশেষকৈ নাটক কৰাৰ যোগেৰে৷ দুপৰীয়াৰ আহাৰৰ
পাছত একেলগে তিনিটা বিষয়ৰ পাঠদান কৰাটো শিক্ষকৰ বাবেও আমনিদায়ক আৰু ছাত্ৰসকলৰ বাবেতো
চৰম যন্ত্ৰণাদায়ক কথা৷ চাৰে প্ৰায়ে আমাক সময়তকৈ আগতে যাবলৈ এৰি দি কয়, “ আজি হ’ব দিয়া৷ যোৱা আৰু৷” আমাক আৰু কোনে পায়৷
ছাৰৰো হয়তো আমনি বেছিকৈয়ে লাগিল৷ সেইবাবে চাকৰি এৰি গুছি গ’লগৈ অ’ এন জি চি ত যোগদান কৰিবলৈ৷
তুমি বোলে ভাল শিকোৱাহে?
১৯৮৫ চন ৷ এবছৰ ডিগবৈত চাকৰি কৰি পুনৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উভতি আহোঁ, এইবাৰ শিক্ষক হিচাবে৷ দুদিনমান পিছত এদিন সন্ধিয়া পাণবজাৰৰ মহামায়াৰ আগত বন্ধুকেইজনমান লগ পালো৷ কথা-প্ৰসঙ্গত প্ৰবীৰ কুমাৰ দাস নামৰ সহপাঠী এগৰাকীয়ে ক’লে,
“তুমি বোলে ভাল শিকোৱাহে৷”
মই একো উত্তৰ নিদিলো যদিও বুকুখন এহাত ফুলি যোৱা যেন লাগিল৷ তেওঁনো ক’ৰ পৰা মোৰ বিষয়ে ফিডবেক পালে অলপ চিন্তা কৰি বুজি পালোঁ৷ কিন্তু সেয়া মোৰ শিক্ষকতাৰ জীৱনৰ সকলোতকৈ ডাঙৰ চাৰ্টিফিকেট যেন লাগিল আৰু দুগুণ উৎসাহেৰে শিক্ষকতাত মনোনিবেশ কৰিবলৈ অনুপ্ৰেৰণা পালো৷
মাখন আৰু সোধা, আৰু সোধা:
কেমিকেল ইঞ্জিনিয়াৰিং বিভাগটোৰ এটা
বিশেষত্ব আছিল বাধ্যতামূলক চেমিনাৰ আৰু ভাইভাবোৰ৷ ট্ৰেইনিং, প্ৰজেক্ট আদিৰ চেমিনাৰৰ ওপৰিও প্ৰায় প্ৰতি চেমেষ্টাৰতে একোটা চেমিনাৰ দিয়া বাধ্যতামূলক
আছিল৷ চেমিনাৰৰ সময়চোৱাত ডিপাৰ্টমেন্টৰ সকলোবোৰ শিক্ষক-শিক্ষয়িত্ৰী বহি থাকে৷ কোনো সাৰি যাব নোৱাৰে৷ চেমিনাৰ
দিয়াজনক প্ৰশ্নবাণেৰে থকা-সৰকা কৰা হয়৷ মিচিক-মাচাককৈ হাঁহি প্ৰশ্ন সুধি ছাত্ৰ-ছাত্ৰীক বিপাঙত পেলোৱা কামটো মোৰ এটা অভ্যাস যেন হৈ পৰিছিল৷
এবাৰ এখন চেমিনাৰত মোৰ পিছৰ ডেস্কত
অমল শৰ্মাচাৰ বহিছিল৷ মই প্ৰশ্ন সুধি আছো এটাৰ পাছত এটাকৈ৷ ছাত্ৰগৰাকীয়েও পাৰ্যমানে
চেষ্টা কৰিছে শুদ্ধ উত্তৰ দিবলৈ৷ উত্তৰ দিয়া শেষ হ’বলৈ নাপায়েই, শৰ্মাচাৰে তৰ্জনী আঙুলিৰে মোৰ পিঠিত খুচি দি কয়, “মাখন, আৰু সোধা, আৰু সোধা৷” মইও দুগুণ উৎসাহেৰে প্ৰশ্ন সুধি গ’লো৷ অৱশ্যে তাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল লাভবান হৈছিল যদিও মই নিজে অলপ অপ্ৰিয় হৈছিলো
বুলিয়েই বিশ্বাস কৰো৷
