At the outset.. বাট চ'ৰাতে

Welcome to my world..
I am not a writer nor a poet. Just trying to narrate some of my experiences .. I am usually comfortable in writing in Assamese, my mother tongue. Have written few blogs in English and have tried my hands in composing few poems in Hindi too.. My Hindi speaking friends may excuse me for my audacity to do so..

মোৰ জগতলৈ আদৰিছো...
কোনো কবি সাহিত্যিক মই নহয়, কিছুমান অভিজ্ঞতাৰ বৰ্ণনা মাথোন কৰিছো ইয়াত.. মাতৃভাষা অসমীয়াতে লিখি ভাল পাওঁ যদিও ইংৰাজীতো লিখিছো.. হিন্দী ভাষাতো দুটামান কবিতা লিখিবলৈ চেষ্টা কৰি চাইছো....

Translate

Friday 12 October 2012

কিযে বিড়ম্বনা.. ভাষাৰ খেলা

কিযে বিড়ম্বনা.. ভাষাৰ খেলা..



অসমীয়া লোকে যেতিয়া ইংৰাজী, হিন্দী বা বেলেগ ভাষা কয় কিছুমান বিশেষ ধ্বনিৰ বাবে মাজে মাজে বেমেজালি হয়৷ অসমীয়া ভাষা কওঁতে চ আৰু ছ  নাইবা স, ষ আৰু শ ৰ উচ্চাৰণৰ মাজত বিশেষ একো পাৰ্থক্য নাথাকে৷ লিখিবৰ সময়ত ঠিকেই লিখা হয়, কওঁতেহে সকলো একাকাৰ হৈ যায়৷  ক'বলৈ গ'লে অসমীয়া ভাষাটোৰ ইও এটা বিশেষত্ব ৷

১৯৮৩ চনত আমি এবাৰ দিল্লীলৈ আহিছিলো, তিনি বন্ধু, অসীম, দ্ৰিংচন আৰু মই৷ তিনিও তেতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পঞ্চম বৰ্ষিকত পঢ়ি আছোঁ৷  সেইয়া মোৰ বাবে আছিল প্ৰথম দিল্লী দৰ্শন৷ খুব সম্ভব দ্ৰিংচনৰ বাবেও৷ অসীম আগতে দিল্লীলৈ আহিছিল৷ গতিকে অসীমেই হ’ল দিল্লীত আমাৰ গাইড৷ 

দিলীত উপস্থিত হৈ তিনিও জোৰবাগ পালোঁগৈ৷ অসীমৰ কোনো সম্বন্ধীয় লোক থাকে৷ তাতে কোঠা এটাত আমাৰ থকাৰ ব্যৱস্থা হ’ল৷ খোৱা-বোৱাৰ বাবে ওচৰে-পাজৰে থকা হোটেল-ৰেস্ট’ৰালৈ গৈছিলো৷ অসীমেই দিব লগা অৰ্ডাৰবোৰ দিছিল তিনিওৰে বাবে৷

এখন ৰেস্ট’ৰাত চাহ একাপ খাওঁ বুলি সোমালো৷ চাহত চেনী কম হোৱা কাৰণে চেনী অলপ ল’বলৈ চামুচ এখনৰ প্ৰয়োজন হ’ল৷ অসীমে চামুচ এখন খুজিলে ৰেস্ট’ৰাত কাম কৰা ল’ৰা এজনক৷ কিছুসময় বাট চাই ৰ’লো৷ চামুচ নাহেহে নাহে৷ বিৰক্তি লাগিবলৈ ধৰিলে৷ অলপ পাছত ল'ৰাজন আমাৰ ফালে আগবাঢ়ি অহা দেখিলো৷ কিন্তু ই কি?  সেই ল’ৰাজনে চামুচ নানি আমাৰ বাবে তিনিটা চিংৰাহে দেখোন লৈ আহিছে৷ অলপ চিন্তা কৰি আমাৰো বুজিবলৈ বাকী নাথাকিল যে বেচেৰাই ‘চামুচ’ বুলি কওঁতে ‘সমোচা’ বুলিহে বুজিলে৷ গতিকে তিনিটা গৰম গৰম চিংৰাকে লৈ আনিলে৷ কথাটোত লাজ নাপাই বৰ ৰংহে পালোঁ৷ আমিও চিংৰাৰ আনন্দকে লোৱা উচিত যেন দেখিলো৷
 
