কেতিয়াবা
এনেকুৱাও হয়..
১৯৯৪
চনৰ ফেব্ৰুৱাৰী মাহৰ কথা৷ বিশেষ কামত হঠাতে দিল্লীলৈ যাবলগীয়া হ’ল৷ কোনোমতে দিল্লীলৈ
যাবৰ বাবে নৰ্থ-ইষ্ট এক্সপ্ৰেছত টিকট এটা পালো কিন্তু উভতি অহা যাত্ৰাৰ বাবে টিকেট
কৰিব নোৱাৰিলো “লিংক ফেইলিওৰ” হৈ থকা বাবে৷ কিবা এটা উপায় কৰি দিল্লীৰ পৰা উভতিম বুলি
মৰসাহ কৰি দিল্লী পালোঁগৈ৷
পিছদিনা
কাম সমাপ্ত হোৱাৰ পাছত অসমলৈ উভতিবলৈ টিকট কৰাৰ মানসেৰে ৰিজাৰ্ভেচন অফিচ পালোঁগৈ৷ সেইদিনা
বোধকৰো ২১ তাৰিখ আছিল৷ মই ২২ তাৰিখৰ নৰ্থ-ইষ্ট বা আন কোনো ৰেলত ৰিজাৰ্ভেচন আছে নেকি
জানিব বিচৰাত উত্তৰ পালো যে ২২ ফেব্ৰুৱাৰীতো বাদেই মাৰ্চ মাহৰ ১৩ তাৰিখলৈকে কোনো ৰেলতেই
ৰিজাৰ্ভেচন নাই৷ বিপাঙত পৰিলো৷ অলপ সময় চিন্তা কৰি কাটিহাৰলৈকে কোনো মতে অহাটো ভাল
হ’ব বুলি ভাবিলো৷ তাৰ পৰা শিলিগুৰি বেছি দূৰ নহয়৷ আৰু শিলিগুৰিৰ পৰা নাইট বাছ পোৱা
যায় গুৱাহাটীলৈ৷ ভবামতেই কাম৷ খবৰ কৰি গম পালো কাটিহাৰ এক্সপ্ৰেছত সহজে ৰিজাৰ্ভেচন
পোৱা যাব৷ গতিকে কাটিহাৰ এক্সপ্ৰেছত কাটিহাৰ পৰ্যন্ত টিকট এটা কৰি ল’লো৷ কাটিহাৰ এক্সপ্ৰেছ
আৰু নৰ্থ-ইষ্ট এক্সপ্ৰেছ পিছদিনা ৰাতিপুৱা প্ৰায় একেসময়তে এৰে৷ এখন পুৰণি দিল্লীৰ পৰা
আনখন নতুন দিল্লীৰ পৰা৷ কিন্ত নৰ্থ-ইষ্ট এক্সপ্ৰেছখন তাৰ পিছদিনা ৰাতিপুৱা ৬ মান বজাতে
কাটিহাৰ পায় আৰু কাটিহাৰ এক্সপ্ৰেছখন আবেলি ১ মান বজাতহে পায়হি৷
পিছদিনা
যাত্ৰা আৰম্ভ হ’ল কাটিহাৰ এক্সপ্ৰেছেৰে৷ গোটেইখন ৰেলত ময়েই বোধকৰো একমাত্ৰ অসমীয়া৷
এক অবিস্মৰণীয় অভিজ্ঞতা৷ ৰাতি হ’ল৷ কোনোমতে টোপনি গ’লো৷ পিছদিনা সাৰ পাই অপেক্ষা কৰি
ৰ’লো কাটিহাৰ পাবলৈ৷ প্ৰায় ঠিক সময়তে কাটিহাৰ পালে ৰেলখনে৷ অলপ ভয়-শংকাৰ ভাবেৰে ৰেলৰ
পৰা নামি পৰিলো৷ কাটিহাৰ নতুন ঠাই৷ আগতে কেতিয়াও কোনো কামতে তালৈ যাবলগীয়া হোৱা নাই৷
প্লেটফৰ্মত নামি ইফালে-সিফালে চালো৷ লোকে লোকাৰণ্য যেন লাগিল প্লেটফৰ্মটো৷ অলপ মন কৰি
দেখিলো আনটো প্লেটফৰ্মত মই দিল্লীৰ পৰা আহিবলৈ বিচাৰি ৰিজাৰ্ভেচন নোপোৱা নৰ্থ-ইষ্ট
এক্সপ্ৰেছখন ৰৈ আছে৷ ৰাতিপুৱা ৬টামান বজাতে কাটিহাৰ আহি পালে৷ তেন্তে ৰৈ আছে কিয়? খবৰ
লৈ গম পালো সেইদিনা পশ্চিম বংগ বন্ধ৷ আবেলি ৬টালৈকে বন্ধ৷ গতিকে ৰেলখন আবেলি ২ বজাতহে
কাটিহাৰ এৰিব৷ ময়ো ভালেই পালো৷ এনেহে লাগিল যেন ৰেলখনে মোৰ বাবেহে অপেক্ষা কৰি আছিল৷
ততাতৈয়াকৈ
টিকট এটা কিনি ল’লো৷ তাৰপাছত ডবা এটাৰ সম্মুখৰ বেঞ্চ এখনত বহি থকা টি টি ই এজনক সুধিলো,
:
গুৱাহাটীলৈকে ৰিজাৰ্ভেচন এটা হ’ব নেকি?
