At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Wednesday, 17 October 2012

তিতাবৰৰ মিঠা স্মৃতি... সভাৰাম দাস চাৰ

তিতাবৰ মোৰ জন্মস্থান৷

তিতাবৰ নামটো ক'ৰ পৰা হ'ল , কোনে ৰাখিলে ক'ব নোৱাৰো৷ কিন্তু মোৰ নামটো হ'লে তিতাবৰত থাকোঁতে, মোৰ জন্মৰ পাছতে, বিখ্যাত জ্যোতিষী গঙ্গাধৰ হাজৰিকা দেৱে ৰাখিছিল বুলি মা-দেউতাৰ মুখত শুনি আছিলো৷মোৰ জন্মৰ পাছতে দেউতা নগাৱঁলৈ বদলি হৈছিল৷ আকৌ তিতাবৰলৈ আহিবলৈ বিচাৰি আছিল দেউতাই৷মা-দেউতাৰ মুখত তিতাবৰৰ বিষয়ে প্ৰায়েই শুনিছিলো৷ ১৯৬৪ চনত নগাৱঁৰ পৰা আমি বদলি হৈ পুনৰ তিতাবৰলৈ আহিব লগা হোৱাত  বৰ ভাল লাগিছিল৷  দেউতা তিতাবৰত থকা ৰেচম ফাৰ্মৰ অধীক্ষক হিচাবে বদলি হৈ আহিছিল৷

মোক  তিতাবৰ অভ্যসন বিদ্যালয়ৰ  ক শ্ৰেণীত নাম লিখাই দিয়া হয়৷ শ্ৰেণীশিক্ষক হিচাবে পালোঁ ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰা শিক্ষক স্বনামধন্য সভাৰাম দাস দেৱক৷ শিক্ষাৰ আৰম্ভণি এগৰাকী ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষকৰ ছত্ৰছায়াত৷ তেনে সৌভাগ্য খুব কম লোকৰহে হয়৷ তেখেত যেন আছিল মৰমৰ এক অগাধ সাগৰ৷ মোৰ লগতে মোৰ সৰু দাদাকো একেখন স্কুলতে দ্বিতীয় শ্ৰেণীত নাম লিখাই দিয়া হৈছিল৷

নাম লিখিবৰ দিনাখন আমি দুয়ো দেউতাৰ অফিচত কাম কৰা কৰ্মচাৰী এজনৰ স'তে স্কুল পালোঁগৈ৷ তিতাবৰ অভ্যসন বিদ্যালয়৷ বিখ্যত স্কুল৷ বুনিয়াদী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ বাবে ব্যৱহৃত স্কুল৷ প্ৰকান্ড চৌহদটোত প্ৰবেশ কৰিয়েই কিবা অজান পুলক জাগি উঠিছিল মনৰ মাজত৷ নগাৱঁৰ শেনচোৱাত আমি পঢ়ি অহা আলটাঙনি নিম্ন বনিয়াদী বিদ্যালয়ৰ তুলনাত বহুগূণে ডাঙৰ আৰু উন্নত মানৰ স্কুল৷

পোনে পোনে আমাক অফিচলৈ লৈ যোৱা হ'ল৷ নাম লিখা হোৱাৰ পাছত সভাৰাম দাস চাৰে ক'লে, "
ব'ল, এতিয়া তহঁতক মই স্কুলখন দেখুৱাই দিওঁ৷"
চাৰৰ লগে লগে দাদা আৰু মই খোজ ল'লো আহল-বহল বাৰান্দাখনেৰে৷

স্কুললৈ গ'লে লগত ছাতি এটা লৈ যোৱা স্বভাব এটা আছিল৷ নগাৱঁৰ স্কুলখন ঘৰৰ পৰা ভালেমান দূৰৈত আছিল৷ ৰ'দে ৰ'দে খোজ কাঢ়ি যাব লাগিছিল বাবে লগত সদায় ছাতি এটা আছিল৷ তিতাবৰতো ছাতি নিবলৈ পাহৰা নাছিলো৷

কাষলতিৰ তলত ছাতিটো লৈ মই চাৰহঁতৰ লগত খোজত খোজ মিলাই আগবাঢ়ি গৈ থাকিলো৷ সভাৰাম দাস চাৰে এফালৰ পৰা দেখুৱাই গ'ল৷
"এইটো তৃতীয় শ্ৰেণী, এইটো দ্বিতীয় শ্ৰেণী, ইত্যাদি ইত্যাদি৷"
আমিও বাৰান্দাৰে আগবাঢ়ি গৈ থাকিলো৷

