এটা চাৰমিনাৰৰ
পেকেট আৰু
পাঁচজন এইচিয়ান
..
(শান্তি, দীপক, মনোৰঞ্জন, ৰাজীৱ, ৰাণা আৰু যতীনলৈ ক্ষমা
প্ৰাৰ্থনাৰে)
-----------------------------------------------------------------
“ঐ,
কাইলৈৰ পৰা
ট্ৰেদিচনেল হ’লিডে৷
ক্লাচ নহয়৷”
“হয়
নেকি? কোনে
ক’লে?”
“আমাক
চিনিয়ৰে কৈছে৷
একেবাৰে নিউইয়াৰ্চৰ পাছতহে বোলে
ক্লাচ হ’ব৷
ডিচেম্বৰৰ ২২
তাৰিখৰ পৰা
বোলে সদায়
এনেকৈ বন্ধ
হয়৷“
“বঢ়িয়া,
চবেই গম
পায়নে?”
“চবকে
কৈ দিম নহয়, কোনো ক্লাচলৈ নাহে৷ “
“ছোৱালীবোৰকো ক’ব
লাগিব নহয়৷ সিহঁত আহিলে আমাৰ
বিপদ হ’ব৷ ”
“আজি
ক্লাচতে কৈ
দিম৷”
কথা মতে
কাম৷ আখৰ
ভাল বাবে
ৰাজীবকে লিখাৰ
ভাৰটো দিয়া
হ’ল৷
দুয়োটা ক্লাচৰ ব্লেকবোৰ্ডত সি গোট-গোট আখৰেৰে ধুনীয়াকৈ লিখি
দিলে:
“নো
ক্লাচ ফ্ৰম
টুম’ৰ’
…ট্ৰেদিচনেল হ’লিডে৷
বাই অৰ্ডাৰ৷”
তেতিয়া অসম
অভিযান্ত্ৰিক মহাবিদ্যলয়ত ছাত্ৰ বুলিবলৈ কেৱল আমি
নবাগতবিলাক আৰু
প্ৰজেক্ট কৰিবলৈ হোষ্টেলত থাকি
যোৱা পঞ্চম
বাৰ্ষিকৰ দাদাসকল৷ কলেজত
আমাৰ ১৯/২০
দিন মাথোন
হৈছে৷ বাকী
ছাত্ৰসকল বছেৰেকীয়া পৰীক্ষাৰ পাছত
ঘৰাঘৰি গৈছিল৷ আমাক নবাগত
বিলাকক ১,
২ আৰু
৪ নং
হোষ্টেলতে একেলগে ৰখা হৈছিল৷ মেছ চলিছিল ১ নং
হোষ্টেলত৷ গতিকে
খাবৰ সময়ত
গোটেইখিনি ল’ৰা
লগ পোৱা
গৈছিল৷ তেতিয়া চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু
কেমিকেল, এই
চাৰিটা বিভাগহে আছিল৷ মুঠ
ছাত্ৰ-ছাত্ৰী আছিল মাত্ৰ
২১০ গৰাকী
আৰু শাখা আছিল দুটা৷ কথাবোৰ জনাবলৈ সহজ
আছিল৷
হোষ্টেলত থাকি
যোৱা পঞ্চম
বাৰ্ষিকৰ দাদা
সকলৰ লগত
আমাৰ মুখামুখি ৰাতি ১২
টা মান
বজাতহে হৈছিল৷ ৰাতিপুৱা ৭
টা বজাতে
আমি ক্লাচলৈ যাওঁ, তেখেতসকলৰ তেতিয়া “টোপনিৰ চিকুণ পুৱা
“, আবেলি ৪
বজাত যেতিয়া আমি কলেজৰ
পৰা ভাগৰি-জুগৰি
আহোঁ তেতিয়া তেখেতসকল সাজি-কাচি
কলেজ বাচত
উঠি পাণবজাৰ অভিমুখে ৰাওনা