তেওঁ
উত্তৰ দিলে, অতি ভদ্ৰ ভাবে,
:
আপ বেইথিয়ে না…
মইও
ডবাটোত উঠি খালি চীট এটাত বহি পৰিলো৷ টি টি ই জন আহিল৷ মোৰ ৰিজাৰ্ভেচন কৰি দিলে৷ দিবলগীয়া
অতিৰিক্ত মাচুলখিনি দিলো৷ মোৰ পৰা এটকাও বেছিকৈ নল’লে৷ মোৰ সপোন সপোন যেন লাগিল৷
আবেলি
২ বজাত ৰেলখন চলিবলৈ ধৰিলে ৷ সন্ধিয়া ৭ মান বজাত নিউজলপাইগুৰি পালো৷ কিন্তু সমস্যা-উৎকণ্ঠাৰ
সামৰণি নপৰেহে নপৰে৷ ৰেলখন ভালেমানপৰ ৰৈ থাকিল৷ মানুহৰ আলোচনা-বিলোচনা শুনি গম পালো
পিছদিনা ৰাতিপুৱা ৬ বজাৰ পৰা ৭২ ঘন্টাৰ বাবে অসমবন্ধ আহ্বান কৰিছে সদৌ অসম ছাত্ৰ সন্থাই
ডিব্ৰুগড়ৰ ওচৰত জনৈক সোণোৱাল সহিত ৫জন ছাত্ৰৰ মৃত্যুৰ প্ৰতিবাদত৷ ভাবিলো, কোনোমতে নিউজলপাইগুৰি
পালোঁহি৷ এতিয়া ইয়াতে ৭২ ঘন্টা ৰৈ থাকিব লাগিলেহে অৱস্থা কাহিল হ’ব৷ মনেমনে প্ৰাৰ্থনা
কৰিবলৈ ধৰিলো৷ ৰেলখন গ’লেই হয় বুলি৷
ৰাতি
৮ মান বজাত লাহেলাহে ৰেলখন চলিবলৈ ধৰিলে৷ মনটো ভাল লাগিল৷ পিছদিনা ৰাতিপুৱা গুৱাহাটী
পালে খোজকাঢ়ি হ’লেও বেলতলালৈ যাবগৈ পাৰিম বুলি ভাবি আশ্বস্ত হ’লো৷
পিছদিনা
ৰাতিপুৱা ৫ মান বজাত গুৱাহাটী পালো৷ হাতত বেগটো লৈ বেলতলালৈকে খোজ কাঢ়িবলৈ মন বান্ধি
পল্টনবজাৰৰ পিনে আগবাঢ়িলো৷ মূল ৰাস্তাত ভৰি দিছোহে মাত্ৰ তেনেতে অ: ৰা: প: নিগমৰ মিনি
চিটিবাছ এখন আহি থকা দেখি হাত ডাঙিলো৷ বাছখন ৰৈ গ’ল আৰু মইও উঠি বহিলো৷ সম্মুখত চাৰিজন
আৰক্ষী বহি আছিল, বাকী যাত্ৰী কোনো নাই৷ তীব্ৰ বেগে বাছ চলিল৷ প্ৰায় ২০ মিনিটমানতে
গৈ বেলতলাৰ চাৰ্ভে স্টপেজ পাই বাছৰ পৰা নামি পৰিলো৷ খালী ৰাস্তাৰে ঘৰ অভিমুখে খোজ ল’লো৷
প্ৰায় পাঁচ/দহ মিনিটমানৰ বাট৷
ঘৰ
পালো৷ কলিং বেল বজালো৷ কোনোবাই আহি দুৱাৰ খুলি দিলে৷ ভিতৰ সোমাই ঘড়ীলৈ চালো৷ ৬ বাজিবলৈ
তেতিয়াও দহ মিনিট বাকী৷ অসম বন্ধ আৰম্ভ হোৱাৰ আগে আগেই ঘৰ পালোহি নিৰাপদে৷
ভাবিলে
আজিও সপোন সপোন লাগে, ভাল লাগে সেই ৰোমাঞ্চকৰ যাত্ৰাটোৰ কথা মনত পেলাই৷
No comments:
Post a Comment