দূৰদৰ্শন দৰ্শন…চাগুদানাৰ ভীতি প্ৰদৰ্শন..
১৯৮২ চন৷ সেইবছৰ দিল্লীত এচিয়াড (এচিয়ান গেমচ) অনুষ্ঠিত হৈছিল৷ সেইটো বছৰ অসমৰ মানুহৰ বাবে অতি স্মৰণীয় বছৰ কাৰণ সেই এচিয়াডৰ অজুহাততে অসমলৈ প্ৰথম দূৰদৰ্শন আহে সেই চনতে৷
তেতিয়া মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰ৷ ছাত্ৰাবাসত থাকো৷ মোৰ বন্ধু এজনৰ ঘৰ গুৱাহাটীৰ লাচিত নগৰত৷ এচিয়াড আহি আছে, গুৱাহাটীলৈ দূৰদৰ্শন আহি আছে, তাকেই ভাবি আমি উত্তেজিত৷ এচিয়াডৰ উদ্বোধনী অনুষ্ঠানৰ দিন ওচৰ চাপি আহিল৷ লাচিত নগৰৰ বন্ধুজনে মোক খবৰ দিলে তেওঁলোকে এটা টেলিভিচন কিনিব বুলি, এচিয়াড চাবলৈ৷ চাবলৈ যাবলৈ মোক নিমন্ত্ৰণ জনালে৷
সেই দিনটো আহি পালে৷ দুপৰীয়াতে গৈ লাচিত নগৰ পালোঁগৈ৷ উদ্বোধনী অনুষ্ঠান আবেলি আৰম্ভ হ’ব৷ বন্ধুৰ ঘৰত টেলিভিচন আহি পালে৷ প্ৰকাণ্ড টেলিভিচন এটা৷ টেলিৰামা নে তেনে কিবা এটা নাম৷ ব্লেক এণ্ড হোৱাইট৷ সেই সময়ত ব্লেক এণ্ড হোৱাইট টেলিভিচন ঘৰত থকাটোৱেই খুব ডাঙৰ কথা৷
দুপৰীয়াৰ পৰাই টেলিভিচনটো চলোৱাৰ যো-জা চলিছে যাৱতীয় কাৰু-কাৰ্য সম্পন্ন কৰি৷ দীঘল বাঁহ এডালত এন্টেনাডাল লগাই ঘৰৰ কাষত পুতি দিয়া হ’ল৷ তাৰপাছত তাঁৰডাল আনি টেলিভেচনৰ পিছপিনে থকা নিৰ্দ্দিষ্ট ঠাইত অতি সাৱধানে লগাই দিলে কোনোবা এজনে৷ আমি দূৰৰ পৰা অতি আগ্ৰহ তথা কৌতুহলেৰে চাই থাকিলো৷ ইতিমধ্যে টেলিভিচন চাবলৈ অহা মানুহেৰে ঘৰ ভৰি পৰিছে৷ ইফালে সময় চমু চাপি আহিছে৷ বোধকৰো চাৰিমান বজাত অৱশেষত টেলিভিচনটো অন কৰা হ’ল৷ ভল্টেজ স্টেবিলাইজাৰৰ যোগেৰে৷ আমি সকলোৱে অধীৰ আগ্ৰহেৰে টেলিভিচনৰ পৰ্দাখনলৈ চাই থাকিলো৷
লাহে লাহে পৰ্দাখন পোহৰ হৈ উঠিল৷ ক’লা পৰ্দাখন বগা হৈ পৰিল৷ তাৰপাছত খেৰ খেৰ খেৰ শব্দ শুনিবলৈ পালো৷ সকলো মানুহ ইতিমধ্যে বহি পৰিছে ঠায়ে-ঠায়ে৷ চকী, মেজ , বিছনা, যিয়ে য’তে পাইছে বহি লৈছে এচিয়াডৰ উদ্বোধনী অনুষ্ঠান চাবলৈ বুলি৷ বহিবলৈ নোপোৱা দহজনমান থিয় দি আছে৷ মুঠতে এটা ডাঙৰ উৎসৱ৷
সকলোৰে চকু টেলিভিচনৰ পৰ্দাত৷ লাহে লাহে ক’লা-বগা পৰ্দাখনত চাগু দানাৰ নিচিনা গুটি গুটি কিছুমান জিলিকি উঠিবলৈ ধৰিলে৷ গোটেই পৰ্দাখন চাগুদানা-চাগুদানাযেন হৈ পৰিল৷ আমি ভাবিলো তাৰপাছত চাগুদানাবোৰে মানুহৰ ৰূপ ল’ব কিজানি৷ তেনেদৰে আধা ঘন্টা মান চাগুদানা চাই থাকিলো আৰু খেৰ খেৰ খেৰ শব্দ শুনি থাকিলো৷ আমনি কিন্তু কাৰো লগা নাই৷ জীৱনত প্ৰথমবাৰ টেলিভিচন দেখিছে৷ চাগুদানা হ’লেও কিবা এটাতো দেখিছে৷
কোনোবাই কিবা-কিবি লৰ-চৰা কৰিলে৷ হঠাতে টেলিভিচনৰ পৰ্দাত মানুহৰ নিচিনা কিবা এটা ওলাই ক্ষন্তেকতে কঁপি-কঁপি নোহোৱা হৈ গ’ল৷ কোনোবাই চিঞৰিলে,
: ওলাইছে, ওলাইছে…
তাতে উৎসাহ পাই বিভিন্নজনে বিভিন্ন ঠাইত হাত ফুৰাবলৈ ধৰিলে৷ বাকীসকলে একান্তমনে টেলিভিচন চাই থাকিল৷ চাগুদানাই কিন্তু মানুহৰ ৰূপ আৰু নল’লে৷
সন্ধিয়া সাতমান বজাত চাগুদানা চাই চাই চকুৰ বিষ উঠা যেন লগাত কলেজলৈ উভতি যোৱাই উচিত বুলি ভাবি বন্ধুজনৰ পৰা বিদায় লৈ বাহিৰ ওলালো৷
কিছুমানলোক তেতিয়াও বহি থাকিল টেলিভিচনৰ পৰ্দাত কিবা দেখা পোৱাৰ আশাত৷
একো নেদেখিলেও অন্ততঃ টেলিভিচনতো দেখিলো..... মইও নিজকে ক'লো৷
No comments:
Post a Comment