হ্য়৷ আমি
চিঞৰ-বাখৰ
কৰি থাকিলেও ধৰোঁতা কোনো
নাই৷ একেবাৰে ৰামৰাজ্য৷ ৰাতি
ভাত খোৱাৰ
পাছতো বহু
সময়লৈকে আমাৰ
সেই স্বাধীনতা বাহাল থাকে৷
ৰাতি ১১
মান বজাত
যেতিয়া টেবুল
লাইট অফ
কৰি টোপনি
যাবৰ আয়োজন
কৰোঁ তেতিয়া দুৰৈৰ পৰা
ৰিণিকি ৰিণিকি ভাহি আহে
কিছুমান চিনাকী শব্দ৷ আমাৰ
বুকুবোৰ কিবা
অজান আশংকাত কঁপিব ধৰে৷
লাহে লাহে
শব্দবোৰে কোলাহলৰ ৰূপ
লয়, আমাৰ
ওচৰ চাপি
আহে৷ তাৰপাছত ধুপ-ধাপ,
ধুৰুম –ধাৰাম
, খিটলিং…৷
আমাৰ বুকুৰ
ধপধপনিও বাঢ়ি
যায়৷ কপাল
ভাল থাকিলে সেই কোলাহলবোৰ কিছুসময় পাছত
আমাৰ পৰা
আঁতৰি আনদিশে গুচি যা্য়৷
কেতিয়াবা হোষ্টেলৰ আগৰ ফিল্ডখনতে কিছুসময় চিঞৰ
বাখৰ চলি
থাকে, তাৰ
পাছত নিজে
নিজে কমি
আহিব ধৰে,
নাইবা আনপিনে গুচি যায়৷
আমিও স্বস্তিৰ নিশ্বাস পেলাই
সেই শব্দবোৰ দুনাই উভটি
নাহিব বুলি
আশা কৰি
টোপনি যাবলৈ
চেষ্টা কৰো৷
তেনেদৰে থাকোঁতে কেতিয়া টোপনিয়ে হেঁচা মাৰি
ধৰে গমেই
নাপাওঁ৷
এদিন ৰাতি
সাৰ পালো
প্ৰচন্ড শব্দত৷ আমাৰ কোঠাৰ
দুৱাৰত কাৰোবাৰ অবিৰত পদাঘাত, ধুম ধুম
ধুম…৷
কাণে মুৰে
লেপখন লৈ অলপ
সময় বাট
চালো, কিজানিবা সেই শব্দ
আঁতৰি যায়৷
নাই, শব্দৰ
প্ৰকোপ লাহে
লাহে বাঢ়িহে গ’ল৷
কিছু সময়
পাছত হঠাতে
দুৱাৰৰ পৰা
কিবা এডোখৰ
ভাগি চিটিকি আহিল৷ আমি
বুজিলো কথা
বিষম৷ তেতিয়ালৈকে নিতাল মাৰি
থকা ৰুমমেট শান্তিয়ে লাহেকৈ মাত
লগালে, “খুলিছো ৰ’ব৷”
অশান্ত মনেৰে
শান্তিয়ে ভয়ে
ভয়ে দুৱাৰখন খুলি দিলে,
সোমাই আহিল
বিয়াগোম চেহেৰাৰ দুজন দাদা ৷
ধমকি দিলে
দুৱাৰ খুলোঁতে ইমান দেৰি
কৰা কাৰণে৷ আনজন ৰুমমেট যতীনে সেহাই
সেহাই কিবা
এটা ক’লে৷
তাৰ পাছত
দাদা এজনে মোৰ
পিনে চাই
সুধিলে,
“
কি নাম?
ক’ত
ঘৰ?”
“মাখন
লাল দাস ৷
বৰপেটাত”, মই
ভয়ে ভয়ে
উত্তৰ দিলো৷
“বৰপেটা?”
“হ্য়”,
মই দোহাৰিলো ৷
“মোহন
দাসক চিনি
পোৱা?”