একেবাৰে মূৰৰ কোঠাটো পাই চাৰে ক'লে, "এইটো মাখনৰ শ্ৰেণী, ক'শ্ৰেণী৷" মই ভিতৰলৈ আগ্ৰহেৰে চাই পঠিয়ালো৷

দেখুউৱা শেষ হ'ল, গতিকে চাৰহঁত ঘূৰিল৷ মইও ঘপহ কৰে ঘূৰি দিলো৷ লগে লগে কাষলতিৰ তলত লোৱা মোৰ মৰমৰ ছাতিটোৰ নালডালে চাৰৰ গাত এটা প্ৰচন্ড আঘাট হানিলে৷ মই ছাতিটোৰ কথা পাহৰিয়েই গৈছিলো ইমান পৰে৷ ভয়ে-লাজে মই আধামৰা হ'লো৷ চাৰে কিন্তু কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷

ঘৰ আহি পাই ভয় লাগি থাকিল৷ পিছদিনা কি বা হয়৷ কিজানিবা চাৰে বিৰাট বেয়া পালে৷ মোৰ কুমলীয়া মনটো অস্থিৰ হৈ থাকিল৷

পিছদিনাখন নিৰ্দিষ্ট সময়ৰ আগতেই স্কুল পালোগৈ৷ দূৰৰ পৰা সভাৰাম চাৰক দেখিলো৷ "সোঁতা ল, সোঁতা ল" বুলি চাৰে চিঞৰি চিঞৰি আহি আছে৷ সোঁতা মানেনো কি বুজি নাপালো৷ অঁকৰাৰ দৰে ইফালে সিফালে চাই থাকিলো৷ দেখিলো, কিছুমানে হাতত ঝাৰু লৈ শ্ৰেণীকোঠা আৰু বাৰান্দা সাৰিব ধৰিছে৷ সোঁতা মানে যে ঝাৰু, বুজিবলৈ টান নহ'ল৷

প্ৰাৰ্থনাৰ অন্তত আমি নিজৰ নিজৰ কোঠাত সোমালো৷ অলপ পাছত সভাৰাম দাস চাৰ সোমাই আহিল৷ বাকীবোৰৰ লগতে মইও থিয় হৈ নমস্কাৰ দিলো৷ চাৰ বহিল৷ আমিও বহিলো৷ মোৰ ভয়ৰ ভাবটো বাঢ়ি আহিব ধৰিলে৷

প্ৰথমতেই চাৰে মোৰ পিনে চালে৷ মোৰ অৱস্থা তথৈবচ৷

চাৰে মাতিলে, "মাখন, এইপিনে আহ৷"

মোৰ মূৰত যেন আকাশী সৰগহে ভাগি পৰিল৷ বুকুখনে ধান বানিব ধৰিলে৷ থৰক বৰক খোজেৰে আগবাঢ়ি গৈ চাৰৰ ওচৰ পালো৷ চাৰে দ্ৰয়াৰটো মেলিলে৷ হাতখন ভৰাই ডাঠ কাগজ এচটা উলিয়াই আনিলে৷ কাগজচটাৰ এফালে বগা কাগজ লগোৱা আছিল৷ চাৰে কাগজ চটা মোৰ হাতত দি ক'লে,

" ল৷ এইটো তোৰ নাম৷ মাখন লাল দাস৷ এই কাগজচটাত লিখা তোৰ নামটো চাই চাই তই নিজৰ নামটো লিখিব'লে প্ৰথমতে শিকিব লাগিব৷ বুজিলিনে? যা এতিয়া৷ "

মই মূৰ দুপিয়ালো৷ তাৰপাছত কাগজচটালৈ চালো৷

চাৰে গোট গোট আখৰেৰে মোৰ নামটো তাত লিখি আনিছিল৷ "মাখন লাল দাস৷" অতি সুন্দৰ গোট গোট আখৰ৷

মোৰ নামটো সেইদিনাৰ পৰা মোৰ বাবে অতি আপোন হৈ পৰিল৷ যেনেদৰে আপোন হৈ পৰিল মোৰ চিৰনমস্য সভাৰাম দাস চাৰ৷

No comments:

Post a Comment