১৯৯৬/৯৭ মানৰ কথা৷ তেতিয়া মই দিল্লীৰ আই আই টিত পি. এইচ. ডি. কৰি আছোঁ৷ ১৯৯৫ চনৰ ডিচেম্বৰ মাহৰ পৰাই মই দিল্লীত৷ গতিকে নিজকে হিন্দী কোৱাত বেচ পাকৈত বুলিয়েই ভাবিবলৈ লৈছিলো৷ আবেলি আমি প্ৰায়েই আই আই টিৰ গাতে লাগি থকা জিয়া চৰাইত চাহ একাপ খাবলৈ যাওঁ৷ 

সেইদিনাখনো অনিলকুমাৰ নামৰ মালায়ালী বন্ধু এজনৰ সৈতে চাহ খাবলৈ গ’লো৷ হাতত বেছি সময় নাছিল৷ বেগাবেগিকৈ কেৱল চাহ একাপ খাব লাগে৷ ৰেস্ট’ৰাত সোমাই, এচুকত আসন গ্ৰহণ কৰিয়েই ল’ৰা এজনক আদেশ দিলো চাহ দুকাপ আনিবলৈ৷ তাৰপাছত দুয়ো কথা পাতি পাতি চাহ দুকাপৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলো৷ 

সময় বাগৰি গ'ল৷ চাহ দেখোন নাহে হে নাহে৷ প্ৰায় দহ মিনিট মান পাৰ হৈ যোৱাত আমাৰ খং উঠিবলৈ ধৰিলে৷ বেলেগ এজনক অলপ টানকৈয়ে কৈ পুনৰ তাগিদা দিলো চাহৰ বাবে৷ ক্ষন্তেক পাছত যিহে দেখিলা, দেখি আমি হতবাক৷ আমি প্ৰথমে অৰ্ডাৰ দিয়া ল’ৰাজনে আমাৰ বাবে দুখন গৰম গৰম দোচা লৈ আহিছে৷ আমি কৈছিলো দুকাপ চাহ, সি আনিলে দুখন দোচা৷ আমি হিন্দীত কোৱা “দো চায়” তাৰ কাণত পৰিল “দোসায়ে” ৰূপ ধাৰণ কৰি৷ আমাৰ খং-ৰাগ কেনিবা পলাল৷ বেচ আমোদ পালো আৰু মোক খা মোক খা কৰি থকা গৰম গৰম দোচা দুখন খোৱাতহে ব্যস্ত হৈ পৰিলো৷
কেৱল উচ্চাৰণেই নহয়, শব্দৰ উচিত ব্যৱহাৰ কৰাত খেলিমেলি হ'লেও হাঁহি উঠা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে৷ মোৰেই সম্বন্ধীয় ব্যক্তি এজন আজি বহুবছৰ ধৰি দিল্লীতে আছে৷ দিল্লীৰে ছোৱালী বিয়া কৰাই দিল্লীৰ নিগাজী বাসিন্দা হৈ পৰিছে৷ পিছে হ'লে কি হ'ব? এতিয়ালৈকে বৰপেটীয়া ভাষাৰ প্ৰভাৱ আঁতৰা নাই৷
এবাৰ তেখেত অট'ৰিক্সাৰে ক'ৰবালৈ গৈ আছিল৷
গন্তব্যস্থল আহি পোৱাত তেখেতে চালকজনক একেবাৰে বৰপেটীয়া স্টাইলেৰে আদেশ দিলে,
: ঐ ৰিক্সা৷ ৰখো ৰখো৷
চালকজনে তেখেতলৈ উভতি চাই সুধিলে,
: ক্যা ৰখখুঁ? 
তেখেতে অশেষ চেষ্টা কৰিও বুজাব পৰা নাই চালকজনক ৰখাবলৈ৷ তেনেদৰে প্ৰায় এক কিলোমিটাৰমান আগবাঢ়ি গ'ল৷ পিছত যেনিবা চালকজনৰ কিবা শুভবুদ্ধিৰ উদয় হ'ল আৰু কথাটো বুজি পালে৷
এনে উদাহৰণ অনেক ওলাব৷ কিন্তু মিছা ক'লে কি হ'ব?
মোৰ খাৰ খোৱা জিভাইও ভালদৰে হিন্দী উচ্চাৰণ কৰিব পৰা হোৱা নাই আজিলৈকে ৷

No comments:

Post a Comment