ইমানকৈ কিয় খজুৱায়?
১৯৮২-৮৩ চনমানৰ কথা৷ ১৯৮২ চনত দিল্লী এচিয়াডৰ সময়ত গুৱাহাটীলৈ টেলিছিচন আহিল৷ লগ-লগে আমিও টেলিভিচনত ক্ৰিকেট খেল চাবলৈ সুবিধা পালো৷ তাৰ আগতে আমি ৰেডিওত কমেন্টেৰী শুনিয়েই সন্তুষ্ট থাকিবলগা হৈছিল৷ টেলিভিচন অহাৰ পাছত খেল চাব পৰা হ’লো৷ সকলোৰে ঘৰত টেলিভিচন নাছিল৷ টেলিভিচন থকা ঘৰত ওচৰ-চুবুৰীয়া লোকে আহি ভিৰ কৰেহি খেল চাবলৈ৷ বিশেষকৈ ল’ৰা-ডেকাসকলে৷ ঘৰৰ মানুহে আমনি পালেও বাধা নিদিয়ে কাৰণ পাকে-প্ৰকাৰে টেলিভিচন প্ৰদৰ্শনৰ যোগেৰে নিজকে ধনীমানুহ বুলি প্ৰতিপন্নও কৰাও হয় আৰু ওচৰ-চুবুৰীয়াৰ মাজত জনপ্ৰিয় হোৱাৰ সুবিধা এটাও গ্ৰহণ কৰা হয়৷ তেতিয়া অৱশ্যে আজিকালিৰ দৰে ইমান সঘনাই খেল নহৈছিল৷
তেতিয়া মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি আছো৷ মোৰ বন্ধু এজনৰ ঘৰ গুৱাহাটীৰ চানমাৰিৰ ফালে৷ এবাৰ কিবা কাৰণত সেইফালে যাবলগীয়া হৈছিল৷ দিনটো আন একো কাম নাছিল৷ বন্ধুজনে ক’লে,
: ব’লা, আমাৰ ঘৰলৈ৷ তাতে ক্ৰিকেট খেল চাম টেলিভিচনত৷
তেতিয়া ভাৰত আৰু পাকিস্থানৰ মাজত টেষ্টখেল চলি আছিল৷ ভাৰতৰ দলটো গৈছিল পাকিস্থান ভ্ৰমণৰ বাবে৷ গাভাস্কাৰ , বিশ্বনাথ, বেংচৰকাৰ, কপিলদেৱ, দিলীপ দোশী ইত্যাদি আছিল দলত৷ মইও ভালেই পালো খেল চোৱাৰ প্ৰস্তাৱটো পাই৷
বন্ধুজনৰ ঘৰ পালোঁগৈ৷ বন্ধুজনে টেলিভিচনটো অন কৰিলে৷ ব্লেক এণ্ড হোৱাইট টেলিভিচন৷ লাহে লাহে পৰ্দাত ভাহি উঠিল খেলপথাৰ৷ ছবিবোৰ খুব বেছি স্পষ্ট নহৈছিল তেতিয়া৷ এন্টেনাৰ দিশ সঠিক হোৱা-নোহোৱাৰ ওপৰত ছবিৰ মানদণ্ড নিৰ্ভৰ কৰে৷ তদুপৰি ছবি প্ৰসাৰণৰ প্ৰযুক্তিও এতিয়াৰ সমান উন্নত নাছিল৷ তথাপি ভালদৰে ধৰিব পাৰি সকলো গতিবিধি খেলুৱৈ সকলৰ৷ আজিকালি ডিজিটেল কেবল-টিভি চোৱা সকলে তেনেকুৱা প্ৰসাৰণ চাই আৰু ভাল নাপাব৷ কিন্তু সেই সময়ত সেয়া আমাৰ বাবে অমূল্য সম্পদ যেন আছিল৷
অতি আগ্ৰহেৰে আমি খেল চাবলৈ ধৰিলো৷ ভাৰতৰ বেটিং৷ বিশ্বনাথ আৰু বেংচৰকাৰ ক্ৰিজত আছিল৷ ৰসিক
কমেন্টেটৰ জনে মন্তব্য কৰিলে,
: য়ে দোনো বহুত অচ্ছে বেটচমেন হেয়, লেকিন দোনো ফৰ্ম মে নেহি হেয়…
(দুয়ো ভাৰতৰ দুজন আগশাৰীৰ বেটচমেন, অতি ভাল বেটচমেন৷ তাত