নৈ বৈ যায়:
লাহে-লাহে মোৰ শিক্ষকসকলে অৱসৰ ল’লে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা কেইগৰাকীমানে সহকৰ্মী হিচাবে যোগ দিলে৷
অশোক বৰুৱা মোৰ ছাত্ৰ নাছিল৷ কেৱল এবছৰ কনিষ্ঠ আছিল৷ বিভিন্ন কামত অতি ব্যস্ত কিন্ত যি কৰিবলগীয়া থাকে খুব ভালদৰে কৰে৷ ব্যৱহাৰিক দিশত যথেষ্ট পাৰ্গতালি আছে৷ অৰূপ কুমাৰ মিশ্ৰক ছাত্ৰ হিচাবে পাইছিলো মাত্ৰ ছমাহৰ বাবে৷ ইংৰাজীত কিবা লিখিবলগীয়া থাকিলে সদায় তেওঁৰেই সহায় লৈছিলো৷ কলেজত যিকোনো সময়তে তেওঁক পোৱা যায়৷ অতি নিষ্ঠাৰে কাম কৰে৷ যিকোনো বিষয় পঢ়াবলৈ দিলেও কোনো আপত্তি নকৰি আগবাঢ়ি আহে৷ ৰুণজুন দাস অৰূপ কুমাৰ মিশ্ৰৰ লগৰ৷ মোৰ কিছুদিনৰ ছাত্ৰী৷ কেমিকেল বিভাগৰ সৌষ্ঠৱ বঢ়োৱাত সদায় অৰিহণা যোগাই আহিছে ৷ পলিমাৰ বিশেষজ্ঞ৷ তপনজ্যোতি শৰ্মাৰ মই প্ৰজেক্ট গাইড আছিলো৷ সহকৰ্মী হিচাবে অতি অমায়িক, বাধ্য আৰু নিষ্ঠাবান৷ বন্দনা গোস্বামী (চক্ৰৱৰ্তী) নীৰৱ কৰ্মী৷ কবিতা চক্ৰৱৰ্তীও নীৰৱ কৰ্মী৷ কিন্তু যিকোনো বিষয় এটা পঢ়াবলৈ দি নিশ্চিন্তে থাকিব পাৰি৷ বিশাল পাঠ্যক্ৰমৰ বিষয় এটা পালেও দুয়ো সময়মতে পাঠদান শেষ কৰিব পাৰে অতিৰিক্ত ক্লাচৰ আয়োজন কৰি হ’লেও৷ বিশ্বজিৎ চৌধুৰীৰ মই প্ৰজেক্ট গাইডো আছিলো, হোষ্টেলৰ অধীক্ষকো আছিলো৷ অতি টান-টান বিষয়বোৰ তেওঁক পঢ়াবলৈ দিয়া হৈছিল আতিপাত মেধাবী আছিল বাবে৷ তেওঁৰ মৃত্যু কেমিকেল বিভাগটোৰ বাবে এটা অপূৰণীয় ক্ষতি৷ সদৌ শেষত সহকৰ্মী হিচাবে পালো অসীম বসুমতাৰীক৷ দুৰ্গাপুৰ এন আই টিৰ স্নাতক৷ শক্তি, উৎসাহ সীমাহীন ৷ অতি অমায়িক আৰু বাধ্য৷ উজ্জ্বলা হুজুৰীক ছাত্ৰী হিচাবে পাইছিলো যদিও তেওঁ কলেজৰ চাকৰিত সোমোৱাৰ আগতেই মই কলেজ এৰোঁ৷
ছাত্ৰ-ছাত্ৰীসকলৰ কথা মনত পেলালে বহুতো নাম মনলৈ আহে যদিও কাৰো নাম উল্লেখ কৰিব খোজা নাই কাৰণ বহুতৰে নাম বাদ পৰি যাব পাৰে৷ সকলোবোৰেই অতি আপোন৷ কেমিকেল ইঞ্জিনিয়াৰিং পৰিয়ালৰ একো একোজন মূল্যবান সদস্য-সদস্যা৷
পঞ্চাশ বছৰ পূৰ কৰিলে বিভাগটোৱে ২০১৩ চনত৷ তাৰে ত্ৰিশটা বছৰেই মোৰ মানস পটত জিলিকি আছে আৰু থাকিব৷
----------------------ডঃ মাখন লাল দাস , জালুকবাৰী, ৭ ফেব্ৰুৱাৰী, ২০১৪,
No comments:
Post a Comment