At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday, 5 October 2012

বিহুকুৱঁৰী আৰু নাকৰ আঘাট…….



সেয়া হয়তো ১৯৭৮/৭৯ মানৰ কথা ৷ তেতিয়া বিহু মানে লতাশিল, ভৰলু নাইবা নিউফিল্ডৰ বিহুৰ কথাই মনলৈ আহে৷ লতাশিলৰ বিহুকুৱঁৰী প্ৰতিযোগিতাৰ আকৰ্ষণ আছিল সৰ্বাধিক৷ এইচিয়ান ৰাইজ সকলো কোনোমতে পিচ পৰি থকা ভকত নহয়৷ ৰাতি লতাশিলৰ বিহুচাবলৈ যাবৰ বাবে দুখনকৈ বিশেষ বাছৰ আয়োজন কৰা হ’ল সহকাৰী সাধাৰণ সম্পাদকৰ দ্বাৰা৷ এচটিচিৰ ৰঙা বাছ দুখন এইচিয়ানৰ বাপতি সাহোন যেন আছিল তেতিয়া৷ ছাত্ৰ-ছাত্ৰীৰ লগতে কলেজৰ শিক্ষক-কৰ্মচাৰীৰ পৰিয়ালৰ সদস্য সকলো সাজি-কাচি ওলা্ল৷ প্ৰায় চাৰিখন বাছৰ জোখৰ মানুহেৰে বাছ দুখন ভৰি পৰিল৷ মোৰ সকলোতকৈ প্ৰিয় আসনখন আছিল দ্ৰাইভাৰৰ কাষৰ দীঘল চীটটো৷ ৬ নং ছাত্ৰাবাসত থকা কাৰণে মনে বিচৰা চীটটো পাবলৈ বেচি অসুবিধা নহৈছিল৷ ভীৰ বেছি হ’লে ইঞ্জিনৰ ঢাকনিখনৰ ওপৰত কিছুমান বহে৷ তাতো থাই নহলে কিছুমানে দ্ৰাইভাৰৰ পিছপিনৰ ঠাইখিনিতে নিজৰ বিশাল দেহবোৰ বিশেষ কৌশলেৰে খাপ খুৱাই লৈ যাত্ৰা কৰে৷ মাত্ৰ আধা ঘন্টাৰহে কথা, সকলো চলি যা্য়৷
সন্ধিয়া সোনকালে ভাত-পানী খাই সকলো সাজু হ’ল৷ নিৰ্দ্দিষ্ট সময়ত বাছ দুখন চলিবলৈ ধৰিলে, প্ৰথমতে লাহে লাহে, কিজানি ক’ৰবাত বাটে পথে কোনোবা ৰৈয়েই আছে হেজাৰ আশা বুকুত বান্ধি, লতাশিলৰ বাবে৷ তেনে কাৰোবাক এৰি থৈ যোৱাৰ কল্পনাই কৰিব নোৱাৰি৷ সুন্দৰবড়ীত বাছ দুখনে সুন্দৰ বেগ ল’লে৷ ভৰলু পাৰ হৈ কাছাৰী পালোগৈ অনায়াসে৷ কাছাৰীত ঘোষণা কৰি দিয়া হ’ল যে ৰাতি বাৰ বজাত বাছ উভটিব কলেজলৈ, সকলো যাতে সময়মতে বাছত উঠেহি৷ শুনিবলৈ যেন কাৰো আহৰি নাই, এৰাল চিগা গৰুৰ দৰে সকলোৱে লৰ ধৰিলে লতাশিল পথাৰলৈ৷ চকুৰ পচাৰতে এইচিয়ান সকল বিশাল জনসমুদ্ৰত বিলীন হৈ গ’ল বিহুকুৱঁৰী চাবলৈ, মঞ্চৰ বাহিৰে ভিতৰে৷
ৰাতি ১১মান বজাতে আহি বাছত বহিলোহি মোৰ প্ৰিয় আসনখনত৷ বেছিভাগলোক তেতিয়াও বিহুকুৱঁৰী চোৱাতে মচগুল৷ বাছখন কিন্তু প্ৰায় ভৰি পৰিছে আমাৰ দৰে অলপধতুৱা কিছুমানেৰে৷ দ্ৰাইভাৰৰ কাষৰ চীটটোও ভৰি পৰিল৷ মোৰ সম্মুখত, ইঞ্জিনৰ ঢাকনিখনৰ ওপৰত বহি আছিল কেইটামান সৰু ল’ৰা৷ ৰাতি বাৰ বাজো বাজো৷ বেচেৰাহতক টোপনিয়ে বৰকৈ আমনি কৰি আছিল৷ কাষত বহি থকা বন্ধু এজনৰ লগত কথা পাতি সময় পাৰ কৰিব ধৰিলো, বাৰ বাজি গ’ল যদিও বাছখন চলাৰ কোনো লক্ষণ দেখা নাছিলো৷ অনেক দাদাসকল তেতিয়াও হয়তো বিহুকুৱঁৰী চোৱাতে ব্যস্ত৷ টোপনিয়েও আক্ৰমণ কৰিবলৈ চেগ বিচাৰিবলৈ ধৰিলে৷ হঠাতে মূৰত এটা প্ৰচন্ড আঘাট৷ চকুৰে ধোঁৱা-কুৱা দেখিলো৷ যেন এটা প্ৰকান্ড শিলহে পৰিল মূৰত, এনেকুৱা লাগিল৷ হাতেৰে মুৰটো পিহিবলৈ ধৰিলো৷ হঠাতে চকু গ’ল সম্মুখত বহি থকা সৰু ল’ৰাটোলৈ৷ বেচেৰাই মোৰ ফালে চাই, লাজতে মিচিক মাচাক হাঁহি নিজৰ নাকটো মোহাৰি আছে৷ বুজিবলৈ বাকী নৰ’ল৷ বেচেৰাই টোপনিৰ আমেজতে বাগৰি পৰিছিল মোৰ মূৰৰ ওপৰত আৰু নাকেৰে মোৰ মূৰত কৰিছিল প্ৰচন্ড আঘাট৷ দুয়োৰো টোপনি পলাই ফাট মাৰিলে৷ বিহুকুৱঁৰীৰ কথাও ক’ৰবাত লুকাল৷
সেই ল’ৰা এতিয়া বিশালাকায় ব্যক্তি৷ বাটে-ঘাটে দেখা পালে নাকৰ আঘাটটোহে এতিয়াও মনলৈ আহে৷

ড: মাখন লাল দাস

No comments:

Post a Comment