সংগীতৰ জয়..
ৰাজধানী এক্সপ্ৰেছেৰে দিল্লীৰ পৰা কলিকতালৈ আহিছিলো আজি কিছুদিন আগতে৷ কুৱঁলীৰ বাবে দুঘন্টা পলমকৈ যাত্ৰা আৰম্ভ হ’ল৷ মোৰ কম্পাৰ্টমেন্টটোত এজন হিন্দীভাষী লোক৷ ব্যৱসায়ৰ কামত কলিকতালৈ আহি আছে৷ বাকী কেইজন বাংলাভাষী৷ এজন যুৱক আৰু এটা তিনিজনীয়া পৰিয়াল৷ পৰিয়ালটো পাঞ্জাৱত থাকে৷ গিৰীয়েকে সীমান্ত সুৰক্ষা বাহিনীত কাম কৰে৷ ঘৈণীয়েক ডাক্তৰ৷ নবছৰীয়া একমাত্ৰ সন্তানটিৰ উপনয়নৰ বাবে কলিকতাৰ ওচৰৰ বেণ্ডেলত থকা তেওঁলোকৰ ঘৰলৈ আহি আছে৷ অলপ সময়ৰ পাছতেই আমাৰ মাজত কথা-বতৰা আৰম্ভ হ’ল৷ পাঞ্জাৱত থকা বাবে সুন্দৰ হিন্দী কয়৷ তেওঁৰ কেইবাজনো অসমীয়া বন্ধু আছে বুলি জনালে৷ আমি হিন্দীতেই কথা-বতৰা পাতি থাকিলো ৷ বাকী বাংলাভাষী কেইজনেও হিন্দীতেই কথা পাতিলে৷ কাষৰ বাৰ্থত থকা আন এজন বাংলাভাষী ডেকাইও কথা-বতৰাত ভাগ ল’লে৷ তাৰ পিছদিনা কলিকতাত তৃণমূল কংগ্ৰেছৰ সমাবেশ এটা হ’বলগীয়া আছিল৷ আমি হাওড়া গৈ পোৱাৰ পাছত যান-জঁটত পৰিম বুলি নিশ্চিত হ’লো ৷ ৰেলখন অধিক পলমকৈ গৈ পালেই ভাল হ’ব বুলি ভাবিলো ৷ কিছু ৰাজনৈতিক আলোচনা চলিল৷ কিছুপৰ পাছত খাই-বৈ সকলো টোপনিত পৰিলো৷
পিছদিনা ৰাতিপুৱাৰ কামবোৰ সমাপ্ত কৰি সকলো আৰামেৰে বহি আকৌ কথা-বতৰা পাতি সময় পাৰ কৰিবলৈ ধৰিলো৷ ইতিমধ্যে দুঘন্টা পলমকৈ যাত্ৰা কৰা ৰেলখন সাত ঘন্টা দেৰীকৈ চলি থকা বুলি গম পালো৷ বাৰে-বিংকৰা কথা পাতি সময় অতিবাহিত কৰাৰ বাহিৰে আন কাম নাছিল৷ ওপৰৰ চাইড বাৰ্থত ইমানপৰে নিমাতে শুই অহা বাংলাভাষী ডেকাজনে গান বজাবলৈ ধৰিলে মোবাইলত৷ ভাহি আহিল মোৰ চিনাকী কন্ঠৰ বাংলা গান এটা৷
“ হেমন্ত কুমাৰ?”
মই ডেকাজনলৈ চাই সুধিলো৷
ডেকাজনে শলাগিলে৷ হেমন্ত কুমাৰ মোৰ বৰ প্ৰিয় বুলি ক’লো৷ তাৰ পাছত ডেকাজনৰ মোবাইলৰ পৰা এটাৰ পাছত এটাকৈ বিভিন্ন গায়কৰ বাংলা গান ভাহি আহিবলৈ ধৰিলে৷ মইও খুব ভাল লগা বুলি কৈ থাকিলো৷ ডেকাজন ওপৰৰ পৰা নামি আহি মোৰ সম্মুখত বহি পৰিল৷ তাৰপাছত বজাই শুনালে সন্ধ্যা মুখাৰ্জী আৰু আন কেইজনমান বিখ্যাত বাংলা গায়ক-গায়িকাৰ গান৷ অনুপ ঘোষালৰ “মধুৰ আমাৰ মায়েৰ হাসি…..” গানটো শুনি অভিভুত হ’লো৷ মই অনুৰোধ কৰিলো ব্লু টুথেৰে গান কেইটামান মোৰ মোবাইললৈ পঠিয়াই দিবলৈ৷ এটা এটাকৈ দহটামান গান কপি কৰি ল’লো ৷ ৰাজনীতি এৰি আমি সংগীতৰ আলোচনাত ব্যস্ত হৈ পৰিলো ৷ সম্মুখত
বহি থকা হিন্দীভাষী লোকজনে মোবাইলত গানৰ ভিডিও এটা বজালে….”চাহুঁগা মেই তুঝে, চাঁঝ চবেৰে……” মহম্মদ ৰফীৰ সুমধুৰ কন্ঠ ভাহি আহিল৷
তাকে লৈ আলোচনা চলিল৷
তেনেতে হঠাতে অতি চিনাকী মাত এটা ক’ৰবাৰ পৰা ভাহি আহিল৷ ইফালে-সিফালে চাই দেখিলো মোৰ কাষত বহি অহা পঞ্জাবত থকা মানুহজনৰ মোবাইল এটা বাজিছে৷ বুজিলো সেই গানটো তেখেতৰ ৰিংটোন৷ কিন্তু গানটোচোন অতি চিনাকী৷ অসমীয়া গান৷
: জুবিন গাৰ্গ?
মই তেওঁলৈ চাই সুধিলো৷
: হয়৷
: আপুনি জুবিন গাৰ্গৰ গান শুনে?
মই আচৰিত হৈ সুধিলো৷
:জুবিন গাৰ্গৰ গান মোৰ বৰ প্ৰিয়৷
তেওঁ মিচিকিয়া হাঁহি মাৰি ক’লে৷
পঞ্জাৱত থাকে৷ কেতিয়াও অসমলৈ অহা নাই৷ অসমীয়া ভাষা নাজানে৷ তেনে এজন বাংলাভাষী লোকে জুবিন গাৰ্গৰ অসমীয়া গান মোবাইলৰ ৰিংটোন হিচাবে ব্যৱহাৰ কৰিছে৷ কথাটো বিশ্বাস কৰিবলৈকে টান লাগিল৷ মনটো ভাল লাগি গ’ল৷ হেমন্ত কুমাৰৰ গানে মোক এজন বাংলাভাষীৰ ওচৰ চপাই নিছিল আৰু জুবিন গাৰ্গৰ গানে আন এজন বাংলাভাষীক মোৰ ওচৰ চপাই আনিলে৷
মনতে ভাবিলো. সংগীতৰ ভাষা সাৰ্বজনীন৷
জয়, সংগীতৰ জয়…
No comments:
Post a Comment