মই কওঁ
নকওঁকৈ ক’লো,
“নাপাওঁ৷”
দাদাজন ওচৰ
চাপি আহিল,
মোৰ বুকুখন কঁপি উঠিল৷
গালত লাহে
লাহে দুটা
মৃদু আঘাত কৰি ক’লে,
“চিনি
পাব লাগে,
চিনি পাব
লাগে৷” তাৰপাছত কোঠাৰ পৰা
ওলাই গুচি
গ’ল৷
ইমান সহজে
আমাৰ বিপদ
পাৰ হোৱাত
আমিও আচৰিত
হৈ ইজনে
সিজনৰ মুখৰ
পিনে চালো৷
শান্তিয়ে দুৱাৰখন জপাই দিলে,
আমিও টোপনি
গ’লো৷
এনেদৰেই দিনবোৰ পাৰ হৈ গৈ আছিল, আমিও অসম অভিযান্ত্ৰিক মহাবিদ্যলয়ৰ চৌহদত প্ৰা্য় মুকলিমূৰীয়াহৈ টিঘিল-ঘিলাই আছিলো৷
২২ ডিচেম্বৰৰ ৰাতিপুৱা, সাৰ
পাই মনটো
ভাল লাগি
গ’ল৷
আজিৰ পৰা
দহ দিনলৈ
কোনো ক্লাচ
নহ্য়, কেনে
মজা!! সাৰ
পোৱাৰ পাছত
লেপৰ তলতে
কিছুসময় আমেজ
লৈ থাকিলো, শান্তিও সাৰ
পাই উঠিছে,
যতীন বাথৰুমলৈ গৈছে নিশ্চয় ৷ তেনেকৈয়ে অলপ
সময় পাৰ
হ’ল৷
যতীন বাথৰুমৰ পৰা আহি
টেবুলত বহি
কিবা লিখিবলৈ ধৰিলে৷ ভালদৰে মন কৰি
বুজিলো সি
ৱৰ্কচপৰ জবচীট
লিখিব ধৰিছে৷ কেইমিনিটমান তেনেদৰে পাৰ হ’ল৷
চিনাকী মাত
এটা শুনি
দুৱাৰৰ পিনে
চালো, দেখিলো দীপক আৰু মনোৰঞ্জন সোমাই আহিছে
কোঠালৈ৷ দুয়ো
শান্তিৰ বিচনাতে বহিল৷ শান্তিয়ে আঠুৱাখন এফলীয়া কৰি উঠি
বহিল৷ দুই-এটা
বাক্যৰ আদান-প্ৰদান হ’ল৷
তাৰপাছত লাহেকৈ টাচপাতখিনি উলিয়ালে৷ ময়ো লোভ
সামৰিব নোৱাৰি উঠিলো আৰু
চকীখন টানি
ওচৰ চাপি
গ’লো৷
ৰাতিপুৱাৰ কামফেৰা কৰা, মুখ
ধোৱা, চাহ
খোৱা আদি
কামবোৰ ক’ৰবাতে
থাকিল৷ চাৰিওজন টাচখেলত মগ্ন
হৈ পৰিবলৈ বেছি পৰ নালাগিল৷
“ঐ, প্ৰিঞ্চিপাল আহিছে, প্ৰিঞ্চিপাল আহিছে”, হঠাতে
কোনোবাই চিঞৰিলে ৷ আমি
আওকাণ কৰি
একান্ত মনে
টাচপাতত মূৰ
গুজি থাকিলো৷ ভাবিলো, প্ৰিঞ্চিপালৰ আৰু কাম
নাই, এই
ৰাতিপুৱাই হোষ্টেললৈ আহিবলৈ৷ তেনেকৈয়ে কিছুসময় পাৰ
হ’ল৷
টাচখেল চলি
থাকিল৷ অলপ
সময় পাছত
সঁচাকৈয়ে ধুমুহাৰ দৰে কোঠালৈ সদলবলে সোমাই
আহিল প্ৰিঞ্চিপাল গোস্বামী চাৰ ৷
লগত বৰুৱা চাৰ,
শৰ্মা চাৰ
আৰু কোনোবা কোনোবা ৷
আমি বেঙেমুতা গৰুৰ দৰে কঁপি কঁপি থিয় দিলো, হাতে হাতে ধুনীয়াকৈ সজাই লোৱা টাচ পাতৰ জাপ ৷
আমি বেঙেমুতা গৰুৰ দৰে কঁপি কঁপি থিয় দিলো, হাতে হাতে ধুনীয়াকৈ সজাই লোৱা টাচ পাতৰ জাপ ৷
“
তোমালোকে কি
কৰিছা? কলেজলৈ যাব নালাগে? পঢ়াশুনা নাই,