কোনো সন্দেহ নাই৷ কিন্তু সেইসময়ত বেয়া ফৰ্মত আছিল বোধকৰো দুয়োজন)
কথাষাৰত ৰস পাই দুয়ো বন্ধুৱে হেঁপাহ পলুৱাই হাঁহিলো৷
নতুনকৈ খেল চাবলৈ পাইছো মাত্ৰ৷ বহুকথা তেতিয়াও ভালদৰে বুজি পোৱা হোৱাই নাই৷ কিন্তু খুব সোনকালে সকলো খুটি-নাটি শিকি-বুজি উঠিব ধৰিছো৷
অলপ পাছত চাহ-বিৰতি নে দ্ৰিংকচ কিবা এটা হ’ল৷ দুয়োজন বেটচমেনে হাতৰ গ্লাভচ আৰু ভৰিত পিন্ধা পেড দুযোৰ খুলি ষ্টাম্পচৰ কাষতে মাটিত পেলাই থৈ চাহ/দ্ৰিংকচ খাবলৈ গ’ল৷ আমিও খেলপথাৰখনকে চাই বহি থাকিলো৷ সেইসময়ত
সঘনাই বিজ্ঞাপনো নিদিছিল বোধহয়৷ ইতিমধ্যে বন্ধুৰ মাকে আমালৈ চাহ-বিস্কুট লৈ আহিল৷ আমি চাহ খাবলৈ ধৰিলো৷ বন্ধুৰ মাকো কাষৰ চকী এখনত বহি টেলিভিচন চাবলৈ ধৰিলে৷ মাইকী মানুহে ক্ৰিকেট বেছি বুজি নাপায় তেতিয়া৷ তথাপি আমি চাই থকা বাবে বাধ্য হৈ তাকেই চাই থাকিল৷ আন কোনো চেনেলো নাছিল তেতিয়া৷ মাত্ৰ
এটাই চেনেল: দূৰদৰ্শন৷ যি চলি থাকে তাকেই চাব লাগে৷
হঠাতে তেখেতে সুধিলে,
: ফিল্ডত সেই মানুহদুটা কিয় বাগৰি পৰি আছে ইমান সময়?
: কোন দুটা মানুহ?
বন্ধুৱে মাকক সুধিলে৷
: সৌ দুটা… ফিল্ডৰ মাজত৷
মাকে উত্তৰ দিলে৷
অলপ মন দি চাই বুজিলো, পথাৰত বেলেগে বেলেগে পৰি থকা পেডচ , গ্লাবচখিনিকে মাকে মানুহ পৰি থকা বুলি ভাবিছে৷
মোৰ বন্ধুজনে অলপ লাজ পালে আৰু মাকক আচল
কথাটো বুজাই দিলে৷
মাকো নিমাতে বহি থাকিল আমাৰ কাষত৷
খেল আকৌ আৰম্ভ হ’ল৷ পাকিস্থানৰ বলাৰৰ হাতত বল৷ বোধকৰো ইমাৰাণ খান ৷ আমিও অতি আগ্ৰহেৰে খেল চাবলৈ ধৰিলো৷ দুটামান ওভাৰ পাৰ হ’ল৷ হঠাতে বন্ধুজনৰ মাকে প্ৰশ্ন কৰিলে,
: হেৰি নহয়.. পাকিস্থানৰ প্লেয়াৰ বিলাকে ইমানকৈ কিয় খজুৱায় অ’?
এইবাৰ বন্ধুজনে মাকক একো উত্তৰ নিদিলে৷
বলটো হাতত লৈ বলাৰ-ফিল্ডাৰ সকলোৱে পেন্টত ঘঁহে৷ বলটোৰ এটাফাল যাতে চিকচিকাই থাকে৷ তেতিয়া বলৰ চুইং বেছি হয়৷ কথাটো অলপ-চলপ জানিছিলো৷
কিন্তু নতুনকৈ ক্ৰিকেটখেল চাবলৈ শিকা বন্ধুৰ মাকেনো ক’ত জানিব সেইবোৰ কথা? গতিকে পাকিস্থানী খেলুৱৈসকলৰ প্ৰচণ্ড খজুৱতি হোৱা বুলিয়েই ভাবিলে তেখেতে৷
পাছলৈ সেই খজুৱতিয়ে অৱশ্যে
আমাৰ কপিলদেৱহঁতকো পালে৷
No comments:
Post a Comment