দুষ্টালি , ধেমালি..
ভাৱনাক লৈ খেলা হেতালি
ডেকা-চেঙেলীয়া
অৱস্থাত লগ-সমনীয়াক লৈ নানা ধৰণৰ ধেমালি কৰা হয়৷ কিছুমান ল’ৰা-ছোৱালী এনে দুষ্টালিপূৰ্ণ
কাম কৰাত অতি পাকৈত৷ কিন্তু এনে ধেমালিৰ চিকাৰ হোৱা যুৱক-যুৱতীৰ ওপৰত এনে ঘটনাই বিৰূপ
প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে৷
১৯৯৭ চন মানৰ
কথা৷ দিল্লী আই আই টিত গৱেষণা কৰি থকা সময়ৰ কথা৷ তেতিয়া ইন্টাৰনেট , ই-মেইল আদি আহিছে
মাথোন৷ গতিকে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলোবোৰ ইন্টাৰনেট লৈ কম-বেছি পৰিমাণে
ব্যস্ত৷ তেতিয়া অতি সহজে ই-মেইল একাউন্ট খুলিব পৰা গৈছিল৷ মোৰ বন্ধু এজনে ছোৱালীৰ নামেৰে
একাউন্ট এটা খুলিলে৷ একে হোষ্টেলতে থকা বন্ধু এজনৰ লগত বন্ধু হ’ল আৰু কম সময়ৰ ভিতৰতে
মোৰ বন্ধুজন তেওঁৰ বন্ধুৰ ‘প্ৰেমিকা’ হৈ পৰিল৷ সেই বন্ধুজনে ফটো বিচাৰিলে৷ মোৰ বন্ধুজনে
ক’ৰবাৰ পৰা ছোৱালীৰ ফটো এখন সংগ্ৰহ কৰি দিলে পঠিয়াই৷ তাৰপাছত ‘প্ৰেম’ তুঙ্গত উঠিল৷
মোৰ বন্ধুজনক সেই বন্ধুজনে সদায় হোষ্টেলত নিজৰ “প্ৰেম কাহিনী” শুনায়৷ আনফালে মোৰ বন্ধুজনে
সদায় মোৰ কাষত বহি সেই বন্ধুজনলৈ ই-মেইলত “প্ৰেম পত্ৰ’ লিখে আৰু তাকেই সেই বন্ধুজনে
পঢ়ি আনন্দতে কব নোৱাৰা হৈ পৰে আৰু হোষ্টেলত মোৰ বন্ধুজনক সকলো কথা বিবৰি কয়৷ মোৰ বন্ধুজনে
শুনি থাকে আৰু পেটে-পেটে হাঁহে৷
এদিন মোৰ বন্ধুজনে
মোৰ কাষতে বহি তেওঁৰ সেই বন্ধুজনলৈ বৰ দীঘল প্ৰেম-পত্ৰ এখন লিখিলে৷ ৰাতি ভাত-পানী খাই
মই কাম কৰিবলৈ লেবৰেটৰীলৈ আহি দেখোঁ মোৰ বন্ধুজনৰ লগত সেই হোষ্টেলৰ বন্ধুজন কম্পিউটাৰৰ
আগত বহি আছে৷ সেই বন্ধুজনে তেওঁৰ “প্ৰেয়সী’ৰ পৰা অহা দীঘলীয়া ই-মেইলটো মোৰ বন্ধুক দেখুৱাইছে
আৰু তাৰ উত্তৰ দিবলৈ মোৰ বন্ধুজনৰ সহায় বিচাৰিছে৷ মোৰ বন্ধুজনেনো বাৰু কেনেকৈ কয় যে
আচলতে চিঠিখন কোনো ছোৱালীৰ নহয়, তেৱেঁই লিখা বুলি? উপায় নাপাই মোৰ বন্ধুজনে নিজে লিখা
চিঠিৰ উত্তৰ নিজেই লিখিব লগা হ’ল নিজ বন্ধুৰ অনুৰোধ ৰক্ষা কৰি৷
উত্তৰ লিখা হ’ল৷
মেইল পঠিউৱা হ’ল৷ সন্তুষ্টমনে সেই সহজ-সৰল বন্ধুজন গ’লগৈ৷ মই মোৰ বন্ধুক ক’লো,
: কথাটো বৰ চিৰিয়াচ
হৈ পৰিছে৷ তেওঁ অতি গভীৰ ভাবে প্ৰেমত পৰিছে এই কাল্পনিক ছোৱালীজনীৰ৷ তুমি কথাটো ইমানতে
বন্ধ কৰা ভাল হ’ব৷ তেওঁক খোলা-খুলিকৈ কৈ দিয়া, নহ’লে ই-মেইল পঠোৱা বন্ধ কৰি দিয়া…
তাৰপাছত কি হ’ল
আজি আৰু মনত নাই কিন্তু সেই ঘটনাটোৱে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়া দিনত ঘটা একেধৰণৰ
ঘটনা এটা মনত পেলাই দিলে৷
১৯৮২/৮৩ চনমানৰ
কথা হ’ব বোধহয়৷ তেতিয়া ইন্টাৰনেট , ই-মেইল আদি নাছিল, চলিছিল নীলা খামৰ চিঠিৰে প্ৰেমৰ
আদান প্ৰদান৷ পত্ৰ-বন্ধু শিতানটো যুৱক-যুৱতীৰ বৰ প্ৰিয় আছিল৷ হোষ্টেলত থকা এজন ছাত্ৰ
এনে এগৰাকী “যুৱতী পত্ৰ-বান্ধৱী”ৰ প্ৰেমত পৰি মছগুল হ’ল৷ সঘনাই চিঠি লিখে আৰু সোনকালেই
উত্তৰ আহি পায় “বান্ধৱী”ৰ পৰা৷ এদিন “বান্ধৱী”য়ে চিঠিত লিপষ্টিক লগোৱা ওঁঠৰ ছাব মাৰি
পঠিয়ালে৷ (হাতেৰে প্ৰকাণ্ড মোঁচকোচা ডাঙি লৈ ) তাকে পাই সহজ-সৰল ছাত্ৰজনৰ হিয়া থৌকি-বাথৌ৷
লগ-সমনীয়াক উৎসাহেৰে দেখুৱালে৷ কিন্তু তেওঁৰ বাহিৰে প্ৰায় সকলোৱে জানিছিল সেই “প্ৰেয়সী”
গৰাকী আন কোনো নহয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰে আন এটা ছাত্ৰাবাসৰ দুষ্টালি কৰি
ভাল পোৱা ছাত্ৰকেইজনমানৰ গোট এটাহে৷ সকলোৱে মিচিক-মাচাক হাঁহে আৰু সৰল ছাত্ৰজনক আৰু
‘জেক’ দিয়ে প্ৰেম কৰি যাবলৈ৷
ঘটনাৰ সামৰণি
কেনেদৰে পৰিছিল এতিয়া মনত নাই৷ কিন্তু সেই ভুক্তভোগী ছাত্ৰজনৰ কথা মনত পৰিলে আজিও সহানুভূতি
জন্মে৷
সেই প্ৰক্ৰিয়াই
এতিয়া নতুন ৰূপত আত্ম-প্ৰকাশ কৰিছে ফেচবুকৰ মাধ্যমেৰে৷
No comments:
Post a Comment