এই ৰাতিপুৱাতে টাচ খেলিব
ধৰিছা?” প্ৰিঞ্চিপালচাৰে কিবাকিবি গালি
দিলে, আমি
হাতৰ টাচপাত কেইখনৰ আঁৰত
মুখবোৰ লুকুৱাবলৈ বিফল প্ৰয়াস কৰিলো৷
“ফাঁট
মেলা বসুমতী পাতালে লুকাওঁ” বোলা কথাষাৰৰ আচল অৰ্থটো সেইদিনাহে খুব
ভালদৰে বুজি
পালো৷…
”..কি
নাম তোমালোকৰ?” প্ৰিঞ্চিপালচাৰে খঙেৰে
সুধিলে৷ আমি
কওঁ নকওঁকৈ এটা এটাকৈ
নামবোৰ ক’লো৷
আপোনমনে জবচীট
লিখি থকা
বেচেৰা যতীনো
আমাৰ লগতে
সাঙোৰ খাব
লগা হ’ল৷
লিখিবলৈ একো
কাগজ বিচাৰি নাপাই চাৰমিনাৰ চিগাৰেটৰ খালী
বাকচ এটাতে
প্ৰিঞ্চিপালচাৰে আমাৰ
পাঁচোজনৰে নামকেইটা লিখি ল’লে৷
“এতিয়াই চব ক্লাচলৈ ব’লা৷
দহমিনিট সময়
দিছো৷” বুলি
কৈ চাৰসকল গ’লগৈ৷
আমি অলপ
সময় শিল
পৰা কপৌৰ
নিচিনা থৰ
লাগি থাকিলো৷ “তোমালোকৰ কাৰণে
মইও ফচিলো”,
যতীনে পাৰি থকা
গালি আমাৰ
এখন কাণেৰে সোমাই আনখন কাণেৰে ওলাই
গ’ল৷
তাৰপাছত কেতিয়া গৈ আমি ক্লাচৰুম পালো, ক্লাচত কি শিকালে একো গমেই
নাপালো৷ মনত
মাত্ৰ এটাই
প্ৰশ্ন,
“এতিয়া আমাৰ
কি হ’ব?
কলেজত আমাৰ
এমাহেই হোৱা
নাই৷ প্ৰিঞ্চিপালচাৰে নাম লিখি
লৈ গ’ল?
আমাৰ লাইফ
শেষ, ইত্যাদি ইত্যাদি..৷”
ৰাণা
নামৰ বন্ধুজনে হাঁহি হাঁহি
ক’লে,
“একো নহয়
দে, চিগাৰেটৰ পেকেটতহে লিখি
নিছে নাম
কেইটা৷ চাৰে
পেকেটটো মোহাৰি ক’ৰবাত
দলিয়াই দিব৷
যদি কিবা
কাৰণত নাম
কেইটা চকুত
পৰে, চাৰে
হয়তো ভাবিব,
এই কেইটা
কাৰ নাম?
অ’ গোটেইকেইটা ইলেক্ট্ৰিকেলৰ ভাল
ভাল ল’ৰা,
কিবা ভাল
কাম কৰিছিল কিজানি৷”
ইমান ডাঙৰ
কথাটো ধেমালিৰ সুৰেৰে উৰুৱাই দিয়া কাৰণে
ৰাণাৰ ওপৰত
খং উঠিছিল যদিও আমাৰ
কৰিবলৈ আন
একো ঊপায়ো
নাছিল৷ তেনেদৰেই আমাৰ “ট্ৰেদিচনেল হ’লিডে”
ৰ সামৰণি পৰিল এঘণ্টাৰ ভিতৰতে৷ আমাক
উচটনি দি
পাছত দূৰৈৰ
পৰা আমাৰ
দুৰৱস্থা দেখি
আমোদ লৈ
থকা দাদাসকলক মুখৰ
ভিতৰতে দুটামান গালি পৰাৰ
বাহিৰে আমাৰ
কৰিব পৰা
একো নাছিল৷
সময় বাগৰি
গ’ল৷
দিন গৈ
মাহ হ’ল,
মাহবোৰ গৈ
বছৰ হ’ল৷
চিগাৰেটৰ পেকেটত লিখি নিয়া
আমাৰ নাম
কেইটাৰ কি
দশা হ’ল
সেই কথা
আজি ৩৩
বছৰ পাছতো
গম নাপালো৷ মনত পৰিলে
ভাবো,
“কিমান
ভাল আছিল
সেই দিনবিলাক! সেই দিনবোৰ আকৌ ঘুৰাই
পোৱা হ’লে!!!”
No comments:
Post a Comment