মোৰো মন যায় ৰচিব’লে
শব্দৰ মায়াজালখনি
জনমানসত চিৰকাললৈ
কবি ৰূপে ল’বলে খোপনি৷
আন বহুতৰ দৰে
উঠে মোৰো সঘনাই
অলেখ ভাবৰ বুৰবুৰণি,
ডাৱৰ ফালি যেন ওলাব খোজে
সূৰুযৰ কোমল ৰেঙণি৷
যেতিয়া পঢ়োঁ কোনো ৰবীন্দ্ৰনাথৰ
মহান গীতৰ অঞ্জলি
নতুবা দেখোঁ
কোনো হিৰুদাৰ
অলেখ পখিলা সুগন্ধি,
সংকোচ, দ্বিধাত
কেনিবা পলায় মোৰ
ভাবৰ কণিকা বোৰ,
যিদৰে হেৰায় ৰ’দৰ তাপত
নিয়ৰ মুকুতা-মণি৷
তথাপি জীয়াই থাকে
মনৰ মাজৰ
কোনোবা কোণত
গুপুত কোনো এক কবি৷
কোনো হিৰুদাৰ
কেনিবা পলায় মোৰ
কোনোবা কোণত
No comments:
Post a Comment