হে মোৰ জীবনৰ অন্তিম পূৰ্ণতা
মৰণ , হে মৰণ, মোৰ কাণে কাণে আহি কৈ যা৷
দিনে প্ৰতিদিনে অপেক্ষা মই কৰিছো তোমাৰ,
তোমাৰ বাবে বৰণ কৰিছো সুখ-দুখ এই জীৱনৰ৷
আজি মই যি , যিসকলো মোৰ , মোৰ আশা আৰু মোৰ প্ৰেম
মাথো তোমালৈ বৈ আছে এটি গুপ্ত স্ৰোত হৈ ৷
তোমাৰ এক শেষ চাৱনিত
মোৰ এই প্ৰাণ তোমাৰেই হৈ যাব ৷
ফুলৰ থোপাৰ মালা গাঁঠি
দৰাৰ বাবে বৰমালা সাজু হৈ আছে৷
বিয়াৰ পাছত কণ্যাৰ গৃহত্যাগ হ'ব
বিয়াৰ পাছত কণ্যাৰ গৃহত্যাগ হ'ব
আৰু তাইৰ প্ৰভুৰ সতে মিলিত হ'ব
নিশাৰ নিৰ্জনতাত৷
-----ৰবীন্দ্ৰনাথ ঠাকুৰৰ "মৃত্যু" কবিতাৰ অনুবাদ
নিশাৰ নিৰ্জনতাত৷
No comments:
Post a Comment